নমস্কাৰ! আপোনালোক সকলোকে পঞ্চায়তীৰাজ দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ ক’ৰোনা বিশ্ব মহামাৰীয়ে প্ৰকৃতাৰ্থত আমাক কাম কৰা ধৰণ সলনি কৰি দিলে৷ আগতে আমি যিকোনো কাৰ্যসূচী মুখামুখি হৈছিলো, এতিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা হৈছে৷ বৰ্তমান দেশজুৰি লাখ লাখ পঞ্চায়তকৰ্মী তথা সদস্যই প্ৰযুক্তিৰ মাধ্যমেৰে জড়িত হৈছে৷ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷ আজি বিভিন্ন পঞ্চায়তে ভাল কামৰ বাবে পুৰস্কাৰ লাভ কৰিছে৷ পুৰস্কাৰ বিজয়ী সকলো পঞ্চায়ত, জনপ্ৰতিনিধিক মই বহু বহুত শুভেচ্ছা জনাইছো৷ বন্ধুসকল, পঞ্চায়তীৰাজ দিৱস, গাঁওসমূহত সুশাসন প্ৰদান কৰাৰ আমাৰ সংকল্পৰ দোহৰাৰ এক সূযোগ৷ আৰু ক’ৰোনাৰ সংকটকালত এই সংকল্পৰ প্ৰাসংগিকতা আৰু অধিক বৃদ্ধি পাইছে৷ এইটো সঁচা যে ক’ৰোনা মহামাৰীয়ে আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷ কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ’ল যে এই মহামাৰীয়ে আমাক এটা নতুন শিক্ষা তথা এক নতুন বাৰ্তা দিছে৷ আজি এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিক, তেওঁ গাঁৱৰে হওক বা চহৰৰে হওক সকলোকে বাৰ্তা দিব বিচাৰিছো৷ বন্ধুসকল, ক’ৰোনা সংকটে আমাক দিয়া ডাঙৰ বাৰ্তা, শিক্ষা হৈছে আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব৷ গাঁওসমূহে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হওক, জিলা, ৰাজ্যসমূহৰ লগতে সমগ্ৰ দেশে আত্মনিৰ্ভৰশীল হওক৷ আমি নিজৰ প্ৰয়োজনীয়তা পুৰণ কৰাৰ বাবে আনৰ মুখলৈ চাব নালাগিব৷ এইটো এতিয়া অতি প্ৰয়োজন হৈ পৰিছে৷ ভাৰতত এই ধাৰণা শ শ বছৰ ধৰি আছিল, কিন্তু আজি পৰিৱৰ্তিত পৰিস্থিতিয়ে আমাক আত্মনিৰ্ভৰশীল হ’বলৈ পুনৰ মনত পেলাই দিলে৷ এই ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শক্তিশালী পঞ্চায়ত আত্মনিৰ্ভৰ গাঁৱৰো আধাৰ৷ সেইবাবে পঞ্চায়ত ব্যৱস্থা যিমানে শক্তিশালী হ’ব, গণতন্ত্ৰও সিমানেই সুদৃঢ় হ’ব আৰু বিকাশ হোৱাৰ লগতে দৰিদ্ৰতম লোকসকলে সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷ বন্ধুসকল, এই ধাৰণাৰে চৰকাৰে পঞ্চায়তীৰাজৰ সৈতে জড়িত ব্যৱস্থা, আন্তঃগাঁথনিৰ আধূনিক ৰূপ দিয়াৰ কাম কৰি আছে৷ ৫-৬বছৰৰ পূৰ্বে দেশত কেৱল ১০০তকৈও কম গাঁৱত ব্ৰ’ডবেণ্ড সেৱা আছিল৷ বৰ্তমান চৰকাৰৰ প্ৰচেষ্টা সেই সেৱা দেশৰ ১.