লোকসভাৰ অধ্যক্ষ শ্ৰীমান ওম প্ৰকাশ বিৰলা জী, ৰাজসভাৰ উপ–সভাপতি শ্ৰীমান হৰিবংশ জী, কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ শ্ৰী প্ৰহ্লাদ জী, শ্ৰী হৰদীপ সিং পুৰী জী, অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিবৰ্গ, ভাৰ্চুৱেল মাধ্যমেৰে জড়িত বিভিন্ন দেশৰ সংসদৰ অধ্যক্ষ, ইয়াত উপস্থিত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, আন্তঃসংসদীয় সংঘৰ চেম্বাৰ্চ, বিশিষ্ট ব্যক্তিসকল আৰু মোৰ প্ৰিয় দেশবাসী, আজিৰ দিনটো বহুত ঐহিতাসিক দিন৷ আজিৰ দিনটো ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ মাইলৰ খুঁটিসদৃশ৷ ভাৰতীয়ৰ দ্বাৰা, ভাৰতীয় চিন্তাধাৰাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক থকা, ভাৰতৰ সংসদ ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ আমাৰ গণতান্ত্ৰিক পৰম্পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱৰ ভিতৰতে অন্যতম৷ আমি সমগ্ৰ ভাৰতবাসী একেলগ হৈ সংসদৰ এই নতুন ভৱন নিৰ্মাণ কৰিম৷
বন্ধুসকল,
ইয়াতকৈ সুন্দৰ কি হ’ব পাৰে, যেতিয়া ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উদযাপন কৰিব, তেনে অৱস্থাত সেই পৰ্বৰ জলন্ত সাক্ষীৰ প্ৰেৰণা, আমাৰ সংসদৰ নতুন ভৱন নিৰ্মাণ হ’ব৷ আজি ১৩০ কোটিতকৈ অধিক ভাৰতীয়ৰ বাবে ডাঙৰ সৌভাগ্যৰ দিন, গৌৰৱৰ দিন, যেতিয়া আমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছো৷
বন্ধুসকল,
নতুন সংসদ ভৱনৰ নিৰ্মাণ, নতুন আৰু প্ৰাচীনৰ সহ–অস্তিত্বৰ উদাহৰণ৷ এয়া সময় আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত পৰিৱৰ্তন অনাৰ এক প্ৰয়াস৷ মই নিজৰ জীৱনত সেই ক্ষণ কেতিয়াও পাহৰিব নোৱাৰো, যেতিয়া ২০১৪ চনত প্ৰথমবাৰ এগৰাকী সাংসদ হিচাপে মই সংসদ ভৱনলৈ অহাৰ সুযোগ পাইছিলো৷ তেতিয়া গণতন্ত্ৰৰ এই মন্দিৰত খোজ ৰখাৰ পূৰ্বে মই শিৰণত কৰি, মুৰ দোঁৱাই এই মন্দিৰৰ সেৱা কৰিছিলো৷ আমাৰ বৰ্তমানৰ সংসদ ভৱনে স্বাধীনতা আন্দোলন আৰু স্বাধীনোত্তৰ ভাৰত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ স্বাধীন ভাৰতৰ প্ৰথম চৰকাৰো ইয়াতে গঠন হৈছিল আৰু প্ৰথম সাংসদো ইয়াতে বহিছিল৷ এই সংসদ ভৱনতে আমাৰ সংবিধান ৰচনা হৈছিল, আমাৰ গণতন্ত্ৰ পুনৰ স্থাপন হৈছিল৷ বাবা চাহেব আম্বেদকাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে চেণ্ট্ৰেল হলত কৰা মন্থনৰ পাছত আমাক আমাৰ সংবিধান প্ৰদান কৰিলে৷ সংসদৰ বৰ্তমানৰ ভৱন, স্বাধীন ভাৰতৰ প্ৰতিটো উত্থান–পতনৰ, প্ৰতিটো প্ৰত্যাহ্বান, আমাৰ সমাধান, আমাৰ আশা, আকাংক্ষা, আমাৰ সফলতাৰ প্ৰতীক হৈ পৰিল৷ এই ভৱনত প্ৰস্তুত হোৱা প্ৰতিখন আইন, এই আইন প্ৰস্তুত কৰাৰ সময়ত সংসদ ভৱনৰ কোৱা বহু গুৰুত্বপূৰ্ণ কথা এই সকলোবোৰ আমাৰ গণতন্ত্ৰৰ ঐহিত্য৷
বন্ধুসকল,
