আপোনালোকে কালিৰে পৰা নিজৰ বহুমুলীয়া সময় ব্যয় কৰি দেশত কি আছে, কেনে আছে, কিয় আছে ইত্যাদি দিশত মন্থন কৰি আছে। নিজৰ নিজৰ অভিজ্ঞতাৰে বেলেগ দৃষ্টিভংগীৰে দেশৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখিছে।
চৰকাৰ যি নীতি নিৰ্ধাৰক টীম আছে, সকলো আজি ইয়াত সমবেত হৈছে। আপোনালোকৰ প্ৰতিটো কথা মই ভালদৰে বুজিবলৈ চেষ্টা কৰিছোঁ। চৰকাৰে বিভিন্ন এটা দৃষ্টিভংগীৰে কাম কৰিলে, আন এটা থাকি যায়। কিন্তু এনে আলোচনাই এই সকলো দিশ খৰচি মাৰি নিবলৈ সক্ষম হয়। এনে আলোচনাই নীতি প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে ইয়াৰ কাৰ্যকৰী কৰাৰ ৰোড মেপ প্ৰস্তুত কৰে, সেয়েহে এনে আলোচনা যথেষ্ট কামত আহে। এনেকুৱা হ’ব নোৱাৰে যে প্ৰধানমন্ত্ৰীৰ মনত যি আহে, তাকে চৰকাৰে কাৰ্যকৰী কৰিব। অন্যথা দেশ আগবাঢ়িব নোৱাৰিব। কেতিয়াবা কেতিয়াবা প্ৰধানমন্ত্ৰীয়েও নিজৰ বিচাৰ ত্যাগ কৰিব লগাত পৰে। আপোনালোকেও যিমানবোৰ ক’লে, সেইবোৰৰ কিছুমান কামত নাহে। যিবোৰ কামত আহিব সেইবোৰে নিশ্চিতভাৱে পৰিৱৰ্তন আনিব। আপোনালোকে যি দায়ৱদ্ধতাৰে কাম কৰি আছে, সেইবোৰ ফলাফল কেন্দ্ৰিক। জনতাৰ কল্যান সাধনেই সকলো দৃষ্টিভংগীৰ মুল। চৰকাৰৰ মুল কাম হৈছে দেশৰ একেবাৰে দুখীয়া লোকসকলৰ কল্যান সাধন কৰা।
প্ৰত্যেকৰে মনত বেলেগ চিন্তাধাৰা আছে, কিন্তু চৰকাৰে এই সকলোবোৰ পুৰণ কৰিব পৰাটো সম্ভৱ নহয়। কিন্তু তেওঁলোকৰ চিন্তাধাৰাক লৈ কাম কৰিলে, তেওঁলোকক চৰকাৰৰ সৈতে জড়িত কৰিব পৰা যাব আৰু ইয়াৰ ফলত নিশ্চিতভাৱে কামত আহিব। কিন্তু যদি চৰকাৰৰ এজেণ্ট হিচাপে ইয়াত বহি আছে, তেন্তে আপোনালোকৰ কথা কোৱাৰ ধৰণ বেলেগ হ’ব। যদি চৰকাৰৰ সহযোগী হিচাপে আহিছে, তেন্তে এনে কথা ক’ব, যিটো আমি বাস্তৱ ৰূপ দিব পৰা যায়। অৰ্থাৎ সকলো লোকৰ মনত নিজৰ দেশ খনৰ প্ৰতি সহানুভূতি জাগ্ৰত কৰি সকলো সমস্যা, জটিলতা সমাধানৰ প্ৰতি মই গুৰুত্ব দিছোঁ। সকলোকে সামৰি লোৱাৰ যত্ন কৰিছোঁ।
আমাৰ দেশ ৬০০ বছৰ পৰাধীন হৈ আছিল, কিন্তু এনেকুৱা নাছিল যে কোনেও কেতিয়াও স্বাধীনতাৰ বাবে দাবী উত্থাপন কৰা নাছিল। স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা লোক কম নাছিল। এজনক ফাঁচি দিলে, আন এজন সংগ্ৰামত নামি পৰিছিল। এনেকৈয়ে এজন পিছত আন এজনে মৃত্যুক আকোঁৱালি লৈছিল। সকলোৱে আত্ম বলিদান দি দেশ সেৱা কৰিছিল। এনে পৰিপেক্ষিতত মহাত্মা গান্ধীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেই কথাবোৰে আমাক ২১০৭ ৰ পৰা ২০২২ চনৰ ভিতৰত কেনেদৰে আগবাঢ়িব পাৰে, তাৰ উপায় নিশ্চয় দিব। তেওঁ আন্দামান নিকোবৰৰ কাৰাগাৰত থাকিও দেশবাসীক স্বাধীনতাৰ সকলো কৌশল প্ৰস্তুত কৰিছিল।
