প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কনিষ্ঠ ন্যায়াধিকাৰীসমূহৰ বাবে দ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগৰ নিযুক্তিত অনুমোদন জনায়।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৱসৰপ্ৰাপ্ত জে.পি. ভেংকটৰামা ৰেড্ডিৰ নাম উক্ত আয়োগৰ অধ্যক্ষৰূপে নিৰ্বাচিত কৰা হৈছে। কেৰালা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ. বসন্তকো আয়োগৰ সদস্য হিচাপে মনোনীত কৰা হৈছে।
আয়োগে ৰাজ্যসমূহক তেওঁলোকৰ পৰামৰ্শ ১৮ মাহৰ ভিতৰত দাঙি ধৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ন্যায়িক বিষয়াসমূহৰ চাকৰিৰ বিভিন্ন সুবিধা আৰু পৰিস্থিতিৰ উন্নতিৰ বাবে এই আয়োগখন গঠন কৰা হৈছে। বেতন পৰিগঠন সম্পৰ্কীয় বিভিন্ন আসোঁৱাহ দূৰ কৰাৰ লগতে কাম কৰাৰ পদ্ধতি, কাৰ্যালয়ৰ পৰিবেশ আৰু অন্যান্য ভাট্টা আৰু লাভসমূহৰ আলোচনা কৰি তাক উন্নত কৰাটোৱে আয়োগৰ লক্ষ্য। ইয়াৰ বাবে আয়োগে নিজস্ব পদ্ধতি আৰু সাধনৰ ব্যৱহাৰ কৰি ন্যায়িক বিষয়াসমূহৰ বেতন পৰিকাঠামো সমহাৰ কৰাত গুৰুত্ব দিব।
আয়োগৰ এই পৰামৰ্শসমূহে ন্যায় প্ৰশাসনৰ বিভিন্ন বিশৃংখলাসমূহ দূৰ কৰাত সহায় কৰিব।
*****
AKT/VBA/SH/HD