সংসদৰ শক্তিশালী ইতিহাসৰ সমান্তৰালভাৱে ইয়াত যথাৰ্থতাও স্বীকাৰ কৰাটো অতি আৱশ্যক৷ এই ভৱন এতিয়া প্ৰায় ১০০ বছৰ হৈছে৷ বিগত দশকসমূহত ইয়াত তাৎক্ষণিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিকভাৱে উন্নীতকৰণ কৰা হৈছে৷ এই প্ৰক্ৰিয়াত কেইবাবাৰো বেৰসমূহ ভঙা হৈছে৷ কেতিয়াবা নতুন ছাউণ্ড ছিষ্টেম, কেতিয়াবা অগ্নি সুৰক্ষা ব্যৱস্থা, কেতিয়াবা আইটি ব্যৱস্থা৷ লোকসভাত বহাৰ ঠাই বৃদ্ধিৰ বাবেও বেৰ ভাঙি পেলোৱা হৈছিল৷ ইমানবোৰ হোৱাৰ পাছত এতিয়া সংসদৰ এই ভৱনে জিৰণি বিচাৰিছে৷ কিছু সময়ৰ পূৰ্বে লোকসভাৰ অধ্যক্ষই কৈছে যে কিদৰে বছৰ বছৰ ধৰি সমস্যাৰে পৰিপূৰ্ণ হৈ আছিল, বহু বছৰৰ পৰা নতুন সংসদ ভৱনৰ অভাৱ অনুভৱ কৰি আছিল৷ এই আমাৰ সকলোৰে দায়িত্ব যে একবিংশ শতিকাৰ ভাৰতে এক নতুন সংসদ ভৱন লাভ কৰক৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই কামৰ শুভাৰম্ভ কৰা হৈছে৷ সেইবাবে আমি যেতিয়া এটা নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিছো, তেতিয়া বৰ্তমানৰ সংসদ চৌহদৰ জীৱনত এক নতুন বছৰো যোগ দিছো৷
বন্ধুসকল,
নতুন সংসদ ভৱনত এনে বহু নতুন দিশত সংযোগ কৰা হৈছে, যাৰ দ্বাৰা সাংসদসকলৰ সক্ষমতা বৃদ্ধি পাব, তেওঁলোকৰ কৰ্ম–সংস্কৃতিৰ ধৰণ আধূনিক হ’ব৷ এতিয়া যিদৰে নিজৰ সাংসদসকলক লগ পাবলৈ তেওঁলোকৰ সংসদীয় এলেকাৰ লোকসকল আহে, তেতিয়া এতিয়াৰ যি সংসদ ভৱন আছে, তাত সেই লোকসকলৰ যথেষ্ট সমস্যা হয়৷ সাধাৰণ জনতাৰ সমস্যা হয়, নাগৰিকসকলৰ সমস্যা হয়, সাধাৰণ জনতাৰ যিকোনে সমস্যা নিজৰ সাংসদজনক সদৰি কৰে, কোনো সুখ–দুখৰ কথা পতা আদিৰ বাবে সংসদৰ ভৱনৰ ঠাইৰ যথেষ্ট কম যেন অনুভৱ হয়৷ ভৱিষ্যতে প্ৰতিগৰাকী সাংসদে এই সুবিধা লাভ কৰিব, যাতে তেওঁলোকে তেওঁলোকৰ ঠাইৰ পৰা অহা লোকসকলৰ সৈতে এই বিশাল চৌহদতে কথা পাতিব পাৰিব৷
বন্ধুসকল,
পুৰণি সংসদ ভৱনে স্বাধীনতাৰ পাছত ভাৰতক যিদৰে মাৰ্গদৰ্শন কৰিছে, সেইদৰে নতুন ভৱনে আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ সাক্ষী হ’ব৷ পুৰণি সংসদ ভৱনত যিদৰে দেশৰ আৱশ্যকতা পুৰণৰ বাবে কাম হৈছে, সেইদৰে নতুন ভৱনে একবিংশ শতিকাৰ ভাৰতৰ আশা–আকাংক্ষাসমূহ পুৰণ কৰিব৷ যিদৰে এতিয়া ইণ্ডিয়া গেটৰ আগত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকে ৰাষ্ট্ৰীয় পৰিচয় গঢ় দিছে, সেইদৰে সংসদৰ নতুন ভৱে নিজৰ পৰিচয় গঢ় দিব৷ দেশৰ জনসাধাৰণে, ভৱিষ্যত প্ৰজন্মই নতুন ভৱন দেখি গৌৰৱ অনুভৱ কৰিব যে এয়া স্বাধীন ভাৰতত নিৰ্মাণ কৰা, স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এয়া নিৰ্মাণ কৰা হৈছে৷
বন্ধুসকল,
সংসদ ভৱন শক্তিৰ প্ৰেৰণা, তাৰ শক্তিৰ প্ৰেৰণাই আমাৰ গণতন্ত্ৰ৷ স্বাধীনতাৰ সময়ত কিদৰে এক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰুপত ভাৰতৰ অস্তিত্বৰ ওপৰত সন্দেহ আৰু আশংকা কৰা হৈছিল, সেয়া ইতিহাসৰে অংশ৷ নিৰক্ষৰতা, দৰিদ্ৰতা, সামাজিক বৈচিত্ৰ আৰু অনুভৱহীনতাৰ দৰে বিভিন্ন দিশতৰ লগতে ভৱিষ্যদ্বাণীও কৰা হৈছিল যে ভাৰতত গণতন্ত্ৰ বিফল হ’ব৷ আজি আমি গৌৰৱেৰে ক’ব পাৰো যে আমাৰ দেশে সেই আশংকাক মিচা প্ৰমাণিত কৰাই নহয়, বৰঞ্চ একবিংশ শতিকাৰ বিশ্বই ভাৰতক এক গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক শক্তিৰ ৰূপত আগুৱাই যোৱা প্ৰত্যক্ষ কৰিছে৷
বন্ধুসকল,