২৫লাখতকৈ অধিক পঞ্চায়তত প্ৰদান কৰা হৈছে৷ ইমানেই নহয়, গাঁৱত সামূহিক সেৱা কেন্দ্ৰৰ সংখ্যাও ৩ লাখতকৈ অধিক হৈছে৷ চৰকাৰে ভাৰতত ম’বাইল নিৰ্মাণৰ অভিযান হাতত লোৱাৰ ফলত বৰ্তমান গাঁৱতো কম দামতে স্মাৰ্ট ফোন পাবলৈ সক্ষম হৈছে৷ আজি এই ভিডিঅ’ কনফাৰেন্সিঙত ইমান সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ মুলতে ইয়াৰ অৱদান আছে৷ বন্ধুসকল, গাঁৱৰ আত্নঃগাঁথনি শক্তিশালী কৰাৰ বাবে, চহৰ আৰু গাঁওসমূহৰ মাজৰ দূৰত্ব কম কৰা বাবে আজি চৰকাৰে দুটা বৃহৎ ব্ৰ’ডবেণ্ড প্ৰকল্পৰ শুভাৰম্ভ কৰিছে৷ বৰ্তমান যি ভিডিঅ’ চলি আছে, তাত আপোনালোকে দেখিছে এটা ই-গ্ৰাম স্বৰাজ প’ৰ্টেল আৰু তাৰ এপৰ শুভাৰম্ভ আৰু আনটো হৈছে স্বামিত্ব আঁচনিৰ শুভাৰম্ভ৷ ই-গ্ৰাম স্বৰাজ, এইটো একপ্ৰকাৰৰ ই-গাঁও পঞ্চায়তৰ সম্পূৰ্ণ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া৷ এই ভৱিষ্যতে গাঁও পঞ্চায়তৰ পৃথক কামৰ খতিয়ান ৰাখিব পৰা একক মঞ্চত পৰিগণিত হ’ব৷ এতিয়াৰে পৰা আপোনালোকে পৃথক এপ্লিকেশ্যনত পৃথকে কাম কৰাৰ প্ৰয়োজনীয়তা নাথাকে৷ আমাক জনোৱা মতে এই প’ৰ্টেলত, এই এপত, পঞ্চায়তৰ বিকাশমুলক কাম-কাজৰ বাবে ধাৰ্য কৰা পূঁজি আৰু ব্যয়ৰ তথ্য ইত্যাদি সবিশেষ উল্লেখ থাকিব৷ ইয়াৰ জৰিয়তে এতিয়া যিকোনো ব্যক্তিয়ে নিজৰ পঞ্চায়তত হৈ থকা কাম-কাজৰ তথ্য ৰাখিব পাৰিব৷ ইয়াৰ দ্বাৰা গাঁও পঞ্চায়সমূহত পাৰদৰ্শিতা-স্বচ্ছতা বৃদ্ধি পাব, তথ্য ৰখাৰ কাম অধিক সৰল হ’ব আৰু প্ৰকল্পৰ পৰিকল্পনাৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰালৈকে সকলো কামতে ক্ষিপ্ৰতা আহিব৷ আপোনালোকে কল্পনা কৰকছোন, ই-গ্ৰাম স্বৰাজৰ জৰিয়তে আপোনালোকে কিমান শক্তি পাবলৈ গৈ আছে৷ বন্ধুসকল, গাঁওসমূহত সম্পত্তিৰ অধিকাৰক লৈ যি স্থিতি থাকে, সেই সম্পৰ্কে আপোনালোকে ভালকৈ জানে৷ স্বামীত্ব যোজনাই এইবোৰ ঠিক কৰাৰ এক প্ৰয়াস৷ এই যোজনাৰ অধীনত সকলো গাঁৱত আৱাসীক ড্ৰ’নৰ দ্বাৰা মেপিং কৰা হ’ব৷ ইয়াৰ পাছত গাঁৱৰ লোকসকলক সম্পত্তিৰ এক মালিকানা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ স্বামীত্ব যোজনাৰ জৰিয়তে গাঁওসমূহে এটাই নহয় বিভিন্ন লাভ হ’ব৷ আগতে এই সম্পত্তিক লৈ যি ভ্ৰান্তিপূৰ্ণ স্থিতি আছিল, সেয়া দুৰ হ’ব৷ দ্বিতীয়তে, ইয়াৰ দ্বাৰা গাঁওত বিকাশ যোজনাক ভাল পৰিকল্পনা কৰাত আৰু অধিক সুবিধা হ’ব৷ ইয়াৰ এটা আৰু ডাঙৰ লাভ এই যে ইয়াৰ দ্বাৰা চহৰৰ দৰে গাঁওসমূহত বেংকৰ ঋণ লাভ কৰাটো সুলভ হৈ পৰিব৷ বন্ধসকল, এতিয়া উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, হাৰিয়ানা, মধ্যপ্ৰদেশ, আৰু উত্তৰাখণ্ড এই ৬খন ৰাজ্যত পৰীক্ষামুলকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ অভিজ্ঞতাৰ ভিত্তিত কোনো আঁসোৱাহ থাকিলে সেইবোৰ শুধৰাই সমগ্ৰ দেশত ৰূপায়ণ কৰা হ’ব৷ বন্ধুসকল, কেতিয়াবা কেতিয়াবা মোৰ এনে লাগে জীৱনৰ আঁচল শিক্ষাৰ পৰীক্ষা সংকটৰ সময়তহৈ হয়৷ সুৰক্ষাজনিত পৰিৱেশত, জাকজমক পৰিৱেশত আচল শিক্ষা, প্ৰকৃত সামথ্যৰ উৱাদিহ পোৱা নাযায়৷ এই ক’ৰোনা সংকটে