Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগত একাধিক ৰে’ল প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা

পশ্চিমবংগত একাধিক ৰে’ল প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা


পশ্চিমবংগৰ ৰাজ্যপাল শ্রীযুক্ত জগদীপ ধনখড় জী, কেন্দ্রীয় মন্ত্রী পৰিষদৰ মোৰ সতীৰ্থ শ্রী পী্যুষ গোৱেল জী, শ্রী বাবুল সুপ্রীঅ জী, ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, ভদ্র পুৰুষমহিলাসকল, পশ্চিমবংগৰ ৰেল আৰু মেট্ৰ প্রকল্পৰ সম্প্রসাৰণৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন! আজি যিসমূহ প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰা হ, তাৰ ফলত হুগলীকে ধৰি কেইবাখনো জিলাৰ লাখ লাখ লোকৰ সহজ জীৱনযাত্রাৰ বাবে আৰু অধিক সহায় কৰিব৷

বন্ধুসকল,

আমাৰ দেশত পৰিবহণ ব্যৱস্থা যিমান উন্নত হ, আমাৰ আত্মনির্ভৰতা আৰু আত্মবিশ্বাসৰ সংকল্প সিমানেই শক্তিশালী হমই অতি আনন্দিত যে কলকাতাৰ উপৰি হুগলী, হাওৰা আৰু উত্তৰ ২৪ পৰগণা জিলাৰ বন্ধুসকলে এতিয়াৰে পৰা মেট্ৰ সেৱাৰ সুবিধা পাব আজি নাওপাৰাৰ পৰা দক্ষিণেশ্বৰলৈকে যি অংশৰ উদ্বোধন কৰা হ, তাৰ ফলত ডেৰ ঘণ্টাৰ পথা মাত্র ২৫ৰ পৰা ৩৫ মিনিটতে গৈ পাবদক্ষিণেশ্বৰৰ পৰা কলকাতাৰ কবি সুভাষবা নিউ গড়িয়ালৈকে মেট্ৰত এতিয়া মাত্র ১ ঘণ্টাতে পাবগৈযিটো পথযোগে আঢ়ৈ ঘণ্টা লাগে। ইয়াৰ ফলত স্কুল, কলেজলৈ যুৱ সম্প্রদায়ৰ, অফিচকাৰখানাত কাম কৰিবলৈ যোৱা কর্মচাৰীসকল আৰু শ্রমিকসকলৰ যথেষ্ট সুবিধা হবিশেষকৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ বৰাহনগৰ কেম্পাছ, ৰবীন্দ্র ভাৰতী বিশ্ববিদ্যালয় আৰু কলকাতা বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগলৈ যাবলৈ এতিয়া যথেষ্ট ভাল সুবিধা হকেৱল ইমানেই নহয়, কালীঘাট আৰু দক্ষিণেশ্বৰৰ মা কালী মন্দিৰলৈ যাবলৈও ভক্তসকলৰ সুবিধা হ

বন্ধুসকল,

কলকাতা মেট্ৰ’, দশক দশক ধৰি চলিছে, দেশৰ প্রথম মেট্ৰ হিচাপে গৌৰৱো অর্জন কৰিছে। কিন্তু এই মেট্ৰৰ আধুনিক সংস্কৰণ আৰু সম্প্ৰসাৰণ কিছু বছৰৰ পৰাহে আৰম্ভ হৈছেমোৰ এই কথা জানি অতিশয় ভাল লাগিছে যে মেট্ৰৱেই কওক বা ৰেল ব্যৱস্থা হওক আজি ভাৰতত যিবোৰ কিছু নির্মাণ চলিছে সেইবোৰ মেড ইন ইণ্ডিয়াৰ চাপ স্পষ্ট ৰূপত দেখা গৈছে। ৰেল লাইন স্থাপনৰ পৰা আদি কৰি ৰেলৰ আধুনিক ইঞ্চিন তথা আধুনিক কামলৈকে উপাদান আৰু প্রযুক্তিৰ সকলো ভাৰতত নিৰ্মাণ হৈছেইয়াৰ ফলত আমাৰ কামত গতি আহিছে, গুণমান বৃদ্ধি পাইছে, ব্যয় হ্ৰাস পাইছে আৰু ৰেলৰ গতিও বৃদ্ধি পাইছে