নিজৰ অন্যান্য কাম থকা সত্ত্বেও মহাত্মা গান্ধীয়ে সকলো ভাৰতীয়ক স্বাধীনতা সংগ্ৰামৰ যোদ্ধা কৰি তুলিছিল। সেইদৰেই স্বাধীনতা সংগ্রামক জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলাৰ কামতো তেওঁ বিশেষভাবে সহায় কৰিছিল।
উন্নয়ন প্রচেষ্টাকো জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলা প্রয়োজন। সকলোৰে মাজত এনে এক শক্তি আৰু আগ্রহ জগাই তোলা দৰকাৰ, যাতে অহা ২০২২ চনৰ ভিতৰত নতুন ভাৰত গঠনৰ লক্ষ্যৰে আমি কিবা নহয় কিবা ধৰণৰ নিজা অৱদান আগবঢ়াব পাৰোঁ। যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক উদ্দেশ্য কৰি তেওঁ কয় যে আপোনালোকক লৈয়েই মোৰ কর্মী গোট গঢ লৈ উঠিছে আৰু আমি সকলোৱে মিলি ভাৰতক বহু দূৰ আগুৱাই নিব পাৰিম।
কৃষি ক্ষেত্রত মূল্য সংযোজনৰ জৰিয়তে কৃষকসকলৰ উপার্জন দুগুণ কৰি তোলাৰ দৰে নির্দিষ্ট লক্ষ্য পুৰণত বিভিন্ন পক্ষক লগত লৈ আমাৰ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব। আমি খাদ্য প্রস্তুতকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ দেশত আন্তঃগাঁথনিৰ অভাৱে কৃষি খণ্ডত ব্যাপক ক্ষতিসাধন কৰিছে।
আমাৰ চৰকাৰৰ একাধিক গুৰুত্বপূর্ণ সিদ্ধান্তই দেশৰ বিভিন্ন ক্ষেত্ৰত মৌলিক পৰিৱর্তনৰ সূচনা কৰিছে। ইউৰিয়াৰ যোগান আৰু উৎপাদন সুলভ কৰি তুলিবলৈ যিবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। অতিৰিক্ত উৎপাদনৰ বাবে বিশেষ মজুৰি, সাৰ উৎপাদনত গেছৰ মূল্য স্থিৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, দেশত বর্তমান যি অতিৰিক্ত ২০ লাখ টন ইউৰিয়া উৎপাদন হৈছে। সাৰৰ উৎপাদন নিম কোটিংযুক্ত কৰাৰ ফলত অনা-কৃষি খণ্ডত ইউৰিয়াৰ ব্যৱহাৰৰ প্রৱণতা বন্ধ কৰা সম্ভৱ হৈছে।
আমাৰ কেন্দ্রীয় চৰকাৰে দেশক নগদহীন লেনদেনৰ দিশলৈ অনাৰ বাবে আগ্রহী। এই ব্যৱস্থাৰ প্রসাৰৰ অৰ্থে চৰকাৰক সহযোগ কৰাৰ বাবে মই যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক আহ্বান জনাইছোঁ।
একেদৰে, আমি যদি উৎসৱৰ বতৰত উপহাৰ হিচাপে খাদীৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, তেন্তে দৰিদ্র লোকসকল বিশেষভাবে উপকৃত হ’ব। জীৱনৰ প্রতিটো স্তৰত দৰিদ্র লোকসকলক লগত লৈ আগবঢ়াৰ পৰিৱেশ সৃষ্টিত বিশেষ গুৰুত্ব দিয়া উচিত।
চৰকাৰী বজাৰ ব্যৱস্থাৰ জৰিয়তে ক্ষুদ্র ব্যৱসায়ীসকলে চৰকাৰী বজাৰত সামগ্রীৰ যোগান দি বিভিন্ন ধৰণে উপকৃত হৈছে। এই বিপণন ব্যৱস্থাত এতিয়ালৈকে প্ৰায় ১ হাজাৰ কোটি টকা লেনদেন সম্ভৱ হৈ উঠিছে। চৰকাৰী বিপণন ব্যৱস্থাৰ মঞ্চ ব্যৱহাৰ কৰি ২৮ হাজাৰ সামগ্ৰী সৰবৰাহকাৰী লাভৱান হৈছে।
ইয়াৰ দেশৰ বাবে প্রত্যেক ভাৰতীয়ই গৌৰৱবোধ কৰা উচিত। আমাৰ পর্যটন কেন্দ্রসমূহৰ প্ৰচাৰত সকলোৱে গুৰুত্ব দিয়া প্ৰয়োজন।
