শান্তি আৰু অহিংসাৰ দূত মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী পালনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ই চি অ’ এছ অ’ চি চেম্বাৰত আজি সন্ধিয়া ৬.৩০ বজাত ৭৪তম ইউ এন জি এত এক উচ্চস্তৰীয় অনুষ্ঠানৰ আয়োজন কৰে৷
এই অনুষ্ঠানত উপস্থিত আছিল ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ, কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মুন জা-ইন, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী শ্বেইন লুং, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হলনেছ আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰডাৰ্ণ৷
তাৰোপৰি অন্যান্য ব্যক্তিসকল যেনে ভূটানৰ প্ৰধানমন্ত্ৰী লোটে’ শ্বেৰিং, কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জুং-ছুক তথা ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ বিষয়ববীয়া আৰু অন্যান্য দেশৰ কূটনীতিবিদসকলো অনুষ্ঠানটোত উপস্থিত আছিল৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আদৰণি ভাষণ প্ৰদান কৰে৷ অংশগ্ৰহণকাৰী ব্যক্তিসকলে সমবেতভাৱে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ গান্ধী সৌৰ উদ্যান (ৰাষ্ট্ৰসংঘক ভাৰতে প্ৰদান কৰা উপহাৰ), অ’ল্ড ৱেষ্টবাৰীৰ ষ্টেট ইউনিভাৰ্চিটী অব্ নিউয়ৰ্ক কলেজৰ গান্ধী শান্তি উদ্যান আৰু ৰাষ্ট্ৰসংঘৰ ডাক প্ৰশাসনে জাৰি কৰা মহাত্মা গান্ধীৰ ১৫০তম স্মাৰক ডাক টিকট মুকলি কৰে৷
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বিংশ শতিকাক মানৱ স্বাধীনতাৰ নায়ক মহাত্মা গান্ধীৰ অৱদানৰ বিষয়ে উল্লেখ কৰি সকলোৰে বাবে কল্যাণ (সৰ্বোদয়)ত গুৰুত্ব আৰোপ কৰে৷ তেওঁ ভাষণত অন্ত্যোদয়া, বহনক্ষম পৰিবেশ আদিৰ বিষয়েও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সামূহিক কল্যাণ, সহযোগিতামূলক নিয়তি, আদৰ্শভিত্তিক উদ্দেশ্য, জন আন্দোলন আৰু ব্যক্তিগত দায়িত্ববোধৰ ওপৰত থকা মহাত্মা গান্ধীৰ বিশ্বাস আজিও প্ৰাসংগিক হৈ আছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে হিংসা, সন্ত্ৰাসবাদ, অৰ্থনৈতিক অসমতা, আৰ্থ-সামাজিক অৱনতি, মহামাৰি আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষতিশংকাই জনসাধাৰণ, দেশ আৰু সমাজৰ ওপৰত প্ৰভাৱ পেলাইছে৷ এই বিষয়সমূহ উত্থাপন কৰাৰ বাবে নেতৃ্ত্বৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ আৰু গান্ধীৰ দ্বাৰা প্ৰচাৰিত মূল্যবোধ নেতৃত্বৰ বাবে নৈতিক কম্পাচৰ ৰূপত কাম কৰিছে৷
সচিব প্ৰধান গুটেৰেছে কয় যে গান্ধীয়ে আমাক যিকোনো নীতি, তাৰোপৰি যিকোনো কাৰ্য যিয়ে আমাৰ জীৱন, সন্মান আৰু আমি লগ পোৱা দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তিৰ ভাগ্য নিৰ্ধাৰণ কৰিব পৰা কাৰ্যৰ মূল্যায়নক বিচাৰ কৰাৰ বাবে কৱচ প্ৰদান কৰিছে৷ এম ডি জি অথবা এছ ডি জি ডিজাইনৰ বহু পূৰ্বে গান্ধীয়ে তেওঁৰ জীৱনত অনাময়, প্ৰসূতিজনিত স্বাস্থ্য, প্ৰাথমিক শিক্ষা, লিংগ সমতা, মহিলা সৱলীকৰণ, ক্ষুধা নিবাৰণ আৰু বিকাশৰ বাবে সহযোগিতাৰ নিশ্চিতি আদিৰ বিষয়ে উল্লেখ কৰিছিল আৰু পালন কৰিছিল৷ প্ৰকৃততে বহনক্ষম বিকাশৰ লক্ষ্যৰ মূল ভেঁটিয়েই আছিল গান্ধীবাদী আদৰ্শৰ প্ৰতিফলন৷
অংশগ্ৰহণকাৰী নেতাসকলে অনুষ্ঠানটোত গান্ধীবাদী বিচাৰধাৰাৰ বিষয়ে আলোকপাত কৰি কৰি কয় যে মহাত্মা গান্ধীৰ ঐতিহ্যই আগন্তুক প্ৰজন্মসমূহকো উদ্বুদ্ধ কৰিব৷ তেওঁলোকে কয় যে মহাত্মা গান্ধীৰ নাম জাতি, ধৰ্ম আৰু ৰাষ্ট্ৰ-ৰাজ্যৰ সীমাৰ ঊৰ্ধত আৰু একবিংশ শতিকাৰ ভৱিষ্যদ্বাণীৰ ৰূপত উদ্ভাসিত হৈ উঠিছে৷ গান্ধী আছিল বহুমুখী ব্যক্তিত্বসম্পন্ন লোক৷ তেওঁ আছিল ৰাষ্ট্ৰীয়বাদী তথা আন্তঃৰাষ্ট্ৰীয়বাদী, এজন পৰম্পৰাবাদী আৰু সংস্কাৰক, এজন ৰাজনৈতিক নেতা আৰু আধ্যাত্মিক মাৰ্গদৰ্শক, এজন লিখক আৰু চিন্তাবিদ, এজন শান্তিবাদী আৰু এজন সমাজ সংস্কাৰক৷ বিশ্বই মহাত্মা গান্ধীক কেৱল তেওঁ সহিষ্ণুতা, অহিংসা আৰু অত্যন্ত মানৱতাবাদী বুলিয়েই কেৱল স্মৰণ নকৰে, বৰঞ্চ আমি ৰাজহুৱা জীৱনত পুৰুষ আৰু মহিলাৰ গুৰুত্ব, ৰাজনৈতিক আদৰ্শ আৰু চৰকাৰী নীতি আৰু আমাৰ গ্ৰহণৰ আশা-আকাংক্ষাৰ প্ৰতীক হিচাপেও স্মৰণ কৰে৷
***
VRRK/AK/MANN
The world comes together to pay homage to Mahatma Gandhi on his 150th birth anniversary!
— Narendra Modi (@narendramodi) September 24, 2019
I thank all those who came for the special programme at the @UN on the relevance of Gandhian thoughts.
In the august presence of various world leaders, a stamp on Gandhi Ji was released. pic.twitter.com/oAq5MOrrKF
Mahatma Gandhi never held positions of power.
— Narendra Modi (@narendramodi) September 24, 2019
Yet, he motivates people around the world.
Millions of people, several nations drew strength from his ideals and attained freedom. pic.twitter.com/bGQYjLjlIX
In a time when everybody is thinking- how to impress, we must remember what Mahatma Gandhi stood for- how to inspire. pic.twitter.com/qvnX7o2La6
— Narendra Modi (@narendramodi) September 24, 2019