হৰে কৃষ্ণ – হৰে কৃষ্ণ!
হৰে কৃষ্ণ – হৰে কৃষ্ণ!
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণজী, এই ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী দেৱা ভাউ, উপ মুখ্যমন্ত্ৰী একনাথ ছিন্দেজী, শ্ৰদ্ধেয় গুৰু প্ৰসাদ স্বামীজী, হেমা মালিনীজী, উপস্থিত সন্মানীয় অতিথিবৃন্দ, ভক্তপ্ৰাণ ভাতৃ-ভগ্নীসকল।
আজি জ্ঞান আৰু ভক্তিৰ এই মহান ভূমিত ‘ইস্কন’ৰ প্ৰচেষ্টাৰে ‘শ্ৰী শ্ৰী ৰাধা মদন মোহনজী মন্দিৰ’ উদ্বোধন কৰা হৈছে। মই সৌভাগ্যৱান যে এনে এক পবিত্ৰ অনুষ্ঠানত মই মোৰ ভূমিকা পালন কৰাৰ সুযোগ পাইছোঁ। এয়া হৈছে শ্ৰীল প্ৰভুপাদ স্বামীৰ আশীৰ্বাদ, ইস্কনৰ সাধুসকলৰ অপৰিসীম মৰম আৰু ভালপোৱা। মই শ্ৰদ্ধাৰ সাধুকসকলক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ চৰণত প্ৰণিপাত জনাইছোঁ। মই এইমাত্ৰ ‘শ্ৰী ৰাধা মদনমোহনজী মন্দিৰ’ চৌহদৰ ৰূপৰেখা চাই আহিছোঁ। এই মন্দিৰৰ নেপথ্যৰ চিন্তা, ইয়াৰ ৰূপে আধ্যাত্মিকতা আৰু জ্ঞানৰ সমগ্ৰ পৰম্পৰাকে প্ৰতিফলিত কৰিছে। মন্দিৰত ঈশ্বৰৰ বিভিন্ন ৰূপ দেখা যায়, যিয়ে আমাৰ ‘একো অহম বহু শ্যাম’-ৰ চিন্তাকো প্ৰকাশিত কৰে। নতুন প্ৰজন্মৰ আগ্ৰহ আৰু আকৰ্ষণ অনুসৰি ইয়াত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী আধাৰিত এটা সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে। বৃন্দাবনৰ ১২খন অৰণ্যৰ ৰূপ আধাৰিত এখন বাগিচাও ইয়াত বিকশিত কৰা হৈছে। মই নিশ্চিত যে এই মন্দিৰ চৌহদটো আস্থা-বিশ্বাসৰ সৈতে ভাৰতৰ চেতনাসমৃদ্ধ কৰাৰ বাবে এক পবিত্ৰ কেন্দ্ৰ হৈ উঠিব। এই মহৎ কামৰ বাবে মই ইস্কন-ৰ সকলো সাধু-সন্ত, সদস্য তথা মহাৰাষ্ট্ৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
আজি এই উপলক্ষে মই আটাইতকৈ শ্ৰদ্ধাৰ গোপালকৃষ্ণ গোস্বামী মহাৰাজকো আৱেগিকভাৱে স্মৰণ কৰিছোঁ। তেওঁৰ দৃষ্টিভংগী এই প্ৰকল্পৰ সৈতে জড়িত, ভগৱান কৃষ্ণৰ প্ৰতি তেওঁৰ অপৰিসীম ভক্তিৰ আশীৰ্বাদ ইয়াৰ সৈতে সংলগ্ন হৈ আছে। এই মুহূৰ্তত তেওঁ আমাৰ মাজত সোঁশৰীৰে নাথাকিব পাৰে, কিন্তু আমি সকলোৱে তেওঁৰ আধ্যাত্মিক উপস্থিতি অনুভৱ কৰিছোঁ। তেওঁৰ চেনেহ, তেওঁৰ স্মৃতিৰ মোৰ জীৱনত এক বিশেষ স্থান আছে। যেতিয়া তেওঁ পৃথিৱীৰ সৰ্ববৃহৎ গীতা উন্মোচন কৰিছিল, তেতিয়া তেওঁ মোক ইয়াৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু মই সেই পবিত্ৰ প্ৰসাদো লাভ কৰিছিলোঁ। শ্ৰীল প্ৰভুপদজীৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষত মই তেওঁৰ সংগো লাভ কৰিছিলোঁ। মই সন্তুষ্ট যে আজি মই তেওঁৰ আন এটা সপোন পূৰণ হোৱা দেখিছোঁ, মই ইয়াৰ সাক্ষী হ’বলৈ পাইছোঁ।