‘পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ’ উৎপাদনত যে একাংশ উদ্যোগী জড়িত হৈ আছে। এনে কাৰ্যসূচীয়ে স্বচ্চ ভাৰত আৰু প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলাত ই ব্যাপক সহায় কৰিব। দেশৰ সাধাৰণ লোকসকলৰ সমস্যা সমাধানৰ নতুন নতুন সামগ্ৰী উৎপাদন কৰাটোৱেই উদ্যোগী আৰু ব্যৱসায়ীসকলৰ প্রচেষ্টাৰ লক্ষ্য হোৱা উচিৎ।
বৰ্তমান সমগ্ৰ বিশ্বই বৈশ্বিক বজাৰৰ প্ৰতি গুৰুত্ব দিছে। আমিও এই প্ৰতিযোগিতামুলক বজাৰত টিকি থাকিবলৈ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰাটো আৱশ্যক হৈ পৰিছে। কিন্তু আমাৰ দেশত বৰ্তমানলৈকে এইটো সমস্যা হিচাপে ধৰা দিছে। ইয়াৰ উপায় উলিয়াব পৰা নাযায় নে? যিদিনাই এনে প্ৰকল্প সম্ভৱ হ’ব, তেতিয়াই আমি এখন বৃহৎ বজাৰ পাবলৈ সক্ষম হ’ম। ইয়াক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেই শক্তিৰেই আমি বৈশ্বিক বজাৰত প্ৰবেশ কৰিবলৈ সক্ষম হ’ম।
বিদেশৰ পৰা আমি বহুত বস্তু আমদানি কৰিব লগাত পৰে, ফলত আমাৰ দেশৰ টকা বিদেশলৈ যায়। ২০২২ চনৰ ভিতৰত আমি এইটো সংকল্প ল’ব নোৱাৰো নে যে এই পাঁচ বছৰত অতি কমেও পাঁচ বিধ সামগ্ৰী আমি দেশতে উৎপাদন কৰি আমদানি ৰোধ কৰিম। এনেহ’লে আমাৰ টকাও বাহিৰলৈ নাযায়। আমি কৰিব নোৱাৰা একো নাই। স্বাস্থ্যখণ্ডত ব্যৱহৃত ইলেক্ট্ৰনিক সঁজুলি প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তা পুৰণ কৰিব পৰা নাযায় নে? ডায়েলিছিছৰ বাবে প্ৰয়োজনীয় সঁজুলি আমি প্ৰস্তুত কৰিলে আমাৰ দেশৰ বহুত নাটনি দূৰ হ’ব আৰু অনাগত সময়ত এখন বৃহৎ বজাৰ সৃষ্টি কৰিব। বিভিন্ন গ্ৰুপত বিভক্ত হৈ এইবোৰৰ চৰ্চা কৰি এনে সামগ্ৰী উৎপাদন কৰিলে মই ভাৱো ২০২২ চনৰ ভিতৰত আমাৰ সপোন কিছু পৰিমাণে হ’লেও পুৰণ হ’ব।
আমি নতুন পৰিৱৰ্তন অনাৰ বাবে কাম কৰি আছোঁ, সেয়েহে আপোনালোকে যিমানে যোগ দিব সিমানে ফল পাব। মই আজি বিশেষকৈ নিটী আয়োগৰ অধ্যক্ষ শ্ৰী অৰৱিন্দ পানাগেৰিয়া ডাঙৰীয়াক অভিনন্দ জনাব বিচাৰিছোঁ। মিচন লৈ কেনেদৰে কাম কৰিব লাগে লক্ষ্য কৰক। তেওঁ ৪৫ বছৰ ধৰি আমেৰিকাতে আছিল। ভাৰতলৈ কেতিয়াও অহাৰ কথা ভবা নাছিল। পৰিয়াল লৈ তাতে সংস্থাপিত হৈছিল। মোৰ লগত তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। মই ক’লো যে বহুত উপাৰ্জন কৰিলে, এতিয়া আমাকো অলপ সময় দিয়ক। মোৰ এটা কথাত তেওঁ ভাৰতলৈ আহিলে। তিনি বছৰ ধৰি তেওঁ নিটী আয়োগ পৰিচালনা কৰি আছে। পূৰ্বৰ পৰিকল্পনা আয়োগত কৈ যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম। সুখৰ কথা এই যে অহা সপ্তাহত তেওঁ পুনৰ আমেৰিকালৈ যাত্ৰা কৰিব, কিন্তু আজিও এই কামত লাগি আছে। এয়া সামান্য কথা নহয়। মই ভাবো আমাৰ দেশত এনে লোকৰ অভাৱ নাই। আৰু এওঁলোকৰ ভৰষাতে ২০২২ চনৰ এটা সপোন লৈ আমি আগবাঢ়িছোঁ। অৰবিন্দ ডাঙৰীয়াই কৰা কামৰ বাবে