দেখুৱাই দিলে দেশৰ গাঁওসমূহত থকা লোকসকল, যিসকলে ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা নল’লেো এই সময়ছোৱাত নিজৰ সংস্কাৰ আৰু পৰম্পৰাৰ শিক্ষাক প্ৰতিফলিত কৰিছে৷ গাঁৱৰ পৰা যি আপডেট আহি আছে, সেইবোৰ ডাঙৰ ডাঙৰ বিদ্বানকো প্ৰেৰণা যোগাব৷ মোৰ সতীৰ্থসকলে এই কাম কৰিছে, গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে কৰিছে, মোৰ আদিবাসী ভাই-ভনীসকলে কৰিছে, কৃষি-কাৰ্য কৰাসকলে, শস্য চপোৱা আৰু ৰোপনৰ সৈতে জড়ি লোকসকলে দেশবাসীক প্ৰেৰণা দিবলগীয়া এই কাম কৰিছে৷ আপোনালোকে বিশ্ববাসীক মন্ত্ৰ দিছে-‘দুই গজ দুৰত্ব’ বা দুই গজ শাৰিৰীক দুৰত্ব৷ এই মন্ত্ৰ পালন কৰাত গাঁওবাসীয়ে বিশেষ ধ্যান দিছে৷ দুই গজ দুৰত্ব অৰ্থাৎ সামাজিক দুৰত্ব বজাই ৰাখি আপোনালোকে ক’ৰোনা ভাইৰাছৰ পৰা নিজে দুৰত থকাৰ লগতে আনকো বছাই ৰাখিছে৷ আপোনালোকৰ এই প্ৰচেষ্টাৰ বিষয়ে বিশ্বজুৰি চৰ্চা হৈছে যে ভাৰতে কিদৰে ক’ৰোনাক প্ৰতিহত কৰিছে৷ বন্ধুসকল, ইমান ডাঙৰ সংকট আহিলে, ইমান ডাঙৰ মহামাৰী আহিলে কিন্তু ২-৩ মাহত আমি এইটো লক্ষ্য কৰিছো ভাৰতীয় নাগৰিকে সীমিত সম্পদ স্বত্তেও বহু জটিলতাৰ সন্মুখীন হৈও শিৰনত কৰা নাই, বৰঞ্চ যুঁজ দিছে৷ এইটো সঁচা যে সমস্যা হৈছে, কিন্তু সংকল্পৰ সামৰ্থ্য দেখুৱাই, নতুন শক্তিৰে আগুৱাই গৈছে, নতুন নতুন দিশ সন্ধান কৰিছে, দেশক ৰক্ষা কৰা আৰু আগুৱাই নিয়া কামো ধাৰাবাহিকভাৱে কৰি আছে৷ বন্ধুসকল, এই পৰিস্থিতি গাঁওসমূহত যি হৈ আছে, সেই সম্পৰ্কে মই পৃথকে খবৰ লৈ আছো৷ আজি মই আপোনালোকৰ একাংশ বন্ধুৰ সৈতে ক’ৰোনাৰ সময়ত হোৱা অভিজ্ঞতা আৰু আপোনালোকৰ পৰামৰ্শৰ বিষয়ে জানিব বিচাৰিম৷ মোক জনোৱা মতে প্ৰথমে জম্মু আৰু কাশ্মীৰৰ সৈতে সংযোগ হৈছে৷ মহম্মদ ইকবাল জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লাৰ পৰা সংযুক্ত হৈছে৷ এও ব্লক পঞ্চায়ত নাৰবাবৰ সভাপতি৷ ইকবাল জী নমস্কাৰ৷ ইকবাল জী, আপোনাৰ ব্লকত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কিদৰে চলি আছে? আপোনালোকে দুই গজ দুৰত্ব আৰু অনাময় ক্ষেত্ৰত কি কি কৰি আছে? ইকবালঃ- নমস্কাৰ ছাৰ, মই জম্মু-কাশ্মীৰৰ বাৰামুল্লা ব্লকৰ নাৰবাওৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনাইছো৷ আজি পঞ্চায়ত দিৱস উপলক্ষে শুভেচ্ছা জনাইছো৷ ছাৰ আমাৰ ইয়াত বৰ্তমান আমি আপুনি ঘোষণা কৰা লকডাউন ১০০শতাংশই পালন কৰি ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছো৷ আপুনি প্ৰথম দিনা ঘোষণা লকডাউনৰ পৰাই আমি প্ৰস্তুতি চলাইছিলো৷ সেই দিনাই আমি ব্লক পৰ্যায়ত থকা চিকিৎসা বিষয়া, আইচিডিএছ আৰু পঞ্চায়তৰ পৰা এক নিৰ্দেশ অনুসৰি সভা অনুষ্ঠিত কৰি আশা কৰ্মী, আইচিডিএছ কৰ্মী আৰু পঞ্চায়ত