বন্ধুসকল,
সমগ্ৰ বিশ্বতে বিস্তাৰিত হৈ থকা ইস্কন-ৰ অনুগামীসকল ভগৱান কৃষ্ণৰ প্ৰতি ভক্তিৰ সূতাৰে বান্ধ খাই আছে। আন এ়ডাল সূতা আছে যি সেই সকলোবোৰক সংযুক্ত কৰি ৰাখে, যি প্ৰতিগৰাকী ভক্তক দিনে ২৪ ঘণ্টাই পথ প্ৰদৰ্শন কৰি থাকে। এয়া হৈছে শ্ৰীল প্ৰভুপদ স্বামীৰ চিন্তাৰ সূতা। তেওঁ বেদ, বেদান্ত আৰু গীতাৰ গুৰুত্বক এনে এক সময়ত প্ৰচাৰ কৰিছিল যেতিয়া দেশখন দাসত্বৰ শৃংখলাত আছিল। তেওঁ ভক্তিবেদন্তক সৰ্বসাধাৰণ মানুহৰ চেতনাৰ সৈতে সংযুক্ত কৰিবলৈ এক অনুষ্ঠানৰ ব্যৱস্থা কৰিছিল। ৭০ বছৰ বয়সত, যেতিয়া মানুহে তেওঁলোকৰ কৰ্তব্য সম্পূৰ্ণ বুলি বিবেচনা কৰে তেওঁ ইস্কনৰ দৰে এক অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণৰ বাৰ্তা পৃথিৱীৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ বাবে নিৰন্তৰ বিশ্ব ভ্ৰমণ কৰিছিল। আজি পৃথিৱীৰ প্ৰতিটো কোণৰ কোটি কোটি লোকে তেওঁৰ তপস্যাৰ প্ৰসাদ লাভ কৰিছে। শ্ৰীল প্ৰভুপদ স্বামীৰ সক্ৰিয়তা, তেওঁৰ প্ৰচেষ্টাই আজিও আমাক অনুপ্ৰাণিত কৰে।
বন্ধুসকল,
আমাৰ ভাৰত এখন অসাধাৰণ আৰু আশ্চৰ্যকৰ ভূমি। ভাৰত কেৱল ভৌগোলিক সীমাৰে আৱদ্ধ ভূমিৰ টুকুৰা নহয়। ভাৰত হৈছে এক প্ৰাণৱন্ত ভূমি, জীৱিত সংস্কৃতি, এক জীৱন্ত পৰম্পৰা। আৰু, এই সংস্কৃতিৰ চেতনা হৈছে ইয়াৰ আধ্যাত্মিকতা! সেয়েহে, যদি আমি ভাৰতক বুজিব বিচাৰো, আমি প্ৰথমে আধ্যাত্মিকতা আত্মস্থ কৰিব লাগিব। যিসকলে পৃথিৱীখনক কেৱল ভৌতিক দৃষ্টিকোণৰে চাব বিচাৰে, তেওঁলোকে ভাৰতক বিভিন্ন ভাষা আৰু প্ৰদেশৰ গোট হিচাপেও চায়। কিন্তু, যেতিয়া আপোনালোকে আপোনালোকৰ চেতনাক এই সাংস্কৃতিক চেতনাৰে সংযুক্ত কৰে, তেতিয়া ভাৰতৰ বিশাল ৰূপটো প্ৰত্যক্ষ কৰিব পাৰিব। তেতিয়া আপোনালোকে দেখিব, চৈতন্য মহাপ্ৰভুৰ দৰে সাধুৰ জন্ম সুদূৰ পূবৰ বংগ ভূমিত হৈছিল। সন্ত নামদেৱ, তুকাৰাম আৰু জ্ঞানদেৱৰ দৰে সাধুসকলৰ জন্ম পশ্চিমৰ মহাৰাষ্ট্ৰত হৈছিল। চৈতন্য মহাপ্ৰভুৱে মহাবাক্য মন্ত্ৰ জনসাধাৰণৰ কাষলৈ লৈ গৈছিল। মহাৰাষ্ট্ৰৰ সাধুসকলে ‘ৰামকৃষ্ণ হৰি’, ৰামকৃষ্ণ হৰি মন্ত্ৰেৰে আধ্যাত্মিক অমৃত বিতৰণ কৰিছিল। সন্ত জ্ঞানেশ্বৰে ভগৱান কৃষ্ণৰ গুহ্য জ্ঞানক ‘জ্ঞানেশ্বৰী গীতা’ৰ জৰিয়তে জনসাধাৰণৰ বাবে উপলব্ধ কৰিছিল। একেদৰে, শ্ৰীল প্ৰভুপদে ইস্কনৰ জৰিয়তে গীতাক জনপ্ৰিয় কৰি তুলিছিল। তেওঁ ইয়াৰ ভাষ্য প্ৰকাশ কৰি গীতাৰ চেতনাৰে মানুহক সংযুক্ত কৰিছিল। বিভিন্ন ঠাইত জন্ম গ্ৰহণ কৰা এইসকল সাধু-সন্তই নিজ নিজ ধৰণে কৃষ্ণ ভক্তিৰ প্ৰবাহ ত্বৰান্বিত কৰি আহিছে। এই সাধুসকলৰ জন্মবৰ্ষত বছৰৰ পাৰ্থক্য আছে, বিভিন্ন ভাষা, বিভিন্ন পদ্ধতি আছে, কিন্তু বুজাবুজি একে, চিন্তাবোৰ একে, চেতনা একে। ভক্তিৰ পোহৰেৰে সকলোৱে সমাজত নতুন জীৱনৰ অম্লজান প্ৰদান কৰিছিল, ইয়াক এক নতুন দিশ দিছিল, নিৰন্তৰ শক্তি প্ৰদান কৰিছিল।
