বিশিষ্ট অতিথি আৰু প্ৰিয় বন্ধুসকল,
আৰম্ভণিতে, মই জাপান চৰকাৰক এই অনুষ্ঠানটোৰ দিহা কৰাৰ বাবে আৰু এই প্ৰয়াসত আমাক অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।
যদিও ‘ছেণ্ডাই ফ্ৰেমৱৰ্ক’ৰ লগতে ইয়াৰ পূৰ্বসূৰী ‘হাইওগো ফ্ৰেমৱৰ্ক’-য়ে ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ বাবে সমাজৰ সমূহীয়া প্ৰয়াসৰ দৃষ্টিভংগী’ত গুৰুত্ব আৰোপ কৰিছিল, এয়া স্পষ্ট যে ৰাজ্যসমূহে নতুন দুৰ্যোগৰ বিপদাশংকা বন্ধ কৰাৰ লগতে বিদ্যমান দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে প্ৰাথমিক দায়িত্ব বহন কৰে।
‘জি-৭’ আৰু ‘জি-২০’ দুয়োটা গোটেই ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাস’ক প্ৰথমিকতা প্ৰদান কৰা কথাই বিষয়টোৱেযে এতিয়া বিশ্বজোৰা নীতি সম্পৰ্কীয় আলোচনাত সৰ্বোচ্চ স্তৰত মনোযোগ আকৰ্ষণ কৰিছে তাৰেই ইংগিত দিছে।
একবিংশ শতিকাত ৰাজ্যসমূহে দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ ক্ষেত্ৰত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মই দুটা প্ৰত্যাহ্বানৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ:
প্ৰথমতে, আমি সকলোৱে স্বীকাৰ কৰোঁ যে ৰাজ্যসমূহে এক বিত্তীয় স্থাপত্য বিকশিত কৰিব লাগিব যি ‘দুৰ্যোগৰ বিপদাশংকা হ্ৰাস’ৰ প্ৰয়োজনীয়তাৰ সমগ্ৰ দিশসমূহকে সন্তুলিত ভাৱে সমাধান কৰিব পাৰে। বহু দিনধৰি আমি প্ৰায় সম্পূৰ্ণৰূপে দুৰ্যোগৰ বিপৰীতে সঁহাৰি, পুনৰুদ্ধাৰ আৰু পুনৰ্নিৰ্মাণৰ বাবে বিত্তীয় যোগানৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰি আহিছোঁ। আমি দুৰ্যোগৰ বিপদাশংকা প্ৰশমণ আৰু দুৰ্যোগৰ বিপৰীতে আগতীয়া প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত মনোযোগ দিব লাগিব। এইটো কেৱল এক বৃহৎ পৰিমাণৰ সম্পদ উপলব্ধ কৰাৰ বিষয় নহয়। আমি জটিল সমস্যাসমূহ যেনে:
এইবোৰ জটিল প্ৰত্যাহ্বান আৰু দুৰ্যোগৰ বিপদাশংকা প্ৰশমন বিত্তৰ দীঘলীয়া ইতিহাস থকা দেশসমূহেও এই প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজি আছে। এইবোৰ চম্ভালিবলৈ আমি প্ৰত্যেকেই ইজনে সিজনৰ পৰা সহযোগিতা আৰু শিকাৰ প্ৰয়োজনীয়তা থাকিব। ‘জি-২০’ কৰ্মগোট অহা সপ্তাহত দ্বিতীয়বাৰৰ বাবে মিলিত হ’ব আৰু তেওঁলোকে বিত্তীয় বিষয়সমূহ আলোচনা কৰিবলৈ এটা সম্পূৰ্ণ দিন নিয়োজিত কৰিব।
দ্বিতীয়তে, মই আগতীয়া সতৰ্কতা প্ৰণালী শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ ভূমিকাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি ৰাজহুৱা-ব্যক্তিগতখণ্ডৰ অংশীদাৰিত্বৰ ধাৰণাটো আলোচনা হৈ আহিছে। বহুতো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান কাৰ্যক্ষেত্ৰলৈ আগবাঢ়ি আহিছে, আৰু নিৰ্দিষ্ট খণ্ড-কেন্দ্ৰিক আগতীয়া সতৰ্কবাণী সেৱা বিকশিত হোৱা হেতুকেই ক্ষেত্ৰখনত আৰু অধিক প্ৰতিষ্ঠানৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিপ্ৰেক্ষিতত, সংশ্লিষ্ট ৰাজ্যৰ সম্পূৰ্ণৰূপে আপোচবিহীন ভূমিকা কেনে হব? আমি পৰ্যৱেক্ষণমূলক নেটৱৰ্কটো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহলৈ ‘আউটচ’ৰ্চ’ কৰিব পাৰোঁনে? যোগাযোগ প্ৰযুক্তিৰ বিকাশ আৰু প্ৰয়োগৰ ক্ষেত্ৰত ৰাজ্যখন কিমান পৰিমাণে জড়িত হোৱা উচিত? ৰাজ্যই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক দুৰ্যোগৰ সময়ত অত্যাৱশ্যকীয় আগতীয়া সতৰ্কবাণী সেৱা বাধ্যতামূলকভাৱে প্ৰদান কৰিবলৈ দায়বদ্ধ কৰা উচিত হ’বনে?
মই ওপৰত চিনাক্ত কৰা কিছুমান প্ৰত্যাহ্বানৰ কোনো সহজ উত্তৰ নাই। অৱশ্যে, যদি আমি দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ পদ্ধতিত এক ৰূপান্তৰশীল পৰিৱৰ্তন আনিব বিচাৰোঁ তেন্তে আমি এই প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজিব লাগিব। ই ৰাজ্যখনক আমাৰ জলবায়ু পৰিৱৰ্তন অভিযোজন প্ৰচেষ্টাত অধিক কাৰ্যকৰী হোৱাত সহায় কৰিব।
আমি এই কথোপকথনত জড়িত হ’বলৈ আৰু এই কাৰ্যসূচীক আগুৱাই নিয়াৰ বাবে সামূহীয়াভাৱে কাম কৰিবলৈ আশাবাদী।
মই সকলো দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনা অনুশীলনকাৰীক তেওঁলোকৰ কামৰ বাবে শুভকামনা জনাইছোঁ। আমি আমাৰ আৰু আগন্তুক প্ৰজন্মৰ বাবে এক স্থিতিস্থাপক আৰু বহনক্ষম ভৱিষ্যতৰ দিশত একেলগে প্ৰয়াসৰত হওঁ আহক।
ধন্যবাদ।
*****