নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত নিটী আয়োগে অনুষ্ঠিত কৰা “পৰিৱৰ্তনৰ চেম্পিয়ন-জি২বি সহযোগিতাৰ জৰিয়তে পৰিৱৰ্তনশীল ভাৰত” শীৰ্ষক অনুষ্ঠানত দেশৰ যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰীয়ে যুৱ উদ্যোগীসকলৰ সৈতে কৰা আলোচনাৰ পাছত এয়া হৈছে এনে ধৰণৰ দ্বিতীয়টো মত বিনিময় অনুষ্ঠান।
মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ছটা দলে আজি ‘মেক ইন ইণ্ডিয়া’, ‘কৃষকৰ উপার্জন দুগুণ কৰা’, ‘বিশ্ব মানৰ আন্তঃগাঁথনি’, ‘ভৱিষ্যত নগৰ’, ‘অৰ্থনীতি খণ্ডৰ সংস্কাৰ’ আৰু ‘অহা ২০২২ চনৰ ভিতৰত এক নতুন ভাৰত গঢ় দিয়া’ৰ দৰে বিষয়সমূহৰ সন্দৰ্ভত তেওঁলোকে উপস্থাপন কৰে।
প্রধানমন্ত্রীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ উপস্থাপনৰ ভিতৰত যি নতুন নতুন চিন্তা-ভাবনা আৰু উদ্ভাৱন প্রৱণতা পৰিলক্ষিত কৰিলে, তাৰ ভূয়সী প্রশংসা কৰে। দেশৰ কল্যাণৰ অৰ্থে যিদৰে তেওঁলোকে মূল্যবান মতামত আৰু চিন্তা-ভাবনাৰ বাবে সময় দিছে, তাৰ বাবে প্ৰধানমন্ত্ৰী যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে।
প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন সিদ্ধান্ত গ্রহণৰ সৈতে যিসকল বর্তমান জড়িত হৈ আছে, তেওঁলোকে খুব মনোযোগেৰে উপস্থাপনবোৰ লক্ষ্য কৰিছে। নীতি প্রণয়নৰ ক্ষেত্রত এই উপস্থাপনসমূহ নিশ্চিতভাৱে উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী প্রশাসন আৰু পৰিচালনৰ ক্ষেত্রত সাধাৰণ লোকসকলৰ অংশগ্রহণ অতি জৰুৰী। সেই কাৰণে মুখ্য কাৰ্যবাহী বিষয়াসকলে চৰকাৰৰ সৈতে যেনেকৈ সহযোগিতামুলক প্রচেষ্টা অব্যাহত ৰাখিছে, সেয়া দেশৰ নাগৰিকসকলৰ লগতে সমগ্র জাতিৰে কল্যান সাধন কৰিব।
স্বাধীনতা সংগ্রামৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে কয় যে নিজৰ অন্যান্য কাম থকা সত্ত্বেও মহাত্মা গান্ধীয়ে সকলো ভাৰতীয়ক স্বাধীনতা সংগ্ৰামৰ যোদ্ধা কৰি তুলিছিল। সেইদৰেই স্বাধীনতা সংগ্রামক জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলাৰ কামতো তেওঁ বিশেষভাবে সহায় কৰিছিল।
প্রধানমন্ত্রীয়ে কয় যে উন্নয়ন প্রচেষ্টাকো জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলা প্রয়োজন। তেওঁ কয় যে সকলোৰে মাজত এনে এক শক্তি আৰু আগ্রহ জগাই তোলা দৰকাৰ, যাতে অহা ২০২২ চনৰ ভিতৰত নতুন ভাৰত গঠনৰ লক্ষ্যৰে আমি কিবা নহয় কিবা ধৰণৰ নিজা অৱদান আগবঢ়াব পাৰোঁ। যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক উদ্দেশ্য কৰি তেওঁ কয় যে আপোনালোকক লৈয়েই মোৰ কর্মী গোট গঢ লৈ উঠিছে আৰু আমি সকলোৱে মিলি ভাৰতক বহু দূৰ আগুৱাই নিব পাৰিম।
কৃষি ক্ষেত্রত মূল্য সংযোজনৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ উপার্জন দুগুণ কৰি তোলাৰ দৰে নির্দিষ্ট লক্ষ্য পুৰণত বিভিন্ন পক্ষক লগত লৈ আমাৰ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব। খাদ্য প্রস্তুতকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আন্তঃগাঁথনিৰ অভাৱে কৃষি খণ্ডত ব্যাপক ক্ষতিসাধন কৰিছে।
প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ একাধিক গুৰুত্বপূর্ণ সিদ্ধান্তই দেশৰ বিভিন্ন ক্ষেত্ৰত মৌলিক পৰিৱর্তনৰ সূচনা কৰিছে। ইউৰিয়াৰ যোগান আৰু উৎপাদন সুলভ কৰি তুলিবলৈ যিবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে, সেই বিষয়েও দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে। অতিৰিক্ত উৎপাদনৰ বাবে বিশেষ মজুৰি, সাৰ উৎপাদনত গেছৰ মূল্য স্থিৰ কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণৰ কথাও প্রসংগক্ৰমে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, দেশত বর্তমান যি অতিৰিক্ত ২০ লাখ টন ইউৰিয়া উৎপাদন হৈছে, তাৰ কথাও ভাষণত উল্লেখ কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে সাৰৰ উৎপাদন নিম কোটিংযুক্ত কৰাৰ ফলত অনা-কৃষি খণ্ডত ইউৰিয়াৰ ব্যৱহাৰৰ প্রৱণতা বন্ধ কৰা সম্ভৱ হৈছে।
