লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ জী, মাননীয় সাংসদসকল, জ্যেষ্ঠ জনপ্ৰতিনিধিসকল, বিশিষ্ট অতিথিবৃন্দ, গণ্যমান্য ব্যক্তিসকল আৰু মোৰ প্ৰিয় দেশবাসী!
প্ৰতিখন দেশৰ উন্নয়নী যাত্ৰাত কিছুমান মুহূৰ্ত আহে যি চিৰদিনৰ বাবে অমৰ হৈ পৰে। কিছুমান তাৰিখ সময়ৰ ভাগ্যত ইতিহাসৰ অমলিন স্বাক্ষৰ হৈ পৰে। ২৮ মে’, ২০২৩ৰ আজিৰ এই দিনটোও হৈছে এনে এক পৱিত্ৰ উপলক্ষ্। দেশখনে স্বাধীনতাৰ ৭৫ বছৰটো ‘অমৃত মহোৎসৱ’ হিচাপে উদযাপন কৰি আছে। এই ‘অমৃত মহোৎসৱ’ত ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ গণতন্ত্ৰক সংসদৰ এই নতুন ভৱন উপহাৰ দিছে। আজি পুৱাতে সংসদ ভৱন চৌহদত এক সৰ্বধৰ্ম প্ৰাৰ্থনাসভা অনুষ্ঠিত হৈছিল। ভাৰতীয় গণতন্ত্ৰৰ এই সোণালী মুহূৰ্তত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
এয়া কেৱল এটা অট্টালিকাই নহয়। এয়াটো হৈছে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন। এয়া হৈছে আমাৰ গণতন্ত্ৰৰ মন্দিৰ যিয়ে বিশ্বক ভাৰতৰ সংকল্পৰ বাৰ্তা প্ৰদান কৰিছে। এই নতুন সংসদ ভৱনে ‘বাস্তৱৰ সৈতে পৰিকল্পনাক’, ‘নিৰ্মাণৰ সৈতে নীতিক’, ‘ইচ্ছাশক্তিৰ সৈতে ক্ৰিয়াশক্তি’ক, ‘সংকল্পৰ সৈতে সিদ্ধি’ক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হ’ব। এই নতুন ভৱনটো আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰাৰ এক মাধ্যম হৈ উঠিব। এই নতুন ভৱনটোত ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ সূৰ্য্যোদয়ৰ সাক্ষী হ’ব। এই নতুন ভৱনটোৱে উন্নত ভাৰতৰ সংকল্পসমূহ পূৰণ হোৱাটো দেখিব। এই নতুন ভৱনটো নতুন আৰু পুৰণিৰ সহাৱস্থানৰো এক আদৰ্শ হৈ উঠিব।
বন্ধুসকল,
নতুন পথৰে আগবাঢ়ি গৈহে নতুন দৃষ্টান্ত গঢ়িব পাৰি। আজি নতুন ভাৰতে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু নতুন পথৰ সন্ধান কৰিছে। নতুন উদ্যম, নতুন উলাহ। নতুন যাত্ৰা, নতুন চিন্তা। দিশ নতুন, দৃষ্টি নতুন। সংকল্প নতুন, বিশ্বাস নতুন। আৰু আজি আকৌ এবাৰ সমগ্ৰ বিশ্বই ভাৰত, ভাৰতৰ সংকল্পৰ দৃঢ়তা, ভাৰতৰ জনসাধাৰণৰ প্ৰখৰতা, ভাৰতীয় জনশক্তিৰ জীৱনীশক্তিক সন্মান আৰু আশাৰে চাবলৈ ধৰিছে। যেতিয়া ভাৰত আগবাঢ়ি যায়, তেতিয়া বিশ্ব আগবাঢ়ি যায়। সংসদৰ এই নতুন ভৱনটোৱে ভাৰতৰ উন্নয়নৰ লগতে বিশ্বৰ উন্নয়নৰো আহ্বান জনাব।
বন্ধুসকল,