গণতন্ত্ৰ ভাৰতত কিয় সফল হ’ল আৰু কিয় কেতিয়াও গণতন্ত্ৰত কোনো আঁচ পৰা নাই, এই সকলো কথা আমাৰ প্ৰতিটো প্ৰজন্মই জনা-বুজাতো অতি আৱশ্যক৷ আমি দেখি-শুনি, বিশ্বত ত্ৰয়োদশ শতিকাত ৰচিত মেগ্না কাৰ্টাৰ যথেষ্ট চৰ্চা হৈছিল, একাংশ পণ্ডিতে ইয়াক গণতন্ত্ৰৰ বুনিয়াদ বুলিও কয়ষ কিন্তু এই কথাও সিমানেই সঁচা যে মেগ্না কাৰ্টাৰ পূৰ্বে দ্বাদশ শতিকাতে ভাৰতত ভগৱান বছৱেশ্বৰৰ ‘অনুভৱৰ মন্ত্ৰপম’ প্ৰকাশ পাইছিল৷ ‘অনুভৱৰ মন্ত্ৰপম’ হিচাপে তেওঁ লোক সংসদৰ কেৱল নিৰ্মাণেই কৰা নাছিল, বৰঞ্চ ইয়াৰ সঞ্চালনো সুনিশ্চিত কৰিছিল৷ ভগৱান বছৱেশ্বৰ জীয়ে কৈছিল যে –यी अनुभवा मंटप जन सभा, नादिना मट्ठु राष्ट्रधा उन्नतिगे हागू, अभिवृध्दिगे पूरकावगी केलसा मादुत्थादे!’ অৰ্থাৎ অনুভৱ মন্ত্ৰপম, এনে এক জনসভা যি ৰাজ্য আৰু ৰাষ্ট্ৰৰ হিত আৰু ইয়াৰ উন্নতিৰ বাবে সকলোকে একলগ হৈ কাম কৰাৰ বাবে প্ৰেৰণা দিয়ে৷ অনুভৱ মন্ত্ৰপম, গণতন্ত্ৰৰে স্বৰূপ আছিল৷
বন্ধুসকল, এই কালছোৱাতো আৰু পূৰ্বে গ’লেও চেন্নাইৰ পৰা ৮০–৮৫ কিলোমিটাৰ দূৰত উত্তৰামেৰুৰ নামৰ গাঁৱত এক বহুত ঐতিহাসিক সাক্ষী পৰিলক্ষিত হয়৷ এই গাঁৱত শোল সাম্ৰাজ্যৰ সময়ত দশম শতিকাত শিল তামিলত লিখা পঞ্চায়ত ব্যৱস্থাৰ বৰ্ণনা কৰা আছে৷ ইয়াত কোৱ হৈছে যে কিদৰে প্ৰতিখন গাঁৱত কুণ্ডুবুত বিভাজিত কৰা হৈছিল, যাক আমি ৱাৰ্ড বুলি কও৷ এই কুণ্ডুৱুসমূহৰ পৰা এগৰাকীকৈ জনপ্ৰতিনিধি মহাসভালৈ প্ৰেৰণ কৰে আৰু যিটো আজি কৰা হয়৷ এই গাঁৱত হাজাৰ বছৰৰ পূৰ্বে যি মহাসভা হৈছিল, সেয়া আজি ব্ৰতী আছে৷
বন্ধুসকল,
এহেজাৰ বৰ্ষৰ পূৰ্বে গঢ় দিয়া এই গণতান্ত্ৰিক ব্যৱস্থাত আন এটা কথা গুৰুত্বপূৰ্ণ আছিল৷ সেই শিসমূহত লিখা আছে যে সেই আলেখত কৰা বৰ্ণনাত জনপ্ৰতিনিধিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰাৰো ব্যৱস্থাও সেই সময়ত আছিল আৰু নিয়ম কি আছিল–নিয়ম আছিল যে যিগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ সম্পত্তিৰ হিচাপ নিদিব, তেওঁৰ লগতে তেওঁৰ আত্মীয়ই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ কিমান বছৰৰ পূৰ্বে ভাৱকচোন, কিমান শুক্ষ্মভাৱে তেতিয়া চিন্তা কৰা হৈছিল, বুজা হৈছিল, আমাৰ গণতান্ত্ৰিক পৰম্পৰা গঢ় দিয়া হ’ল৷
বন্ধুসকল,
গণতন্ত্ৰৰ আমাৰ এই ইতিহাস দেশৰ চুকে-কোণে পৰিলক্ষিত হয়৷ কেইটামান শব্দৰ সৈতে আমি সম্পূৰ্ণ চিনাকী-সভা, সমিতি, গণপতি, গনাধিপতি এই শব্দাৱলী আমাৰ মন-মগজুত শতিকাজুৰি প্ৰবাহিত হৈ আছে৷ শক, মল্লম আৰু বেজ্জীৰ দৰে গণতন্ত্ৰ হওক, লিচ্চবী, মল্লক মৰক আৰু কম্বোজৰ দৰে গণৰাজ্যই হওক বা মৌৰ্য সময়ৰ কলিংগ, সকলোৱে গণতন্ত্ৰান্ত্ৰিক ব্যৱস্থাকে শাসনৰ আধাৰ হিচাপে গঢ় দিছিল৷ হাজাৰ হাজাৰ বছৰৰ পূৰ্বে ৰচিত আমাৰ বেদসমূহৰ ভিতৰত ঋকবেদত গণতন্ত্ৰৰ ধাৰণাক সমজ্ঞান অৰ্থা সামূহিক চেতনা হিচাপে চোৱা হৈছিল৷
বন্ধুসকল,
সাধাৰণতে বিভিন্ন স্থানত যেতিয়া গণতন্ত্ৰৰ বিষয়ে চৰ্চা হয়, তেতিয়া অধিক নিৰ্বাচন, নিৰ্বাচনী প্ৰক্ৰিয়া, নিৰ্বাচিত সদস্য, ইয়াৰ গাঁথনি, শাসন-প্ৰশাসন, গণতন্ত্ৰৰ পৰিভাষা ইয়াৰ প্ৰায় সাদৃশ্য থাকে৷ এই ধৰণৰ ব্যৱস্থাত অধিক শক্তি প্ৰদানৰ বাবে অধিকাংশ স্থানত তাকে গণতন্ত্ৰ বুলি কয়৷ কিন্তু, ভাৰতত গণতন্ত্ৰৰ এক সংস্কাৰ আছে৷ ভাৰতৰ বাবে গণতন্ত্ৰ জীৱন-মৃত্যু, জীৱন পদ্ধতি, ৰাষ্ট্ৰ জীৱনৰ আত্মা৷ ভাৰতৰ গণতন্ত্ৰ, শ শ বছৰৰ অভিজ্ঞতাৰে বিকশিত হৈছে৷ ভাৰতৰ বাবে গণতন্ত্ৰ জীৱন মন্ত্ৰও, জীৱন তত্বও আৰু সমান্তৰালভাৱে ব্যৱস্থাৰ এক পদ্ধতিও৷ সময়ে সময়ে এই ব্যৱস্থা সলনি হৈ থাকে, প্ৰক্ৰিয়া সলনি হৈ থাকে কিন্তু আত্মা গণতন্ত্ৰই থাকে৷ বিড়ম্বনাৰ কথা এই যে ভাৰতৰ গণতন্ত্ৰই আমাক পশ্চিমীয়া দেশৰ সমূহৰ বুলি বুজোৱা হয়৷ যেতিয়া আমি বিশ্বাসেৰে আমাৰ গণতান্ত্ৰিক পৰম্পৰা গৌৰৱগান কৰিম, তেতিয়া সেই দিনলৈ অধিক সময় নাথাকিব, যেতিয়া বিশ্ববাসীয়ে ক’ব-ভাৰত গণতন্ত্ৰৰ মাতৃ৷
