মোৰ সতীৰ্থ বাণিজ্য আৰু ঔদ্যোগিক মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু মহোদয়, আৱাস আৰু নগৰ উন্নয়ন মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, বাণিজ্য আৰু ঔদ্যোগিক ৰাজ্যমন্ত্ৰী শ্ৰী চি.আৰ চৌধাৰী মহোদয় আৰু বাণিজ্য মন্ত্ৰালয় তথা সংশ্লিষ্ট বিভাগৰ বিষয়–ববীয়া আৰু ইয়াত উপস্থিত আন গণ্যমান্য ব্যক্তিসকল৷
প্ৰথমে মই বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপনৰ বাবে সকলোকে বহুত বহুত অভিনন্দন জনালো৷ আজি ইয়াৰ কাম আৰম্ভ হ’ল আৰু অহা বৰ্ষৰ ডিচেম্বৰলৈ ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব৷ মোৰ বিশ্বাস আছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰতে বাণিজ্য ভৱন সম্পূৰ্ণ হৈ উঠিব আৰু যথাসম্ভৱ সোনকালে জনসাধাৰণ ইয়াৰ পৰা উপকৃত হ’ব৷
সতীৰ্থসকল, সময়ৰ কথা মই সৰ্বপ্ৰথমে এইকাৰণেই কৈছো যে এইখন চৰকাৰৰ দিনত মই যিমান ভৱনৰ অধাৰশিলা স্থাপন অথবা মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছো, সকলোতে মই সময়মতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব দিছো৷ কাৰণ ভৱন নিৰ্মাণেও চৰকাৰৰ কাম কৰাৰ ধৰণ প্ৰতিফলিত কৰে৷ নিউ ইণ্ডিয়াৰ দিশে অগ্ৰসৰ হোৱা দেশ আৰু পুৰণি ব্যৱস্থাৰ মাজত থকা পাৰ্থক্য ইয়াৰ পৰা উমান পোৱা যায়৷
সতীৰ্থসকল, মই আপোনালোকক কেইটামান উদাহৰণ দিব বিচাৰো৷ মোৰ মনত আছে যে ২০১৬ত যেতিয়া প্ৰৱাসী ভাৰতীয় কেন্দ্ৰ মুকলি কৰা হৈছিল, তেতিয়া এই কথা পোহৰলৈ আহিছিল যে অটল বিহাৰী বাজপেয়ী মহোদয়ৰ সময়তে এই কেন্দ্ৰটোৰ কথা ঘোষণা কৰা হৈছিল৷ কিন্তু এয়া বাস্তৱ ৰূপ পাবলৈ ১২ বছৰ সময় অতিক্ৰম কৰিলে৷
বিগত বৰ্ষৰ ডিচেম্বৰত উদ্বোধন হোৱা ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত ১৯৯২ চনতে গ্ৰহণ কৰা হৈছিল৷ ২০১৫ত মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলো৷ অৰ্থাৎ সিদ্ধান্ত গ্ৰহণৰ ২৩–২৪ বছৰ পাছতে কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠে৷
সতীৰ্থসকল, এই বছৰৰ মাৰ্চত মই কেন্দ্ৰীয় তথ্য আয়োগৰ নৱনিৰ্মিত ভৱনো দেশবাসীৰ বাবে মুকলি কৰিছো৷ এই নতুন ভৱনৰ দাবী ১২ বছৰ ধৰি উত্থাপন হৈ আহিছিল, অৱশেষত এনডিএ চৰকাৰে ইয়াৰ কাম আৰম্ভ কৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত ইয়াক সম্পূৰ্ণও কৰি তুলিলে৷
আৰু এটি উদাহৰণ হ’ল আলীপুৰ ৰোডত নিৰ্মিত আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক৷ দুমাহ পূৰ্বে ইয়াৰ মুকলি অনুষ্ঠান হৈ গৈছে৷ এই স্মাৰকৰ বাবেও বছৰধৰি চৰ্চা হৈ আছিল৷ অটলজীৰ সময়ত কামে ক্ষিপ্ৰগতি লাভ কৰিছিল কিন্তু বিগত ১০–১২ বছৰত সকলো স্তব্ধ হৈ গ’ল৷