আজি, এই ঐতিহাসিক উপলক্ষত অলপ আগতে, সংসদৰ এই নতুন ভৱনটোত পবিত্ৰ ‘চেঙ্গোল’ও স্থাপন কৰা হৈছে। মহান ‘চোল সাম্ৰাজ্য’ত ‘চেঙ্গোল’ক কৰ্তব্যপথৰ, সেৱাৰপথৰ, ৰাষ্ট্ৰপথৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। ‘ৰাজাজী’ আৰু ‘অদিনাম’ৰ সাধুসকলৰ নিৰ্দেশনাত, এই ‘চেঙ্গোল’ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হৈ উঠিছিল। তামিলনাডুৰ পৰা বিশেষভাৱে অহা ‘অদিনাম’ৰ সাধুসকল আজি পুৱা সংসদ ভৱনত আমাক আশীৰ্বাদ দিবলৈ উপস্থিত আছিল। মই আকৌ এবাৰ তেওঁলোকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। তেওঁলোকৰ নিৰ্দেশনাত, এই পবিত্ৰ ‘চঙ্গোল’ ‘লোকসভা’ত প্ৰতিষ্ঠা কৰা হৈছে। অতীতত, ইয়াৰ ইতিহাস সম্পৰ্কীয় বহুতো তথ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই বিৱৰণলৈ যাব নিবিচাৰোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে এই পবিত্ৰ ‘চেঙ্গোল’ক আমি ইয়াৰ মৰ্যাদা ঘূৰাই দিবলৈ সক্ষম হৈছোঁ, ইয়াৰ মান-মৰ্যাদা ওভতাই দিব পৰাটো হৈছে আমাৰ সৌভাগ্য। যেতিয়াই এই সংসদ ভৱনত কাৰ্যক্ৰম আৰম্ভ হ’ব, এই ‘চেঙ্গোল’য়ে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি থাকিব।
বন্ধুসকল,
ভাৰত কেৱল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই নহয়, বৰঞ্চ ‘গণতন্ত্ৰৰ মাতৃ’ও, ‘মাদাৰ অব ডেমক্ৰেচী’ও হয়। ভাৰত আজি বিশ্ব-গণতন্ত্ৰৰো এটা বহুত ডাঙৰ ভেটি। আমাৰ বাবে, গণতন্ত্ৰ কেৱল এক ব্যৱস্থাই নহয়, ই এক সংস্কাৰ, এক ধাৰণা, এটা পৰম্পৰা। আমাৰ ‘বেদ’সমূহে আমাক ‘বিধানসভা’ আৰু ‘সমিতি’ৰ গণতান্ত্ৰিক আদৰ্শৰ শিকনি দিয়ে। ‘মহাভাৰত’ৰ দৰে গ্ৰন্থত ‘গণ’ আৰু ‘গণৰাজ্য’ৰ প্ৰণালীৰ বিষয়ে উল্লেখ আছে। আমি ‘বৈশালী’ৰ দৰে ‘গণৰাজ্য’ত জীৱন অতিবাহিত কৰি দেখুৱাইছোঁ। আমি ‘ভগৱান বাসৱেশ্বৰ’ৰ অভিজ্ঞতাক আমাৰ গৌৰৱ হিচাপে গণ্য কৰিছো। তামিলনাডুত পোৱা ৯০০ খ্ৰীষ্টাব্দৰ শিলালিপিয়ে এতিয়াও সকলোকে আশ্চৰ্যচকিত কৰে। আমাৰ গণতন্ত্ৰ হৈছে আমাৰ অনুপ্ৰেৰণা, আমাৰ সংবিধান হৈছে আমাৰ সংকল্প। যদি কোনোবা এই অনুপ্ৰেৰণাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি হয়, সেয়া হৈছে আমাৰ ‘সংসদ’। আৰু এই সংসদে দেশৰ যি সমৃদ্ধ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, তাৰ ঘোষণা এই বুলি কৰে – ‘শ্বেতে নিপাদ্য-মানস্য চৰতি চৰাতো