বন্ধুসকল,
ভাৰতৰ গণতন্ত্ৰত সমাহিত শক্তিয়েই দেশৰ বিকাশৰ নতুন শক্তি প্ৰদান কৰিছে, দেশবাসীক নতুন বিশ্বাস জন্মাইছে৷ বিশ্বৰ বহু দেশত য’ত গণতান্ত্ৰিক পদ্ধতিক লৈ পৃথক স্থিতি গঢ় লৈছে, সেয়াই ভাৰতত গণতন্ত্ৰ নিত্য নতুন হৈ আছে৷ এনে পৰিস্থিতিত বছৰ বছৰ ধৰি আমি দেখিছো যে কোনো গণতান্ত্ৰিক দেশত এতিয়া ভোটাৰ টাৰ্ণআউত একেৰাহে হৈ আছে৷
ইয়াৰ বিপৰীতে ভাৰতত আমি প্ৰতি নিৰ্বাচনৰ লগতে ভোটাৰ টাৰ্ণআউন বৃদ্ধি পোৱা দেখিছো৷ ইয়াত মহিলা আৰু যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি হৈ আছে৷
বন্ধুসকল,
এই বিশ্বাস, এই আস্থাৰ কাৰণ আছে৷ ভাৰতত গণতন্ত্ৰ, সদায় প্ৰশাসনৰ লগতে মতভেদ আৰু বিৰোধীৰ ভাষাৰ সমাধানৰ গুৰুত্বপূৰ্ণ মাধ্যমো আছে৷ পৃথক চিন্তাধাৰা, পৃথক দৃষ্টিকোণ এই সকলো কথা এক ব্যাপক গণতন্ত্ৰক শক্তিশালী কৰে৷ বিভিন্নতাৰ বাবে সদায় ঠাই থাকক, কিন্তু সংযোগহীন কেতিয়াও নহওক, সেই লক্ষ্য লৈ আমাৰ গণতন্ত্ৰ আগুৱাই গৈছে৷ গুৰুনানক দেৱ জীয়ে কৈছে- जब लगु दुनिआ रहीए नानक। किछु सुणिए, किछु कहिए।। অৰ্থাৎ যেতিয়ালৈকে সংসাৰ থাকিব, তেতিয়ালৈকে সংবাদ চলি থাকিব লাগিব৷ কিবা কোৱা আৰু কিবা শুনা এয়াই সংবাদৰ প্ৰাণ৷ এয়াই গণতন্ত্ৰ আত্মা৷ নীতগত মতানৈক্য থাকিব পাৰে৷ ৰাজনৈতিক ভিন্নতা তাকিব পাৰে, কিন্তু জনতাৰ সেৱাৰ বাবে, এই অন্তিম লক্ষ্যত কোনো মতভেদ থাকিব নালাগে৷ বাদ-সংবাদ সংসদৰ ভিতৰতে হওক বা সংসদৰ বাহিৰতে হওক, ৰাষ্ট্ৰসেৱাৰ সংকল্প, ৰাষ্ট্ৰহিতৰ প্ৰতি সমৰ্পন ব্ৰতী থাকিব লাগিব৷ সেইবাবে আজি যেতিয়া নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে, তেতিয়া আমি মনত ৰাখিব লাগিব যে গণতন্ত্ৰ যি সংসদ ভৱনৰ আধাৰ, তাৰ প্ৰতি আশা জগাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব৷ আমি এয়া সদায় মনত ৰাখিব লাগিব যে সংসদত উপস্থিত হ’লেই সকলো প্ৰতিনিধিয়ে জবাবদিহি হ’লো৷ এই জবাবদিহি জনতাৰ প্ৰতি থকাৰ লগতে সংবিধানৰ প্ৰতিও থাকিব লাগিব৷ আমাৰ প্ৰতিটো সিদ্ধান্ত ৰাষ্ট্ৰ প্ৰথম ভাৱনা থাকিব লাগিব, আমাৰ প্ৰতিটো সিদ্ধান্ত ৰাষ্ট্ৰহিত সৰ্বোপৰি থাকিব লাগিবষ ৰাষ্ট্ৰীয় সংকল্পক সিদ্ধি কৰাৰ বাবে আমি এক কণ্ঠ, এক আৱাজ হিচাপে থিয় দিয়াটো বহুত জৰুৰী৷
বন্ধুসকল,
আমাৰ ইয়াত যেতিয়া মন্দিৰৰ ভৱন নিৰ্মাণ হয় তেতিয়া আৰম্ভণিতে ইয়াৰ আধাৰ কেৱল শিল-ইটাৰে হয়৷ কাৰিকৰ, শিল্পকাৰ সকলোৰে পৰিশ্ৰমত সেই ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হয়৷ কিন্তু সেই ভৱন, এক মন্দিৰ তেতিয়া হয়, তাত পূৰ্ণতা তেতিয়া আহে, যেতিয়া তাত প্ৰাণ-প্ৰতিষ্ঠা হয়৷ প্ৰাণ-প্ৰতিষ্ঠা হোৱালৈকে কেৱল এক ভৱনেই হৈ থাকে৷
বন্ধুসকল,
