Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নয়দা আৰু দিল্লীৰ মাজত নতুন মেট্ৰ’ লাইন মুকলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নয়দা আৰু দিল্লীৰ মাজত নতুন মেট্ৰ’ লাইন মুকলি কৰে৷ ব’টানিকেল গাৰ্ডেন মেট্ৰ’ ষ্টেচনত এখন ফলক মুকলি কৰি তেওঁ দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনৰ এটি অংশ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই লাইনে নয়দাৰ ব’টানিকেল গাৰ্ডেনক দক্ষিণ দিল্লীৰ কালকাজি মন্দিৰৰ সৈতে সংযোগ কৰিব৷ ৰাজহুৱা সভা সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ক্ষন্তেক সময় মেট্ৰ’ ৰেলেৰে ভ্ৰমণ কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয় যে এই দিনটোতে দুগৰাকীকৈ ভাৰত ৰত্ন ক্ৰমে পণ্ডিত মদন মোহন মালব্য আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল৷

তেওঁ লগতে উল্লেখ কৰে যে উত্তৰ প্ৰদেশৰ জনতাৰ বাবেই দেশে এখন শক্তিশালী আৰু সু্স্থিৰ চৰকাৰ লাভ কৰিছে৷ অফুৰন্ত মৰম-চেনেহৰ বাবে উত্তৰ-প্ৰদেশৰ জনতাৰ ওচৰত তেওঁ সদায় কৃতজ্ঞ হৈ থাকিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

‘আমি এনেকুৱা এটা যুগত বাস কৰিছো, য’ত ‘সংযোগ’ হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ৷ মেট্ৰ’ লাইন মুকলিয়ে কেৱল বৰ্তমানৰ প্ৰজন্মকে নহয় ভৱিষ্যত প্ৰজন্মকো সেৱা আগবঢ়াব৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ পুনৰ উল্লেখ কৰে যে ২০২২ত স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি এনেকুৱা এখন দেশত বাস কৰিব বিচাৰো, য’ত আমাৰ পেট্ৰ’লৰ আমদানি হ্ৰাস পায়৷ এই সপোন সাৰ্থক কৰিবলৈ আমাক প্ৰয়োজন হ’ব সৰ্বাংগসুন্দৰ জন পৰিবহণ প্ৰণালী৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০২ৰ ডিচেম্বৰত দিল্লী মেট্ৰ’ৰ শুভাৰম্ভ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত মেট্ৰ’ সেৱা সম্প্ৰসাৰিত হৈ আহিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে নতুন আইন প্ৰণয়ন কৰাতো গৌৰৱৰ বিষয় বুলি গণ্য কৰিছিল৷ কিন্তু বৰ্তমানৰ চৰকাৰে অপ্ৰচলিত আইন আঁতৰ কৰি গৌৰৱবোধ কৰে৷ অপ্ৰচলিত আইনে সিদ্ধান্ত গ্ৰহণত হেঙাৰ সৃষ্টি কৰি থাকিলে সু-প্ৰশাসন কেতিয়াও সম্ভৱ নহয়৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অভিনন্দন জ্ঞাপন কৰি কয় যে সু-প্ৰশাসনৰ প্ৰতি তেওঁৰ গুৰুত্বই ৰাজ্যখনক এক নতুন গতি প্ৰদান কৰিছে৷ ইয়ালৈ আহি নয়দাৰ সৈতে জড়িত কু-সংস্কাৰৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে আদিত্যনাথক তেওঁ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো স্থানলৈ নগ’লে তেওঁৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল বৃদ্ধি পাব, অথবা কোনো স্থান ভ্ৰমণ কৰিলে তেওঁৰ কাৰ্যকাল হ্ৰাস পাব বুলি চিন্তা কৰা ব্যক্তি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়৷

ৰে’লৱে আন্তঃগাথনি, পথ পৰিবহন সম্প্ৰসাৰণ আৰু পুনৰ নৱীকৰণ খণ্ডৰ প্ৰগতিৰ ক্ষেত্ৰত চলি থকা কামৰ কথাও প্ৰধানমন্ত্ৰীয়ে উনুকিয়ায়৷ তেওঁ শ্ৰী অটল বিহাৰী বাজপেয়ীক ‘ভাৰত মাৰ্গ বিধাতা’ হিচাপে আখ্যা দি কয় যে তেওঁ আমাক উন্নয়নৰ পথ প্ৰদৰ্শন কৰিছিল৷

ইয়াৰ পূৰ্বে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজনীতিক এক নতুন অৰ্থ প্ৰদান কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে, আমি উন্নয়নৰ পথত আগুৱাব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সদায় সোঁৱৰাই দি থাকে৷

***

AKT/SH/MS