Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন সংসদ ভৱনৰ মুধচত সংস্থাপিত ৰাষ্ট্ৰীয় প্ৰতীকটো উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়

নতুন সংসদ ভৱনৰ মুধচত সংস্থাপিত ৰাষ্ট্ৰীয় প্ৰতীকটো উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়


নতুন সাংসদ ভৱনৰ মুধচত সংস্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকটো আজি পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাবে উন্মোচন কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বাৰ্তাত কয়;

“আজি পুৱা, নতুন সংসদ ভৱনৰ মুধচত সংস্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকটো উন্মোচনৰ সন্মান লাভ কৰিলো”।

Parliament. pic.twitter.com/T49dOLRRg1

— Narendra Modi (@narendramodi) July 11, 2022

প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন নিৰ্মাণত ব্ৰতী শ্ৰমজীৱিসকলৰ সৈতে এক বাৰ্তালাপতো মিলিত হয়।

“নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্যত ব্ৰতী হৈ থকা শ্ৰমজীৱিসকলৰ সৈতেও মই সুন্দৰকৈ কথা-বতৰা পাতিলো। তেওঁলোকৰ প্ৰয়াসক লৈ আমি সকলো গৌৰৱান্বিত আৰু তেওঁলোকে আমাৰ ৰাষ্ট্ৰ্ৰৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সদায়ে মনত ৰাখিম”।

pic.twitter.com/p4LUFmCTDx

— Narendra Modi (@narendramodi) July 11, 2022

 

মুঠ ৯৫০০কিলোগ্ৰাম ওজনৰ আৰু ৬.৫ মিটাৰ উচ্চতাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো ব্ৰঞ্জৰে নিৰ্মাণ কৰা হৈছে। নতুন সংসদ ভৱনৰ কেন্দ্ৰস্থলৰ মুধচত এই প্ৰতীকটো সংস্থাপিত কৰা হৈছে। প্ৰতীকটোক সুৰক্ষা দিব পৰাকৈ ৬৫০০ কিলোগ্ৰাম ওজনৰ ইস্পাতৰ এটা কাঠামোও নিৰ্মাণ কৰা হৈছে।

ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নক্সা তৈয়াৰ কৰাৰ পৰা নিৰ্মাণৰ অন্তত নতুন সংসদ ভৱনৰ মুধচত সংস্থাপিত কৰালৈকে মুঠতে আঠোটা পৰ্যায়ত কাৰ্যক্ৰম সম্পন্ন কৰা হয়।

***

DS/KB