প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে দেশক নগদহীন লেনদেনৰ দিশলৈ অনাৰ বাবে আগ্রহী। এই ব্যৱস্থাৰ প্রসাৰৰ অৰ্থে চৰকাৰক সহযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক আহ্বান জনায়।
একেদৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে উৎসৱৰ বতৰত উপহাৰ হিচাপে খাদীৰ সামগ্ৰী ব্যৱহাৰ কৰিলে দৰিদ্র লোকসকল বিশেষভাবে উপকৃত হ’ব। তেওঁ জীৱনৰ প্রতিটো স্তৰত দৰিদ্র লোকসকলক লগত লৈ আগবঢ়াৰ পৰিৱেশ সৃষ্টিত বিশেষ গুৰুত্ব দিয়ে।
চৰকাৰী বজাৰ ব্যৱস্থাৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্র ব্যৱসায়ীসকলে চৰকাৰী বজাৰত সামগ্রীৰ যোগান দি বিভিন্ন ধৰণে উপকৃত হৈছে। এই বিপণন ব্যৱস্থাত এতিয়ালৈকে প্ৰায় ১ হাজাৰ কোটি টকা লেনদেন হোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। চৰকাৰী বিপণন ব্যৱস্থাৰ মঞ্চ ব্যৱহাৰ কৰি ২৮ হাজাৰ সামগ্ৰী সৰবৰাহকাৰী লাভৱান হৈছে।
প্রধানমন্ত্রীয়ে কয় যে দেশৰ বাবে প্রত্যেক ভাৰতীয়ই গৌৰৱবোধ কৰা উচিত। আমাৰ পর্যটন কেন্দ্রসমূহৰ প্ৰচাৰত সকলোৱে গুৰুত্ব দিয়া প্ৰয়োজন।
‘পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ’ উৎপাদনত যে একাংশ উদ্যোগী জড়িত হৈ আছে, সেই বিষয়েও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনে কাৰ্যসূচীয়ে স্বচ্চ ভাৰত আৰু প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলাত ই ব্যাপক সহায় কৰিব বুলি কয়। প্রধানমন্ত্রীয়ে কয় যে দেশৰ সাধাৰণ লোকসকলৰ সমস্যা সমাধানৰ নতুন নতুন সামগ্ৰী উৎপাদন কৰাটোৱেই উদ্যোগী আৰু ব্যৱসায়ীসকলৰ প্রচেষ্টাৰ লক্ষ্য হোৱা উচিৎ।
অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰক একাংশ মন্ত্ৰীৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত থাকে।
*****
AKT/HS /DB
In Government, the welfare of the people and the happiness of citizens is supreme: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
We are always thinking about where the nation will reach through our work: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
Every citizen must have a feeling that this country is mine & I have to work for the country, I want to add something towards its growth: PM
— PMO India (@PMOIndia) August 22, 2017
Every person wanted India to be free but Gandhi ji did something unique- he made every person feel he or she is working for the nation: PM
— PMO India (@PMOIndia) August 22, 2017
Mahatma Gandhi turned the freedom struggle into a mass movement and we saw the results: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
In the same spirit as what Mahatma Gandhi did for the freedom struggle, we need to make India's development a mass movement: PM
— PMO India (@PMOIndia) August 22, 2017
When we work together, we can solve several problems the country faces: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
As industry leaders, think about what more you can do for the poorest of the poor: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
As industry leaders, think about what more you can do for the poorest of the poor: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017