পিআৰআই সদস্যসকলক প্ৰশিক্ষণ দিলো৷ তেওঁলোকক আমি ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধমুলক ব্যৱস্থাৰ বাবে অৱগত কৰিলো৷ তাৰ পাছত আমি তেওঁলোকক আমাৰ ব্লকৰ ঘৰে ঘৰে পঠালো৷ আপোনাক জনাবলৈ পাই সুখী হৈছো যে আমাৰ ব্লকৰ এনেকুৱা এটাও পৰিয়াল নোলাব, য’লৈ আমাৰ টীম যোৱা নাই৷ তেওঁলোকে ঘৰে ঘৰে ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধী ব্যৱস্থাৱলী সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগ কৰে৷ আমাৰ ব্লকত আজিলৈকে কেৱল এজন লোক ক’ভিড-১৯ত সংক্ৰমিত হৈছে৷ তাৰ কাৰণটো হৈছে তাত পঞ্চায়ত নাই, পঞ্চায়ত কৰ্মী নাই, যাৰবাবে তেওঁক ট্ৰেচিং কৰিব পৰা নগ’ল৷ কিন্তু যিমান বাকী গাঁও আছে, যিমান বাকী ব্লক আছে, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ সহযোগত প্ৰতিটো ঘৰত, প্ৰতিগৰাকী ব্যক্তিৰ ট্ৰেভেল হিষ্টৰী চিনাক্ত কৰি তেওঁলোকক বিশেষ কেন্দ্ৰ আৰু ঘৰতে কোৱাৰেণ্টাইন কৰি পিআৰআইসকলক তাত দায়িত্ব দিয়া হৈছে৷ হোম কোৱাৰেণ্টাইন সফল হোৱাকৈ ২৪ ঘণ্টাই কৰ্তব্য পালন কৰিছে৷ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা মানি আমি লকডাউন সফল কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছা৷ আমাৰ পঞ্চায়তীৰাজ যুৱ সংস্থাৰ যিমান সদস্য আছে, তেওঁলোকক জিলা প্ৰশাসনে নিৰ্দেশ দিছে যে যিকোনো প্ৰকাৰে লকডাউন সফল কৰিব লাগে৷ তেওঁলোকে ৰোষ্টাৰ প্ৰস্তুত কৰি স্বেচ্ছাসেৱকসকলৰ সৈতে ৰাস্তাত থাকি লকডাউন সফল কৰিছে৷ অৰ্থাৎ তেওঁ ৰোষ্টাৰ বনাই স্বেচ্ছাসেৱকসকলৰ সৈতে পথত থাকি লকডাউন সফল কৰিলে৷ দুটা বাৰ্তাৰে জনসাধাৰণক দুটা শ্ল’গান দিলে-সকলোকে সন্মান কৰক, সকলোকে সন্দেহ কৰক, আনটো হৈছে ঘৰতে থাকক, নিৰাপদে থাকক৷ এই দুটা শ্ল’গানৰ জৰিয়তে আজি আমাৰ ব্লকত ৯৯শতাংশ পৰিস্থিতি নিয়ন্ত্ৰণত আছে, ছাৰ৷ প্ৰধানমন্ত্ৰীঃ আপুনি যিদৰে কথা কয় এনে লাগে যে আপুনি নিজে ফিল্ডত যায়৷ নিজে গাঁৱত যায়, তাৰফলত আপুনি ইমান সহজে বিষয়বোৰ বুজি পায়৷ আপুনি মানৱ সম্পদ উন্নয়নেই হওক, নিয়ম পালন কৰাই হওক, অতি সুন্দৰভাৱে কয়৷ মোৰ বিশ্বাস যে দুই গজ দুৰত্ব এই মন্ত্ৰক আপোনালোকে গাঁৱে গাঁৱে, ঘৰে ঘৰে তথা সমগ্ৰ জম্মু আৰু কাশ্মীৰে আপোনাৰ পৰা শিকিব লাগিব৷ মই আপোনাক অভিনন্দন জনাইছো, অতি উত্তম কাম কৰিছে৷ আপোনাৰ ব্লকৰ সকলো নাগৰিককে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো৷ এতিয়া ৰমজান মাহ আৰু আপোনালোকৰ পৰিশ্ৰমৰ বাবে ৰমজান অতি সুন্দৰভাৱে নাগৰিকসকলে পালন কৰিব পাৰিব৷ আপুনি সঁচাকৈয়ে বহুত ডাঙৰ সেৱা কৰিছে৷ আহক জম্মু-কাশ্মীৰৰ পৰা আমি পোনে পোনে দক্ষিণৰ কৰ্ণাটকলৈ যাও৷ কৰ্ণাটকৰ চিক্কাবালাপুৰৰ পৰা আমাৰ সৈতে সংযোগ হৈছে নবীন