বন্ধুসকল,
আপোনালোক সকলোৱে জানে যে আমাৰ আধ্যাত্মিক সংস্কৃতিৰ মূল ভেটি হৈছে সেৱাৰ মনোভাৱ। আধ্যাত্মিকতাত মানুহৰ সেৱা আৰু মানৱজাতিৰ সেৱা এক হৈ পৰে। আমাৰ আধ্যাত্মিক সংস্কৃতিয়ে সন্ধানকাৰীসকলক সমাজৰ সৈতে সংযুক্ত কৰে আৰু তেওঁলোকৰ মাজত এক সহানুভূতিবোধৰ সৃষ্টি কৰে। ভক্তিৰ এই অনুভূতিয়ে তেওঁলোকক সেৱাৰ দিশে লৈ যায়।
দাতব্যম্ ইতি য়ৎ দানম্ দীয়তে অনুপকাৰিণে দেশেকালে চ পাত্ৰে চ তৎ দানং সাত্ত্বিকং স্মৃতম্।
শ্ৰীকৃষ্ণই আমাক এই শ্লোকত প্ৰকৃত সেৱাৰ অৰ্থ কৈছে। তেওঁ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে যে প্ৰকৃত সেৱা হৈছে সেইটো য’ত আপোনাৰ কোনো স্বাৰ্থপৰ উদ্দেশ্য নাথাকে। আমাৰ সকলো ধৰ্মীয় গ্ৰন্থ আৰু শাস্ত্ৰৰ মূল বিষয় হৈছে সেৱাৰ বোধ। আনকি ইস্কন-ৰ দৰে ইমান ডাঙৰ সংগঠনেও এই সেৱাৰ মনোভাৱৰ সৈতে কাম কৰে। শিক্ষা, স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কীয় বহুতো কাম আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে কৰা হয়। ইস্কন-য়ে ‘কুম্ভ’ত বৃহত সেৱাকৰ্ম কৰি আছে।
বন্ধুসকল,
মই সন্তুষ্ট যে আমাৰ চৰকাৰেও সম্পূৰ্ণ নিষ্ঠা আৰু সেৱাৰ এই মনোভাৱৰে দেশবাসীৰ স্বাৰ্থত কাম কৰি আছে। প্ৰতিটো ঘৰতে শৌচালয় নিৰ্মাণ কৰা, প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক উজ্জ্বলা গেছৰ সংযোগ প্ৰদান কৰা, প্ৰতিটো ঘৰত কলৰ পানীৰ সুবিধা প্ৰদান কৰা, প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা, ৭০ বছৰৰো অধিক বয়সৰ প্ৰতিগৰাকী বৃদ্ধ ব্যক্তিক এই সুবিধাৰ পৰিধিৰ আওতালৈ অনা, প্ৰতিগৰাকী গৃহহীন লোকক স্থায়ী ঘৰ প্ৰদান কৰা, এইবোৰ হৈছে সেৱাৰ এই মনোভাৱৰ সৈতে কৰা কাম, এই সমৰ্পণৰ মনোভাৱৰ সৈতে যিটো মোৰ বাবে আমাৰ মহান সাংস্কৃতিক পৰম্পৰাৰে প্ৰসাদ। সেৱাৰ এই মনোভাৱেই প্ৰকৃত সামাজিক ন্যায় সম্ভৱ কৰি আহিছে, আৰু ইয়েই হৈছে প্ৰকৃত ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক।
বন্ধুসকল,
আমাৰ চৰকাৰে ‘কৃষ্ণ চাৰ্কিট’ৰ জৰিয়তে দেশৰ বিভিন্ন তীৰ্থস্থান আৰু ধৰ্মীয় স্থানসমূহক সংযোগ কৰি আছে। এই বৰ্তনীটো গুজৰাট, ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু উৰিষ্যালৈকে বিস্তৰণ কৰা হৈছে। এই ঠাইবোৰ স্বদেশ দৰ্শন আৰু প্ৰসাদ যোজনাৰ জৰিয়তে বিকশিত কৰা হৈছে। এই মন্দিৰসমূহত ভগৱান কৃষ্ণৰ বিভিন্ন ৰূপ দেখা যায়। কিছুমান ঠাইত তেওঁক শিশু ৰূপত দেখা