নতুন সংসদ ভৱনো নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, কিন্তু সেইটো তেতিয়াকৈ এক ভৱন হৈ থাকিব, যেতিয়ালৈকে তাৰ প্ৰাণ-প্ৰতিষ্ঠা নহ’ব৷ কিন্তু প্ৰাণ প্ৰতিষ্ঠা কোনো এটা মূৰ্তি নহয়৷ গণতন্ত্ৰৰ এই মন্দিৰত ইয়াৰ কোনো বিধি-বিধানো নাই৷ এই মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা কৰিব ইয়ালৈ নিৰ্বাচিত হৈ অহা জন-প্ৰতিনিধিসকলেষ তেওঁলোকৰ সমৰ্পণ, তেওঁলোকৰ সেৱা ভাৱে এই মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা কৰিব৷ তেওঁলোকৰ আচাৰ-বিচাৰ-ব্যৱহাৰে এই গণতন্ত্ৰৰ মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা কৰিব৷ ভাৰতৰ একতা-অখণ্ডতাক লৈ কৰা তেওঁলোকৰ প্ৰয়াস, এই মন্দিৰ প্ৰাণ-প্ৰতিষ্ঠাৰ শক্তি হ’ব৷ যেতিয়া এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ জ্ঞান, নিজৰ কৌশল, নিজৰ বুদ্ধি, নিজৰ শিক্ষা, নিজৰ অভিজ্ঞতা সম্পূৰ্ণৰূপে ইয়াৰ অৰ্পণ কৰিব, ৰাষ্ট্ৰহিতাৰ্থে অৰ্পণ কৰিব, তেওঁৰ অভিষেক কৰিব, তেতিয়া এই নতুন সংসদ ভৱনৰ প্ৰাণ-প্ৰতিষ্ঠা হ’ব৷ এই ৰাজ্যসভা, ৰাজ্যিক পৰিষদ, এয়া এক এনে ব্যৱস্থা, যি ভাৰতক ফেডাৰেল আন্তঃগাঁথনিক শক্তি দিব৷ ৰাষ্ট্ৰৰ বিকাশৰ বাবে ৰাজ্যসমূহৰ বিকাশ, ৰাষ্ট্ৰক শক্তিশালী কৰাৰ বাবে ৰাজ্যসমূহক শক্তিশালী কৰা, ৰাষ্ট্ৰ কল্যানৰ বাবে ৰাজ্যৰ কল্যান এই মুল সিদ্ধান্তৰে কাম কৰাৰ পণ ল’ব লাগিব৷ প্ৰজন্মৰ পৰা প্ৰজন্ম, অনাগত ভৱিষ্যতে যিসকল জনপ্ৰতিনিধি ইয়ালৈ আহিব, তেওঁলোকে শপত লোৱাৰ লগে লগে প্ৰাণ-প্ৰতিষ্ঠাৰ এই মহাযজ্ঞত তেওঁলোকৰ অৱদান আৰম্ভ হ’ব৷ ইয়াৰ লাভ দেশৰ কোটি কোটি লোকে লাভ কৰিব৷ সংসদৰ নতুন ভৱন এক এনে ধ্যানস্থলত পৰিণত হ’ব, যি দেশবাসীৰ জীৱক আনন্দ অনাৰ বাবে কাম কৰিব, জনকল্যানৰ কাম কৰিব৷
বন্ধুসকল,
একবিংশ শতিকা ভাৰতৰ শতিকা হওক এয়া আমাৰ দেশৰ মহাপুৰুষ আৰু মহান নাৰীসকলৰ সপোন আছে৷ দীৰ্ঘদিনৰ পৰা ইয়াৰ চৰ্চা আমি শুনি আহিছো৷ একবিংশ শতিকা, তেতিয়াহে ভাৰতৰ শতিকা হ’ব, যেতিয়া ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ ভাৰতক সৰ্বশ্ৰেষ্ঠ হিচাপে গঢ় দিয়াৰ বাবে নিজৰ অৱদান আগবঢ়াব৷ পৰিৱৰ্তিত বিশ্বত ভাৰতৰ বাবে সুযোগ বৃদ্ধি পাইছে৷ কেতিয়াবা কেতিয়া এনে লাগে যে সুযোগ বৰষুণ হৈছে৷ এই সুযোগসমূহ আমি কোনো পৰিস্থিতিতে ওলাই যাবলৈ দিব নালাগিব৷ যোৱা শতিকাৰ অভিজ্ঞতাই আমাক বহু কথা শিকালে৷ সেই অভিজ্ঞতাৰ শিক্ষাই আমাক বাৰে বাৰে মনত পেলাইছে যে এয়া সময় যাবলৈ দিয়া নহয়, সময়ক সাধন কৰিব লাগিব৷
বন্ধুসকল,
এক বহু পুৰণি আৰু গুৰুত্বপূৰ্ণ কথা আজি মই উল্লেখ কৰিব বিচাৰিছো৷ ১৮৯৭চনত স্বামী বিবেকানন্দ জীয়ে দেশৰ জনসাধাৰণৰ সন্মুখত, পৰৱৰ্তী ৫০ বছৰৰ বাবে এক আহ্বান জনাইছিল৷ স্বামীজীয়ে কৈছিল যে অহা ৫০ বছৰলৈকে ভাৰত মাতাৰ আৰাধনা সৰ্বোপৰি হওক৷ দেশৰ বাবে তেওঁৰ একমাত্ৰ কাম আছিল ভাৰত মাতাৰ আৰাধনা কৰা৷ আমি দেখিলো সেই মহাপুৰুষৰ বাণীৰ শক্তি, তাৰ বাবে প্ৰায় ৫০ বছৰৰ পাছত ১৯৪৭চনত ভাৰতে স্বাধীনতা লাভ কৰিলে৷ আজি যেতিয়া সংসদৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন হৈছে, তেতিয়া দেশে এক নতুন সংকল্পৰো আধাৰশিলা কৰিব লাগিব৷ প্ৰতিগৰাকী নাগৰিকে নতুন সংকল্পৰ আধাৰশিলা গঢ়িব লাগিব৷ স্বামী বিবেকানন্দ জীৰ সেই আহ্বানক মনত ৰাখি আমি এই সংকল্প ল’ব লাগিব৷ এই সংকল্প হওক ভাৰত প্ৰথম, ভাৰত সৰ্বোপৰি৷ আমি কেৱৰ ভাৰতৰ উন্নতি, ভাৰতৰ বিকাশৰে আৰাধনা কৰিম৷ আমাৰ প্ৰতিটো সিদ্ধান্তই দেশৰ শক্তি বৃদ্ধি কৰিব৷ আমাৰ প্ৰতিটো সিদ্ধান্তই এখন তুলাচনীৰে জোখা হ’ব৷ আৰু সেই তুলাচনী হৈছে দেশৰ হিত সৰ্বোপৰি, দেশৰ হিতৰ সৰ্বপ্ৰথম৷ আমাৰ সিদ্ধান্তই বৰ্তমান আৰু ভৱিষ্যৰ প্ৰজন্মৰ হিতৰ বাবে হওক৷
বন্ধুসকল,