কুমাৰ জী৷ নবীন কুমাৰ- দেশৰ প্ৰধান সেৱক আপোনাক গাঁও পঞ্চায়ৰ তৰফৰ পৰা নমস্কাৰ৷ প্ৰধানমন্ত্ৰী-আজি কালি মই গাঁৱৰ প্ৰধান সেৱকৰ লগতো কথা পতাৰ সৌভাগ্য হৈছে নেকি? বিশ্বৰ ডাঙৰ ডাঙৰ মুৰব্বীসকলকৰ সৈতে কথা পতাৰ সূযোগ হৈছে৷ নবীন কুমাৰ-ধন্যবাদ ছাৰ৷ আমাৰ গাঁও পঞ্চায়ত কোনো ক’ৰোনা প্ৰভাৱিত ব্যক্তি নাই আৰু ১৪জন লোকক আমি হোম কোৱাৰেণ্টাইনত ৰাখিছো৷ এওঁলোকক পঞ্চায়তৰ জৰিয়তে পানী, গাখীৰ, শাক-পাচলি, খাদ্য সামগ্ৰী আদি ব্যৱস্থাৰ ঘৰৰ পৰাই দি আছে৷ আশাকৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া আৰু গাঁও পঞ্চায়তৰ সকলো সদস্য আৰু কৰ্মকৰ্তা মিলি এক টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে৷ প্ৰতি সপ্তাহত দুই-চাৰি বৈঠক অনুষ্ঠিত কৰি ক’ৰোনা কিদৰে প্ৰতিৰোধ কৰিব পৰা যায় আৰু কি কি প্ৰচেষ্টা ল’ব পৰা যায় এই সম্পৰ্কে চৰ্চা হৈ আছে৷ আইইচি, সামাজিক দুৰত্ব আৰু চেনিটাইজেচনৰ কামো ভালদৰে হৈছে৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা, উজ্জ্বলা যোজনা আৰু পেন্সন যোজনাৰ অধীনত পাঁচ হাজাৰতকৈ অধিক হিতাধিকাৰী উপকৃত হৈছে৷ ইয়াৰ যুৱকসকলক প্ৰেৰিত কৰি গ্ৰাম পুলিচ গঠন কৰিছে৷ পঞ্চায়তৰ সীমান্তত চেকপোষ্ট স্থাপন কৰি সকলো গ্ৰাম পুলিচে কাম কৰিছে৷ ইয়াৰ জৰিয়তে গাঁওবাসীৰ বিনা কাৰণত অহা-যোৱা কৰা বন্ধ কৰা৷ ইয়াৰ দ্বাৰা এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ সংক্ৰমণ হ’বলৈ নিদিয়ে৷ ব্যক্তি আৰু সামূহিক স্বচ্ছতাৰ বিষয়ে সকলো স্থানত ভালদৰে আইইচিৰ লগতে স্বচ্ছতা কাৰ্যসুচীও হাতত লোৱা হৈছে৷ লকডাউনৰ ফলত মহাৰাষ্ট্ৰৰ পৰা অহা ১৭০জনতকৈ অধিক শ্ৰমিক আহিছিল, তেওঁলোকক আমি এখন পাঠশালাত ৰখাইছো৷ এই সকলোকে আহাৰ, পানী আৰু ঔষধ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে৷ ফল আৰু শাক-পাচলিৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ বিশেষ ক্ষতি হোৱা নাই৷ তেওঁলোকৰ আৰ্থিক স্থিতি আৰু মনোবল বৃদ্ধি কৰা হৈছে৷ কাৰোবাক ঔষধৰ প্ৰয়োজন হ’ল, তেওঁলোকে বজাৰৰ পৰা আনি ঘৰে ঘৰে প্ৰদান কৰা হৈছে৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যোগ যোজনাৰ অধীনত পঞ্চায়তৰ শ্ৰমিক আৰু কৃষকসকলক ব্যক্তিগত কাম আৰু জল সংৰক্ষণ কাৰ্যসুচীত অংশ গ্ৰহণ সূযোগ প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা গাঁও পঞ্চায়ততো লোকসকলৰ মনোবল বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী-নবীন আপোনাৰ গাঁৱৰ জনসংখ্যা কিমান? নবীন-৮,৫০০জন ছাৰ৷ প্ৰধানমন্ত্ৰী-অৰ্থাৎ ডাঙৰ গাঁও৷ আপুনি কিমান দিনৰ পৰা পঞ্চায়তৰ মুৰব্বী হৈ আছে৷ নবীন- প্ৰথম বাৰলৈ ছাৰ৷ প্ৰধানমন্ত্ৰী- প্ৰথমবাৰলৈ হৈছে? কিন্তু আপুনি বহুত