তেওঁক মই শুভকামনা জনাইছোঁ। বহুত ভাল কাম কৰিলে তেওঁ। এই দেশক তেওঁ যেন সদায় মনত ৰাখে। তেওঁৰ সেৱাক সদায় ভাৰতবাসীয়ে মনত ৰাখিব, এই অনুষ্ঠান তেওঁৰ পৃষ্ঠপোষতাত সম্পন্ন হৈছে। আপোনালোকৰ সৈতে দুদিন ধৰি বহি আছে। তেওঁৰ অমায়িক স্বভাৱৰ বাবে কোনেও সোনকালে তেওঁ প্ৰকৃততে কোন জানিব নোৱাৰে। সেয়াই তেওঁক গুণ। তেওঁ সদায় নিজকে পিছুৱাই ৰাখে। কিন্তু মই ভাৱো ভাল প্ৰয়াসৰ জৰিয়তে ভাল ফল পোৱা যায় আৰু এই ক্ষেত্ৰত আপোনালোক সদায় আগুৱাই আহক, আৰু আপোনালোক সদায় জড়িত হৈ থাকিব। চৰকাৰৰ সৈতে আপোনালোকৰ পোনপটীয়া সম্পৰ্ক থাকিব লাগে।
আপোনালোকৰ পৰা পৰামৰ্শ সদায় পোৱাটো কামনা কৰোঁ। সম্ভৱত অনাগত সময়ত বিভিন্ন প্ৰকল্পৰ সন্দৰ্ভত আপোনালোকেই উপস্থাপন কৰিব লাগিব। মই প্ৰযুক্তিৰ সহায়ত যেতিয়াই, যিকোনো সময়তে আপোনালোকৰ সৈতে জড়িত হ’ব পাৰোঁ। মই ইয়াৰ সৈতে লাগি থাকিম। এই দিশত আপোনালোকৰ অৱদানৰ বাবে মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। বহুত বহুত ধন্যবাদ।
*****
অতুল তিৱাৰী/হিমাংশু সিং/চৌকত আলী/DB
In Government, the welfare of the people and the happiness of citizens is supreme: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
We are always thinking about where the nation will reach through our work: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
Every citizen must have a feeling that this country is mine & I have to work for the country, I want to add something towards its growth: PM
— PMO India (@PMOIndia) August 22, 2017
Every person wanted India to be free but Gandhi ji did something unique- he made every person feel he or she is working for the nation: PM
— PMO India (@PMOIndia) August 22, 2017
Mahatma Gandhi turned the freedom struggle into a mass movement and we saw the results: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
In the same spirit as what Mahatma Gandhi did for the freedom struggle, we need to make India's development a mass movement: PM
— PMO India (@PMOIndia) August 22, 2017
When we work together, we can solve several problems the country faces: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
As industry leaders, think about what more you can do for the poorest of the poor: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017
As industry leaders, think about what more you can do for the poorest of the poor: PM @narendramodi
— PMO India (@PMOIndia) August 22, 2017