Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘নাটু নাটু’-ক লৈ কৰা উদযাপনৰ বাবে জাৰ্মান দূতাবাসক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


ভাৰত আৰু ভূটানৰ বাবে নিয়োজিত জাৰ্মান দূতাবাসত ‘নাটু নাটু’ গীতটিয়ে অস্কাৰত লাভ কৰা সাফল্য উদযাপন কৰা প্ৰসংগত ৰাষ্ট্ৰদূত ড০ ফিলিপ একাৰমেনে ‘শ্বেয়াৰ’ কৰা এটি ভিডিঅ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টিত তেওঁ আৰু দূতাবাসৰ সদস্যসকলৰ উদযাপনৰ মুহূৰ্ত সন্নিৱিষ্ট কৰা হৈছে। ভিডিঅ’টো পুৰণি দিল্লীত দৃশ্যগ্ৰহণ কৰা হৈছিল।

ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত ভাৰতত থকা কোৰিয়ান দূতাবাসেও গীতটো উদযাপন কৰা এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল।

জাৰ্মান ৰাষ্ট্ৰদূতগৰাকীৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“ভাৰতৰ ৰং আৰু স্বাদ! জাৰ্মানসকলে নিশ্চিতভাৱে নাচিব জানে, আৰু নাচে সুন্দৰকৈ!”

****

DS/SK/KB