কাম কৰি আছে আৰু অতি পদ্ধতিগতভাৱে তথা পৰিকল্পনাৰে কাম কৰি আছে৷ গাঁওবাসীয়ে আপোনাৰ কথা মানি চলে নে? নবীন-হয় ছাৰ৷ প্ৰধানমন্ত্ৰী-মানি চলে৷ এনে উত্তম কাম কৰাৰ বাবে আপোনাৰ লগতে আপোনালোকৰ গাঁওবাসীক অভিনন্দন জনাইছে৷ আপুনি সকলো আঁচনি জনসাধাৰণৰ কাষলৈ লৈ যোৱা, আৰ্থিক প্ৰগতি কাম ইমান সুন্দৰভাৱে কৰাৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব, দৃষ্টিভংগীৰ লগতে আপোনাৰ গাঁৱৰ শক্তি সম্পৰ্কে দৰ্শন কৰাৰ বাবে অভিনন্দন জনালো৷ আহক বিহাৰলৈ যাও৷ বিহাৰৰ জাগানাবাদ জিলাৰ ঘৰ্ণিয়া গাঁও পঞ্চায়তৰ গাঁও প্ৰধান অজয় সিং যাদৱ আমাৰ সৈতে সংযোগ স্থাপন কৰিছে৷ অজয় জী নমস্কাৰ৷ অজয়-নমস্কাৰ ছাৰ৷ মই অজয় সিং যাদৱ, ঘৰ্ণিয়া পঞ্চায়তৰ প্ৰধান৷ বিহাৰৰ হৈ আপোনাক আন্তৰিক অভিনন্দন জনাইছো৷ প্ৰধানমন্ত্ৰী-নমস্কাৰ৷ অজয়-২২ তাৰিখৰ লকডাউন আৰু উয়াৰ চাৰি দিন পাছৰে পৰা একেৰাহে নিজে বজাৰ কৰি গাঁও পঞ্চায়ত এলেকাত বিতৰণ কৰিছো৷ সকলোকে অতি কমেও ৬ফুট দুৰত্ব মানি চলিবলৈ ক’লো৷ প্ৰধানমন্ত্ৰী-অজয় জী জনসাধাৰণক বুজাই দিয়ক, দুই গজ দুৰত্বৰ কথা অজয়-দুই গজ দুৰত্ব ছাৰ? প্ৰধানমন্ত্ৰী-হয় অজয়-গাঁৱত ব্লিচিং পাওদাৰ চতিওৱা, ঘৰে ঘৰে আশা কৰ্মী, ৱাৰ্ড সদস্য আৰু পঞ্চায়তৰ মুৰব্বীয়ে চাবোন প্ৰদান কৰি শৰীৰ আৰু হাত ধোৱাটো শিকাইছে, এক ঘণ্টা-আধা ঘণ্টাৰ মুৰে মুৰে হাত ধুবলৈ সজাগতা সৃষ্টি কৰিছে৷ হোম কোৱাৰেণ্টাইত ১৮জন লোকক ৰখা হৈছে৷ তেওঁলোকক পঞ্চায়তে নিজাকৈ সুবিধা প্ৰদান কৰি আছে৷ ছাৰ, ইয়াত ৩০খন বিচনাৰ এক হোম কোৱাৰেণ্টাইন চেণ্টাৰ গঢ়ি তোলা হৈছে৷ তাতো খোৱা-বোৱা, এএনএম আৰু চকিদাৰক কৰ্তব্যত লগোৱা হৈছে৷ তদুপৰি, ৪৫জন লোকৰে এক গাঁওৰক্ষী দলো গঠন কৰা হৈছে৷ তেওঁলোকে গাঁৱৰ প্ৰৱেশদ্বাৰতে বাঁহৰ বেৰিকেড নিৰ্মাণ কৰিছে, যাতে গাঁৱৰ লোকসকল বাহিৰলৈ যাব নোৱাৰে৷ যাৰ জৰুৰী কাম থাকিব তেওঁহে বাহিৰলৈ যাব পাৰে৷ ইফালে, স্বাস্থ্য বিভাগ আৰু চিকিৎসক দল গাঁৱলৈ সপ্তাহত দুবাৰ আহে৷ তদুপৰি, পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে সপ্তাহত তিনিবাৰকৈ বৈঠকত মিলিত হৈছো৷ প্ৰধানমন্ত্ৰী-অজয় জী আপোনাৰ পঞ্চায়তৰ বহু লোক আঁতৰৰ চহৰসমূহৰ পৰা ঘৰলৈ ঘুৰি আহিছে, যিসকল অহা নাই তেওঁলোকেও আহিব বিচাৰিছে নিশ্চয়৷ অজয়-হয় ছাৰ, আহিব বিচাৰিছে, কিন্তু আমি জনাইছো যে তেওঁলোক য’ত আছে, তাতে থাকক, লকডাউনৰ খুলিলেই আহিবা ভাই৷ কাৰণ ১৪দিনটো আমি স্কুলত ৰাখো৷ তেওঁলোকেও স্কুলত ১৪দিন থকাতকৈ বাহিৰতে থাকিম বুলি জনাইছে৷ প্ৰধানমন্ত্ৰী-অৰ্থাৎ আপোনাৰ কথা সকলোৱে মানি লয়? অজয়-হয়, মানি লয় ছাৰ৷ প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনালোক সকলো সুৰক্ষিত আছে আৰু যিসকল