Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগৰ ঘূৰ্ণীবতাহ আম্ফনৰ দ্বাৰা আক্ৰান্ত এলেকাসমূহৰ আকাশীমাৰ্গেৰে পৰিভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

 


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আম্ফন আক্ৰান্ত এলেকাসমূহ আকাশীপথেৰে পৰিভ্ৰমণ কৰে৷ তেওঁক সংগ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়, শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু শ্ৰীমতী দেৱশ্ৰী চৌধুৰীয়ে৷ পশ্চিমবংগৰ ঘূৰ্ণীবতাহ আক্ৰান্ত জিলাসমূহৰ আকাশীমাৰ্গেৰে পৰিভ্ৰমণৰ বাবে ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী জগদ্বীপ ধনখাৰাণ্ড, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সংগপ্ৰদান কৰে৷

আকাশীমাৰ্গেৰে পৰিভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে  ৰাজ্যিক তথা কেন্দ্ৰীয় বিভাগৰ জ্যেষ্ঠ  বিষয়াসকলকৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷  তেওঁ পশ্চিমবংগৰ বাবে তৎকালীনভাৱে ১০০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷ ঘূৰ্ণী বতাহত আক্ৰান্ত হোৱাৰ এলেকাসমূহৰ পুনৰ্নিমাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক যথাযোগ্যভাৱে সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে৷

ঘূৰ্ণী বতাহত জনহানিৰ ঘটনাত দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্ত ব্যক্তিলৈ ৫০,০০০ টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷

***

 

VRRK/SH/MANN