স্বামী বিবেকানন্দ জীয়ে ৫০ বছৰৰ কথা কৈছিল৷ আমাৰ সন্মুখত ২৫-১৬ বছৰ পাছত আহিলগীয়া ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষ অনুষ্ঠান আছে৷ যেতিয়া দেশে ২০৪৭ চনত ইয়াৰ স্বাধীতাৰ শতবৰ্ষত প্ৰৱেশ কৰিব, তেতিয়া আমাৰ দেশ কেনেকুৱা হ’ব, আমি দেশক ক’লৈ লৈ যাম, এই ২৫-২৬ বছৰ কিদৰে পাৰ কৰিম, ইয়াৰ বাবে আমি সংকল্প লৈ কাম আৰম্ভ কৰিব লাগিব৷ যেতিয়া আমি সংকল্পৰে দেশৰ হিতৰ বাবে সৰ্বোপৰি ৰাখি কাম কৰিম, তেতিয়া দেশৰ বৰ্তমানেই নহয়, বৰঞ্চ দেশৰ ভৱিষ্যতো উন্নত কৰি তুলিম৷ আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ, সমৃদ্ধ ভাৰতৰ নিৰ্মাণ এতিয়া থমকি নৰয়, কোনেও ৰুদ্ধ কৰি নোৱাৰে৷
বন্ধুসকল,
আমি প্ৰতিজন ভাৰতীয়ই এই পণ লও যে আমাৰ বাবে দেশৰ হিততকৈ আৰু কোনো হিত নাই৷ আমি প্ৰতিজন ভাৰতীয়ই এই পণ লও আমাৰ বাবে দেশৰ চিন্তা, নিজৰ চিন্তাতকৈ অধিক হ’ব৷ আমি প্ৰতিজন ভাৰতীয়ই এই পণ লও আমাৰ বাবে দেশৰ একতা, অখণ্ডতাতকৈ একো নাই৷ আমি প্ৰতিজন ভাৰতীয়ই এই পণ লও আমাৰ বাবে দেশৰ সংবিধানৰ মান-মৰ্যাদা আৰু ই আশাৰে পৰিপূৰ্ণ, জীৱনৰ আটাইতকৈ ডাঙৰ ধৈৰ্য হ’ব৷ আমি গুৰুদেৱ ৰবিন্দ্ৰ নাথ ঠাকুৰৰ এই ভাৱনাক মন ৰাখিব লাগিব৷ গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাৱনা কি আছিল, তেওঁ কৈছিল-– एकोता उत्साहो धॉरो, जातियो उन्नॉति कॉरो, घुशुक भुबॉने शॉबे भारोतेर जॉय! অৰ্থাৎ একতাৰ উৎসাহ ব্ৰতী থাকিব৷ প্ৰতিগৰাকী নাগৰিকে উন্নতি কৰক, সমগ্ৰ বিশ্বত ভাৰতৰ জয়–জয়কাৰ হওক৷
মোৰ বিশ্বাস আমাৰ সংসদৰ নতুন ভৱনে আমাৰ সকলোকে নতুন আদৰ্শ প্ৰস্তুত কৰাৰ প্ৰেৰণা দিব৷ আমাৰ গণতান্ত্ৰিক সংস্থাৰ সাৰ্বজনীনতাই সদাই আৰু অধিক শক্তিশালী হওক৷ এই কামনাৰে মোৰ ভাষণ সামৰিছো৷ ২০৪৭ চনৰ সংকল্পৰে সমগ্ৰ দেশবাসীক আগুৱাই অহাৰ নিমন্ত্ৰণ দিছো৷
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷
*****
Speaking at the Foundation Stone Laying of the New Parliament. https://t.co/Gh3EYXlUap
— Narendra Modi (@narendramodi) December 10, 2020
आज का दिन भारत के लोकतांत्रिक इतिहास में मील के पत्थर की तरह है।
— PMO India (@PMOIndia) December 10, 2020
भारतीयों द्वारा,
भारतीयता के विचार से ओत-प्रोत,
भारत के संसद भवन के निर्माण का शुभारंभ
हमारी लोकतांत्रिक परंपराओं के सबसे अहम पड़ावों में से एक है: PM
हम भारत के लोग मिलकर अपनी संसद के इस नए भवन को बनाएंगे।
— PMO India (@PMOIndia) December 10, 2020
और इससे सुंदर क्या होगा, इससे पवित्र क्या होगा कि
जब भारत अपनी आजादी के 75 वर्ष का पर्व मनाए,
तो उस पर्व की साक्षात प्रेरणा, हमारी संसद की नई इमारत बने: PM#NewParliament4NewIndia
मैं अपने जीवन में वो क्षण कभी नहीं भूल सकता जब 2014 में पहली बार एक सांसद के तौर पर मुझे संसद भवन में आने का अवसर मिला था।
— PMO India (@PMOIndia) December 10, 2020
तब लोकतंत्र के इस मंदिर में कदम रखने से पहले,
मैंने सिर झुकाकर, माथा टेककर
लोकतंत्र के इस मंदिर को नमन किया था: PM
नए संसद भवन में ऐसी अनेक नई चीजें की जा रही हैं जिससे सांसदों की Efficiency बढ़ेगी,
— PMO India (@PMOIndia) December 10, 2020
उनके Work Culture में आधुनिक तौर-तरीके आएंगे: PM#NewParliament4NewIndia
