Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেচনল জুট মেনুফেকচাৰাৰ্ছ কৰ্প’ৰেচন লিমিটেড তথা ইয়াৰ সহায়ক উদ্যোগ বাৰ্ডছ জুট এণ্ড এক্সপ’ৰ্টছ লিমিটেডক বন্ধ কৰাত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে নেচনেল জুট মেনুফেকচাৰাৰ্ছ কৰ্পৰেচন লিমিটেড তথা ইয়াৰ সহায়ক উদ্যোগ বাৰ্ডছ জুট এণ্ড এক্সপৰ্টছ লিমিটেডক বন্ধ কৰাত অনুমোদন প্ৰদান কৰিছে৷

বন্ধ কৰাৰ প্ৰক্ৰিয়াসমূহঃ

. স্থিৰ সম্পত্তি আৰু চালু সম্পত্তিসমূহৰ নিষ্পত্তি ১৪/০৬/২০১৮ৰ ডিপিইৰ দিশনিৰ্দেশনা অনুসৰি হব আৰু দায়িত্বসমূহ পূৰণ কৰাৰ পিছত সম্পত্তিসমূহ বিক্ৰী কৰি হোৱা লাভসমূহ ভাৰত সঞ্চিত নিধিত জমা কৰা হব৷

. ১৪.০৬.২০১৮ৰ ডিপিইৰ দিশনিৰ্দেশনা অনুসৰি সম্পত্তিসমূহৰ নিষ্পত্তিৰ বাবে ভূমি ব্যৱস্থাপনা এজেন্সী (এলএমএ)ৰ সেৱা গ্ৰহণ কৰা হব৷ এলএমএক নিৰ্দেশনা প্ৰদান কৰা হব যাতে তেওঁলোকে ডিপিইৰ দিশনিৰ্দেশনা অনুসৰি নিষ্পত্তি কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সম্পত্তিসমূহৰ সম্পূৰ্ণ ৰূপত সত্যাপন কৰা হব৷

. বস্ত্ৰ মন্ত্ৰালয়ৰ বিজেইএলৰ কোনো ভূমি অথবা ভৱনৰ ব্যৱহাৰ নিজৰ বাবে অথবা নিজৰ কোনো সাৰ্বজনিক প্ৰতিষ্ঠানৰ বাবে কৰাৰ কোনো প্ৰস্তাৱ নাই তথা ইয়াৰ সূচনা ভূমি ব্যৱস্থাপনা এজেন্সীক প্ৰত্যক্ষ ৰূপত প্ৰদান কৰা হব৷

লাভঃ

এই সিদ্ধান্তৰ দ্বাৰা চৰকাৰী কোষৰ দুয়োটা ৰুগ্ন সাৰ্বজনিক প্ৰতিষ্ঠান চলোৱাত হোৱা খৰচ কম কৰাৰ সুবিধা হব৷ এই প্ৰস্তাৱৰ দ্বাৰা লোকচানত চলি থকা উদ্যোগসমূহক বন্ধ কৰাত সহায় পোৱা হব আৰু উপযোগী কাৰ্যৰ বাবে অথবা বিকাশৰ বাবে বিত্তীয় সংসাধন সংগ্ৰহ কৰাৰ বাবে মূল্যৱান সম্পত্তিসমূহ চালু ৰখাত সুনিশ্চিত হব৷

দুয়োটা সাৰ্বজনিক প্ৰতিষ্ঠানৰ ভূমিৰ উপযোগী কাৰ্য সাৰ্বজনিক/সমাজৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰী কাৰ্যৰ বাবে কৰা হব৷

পৃষ্ঠভূমিঃ

. এনজেএমচি অনেক বৰ্ষ ধৰি লোকচানত চলি আছে আৰু ১৯৯৩ চনৰ পৰা বিআইএফআৰক বিচাৰৰ বাবে প্ৰেৰণ কৰা হৈছে৷ উদ্যোগৰ মূল উৎপাদন মৰাপাটৰ থৈলা আছিল যাৰ ব্যৱহাৰ বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা খাদ্যৰ পেকেজিঙৰ বাবে কৰা হৈছিল৷ বিগত বহু বৰ্ষ ধৰি থৈলাৰ চাহিদা হ্ৰাস হৈ আহিছে আৰু দেখা গৈছে যে এয়া বাণিজ্যিক ৰূপত লাভদায়ক নহয়৷

. এনজেএমচিৰ মিলকিনিচন মিল তিতাগড়, খৰদা তথা আৰবিএছএম মিল, কাতিহাৰক পুনৰুদ্ধাৰৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছিল আৰু এয়া ২০১৬ চনৰ পৰা স্থগিত হৈ আছে, (অন্তিম মিল কিনিচন মৰাপাট মিল ৩১.০৮.২০১৬ তাৰিখে বন্ধ কৰা হৈছিল) কাৰণ ঠিকাদাৰসকলে কাৰ্য ক্ষমতা প্ৰণয়ন কৰাত আৰু স্থানীয় শ্ৰমিকৰ সমস্যা সমাধান কৰাত বিফল হৈছে৷ আউটছৰ্চিঙৰ বিভিন্ন মডেল প্ৰণয়ন কৰাৰ প্ৰয়াস কৰা হৈছিল কিন্তু ইয়াতো সফলতা পোৱা নগল৷ পূৰ্বৰ কাৰ্য প্ৰদৰ্শন, বজাৰৰ স্থিতি তথা প্লাষ্টিকৰ সৈতে প্ৰতিযোগিতা আৰু নিজৰ মৰাপাটৰ মিলৰ ক্ষমতাসমূহ প্ৰত্যক্ষ কৰি এয়া দেখা গল যে এনজেএমচি সঞ্চালন লাভৰ মাধ্যমৰ দ্বাৰা নিজৰ ঋণাত্মক মুঠ সম্পত্তিক ঠিক কৰাৰ স্থিতিত নাই৷ এনজেএমচিৰ সৈতে কোনো কৰ্মী/শ্ৰমিক নাই, সেইবাবে ইয়াক বন্ধ কৰিব লাগে৷

. এনজেমচিৰ সহায়ক উদ্যোগ বিজেইএলৰ সিদ্ধান্তৰ বাবে বিআইএফআৰলৈ প্ৰেৰণ কৰা হৈছিল যাক পুনৰুদ্ধাৰৰ যোজনা বাবে চিন্তা কৰা হৈছিল৷ পুনৰুদ্ধাৰ যোজনা প্ৰণয়ন কৰা নহব কিয়নো পশ্চিম বংগৰ চৰকাৰ ভূমি উপযোগিতাৰ পৰিৱৰ্তনত সন্মত নহল আৰু তিনিটা বৰ্ষৰ বিলম্বৰ পিছতো এএছচিত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি প্ৰেৰণ কৰা নহল৷ বিজেইএলত কোনো কৰ্মী নাই৷ উদ্যোগৰ সঞ্চালন হোৱা নাই আৰু সেইবাবে ইয়াক বন্ধ কৰাৰ দ্বাৰা কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহব৷

*****

NW/AKT/SH/MANN