যায়, আনহাতে আন ঠাইত ৰাধাৰাণীকো তেওঁৰ সৈতে পূজা কৰা হয়। কিছুমান মন্দিৰত তেওঁৰ কৰ্মযোগী ৰূপ দেখা যায়, আনহাতে আন ঠাইত তেওঁক ৰজা হিচাপে পূজা কৰা হয়। আমাৰ প্ৰয়াস হৈছে ভগৱান কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত বিভিন্ন স্থানলৈ যোৱা আৰু মন্দিৰ দৰ্শন কৰাটো সহজ কৰি তোলা। ইয়াৰ বাবে বিশেষ ৰে’লগাড়ীও চলোৱা হৈছে। ইস্কনে কৃষ্ণ বৰ্তনীৰ সৈতে সংযুক্ত বিশ্বাসৰ এই কেন্দ্ৰসমূহলৈ ভক্তসকলক অনাত নিশ্চিত ভাৱে সহায় কৰিব পাৰে। মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ কেন্দ্ৰত যোগদান কৰা সকলো ভক্তক ভাৰতৰ কমেও ৫খন ঠাইলৈ পঠিয়াওক।
বন্ধুসকল,
যোৱাটো দশকত দেশত উন্নয়ন আৰু ঐতিহ্যই একেলগে গতি লাভ কৰিছে। ঐতিহ্যৰ জৰিয়তে বিকাশৰ এই অভিযানে ইস্কন-ৰ দৰে প্ৰতিষ্ঠানৰ পৰা গুৰুত্বপূৰ্ণ সমৰ্থন লাভ কৰিছে। আমাৰ মন্দিৰ বা ধৰ্মীয় স্থানসমূহ বহু শতাব্দী ধৰি সামাজিক চেতনাৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ গুৰুকুলসমূহে শিক্ষা আৰু দক্ষতা বিকাশক উত্সাহিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইস্কন-য়ে ইয়াৰ কাৰ্যসূচীৰ জৰিয়তে যুৱসকলক আধ্যাত্মিকতাক তেওঁলোকৰ জীৱনৰ অংশ কৰি তুলিবলৈ অনুপ্ৰাণিত কৰে। আৰু ইস্কন-ৰ যুৱ সন্ধানীসকলে তেওঁলোকৰ পৰম্পৰা অনুসৰণ কৰি আধুনিক প্ৰযুক্তিক কেনেদৰে আত্মসাৎ কৰিছে সেয়া দেখি আচৰিত লাগে। আৰু আপোনালোকৰ তথ্য-নেটৱৰ্ক আনৰ বাবে অনুকৰণ যোগ্য। মই নিশ্চিত যে ইস্কন-ৰ নিৰ্দেশনাত যুৱসকলে সেৱা আৰু নিষ্ঠাৰ ভাৱনাৰে ৰাষ্ট্ৰীয় স্বাৰ্থত কাম কৰিব। মানুহে এই চৌহদত ভক্তিবেদান্ত আয়ুৰ্বেদিক নিৰাময় কেন্দ্ৰৰ সুবিধাও লাভ কৰিব। আৰু মোৰ মত হৈছে, মই সদায় বিশ্বক এটা বাৰ্তা দি আহিছো, সেয়া হৈছে – ‘ভাৰতত আৰোগ্য লাভ কৰকহি’। শুশ্ৰূষাৰ বাবে, আৰু সৰ্বাংগীন উপায়েৰে স্বাস্থ্যৱান হোৱাৰ বাবে, সুস্থতাৰ বাবে, ‘ভাৰতত আৰোগ্য লাভ কৰকহি’। ‘ভক্তিবেদান্ত বৈদিক শিক্ষা মহাবিদ্যালয়’-য়ো ইয়াত স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰতিখন সমাজেই, সমগ্ৰ দেশেই উপকৃত হ’ব।
বন্ধুসকল,
আমি সকলোৱে দেখিছোঁ যে বৰ্তমানৰ সমাজখন যিমানেই আধুনিক হৈ উঠিছে সিমানেই ইয়াক সংবেদনশীলতাৰ প্ৰয়োজন হৈছে। আমি সংবেদনশীল লোকৰ এখন সমাজ গঢ়ি তুলিব লাগিব। মানৱীয় মূল্যবোধৰ সৈতে আগবাঢ়ি যোৱা এখন সমাজ। এখন সমাজ য’ত স্বকীয়তাৰ অনুভূতি বিয়পি পৰে। ইস্কনৰ দৰে প্ৰতিষ্ঠানে ইয়াৰ ভক্তিবেদান্তৰ জৰিয়তে পৃথিৱীৰ সংবেদনশীলতাক নতুন জীৱন দিব পাৰে। আপোনালোকৰ প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বতে মানৱীয় মূল্যবোধ বিয়পাবলৈ ইয়াৰ সামৰ্থ্য ব্যৱহাৰ কৰিব পাৰে। মই নিশ্চিত যে ইস্কনৰ মহান লোকসকলে প্ৰভুপাদ স্বামীৰ আদৰ্শক জীৱন্ত কৰি ৰাখিবলৈ সদায় সাজু থাকিব। ‘ৰাধা মদনমোহনজী মন্দিৰ’ৰ বাবে মই আকৌ এবাৰ সমগ্ৰ ইস্কন পৰিয়াল আৰু সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।