চহৰত আছে তেওঁলোকো সুৰক্ষিত আছে, তেওঁলোকৰ মন শান্তিৰে থাকক৷ আপুনি তেওঁলোকৰ সৈতে ফোনযোগে কথা পাতি থাকিব৷ যাতে চহৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন নহয়৷ এনে সময়ত ঘৰলৈ মনত পৰে, মা-দেউতালৈ বৰকৈ মনত পৰাটো স্বাভাৱিক৷ সেয়েহে, এনেকুৱা সময়ত গাঁৱৰ কোনোবাই ফোন কৰিলে মনটো পাত লাগে৷ আপুনি যি কাম কৰি আহে, তাৰ বাবে অভিনন্দন জনাইছো৷ আহক আমি উত্তৰপ্ৰদেশৰ বস্তিলৈ যাও৷ বস্তি গাঁও পঞ্চায়তৰ নক্তিদেহীৰ প্ৰধান ভগ্নী বৰ্ষা সিং আমাৰ সৈতে সংযোগ হৈছে৷ বৰ্ষা জী নমস্তে৷ বৰ্ষা-নমস্তে ছাৰ৷ মই নিজৰ গাঁও পঞ্চায়তবাসীৰ হৈ আপোনাক নমস্কাৰ জনাইছো৷ পঞ্চায়তীৰাজ দিৱস উপলক্ষেও আপোনাক আন্তৰিক শুভকামনা জনাইছো৷ প্ৰধানমন্ত্ৰী-বস্তিত লকডাউন সঠিকভাৱে পালন হৈছে নে? বৰ্ষ-ছাৰ মোৰ গাঁৱত সম্পূৰ্ণৰূপে লকডাউন পালন হৈছে আৰু মই আশা ভগ্নী, অংগনৱাড়ী ভগ্নী আৰু এএনএমসকলৰ সৈতে গাঁৱৰ লোকসকলৰ ঘৰে ঘৰে গৈ লকডাউন মানি চলা আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে ঘৰতে থাকিবলৈ সজাগ কৰিছো৷ প্ৰধানমন্ত্ৰী-আপুনি কেতিয়াৰে পৰা প্ৰধান হৈ আছে৷ বৰ্ষা- ছাৰ মই দ্বিতীয়বাৰলৈ গাঁও প্ৰধান হৈছো৷ প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা, পিএম কিষাণ সন্মান নিধি ইত্যাদিবোৰৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে কাম কৰিছে৷ |
---|
कोरोना संकट ने अपना सबसे बड़ा संदेश, अपना सबसे बड़ा सबक हमें दिया है कि हमें आत्मनिर्भर बनना पड़ेगा।
— PMO India (@PMOIndia) April 24, 2020
गांव अपनी मूलभूत आवश्यकताओं के लिए आत्मनिर्भर बने, जिला अपने स्तर पर, राज्य अपने स्तर पर, और इसी तरह पूरा देश कैसे आत्मनिर्भर बने, अब ये बहुत आवश्यक हो गया है: PM
एक दौर वो भी था जब देश की सौ से भी कम पंचायतें ब्रॉडबैंड से जुड़ी थीं।
— PMO India (@PMOIndia) April 24, 2020
अब सवा लाख से ज्यादा पंचायतों तक ब्रॉडबैंड पहुंच चुका है।
इतना ही नहीं, गांवों में कॉमन सर्विस सेंटरों की संख्या भी तीन लाख को पार कर रही है: PM
इस कोरोना संकट ने दिखा दिया है कि देश के गांवों में रहने वाले लोग, इस दौरान उन्होंने अपने संस्कारों-अपनी परंपराओं की शिक्षा के दर्शन कराए हैं।
— PMO India (@PMOIndia) April 24, 2020
गांवों से जो अपडेट आ रहा है, वो बड़े-बड़े विद्वानों के लिए भी प्रेरणा देने वाला है: PM
आप सभी ने दुनिया को मंत्र दिया है- ‘दो गज दूरी’ का, या कहें ‘दो गज देह की दूरी’ का। इस मंत्र के पालन पर गांवों में बहुत ध्यान दिया जा रहा है।
— PMO India (@PMOIndia) April 24, 2020