ভগঃ চৰৈৱতি, চৰৈৱতি- চৰৈৱতি’। অৰ্থাৎ, ‘যিজন ৰৈ যায় তেওঁৰ ভাগ্যও স্তব্ধ হৈ যায়। কিন্তু যি জনে আগবাঢ়ি গৈ থাকে, তেওঁলোকৰ ভাগ্যই শিখৰ স্পৰ্শ কৰে। আৰু সেয়েহে, আগবাঢ়ি যোৱা, আগবাঢ়ি যোৱা’। ‘দাসত্ব’ৰ পিছত আমাৰ ভাৰতে বহুত হেৰুৱাই ইয়াৰ নতুন যাত্ৰা আৰম্ভ কৰিছিল। সেই যাত্ৰাই বহুতো প্ৰত্যাহ্বান অতিক্ৰম কৰি ইমানবোৰ উত্থান-পতনৰ মাজেৰে স্বাধীনতাৰ ‘অমৃতকাল’ত প্ৰৱেশ কৰিছেহি। এয়া হৈছে, ‘স্বাধীনতাৰ অমৃতাল’ – ঐতিহ্য সংৰক্ষণ কৰি বিকাশৰ নতুন মাত্ৰা সৃষ্টি কৰাৰ ‘অমৃতকাল’। এয়া হৈছে ‘স্বাধীনতাৰ অমৃতকাল’ – দেশক এক নতুন দিশ প্ৰদানৰ ‘অমৃতকাল’। স্বাধীনতাৰ এই ‘অমৃতকাল’ হৈছে অনন্ত সপোন, অগণন আকাংক্ষা পূৰণ কৰাৰ ‘অমৃতকাল’। এই ‘অমৃতকাল’ৰ আহ্বান হৈছে-
“মুক্ত মাতৃভূমিক নতুন মূল্যৰ প্ৰয়োজন।
নতুন উৎসৱৰ বাবে, নতুন প্ৰাণৰ প্ৰয়োজন।
মুকুতিৰ গীত ধ্বনিত হৈছে, নতুন ৰাগৰ প্ৰয়োজন।
নতুন উৎসৱৰ বাবে, নতুন প্ৰাণৰ প্ৰয়োজন”।
আৰু সেয়েহে, ভাৰতৰ ভৱিষ্যত উজ্জ্বল কৰি তোলা এই কৰ্মক্ষেত্ৰখন সমানে অভিনৱ আৰু আধুনিক হ’ব লাগিব।
বন্ধুসকল,
এটা সময় আছিল যেতিয়া ভাৰতক বিশ্বৰ আটাইতকৈ সমৃদ্ধ আৰু বৈভৱশালী ৰাষ্ট্ৰসমূহৰ অন্যতম বুলি গণ্য কৰা হৈছিল। ভাৰতৰ চহৰৰ পৰা প্ৰাসাদলৈকে, ভাৰতৰ মন্দিৰৰ পৰা মূৰ্তিলৈকে, ভাৰতৰ স্থাপত্যই ভাৰতৰ দক্ষতা ঘোষণা কৰিছিল। ‘সিন্ধু সভ্যতা’ৰ নগৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ‘মৌৰ্য যুগ’ৰ ‘স্তম্ভ’ আৰু ‘স্তূপ’লৈকে, চোল শাসকসকলে নিৰ্মাণ কৰা বিশাল মন্দিৰৰ পৰা জলাশয় আৰু ডাঙৰ বান্ধলৈকে, ভাৰতৰ দক্ষতাই সমগ্ৰ বিশ্বৰ যাত্ৰীসকলক আচৰিত কৰি তুলিছিল। কিন্তু শ শ বছৰৰ দাসত্বই আমাৰ পৰা এই গৌৰৱ কাঢ়ি লৈছিল। এটা সময় আছিল যেতিয়া আমি আন দেশৰ নিৰ্মাণ দেখি মুগ্ধ হৈছিলোঁ। একবিংশ শতিকাৰ নতুন ভাৰতে, উচ্চ অভিলাসেৰে পৰিপূৰ্ণ ভাৰতে, এতিয়া দাসত্বৰ সেই মানসিকতাক পিচত এৰি আহিছে। আজিৰ ভাৰতে আকৌ এবাৰ প্ৰাচীন কালৰ সেই গৌৰৱময় ধাৰাক নিজৰ ফালে ঘূৰাই লৈছে। আৰু এই নতুন সংসদ ভৱনটো এই প্ৰচেষ্টাৰ এক জীৱন্ত প্ৰতীক হৈ উঠিছে। আজি, নতুন সংসদ ভৱন দেখি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱেৰে ভৰি উঠিছে। এই ভৱনটোত ঐতিহ্য আৰু স্থাপত্যও আছে। ইয়াত কলাৰ লগতে দক্ষতাও আছে। ইয়াত সংস্কৃতি, আৰু সংবিধানৰ সুৰো আছে।
