Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱী মুম্বাই বিমানবন্দৰৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী, চতুৰ্থ জৱাহৰলাল নেহৰু পৰ্ট ট্ৰাষ্ট কন্টেইনাৰ টাৰ্মিনেল ৰাইজৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নৱী মুম্বাই বিমানবন্দৰৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে। নৱী মুম্বাইত এক অনুষ্ঠানত তেওঁ চতুৰ্থ জৱাহৰলাল নেহৰু পৰ্ট ট্ৰাষ্ট কন্টেইনাৰ টাৰ্মিনেল ৰাইজৰ বাবে মুকলি কৰে।

এক জনসভাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ মহাৰাষ্ট্ৰলৈ মহান শিৱাজী মহাৰাজৰ জয়ন্তীৰ এদিন আগত আহিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বায়নৰ লগত খাপ খুৱাই চলিবলৈ হ’লে আমাক উন্নত মানৰ আন্তঃগাঁথনি লাগিব। তেওঁ কয় যে বন্দৰসমূহৰ উন্নয়নৰ বাবে হাতত লোৱা সাগৰমালা প্ৰকল্পই কেৱল বন্দৰসমূহৰে নহয়, ইয়াৰ লগত জড়িত বিভিন্ন উন্নয়ন সম্ভৱ কৰি তুলিছে। তেওঁ কয় যে ভাৰত চৰকাৰে জলপথসমূহৰ উন্নয়নৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নৱী মুম্বাই বিমানবন্দৰৰ প্ৰকল্পটো কেইবাবছৰ ধৰি পৰি আছিল। প্ৰকল্পৰ কাম লেহেমীয়া হ’লে বহু অসুবিধা হয় আৰু সেয়ে আধৰুৱা প্ৰকল্পৰ ক্ষীপ্ৰ ৰূপায়ণৰ বাবে ‘প্ৰগতি’ পদক্ষেপ লোৱা হৈছে।

তেওঁ কয় যে বিমান ক্ষেত্ৰখনত ক্ষীপ্ৰ গতিত উন্নয়ন হৈছে আৰু বিমান সেৱা গ্ৰহণ কৰা যাত্ৰীৰ সংখ্যা বাঢ়িছে। ইয়াৰ ফলত বিমান ক্ষেত্ৰত মানসম্পন্ন আন্তঃগাঁথনি গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিমান নীতি হাতত লৈছে যি বিমান খণ্ডলৈ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে বিমান ক্ষেত্ৰখনে অধিক অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব পাৰে। ভাল সংযোগ ব্যৱস্থাই ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব, তেওঁ কয়।

*****

AKT/AP/PRK