হৰে কৃষ্ণ – হৰে কৃষ্ণ!
হৰে কৃষ্ণ – হৰে কৃষ্ণ!
হৰে কৃষ্ণ – হৰে কৃষ্ণ!
*****
MJPS/ST/RK/KB
Speaking at the inauguration of Sri Sri Radha Madanmohanji Temple in Navi Mumbai. https://t.co/ysYXd8PLxz
— Narendra Modi (@narendramodi) January 15, 2025
दुनियाभर में फैले इस्कॉन के अनुयायी भगवान श्रीकृष्ण की भक्ति के डोर से बंधे हैं।
— PMO India (@PMOIndia) January 15, 2025
उन सबको एक-दूसरे से कनेक्ट रखने वाला एक और सूत्र है, जो चौबीसों घंटे हर भक्त को दिशा दिखाता रहता है।
ये श्रील प्रभुपाद स्वामी के विचारों का सूत्र है: PM @narendramodi
भारत केवल भौगोलिक सीमाओं में बंधा भूमि का एक टुकड़ा मात्र नहीं है।
— PMO India (@PMOIndia) January 15, 2025
भारत एक जीवंत धरती है, एक जीवंत संस्कृति है।
और, इस संस्कृति की चेतना है- यहाँ का आध्यात्म!
इसलिए, यदि भारत को समझना है, तो हमें पहले आध्यात्म को आत्मसात करना होता है: PM @narendramodi
हमारी आध्यात्मिक संस्कृति की नींव का प्रमुख आधार सेवा भाव है: PM @narendramodi
— PMO India (@PMOIndia) January 15, 2025
नवी मुंबई में इस्कॉन के दिव्य-भव्य श्री श्री राधा मदनमोहन जी मंदिर में दर्शन-पूजन कर मन को अत्यंत प्रसन्नता हुई है। pic.twitter.com/3WlVpgeEnY
— Narendra Modi (@narendramodi) January 15, 2025
भगवान श्रीकृष्ण के संदेश को दुनिया के कोने-कोने में पहुंचाने वाले श्रील प्रभुपाद स्वामी जी के प्रयास आज भी सभी देशवासियों को प्रेरित करने वाले हैं। pic.twitter.com/JDN2bVLVQA
— Narendra Modi (@narendramodi) January 15, 2025
श्रील प्रभुपाद जी ने इस्कॉन के माध्यम से गीता को लोकप्रिय बनाया। अलग-अलग कालखंड में जन्मे कई और संतों ने भी भक्ति के प्रकाश से समाज को नई दिशा दी है। pic.twitter.com/WwgfApsmtO
— Narendra Modi (@narendramodi) January 15, 2025
हमारे सभी धार्मिक ग्रंथों और शास्त्रों के मूल में सेवा भावना ही है। मुझे संतोष है कि हमारी सरकार भी इसी सेवा भावना के साथ लगातार देशवासियों के हित में काम कर रही है। pic.twitter.com/m9Q1wekk9k
— Narendra Modi (@narendramodi) January 15, 2025