আপোনালোকে দেখি থকা ‘লোকসভা’ৰ এই ভিতৰ ভাগ, এয়াও চাওঁক, এয়াও চাওক, ‘ৰাষ্ট্ৰীয় পক্ষী’ ময়ূৰক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। ‘ৰাজ্যসভা’ৰ ভিতৰভাগ ‘ৰাষ্ট্ৰীয় ফুল’ পদুমক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। আৰু সংসদৰ চোতালত আছে আমাৰ ৰাষ্ট্ৰীয় গছ –‘বটগছ’। এই নতুন ভৱনটোৱে আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ সকলো বৈচিত্ৰ্যক স্থান দিছে। ৰাজস্থানৰ পৰা অনা ‘গ্ৰেনাইট’ আৰু ‘বলুৱা পাথৰ’ ইয়াত লগোৱা হৈছে। আপোনালোকে দেখা কাঠৰ কাম মহাৰাষ্ট্ৰৰ পৰা আহিছে। উত্তৰ প্ৰদেশৰ ভদোহীৰ শিল্পীসকলে ইয়াৰ বাবে নিজৰ হাতেৰে ‘কাৰ্পেট’ তৈয়াৰ কৰিছে। এক প্ৰকাৰে, এই ভৱনটোৰ প্ৰতিটো কোণত আমি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মাকে দৰ্শন কৰিব পাৰিম।
বন্ধুসকল,
সংসদৰ পুৰণি ভৱনত, আমি সকলোৱে জানো যে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যাওতে কিমান সমস্যাৰ সন্মুখীন হ’বগীয়া হৈছিল। প্ৰযুক্তিৰ সম্পৰ্কীয় সমস্যা, বহাৰ ঠাইক লৈ প্ৰত্যাহ্বান আছিল। সেয়েহে যোৱা ডেৰ-দুই দশক ধৰি দেশখনত নতুন সংসদ ভৱন এটাৰ প্ৰয়োজনীয়তাক লৈ নিৰন্তৰ চৰ্চা চলি আছিল। আৰু আমি এইটোও চাব লাগিব যে অনাগত সময়ত আসনৰ সংখ্যা বৃদ্ধি পাব, সাংসদৰ সংখ্যা বৃদ্ধি পাব, সেই লোকসকল ক’ত বহিব?
সেয়েহে, নতুন সংসদ ভৱন নিৰ্মাণ কৰাটো সময়ৰ আহ্বান আছিল। আৰু মই সুখী যে এই সুন্দৰ ভৱনটো আধুনিক সুবিধাৰে সম্পূৰ্ণৰূপে সুসজ্জিত। আপোনালোকে নিশ্চয় দেখিছে যে এই সময়তো সূৰ্যৰ পোহৰ পোনপটীয়াকৈ এই সদনলৈ আহি আছে। ই বিদ্যুতৰ ব্যয় ন্যূনতম কৰিব, সকলো ঠাইতে শেহতীয়া প্ৰযুক্তি থকা ‘গেজেট’, এই সকলোবোৰৰ ক্ষেত্ৰত বিশষ নজৰ দিয়া হৈছে।
বন্ধুসকল,
আজি পুৱা, মই শ্ৰমিকৰ এটা দলকৰ সৈতে মিলিত হৈছিলোঁ যিসকলে এই সংসদ ভৱনটো নিৰ্মাণ কৰিছিল। এই সংসদ ভৱনটোৱে প্ৰায় ৬০ হাজাৰ শ্ৰমিকক কৰ্ম-সংস্থান দিয়াৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে এই নতুন ভৱনটোৰ বাবে দেহৰ ঘাম বোৱাইছিল। মই সুখী যে তেওঁলোকৰ শ্ৰমৰ প্ৰতি উচৰ্গিত এখন ‘ডিজিটেল গেলেৰী’ও সংসদত নিৰ্মাণ কৰা হৈছে। আৰু এয়া হয়তো পৃথিৱীতে প্ৰথমবাৰৰ বাবে ঘটিছে। সংসদ নিৰ্মাণ প্ৰসংগত এতিয়া তেওঁলোকৰ অৱদানো অমৰ হৈ থাকিব।
বন্ধুসকল,