বন্ধুসকল,

পশ্চিমবংগ দেশৰ আত্মনির্ভৰতাৰ এক গুৰুত্বপূর্ণ কেন্দ্রত পৰিণত হব। আৰু ইয়াৰ পৰা উত্তৰপূর্বলৈকে আমাৰ প্রতিবেশী দেশসমূহৰ সৈতে ব্যৱসায়বাণিজ্যৰ প্রচুৰ সম্ভাবনা আছে। এই কথা উপলদ্ধি কৰি বৰ্তমান ৰেল নেটৱর্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছেএতিয়া যেনে সেৱকৰংপো, নতুন লাইনৰ জৰিয়তে ছিকিম ৰাজ্যক ৰেল নেটৱর্কৰ সৈতে প্রথমবাৰ সংযুক্ত কৰা হৈছে সেই লাইন পশ্চিমবংগৰ মাজেৰে যাবকলকাতাৰ পৰা বাংলাদেশলৈকে গাড়ী চলিছে। সম্প্রতি হলদিবাৰাৰ পৰা ভাৰতবাংলাদেশ সীমান্তলৈকে ৰেল লাইন আৰম্ভ হৈছেবিগত ৬ বছৰত পশ্চিমবংগত বহুত উৰণীয়া সেতু আৰু পথৰ তলেৰে সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছে

বন্ধুসকল,

আজি যি চাৰিটা প্রকল্প উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসর্গা কৰা হৈছে, ইয়াৰ ফলত ইয়াৰ ৰেল সেৱা আৰু অধিক শক্তিশালী হখড়্গপুৰআদিত্যপুৰ অংশত তৃতীয় লাইন আৰম্ভ হোৱাৰ ফলত ৰেল চলাচলৰ বিশেষ সুবিধা হব আৰু হাওৰামুম্বাই পথত ৰেল এতিয়াৰে পৰা পলম নোহোৱাকৈ চলিব আজিমগঞ্জৰ পৰা খাগড়াঘাট ৰোডলৈকে দ্বিতীয় লাইনৰ সুবিধা পোৱাৰ ফলত মুর্শিদাবাদ জিলাৰ ব্যস্ত ৰেল নেটৱর্কৰ সুবিধা হএই ৰুটেৰে কলকাতানিউ জলপাইগুৰি গুৱাহাটীৰ বাবে বিকল্প পথৰ সুবিধা হব। উত্তৰপূবলৈকে যোগাযোগ ব্যৱস্থাৰ উন্নতি হডানকুনিবাৰুইপাড়াৰ মাজত চতুর্থ লাইন স্থাপনৰ প্রকল্পও অতি গুৰুত্বপূর্ণ। এই লাইন নিৰ্মাণৰ ফলত হুগলীত ব্যস্ত নেটৱর্কৰ ওপৰত চাপ কমিবএকেদৰে ৰছুলপুৰ আৰু মগৰা শাখাত, যাক কলকাতাৰ একপ্ৰকাৰৰ প্রৱেশপথ বুলি কোৱা হয়, অথচ এই লাইনত ৰেল পথত অধিক ভিৰ আছিল, নতুন লাইন আৰম্ভ হোৱাৰ ফলত এই সমস্যাৰ যথেষ্ট পৰিমাণ হ্ৰাস পাব

বন্ধুসকল,

এই প্রকল্পসমূহে পশ্চিমবংগৰ সেই অঞ্চলসমূহৰ সৈতে জ়ড়িত, ত কয়লা উদ্যোগ আছে, তীখা উদ্যোগ আছে, ত সাৰ প্ৰস্তুত কৰা হয়, শাকপাচলি উৎপাদন হয়। এই নতুন ৰেললাইনৰ ফলত অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱনযাত্রা আৰু অধিক সহজ হৈ পৰিবউদ্যোগৰ বাবে নতুন বিকল্প লাভ কৰিব৷ উন্নত আন্তঃগাঁথনি গঢ় লৈ উঠিবএয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসএয়াই আত্মনির্ভৰ ভাৰতৰ চূড়ান্ত লক্ষ্য। এই লক্ষ্যৰেই আমি কাম কৰিছোমই, পীয়ুষ জী, তেওঁৰ সমগ্ৰ টিমৰ প্রশংসা কৰিছো, অভিনন্দন জনাইছো আৰু পশ্চিমবংগৰ ৰেল সেৱাত, ৰেল আন্তঃগাঁথনিৰ ক্ষেত্রত বিগত বছৰসমূহত যি ঘাটি ৰৈছিল, সেয়া দূৰ কৰাৰ বাবে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে, সেইবোৰ আমি সকলোৱে মিলি বাস্তবায়িত কৰিম আৰু বংগৰ সপোন পূৰণ কৰিম৷

এই আশাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ !

*****

DS/AKJ/VK/AK/DB