पुराने संसद भवन ने स्वतंत्रता के बाद के भारत को दिशा दी तो नया भवन आत्मनिर्भर भारत के निर्माण का गवाह बनेगा।
— PMO India (@PMOIndia) December 10, 2020
पुराने संसद भवन में देश की आवश्यकताओं की पूर्ति के लिए काम हुआ, तो नए भवन में 21वीं सदी के भारत की आकांक्षाएं पूरी की जाएंगी: PM
आमतौर पर अन्य जगहों पर जब डेमोक्रेसी की चर्चा होती है चुनाव प्रक्रियाओं, शासन-प्रशासन की बात होती है।
— PMO India (@PMOIndia) December 10, 2020
इस प्रकार की व्यवस्था पर अधिक बल देने को ही कुछ स्थानों पर डेमोक्रेसी कहा जाता है: PM
लेकिन भारत में लोकतंत्र एक संस्कार है।
— PMO India (@PMOIndia) December 10, 2020
भारत के लिए लोकतंत्र जीवन मूल्य है, जीवन पद्धति है, राष्ट्र जीवन की आत्मा है।
भारत का लोकतंत्र, सदियों के अनुभव से विकसित हुई व्यवस्था है।
भारत के लिए लोकतंत्र में, जीवन मंत्र भी है, जीवन तत्व भी है और साथ ही व्यवस्था का तंत्र भी है: PM
भारत के लोकतंत्र में समाई शक्ति ही देश के विकास को नई ऊर्जा दे रही है, देशवासियों को नया विश्वास दे रही है।
— PMO India (@PMOIndia) December 10, 2020
भारत में लोकतंत्र नित्य नूतन हो रहा है।
भारत में हम हर चुनाव के साथ वोटर टर्नआउट को बढ़ते हुए देख रहे हैं: PM
भारत में लोकतंत्र, हमेशा से ही गवर्नेंस के साथ ही मतभेदों को सुलझाने का माध्यम भी रहा है।
— PMO India (@PMOIndia) December 10, 2020
अलग विचार, अलग दृष्टिकोण, ये एक vibrant democracy को सशक्त करते हैं।
Differences के लिए हमेशा जगह हो लेकिन disconnect कभी ना हो, इसी लक्ष्य को लेकर हमारा लोकतंत्र आगे बढ़ा है: PM
Policies में अंतर हो सकता है,
— PMO India (@PMOIndia) December 10, 2020
Politics में भिन्नता हो सकती है,
लेकिन हम Public की सेवा के लिए हैं, इस अंतिम लक्ष्य में कोई मतभेद नहीं होना चाहिए।
वाद-संवाद संसद के भीतर हों या संसद के बाहर,
राष्ट्रसेवा का संकल्प,
राष्ट्रहित के प्रति समर्पण लगातार झलकना चाहिए: PM
हमें याद रखना है कि वो लोकतंत्र जो संसद भवन के अस्तित्व का आधार है, उसके प्रति आशावाद को जगाए रखना हम सभी का दायित्व है।
— PMO India (@PMOIndia) December 10, 2020
हमें ये हमेशा याद रखना है कि संसद पहुंचा हर प्रतिनिधि जवाबदेह है।
ये जवाबदेही जनता के प्रति भी है और संविधान के प्रति भी है: PM
लोकतंत्र के इस मंदिर में इसका कोई विधि-विधान भी नहीं है।
— PMO India (@PMOIndia) December 10, 2020
इस मंदिर की प्राण-प्रतिष्ठा करेंगे इसमें चुनकर आने वाले जन-प्रतिनिधि।
उनका समर्पण, उनका सेवा भाव, इस मंदिर की प्राण-प्रतिष्ठा करेगा।
उनका आचार-विचार-व्यवहार, इस मंदिर की प्राण-प्रतिष्ठा करेगा: PM
भारत की एकता-अखंडता को लेकर किए गए उनके प्रयास, इस मंदिर की प्राण-प्रतिष्ठा की ऊर्जा बनेंगे।
— PMO India (@PMOIndia) December 10, 2020
जब एक एक जनप्रतिनिधि, अपना ज्ञान, बुद्धि, शिक्षा, अपना अनुभव पूर्ण रूप से यहां निचोड़ देगा, उसका अभिषेक करेगा, तब इस नए संसद भवन की प्राण-प्रतिष्ठा होगी: PM
हमें संकल्प लेना है...