যদি কোনো বিশেষজ্ঞই যোৱা নটা বছৰৰ মূল্যাঙ্কন কৰে, তেন্তে দেখা যাব যে এই নটা বছৰ ভাৰতত সম্প্ন হোৱা ‘নতুন নিৰ্মাণ’ৰ আছিল, ‘দৰিদ্ৰ লোকসকলৰ কল্যাণ’ৰ আছিল। আজি যদি আমি নতুন সংসদ ভৱন নিৰ্মাণক লৈ গৌৰৱান্বিত হৈছো, তেন্তে, একে সময়তে মই যোৱা ৯ বছৰত দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা ৪ কোটি গৃহক লৈয়ো সন্তোষ পাইছো। আজি যেতিয়া আমি এই সুন্দৰ অট্টালিকাটো দেখি শিৰ উন্নত কৰিছোঁ, মই যোৱা ৯টা বছৰত নিৰ্মাণ কৰা ১১ কোটি শৌচালয়ক লয়ো সন্তোষ পাইছোঁ, যিয়ে মহিলাসকলৰ মৰ্যাদা সুৰক্ষিত কৰিছে, তেওঁলোকক মূৰ দাঙি থিয় দিয়াৰ অৱকাশ প্ৰদান কৰিছে। আজি যেতিয়া আমি এই সংসদ ভৱনৰ সুবিধাসমূহৰ বিষয়ে কথা পাতি আছোঁ, মোৰ ভাল লাগিছে যে যোৱা ৯টা বছৰত আমি গাঁওসমূহক সংযোগ কৰিবলৈ ৪ লাখ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰিছোঁ। আজি যেতিয়া আমি এই ‘পৰিৱেশ-অনুকূল’ ভৱনটো দেখি সুখী হৈছোঁ, মই সন্তুষ্ট যে আমি প্ৰতি টোপাল পানী বচাবলৈ ৫০ হাজাৰৰো অধিক ‘অমৃত সৰোবৰ’ নিৰ্মাণ কৰিছোঁ। আজি যেতিয়া আমি এই নতুন সংসদ ভৱনৰ ‘লোকসভা’ আৰু ‘ৰাজ্যসভা’ক দেখি উত্সৱ উদযাপন কৰিছোঁ, মই সন্তুষ্ট যে আমি দেশত ৩০ হাজাৰতকৈয়ো অধিক নতুন ‘পঞ্চায়ত ভৱন’ নিৰ্মাণ কৰিছোঁ। অৰ্থাৎ ‘পঞ্চায়ত ভৱন’ৰ পৰা ‘সংসদ ভৱন’লৈকে আমাৰ আনুগত্য একেই আছিল, আমাৰ অনুপ্ৰেৰণা একেই আছিল-
দেশৰ উন্নয়ন, দেশৰ জনসাধাৰণৰ উন্নয়ন।
বন্ধুসকল,
আপোনালোকৰ চাগৈ মনত আছে, ১৫ আগষ্টত মই লালকিল্লাৰ পৰা কৈছিলোঁ –এয়াই সময়, সঠিক সময়। প্ৰতিখন দেশৰ ইতিহাসত এনে একোটা সময় আহে যেতিয়া দেশৰ চেতনা নতুনকৈ জাগ্ৰত হয়। ভাৰতত স্বাধীনতাৰ ২৫ বছৰ আগতে, ‘৪৭’ৰ আগৰ ২৫টা বছৰ, স্বাধীনতাৰ ২৫ বছৰ আগতে, এনেকুৱা এটা সময়েই আহিছিল। গান্ধীজীৰ অসহযোগ আন্দোলনে সমগ্ৰ দেশকে এক বিশ্বাসেৰে ভৰাই তুলিছিল। গান্ধীজীয়ে প্ৰতিগৰাকী ভাৰতীয়ক ‘স্বৰাজ’ৰ সংকল্পৰে সংযুক্ত কৰিছিল। এয়া সেই সময় আছিল যেতিয়া প্ৰতিগৰাকী ভাৰতীয় স্বাধীনতাৰ বাবে একত্ৰিত হৈছিল। ইয়াৰ সাফল্য আমি ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ ৰূপত দেখিবলৈ পাইছিলোঁ। স্বাধীনতাৰ এই ‘অমৃতকাল’ও ভাৰতৰ ইতিহাসত এনেকুৱা এছোৱা সময়েই। আজিৰ পৰা ২৫ বছৰৰ পিছত, ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব। আমাৰ হাতত ২৫ বছৰৰ ‘অমৃত সময়’ আছে। এই ২৫টা বছৰত আমি একেলগে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। লক্ষ্যটো ডাঙৰ, লক্ষ্যটো কঠিনো, কিন্তু প্ৰতিগৰাকী দেশবাসীয়েই আজি ইয়াৰ বাবে একত্ৰিত হ’ব লাগিব, নতুন প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব, সংকল্প ল’ব লাগিব আৰু নতুন গতি লাভ কৰিব লাগিব। আৰু ইতিহাস এই কথাৰ সাক্ষী যে আমাৰ ভাৰতীয়সকলৰ বিশ্বাস কেৱল ভাৰততে সীমাবদ্ধ নহয়। আমাৰ স্বাধীনতা সংগ্ৰামে সেই সময়ত পৃথিৱীৰ বহুতো দেশত এক নতুন চেতনা জাগ্ৰত কৰিছিল। ভাৰতে আমাৰ স্বাধীনতা সংগ্ৰামৰ জৰিয়তে নিজেতো স্বাধীন হৈছিলেই লগতে বহুতো দেশক স্বাধীনতাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিতও কৰিছিল। ভাৰতৰ বিশ্বাসে আন দেশৰ বিশ্বাসক সহযোগিতা আগবঢাইছিল। আৰু সেয়েহে, ভাৰতৰ দৰে বৈচিত্ৰময় এখন দেশে, ইমান বৃহৎ জনসংখ্যা থকা এখন দেশে, ইমান প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা এখন দেশে, যেতিয়া এটা বিশ্বাসেৰে আগবাঢ়ি যায়, ই বিশ্বৰ বহুতো দেশক অনুপ্ৰাণিত কৰে। ভাৰতৰ প্ৰতিটো সফলতা, অনাগত দিনত, বিশ্বৰ বিভিন্ন প্ৰান্তত, বিভিন্ন দেশৰ সফলতাৰ ৰূপত অনুপ্ৰেৰণাৰ উৎস হ’বলৈ গৈ আছে। আজি, যদি ভাৰতে দ্ৰুতগতিত দৰিদ্ৰতা দূৰ কৰে, ই বহুতো দেশক দৰিদ্ৰতাৰ পৰা মুক্ত হ’বলৈ অনুপ্ৰাণিত কৰিব। ভাৰতৰ বিকাশৰ সংকল্প আৰু বহুতো দেশৰ সহায়ক হৈ উঠিব। সেয়েহে, ভাৰতৰ দায়িত্ব আৰু ডাঙৰ হৈ উঠিছে।
আৰু বন্ধুসকল,
সফলতাৰ প্ৰথম চৰ্তটোৱেই হ’ল সফল হোৱাৰ বাবে মনৰ বিশ্বাস। এই নতুন সংসদ ভৱনটোৱে এই বিশ্বাসক এক নতুন উচ্চতা প্ৰদান কৰিবলৈ গৈ আছে। উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত ই আমাৰ সকলোৰে বাবে এক নতুন অনুপ্ৰেৰণা হৈ উঠিব। এই সংসদ ভৱনে প্ৰতিগৰাকী ভাৰতীয়ৰ কৰ্তব্যবোধ জাগ্ৰত কৰিব। মই নিশ্চিত যে এই সংসদত বহিব লগা জনপ্ৰতিনিধিসকলে নতুন অনুপ্ৰেৰণাৰে গণতন্ত্ৰক এক নতুন দিশ দিবলৈ চেষ্টা কৰিব। আমি ‘নেশ্যন ফাৰ্ষ্ট’ৰ আকাংক্ষাৰে আগবাঢ়িব লাগিব – ‘ইদঁ ৰাষ্ট্ৰায় ইদঁ ন মম’ –‘আমি কৰ্তব্য আৰু কৰ্তব্যপথক সৰ্বোপৰি’ বুলি গ্ৰহণ কৰিব লাগিব, আমি আমাৰ আচৰণৰ দ্বাৰা এক উদাহৰণ স্থাপন কৰিব লাগিব – ‘য়াড্ডা-চৰতি শ্ৰেষ্ঠ: তত্তদেৱ ইতৰো জনঃ’। ‘আমি নিৰন্তৰ নিজকে উন্নত কৰি থাকিব লাগিব’ – ‘উধাৰেত আত্মানা আত্মনাম’। ‘আমি আমাৰ নিজৰ নতুন পথ সৃষ্টি কৰি থাকিব লাগিব’ – ‘আপ্পা দীপো ভৱ:’ ‘আমি নিজকে উচৰ্গিত কৰিব লাগিব, আমি নিয়োজিত কৰিব লাগিব’ – ‘তপসো হি পৰম নাষ্টি, তাপসা বিন্দতে মহত’।