ये आपके ही प्रयास है कि आज दुनिया में चर्चा हो रही है कि कोरोना को भारत ने किस तरह जवाब दिया है: PM
इतना बड़ा संकट आया, इतनी बड़ी वैश्विक महामारी आई, लेकिन इन 2-3 महीनों में हमने ये भी देखा है भारत का नागरिक, सीमित संसाधनों के बीच, अनेक कठिनाइयों के सामने झुकने के बजाय, उनसे टकरा रहा है, लोहा ले रहा है: PM
— PMO India (@PMOIndia) April 24, 2020
ये सही है कि रुकावटें आ रही हैं, परेशानी हो रही है, लेकिन संकल्प का सामर्थ्य दिखाते हुए, नई ऊर्जा के साथ आगे बढ़ते हुए, नए-नए तरीके खोजते हुए, देश को बचाने का और देश को आगे बढ़ाने का काम भी निरंतर जारी है: PM
— PMO India (@PMOIndia) April 24, 2020
आज की परिस्थिति में देश को आगे ले जाने की शुरुआत, देश को आत्मनिर्भर बनाने की शुरुआत, गाँव की सामूहिक शक्ति से ही होगी।
— PMO India (@PMOIndia) April 24, 2020
इन प्रयासों के बीच हमें ये याद रखना है कि किसी एक की भी लापरवाही पूरे गांव को खतरे में डाल सकती है। इसलिए ढील की ज़रा भी गुंजाइश नहीं है: PM
गाँव में sanitization अभियान हो, शहरों से आने वाले लोगों के लिए इतने कम समय में quarantine centres बनाने का काम हो, हर एक व्यक्ति के खान-पान और जरूरतों की चिंता हो, या फिर आम लोगों को जागरूक करने का काम हो, ये काम हमें निरंतर बिना रुके, बिना थके करना है: PM
— PMO India (@PMOIndia) April 24, 2020
हमें ये ध्यान रखना है कि शारीरिक दूरी, मुंह को फेसकवर या मास्क से ढंकना और अपने हाथों की बार-बार साफ-सफाई ही
— PMO India (@PMOIndia) April 24, 2020
आने वाले दिनों में भी हमारे लिए इस बीमारी से बचाव के सबसे बड़ी दवा है: PM
हमें हर प्रकार की गलतफहमी से लोगों को बाहर निकालना है। हर परिवार तक सही जानकारी, चाहे वो बचाव को लेकर हो या फिर इसके इलाज के लिए, ये जानकारी पहुंचनी ही चाहिए।
— PMO India (@PMOIndia) April 24, 2020
इसके लिए आप छोटी-छोटी टोलियां बनाकर जागरूकता के अभियान को तेज़ कर सकते हैं: PM
हम बहुत गंभीरता से प्रयास कर रहे हैं कि गांव के गरीब को उत्तम स्वास्थ्य सेवा मिले, इसके लिए प्रयास किए जा रहे हैं।
— PMO India (@PMOIndia) April 24, 2020
आयुष्मान भारत योजना भी गांव के गरीबों के लिए बहुत बड़ी राहत बनकर उभरी है।
इसके तहत अब तक करीब 1 करोड़ गरीब मरीज़ों को अस्पताल में मुफ्त इलाज मिल चुका है: PM
मुझे विश्वास है कि आप सभी अपनी सामूहिक कोशिशों से, अपनी एकजुटता से, अपनी संकल्पशक्ति से कोरोना को जरूर परास्त करेंगे।
— PMO India (@PMOIndia) April 24, 2020
इसी विश्वास के साथ एक बार फिर आप सभी साथियों को पंचायती राज दिवस की शुभकामनाएं: PM