— PMO India (@PMOIndia) December 10, 2020
ये संकल्प हो India First का।
हम सिर्फ और सिर्फ भारत की उन्नति, भारत के विकास को ही अपनी आराधना बना लें।
हमारा हर फैसला देश की ताकत बढ़ाए।
हमारा हर निर्णय, हर फैसला, एक ही तराजू में तौला जाए।
और वो है- देश का हित सर्वोपरि: PM
हम भारत के लोग, ये प्रण करें- हमारे लिए देशहित से बड़ा और कोई हित कभी नहीं होगा।
— PMO India (@PMOIndia) December 10, 2020
हम भारत के लोग, ये प्रण करें- हमारे लिए देश की चिंता, अपनी खुद की चिंता से बढ़कर होगी।
हम भारत के लोग, ये प्रण करें- हमारे लिए देश की एकता, अखंडता से बढ़कर कुछ नहीं होगा: PM
नए संसद भवन का निर्माण, नूतन और पुरातन के सह-अस्तित्व का उदाहरण है। यह समय और जरूरतों के अनुरूप खुद में परिवर्तन लाने का प्रयास है।
— Narendra Modi (@narendramodi) December 10, 2020
इसमें ऐसी अनेक नई चीजें की जा रही हैं, जिनसे सांसदों की Efficiency बढ़ेगी और उनके Work Culture में आधुनिक तौर-तरीके आएंगे। pic.twitter.com/9KZ3quYMTi
संसद भवन की शक्ति का स्रोत, उसकी ऊर्जा का स्रोत हमारा लोकतंत्र है।
— Narendra Modi (@narendramodi) December 10, 2020
लोकतंत्र भारत में क्यों सफल हुआ, क्यों सफल है और क्यों कभी लोकतंत्र पर आंच नहीं आ सकती, यह हमारी आज की पीढ़ी के लिए भी जानना-समझना जरूरी है। pic.twitter.com/E9v73oV7FR
भारत में लोकतंत्र एक संस्कार है।
— Narendra Modi (@narendramodi) December 10, 2020
भारत के लिए लोकतंत्र जीवन मूल्य है, जीवन पद्धति है, राष्ट्र जीवन की आत्मा है।
भारत का लोकतंत्र सदियों के अनुभव से विकसित हुई व्यवस्था है।
भारत के लिए लोकतंत्र में जीवन मंत्र भी है, जीवन तत्व भी है और व्यवस्था का तंत्र भी है। pic.twitter.com/Wqsr6ExU3a
अलग-अलग विचार और दृष्टिकोण एक Vibrant Democracy को सशक्त करते हैं।
— Narendra Modi (@narendramodi) December 10, 2020
Policies में अंतर हो सकता है, Politics में भिन्नता हो सकती है, लेकिन हम Public की सेवा के लिए हैं, इसमें मतभेद नहीं होना चाहिए।
वाद-संवाद संसद में हों या बाहर, राष्ट्रहित के प्रति समर्पण लगातार झलकना चाहिए। pic.twitter.com/YZ9VNDsISM
नया संसद भवन तब तक एक इमारत ही रहेगा, जब तक उसकी प्राण-प्रतिष्ठा नहीं होगी।
— Narendra Modi (@narendramodi) December 10, 2020
इस मंदिर की प्राण-प्रतिष्ठा करेंगे, इसमें चुनकर आने वाले जन-प्रतिनिधि।
उनका समर्पण, उनका सेवा भाव, उनका आचार-विचार-व्यवहार, इस मंदिर की प्राण-प्रतिष्ठा करेगा। pic.twitter.com/AAZShHMlHY
जब देश वर्ष 2047 में अपनी स्वतंत्रता के 100वें वर्ष में प्रवेश करेगा, तब हमारा देश कैसा हो, इसके लिए हमें आज संकल्प लेकर काम शुरू करना होगा।
— Narendra Modi (@narendramodi) December 10, 2020
जब हम देशहित को सर्वोपरि रखते हुए काम करेंगे तो आत्मनिर्भर और समृद्ध भारत का निर्माण कोई रोक नहीं सकता। pic.twitter.com/6w4klYRNMu
आइए हम प्रण करें... pic.twitter.com/Sm3bMUEYLC
— Narendra Modi (@narendramodi) December 10, 2020