– ‘আমি জনকল্যাণক আমাৰ জীৱন মন্ত্ৰ কৰি তুলিব লাগিব’ – ‘লোক হিতম মাম কৰনিয়ম’, যেতিয়া আমি সংসদৰ এই নতুন ভৱনত সততাৰে আমাৰ দায়িত্ব পালন কৰিম, দেশবাসীয়েও নতুন অনুপ্ৰেৰণা লাভ কৰিব।
বন্ধুসকল,
এই নতুন সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক এক নতুন শক্তি আৰু নতুন সামৰ্থ্য প্ৰদান কৰিব। আমাৰ কৰ্মীসকলে তেওঁলোকৰ দেহৰ ঘাম বোৱাই এই সংসদ ভৱনটো ইমান আকৰ্ষণীয় কৰি তুলিছে। এতিয়া আমাৰ সকলো সাংসদৰ দায়িত্ব হৈছে আমাৰ নিষ্ঠাৰ দ্বাৰা ইয়াক অধিক ঐশ্বৰিক কৰি তোলাটো। এখন ৰাষ্ট্ৰ হিচাপে, ১৪০ কোটি ভাৰতীয়ৰ সংকল্প হৈছে এই নতুন সংসদৰ প্ৰাণ। ইয়াত গৃহীত হোৱা প্ৰতিটো সিদ্ধান্তই আহিবলগীয়া শতিকাবোৰ সজাবলৈ গৈ আছে। ইয়াত হোৱা প্ৰতিটো সিদ্ধান্তই আহিবলগীয়া প্ৰজন্মক শক্তিশালী কৰিব। ইয়াত লোৱা প্ৰতিটো সিদ্ধান্তই ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ হ’ব। দৰিদ্ৰ, দলিত, পিছপৰা, জনজাতীয়, দিবাংগ, সমাজৰ প্ৰতিটো বঞ্চিত পৰিয়ালৰ সৱলীকৰণৰ পথ, বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ পথ ইয়াৰ মাজেৰে পাৰ হৈ যায়। এই নতুন সংসদ ভৱনৰ প্ৰতিডোখৰ ইটা, প্ৰতিখন দেৱাল, প্ৰতিটো কণাই দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে সমৰ্পিত। অহা ২৫টা বছৰত সংসদৰ এই নতুন ভৱনত প্ৰস্তুত কৰিব লগা নতুন আইনে ভাৰতক এক উন্নত ভাৰত হিচাপে গঢ়ি তুলিব। অহা ২৫টা বছৰত সংসদৰ এই নতুন ভৱনত প্ৰস্তুত কৰিব লগা নতুন আইনে ভাৰতক এক উন্নত ভাৰত হিচাপে গঢ়ি তুলিব। এই সংসদত প্ৰস্তুত কৰা আইনসমূহে ভাৰতক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰিব। এই সংসদত প্ৰস্তুত কৰা আইনসমূহে দেশৰ যুৱপ্ৰজন্মৰ বাবে, মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। মই নিশ্চিত যে সংসদৰ এই নতুন ভৱনটো এখন নতুন ভাৰত গঢ়ি তোলাৰ আধাৰ হৈ পৰিব। এক সমৃদ্ধ, শক্তিশালী আৰু উন্নত ভাৰত, এনে এখন ভাৰত যি নীতি, ন্যায়, সত্য, মৰ্যাদা আৰু কৰ্তব্যৰ ওপৰত আধাৰিত। নতুন সংসদ ভৱনৰ বাবে মই আকৌ এবাৰ সকলো ভাৰতীয়ক অভিনন্দন জনাইছোঁ। ধন্যবাদ!
***********
The new Parliament House is a reflection of the aspirations of new India. https://t.co/qfDGsghJgF
— Narendra Modi (@narendramodi) May 28, 2023
मैं सभी देशवासियों को भारतीय लोकतन्त्र के इस स्वर्णिम क्षण की बहुत-बहुत बधाई देता हूं: PM @narendramodi pic.twitter.com/CzJrYda3Mw
— PMO India (@PMOIndia) May 28, 2023
ये सिर्फ एक भवन नहीं है।
— PMO India (@PMOIndia) May 28, 2023
ये 140 करोड़ भारतवासियों की आकांक्षाओं और सपनों का प्रतिबिंब है।
ये विश्व को भारत के दृढ संकल्प का संदेश देता हमारे लोकतंत्र का मंदिर है। pic.twitter.com/aRxAw40i2n
जब भारत आगे बढ़ता है तो विश्व आगे बढ़ता है।
— PMO India (@PMOIndia) May 28, 2023
संसद का ये नया भवन, भारत के विकास से, विश्व के विकास का भी आह्वान करेगा। pic.twitter.com/k2SmBSxJc7
जब भारत आगे बढ़ता है तो विश्व आगे बढ़ता है।
— PMO India (@PMOIndia) May 28, 2023
संसद का ये नया भवन, भारत के विकास से, विश्व के विकास का भी आह्वान करेगा। pic.twitter.com/k2SmBSxJc7
जब भी इस संसद भवन में कार्यवाही शुरू होगी, सेंगोल हम सभी को प्रेरणा देता रहेगा। pic.twitter.com/mWWVJ8BzcT
— PMO India (@PMOIndia) May 28, 2023
भारत एक लोकतान्त्रिक राष्ट्र ही नहीं बल्कि लोकतन्त्र की जननी भी है, Mother of Democracy भी है। pic.twitter.com/rulDUQAtIq
— PMO India (@PMOIndia) May 28, 2023
हमारा लोकतंत्र ही हमारी प्रेरणा है, हमारा संविधान ही हमारा संकल्प है।
— PMO India (@PMOIndia) May 28, 2023
इस प्रेरणा, इस संकल्प की सबसे श्रेष्ठ प्रतिनिधि, हमारी ये संसद ही है। pic.twitter.com/SdU3oCdE0M
ग़ुलामी के बाद हमारे भारत ने बहुत कुछ खोकर अपनी नई यात्रा शुरू की थी।
— PMO India (@PMOIndia) May 28, 2023
वो यात्रा कितने ही उतार-चढ़ावों से होते हुए, कितनी ही चुनौतियों को पार करते हुए, आज़ादी के अमृतकाल में प्रवेश कर चुकी है। pic.twitter.com/r9R9T5oMYS
आज नए संसद भवन को देखकर हर भारतीय गौरव से भरा हुआ है। pic.twitter.com/Cx2OGJbZfL
— PMO India (@PMOIndia) May 28, 2023
हमारे पास 25 वर्ष का अमृत कालखंड है।
— PMO India (@PMOIndia) May 28, 2023
इन 25 वर्षों में हमें मिलकर भारत को विकसित राष्ट्र बनाना है। pic.twitter.com/HnieE0XrCT
मुझे विश्वास है, इस संसद में जो जनप्रतिनिधि बैठेंगे, वे नई प्रेरणा के साथ, लोकतंत्र को नई दिशा देने का प्रयास करेंगे: PM @narendramodi pic.twitter.com/FPiaIZ8gTu
— PMO India (@PMOIndia) May 28, 2023
संसद का यह नया भवन, नये भारत के सृजन का आधार बनेगा। pic.twitter.com/KEfSEf10f4
— PMO India (@PMOIndia) May 28, 2023