দিল্লীৰ এই চাৰিটা পৃথক পৃথক প্ৰকল্পই এই কথা স্পষ্ট কৰে যে যেতিয়া চৰকাৰ আৰু সকলো বিভাগ, মন্ত্ৰালয়ে স্তব্ধতা ভংগ কৰি সমাধানৰ বাবে, লক্ষ্যপ্ৰাপ্তিৰ বাবে ঐক্যবদ্ধ হৈ কাম কৰে তেতিয়া কিমান সুফল পোৱা যায় আৰু কিমান সোনকালে ইয়াৰ পৰিণাম লাভ কৰা যায়৷ প্ৰতিটো কামক ওলমাই ৰখা, স্তব্ধ কৰি ৰখাৰ ব্যৱস্থাৰ পৰা দেশে এতিয়া পৰিত্ৰাণ লাভ কৰিছে৷
মই অত্যন্ত সুখ অনুভৱ কৰিছো যে আজি ইয়াত পঞ্চমটো প্ৰতীক মুকলি হ’ল৷ এই বাণিজ্য ভৱনে বাণিজ্য খণ্ডৰ সকলো যথৰতা দূৰ কৰিব বুলি মই আশাবাদী৷ মোৰ বিশ্বাস আছে যে ই সময়মতে পৰিপূৰ্ণ হৈ উঠিব৷
সতীৰ্থসকল, আজি ভাৰতবৰ্ষ এক গুৰুত্বপূৰ্ণ ক্ষণত উপনীত হৈছে৷ আমাৰ ভৌগোলিক অখণ্ডতা যিকোনো দেশৰ বাবে ঈৰ্ষাৰ কাৰণ হ’ব পাৰে৷ আমাৰ গণতন্ত্ৰক দেশৰ তৰুণ প্ৰজন্মই নতুন শক্তি দিয়ে৷ এই তৰুণসকল ২১ শতিকাৰ ভাৰতৰ মূল শক্তি৷ তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ দায়িত্ব কেৱল কেইটামান মন্ত্ৰালয়ৰ মাজত সীমাবদ্ধ নহয়, এই ক্ষেত্ৰত আমাৰ সকলোৰে এক মসূহীয়া দায়িত্ব আছে৷
যোৱা শতিকাত ভাৰতে ঔদ্যোগিক বিপ্লৱৰ লাভ উঠাবলৈ সক্ষম হোৱা নাছিল৷ তেতিয়া ইয়াৰ অনেক কাৰণ আছিল৷ কিন্তু এতিয়া ভাৰতে এই শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ নেতৃত্ব দিব পৰা এক শক্তিত পৰিণত হৈছে৷ চতুৰ্থ ঔদ্যোগিক বিপ্লৱ—যাৰ মুখ্য আধাৰ হ’ল ডিজিটেল প্ৰযুক্তি আৰু নিশ্চিতভাৱে ভাৰত এই দিশত বিশ্বৰ বহুতো দেশতকৈ আগত আছে৷
আজি আপোনালোকে বাণিজ্য মন্ত্ৰালয়ৰো যিমানবোৰ লক্ষ্য দেখিব, যিমানবোৰ কাৰ্য দেখিব—সকলোতে আপোনালোকে ডিজিটেল প্ৰযুক্তিৰ প্ৰাধান্য দেখিবলৈ পাব৷
এই বাণিজ্য ভৱনটোৱেই মন কৰক৷ যি ভূমিত এই ভৱন নিৰ্মাণ হ’ব, সেয়া পূৰ্বে Directorate General of Supplies and Disposal ৰ অধীনত আছিল৷ এশ বছৰতকৈও অধিক পুৰণি এই বিভাগ এতিয়া বন্ধ হৈছে আৰু ইয়াৰ স্থান পূৰণ কৰিব ডিজিটেল প্ৰযুক্তি আধাৰিত Government-e-Marketplac e- GeM নামৰ ব্যৱস্থাই৷।
আজিৰ তাৰিখত ১ লাখ ১৭ হাজাৰৰো অধিক সৰু–বৰ বিক্ৰেতা, কোম্পানী ইয়াৰ সৈতে জড়িত হৈছে৷ এই বিক্ৰেতাসকলে ৫ লাখৰো অধিক অৰ্ডাৰ GeMৰ মাধ্যমেৰে লাভ কৰিছে৷ যথেষ্ট কম সময়ৰ ভিতৰত GeMত ৮৭০০ কোটি টকাৰ সামগ্ৰী কিনা হৈছে৷
যিদৰে GeM ব্যৱ্স্থাৰ বাবে দেশৰ চুকে-কোণে থকা সৰু সৰু উদ্যোগীসকলক নিজৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰৰ ওচৰত বিক্ৰী কৰিব পাৰিছে৷ ইয়াৰ বাবে কমাৰ্চ মন্ত্ৰালয় প্ৰশংসাৰ পাত্ৰ৷ কিন্তু আপোনালোকৰ বাবে মই ইয়াক এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হিচাপে গণ্য কৰো৷
সতীৰ্থসকল, আমাৰ ইয়াত কোৱা হয় যে যিসকল ব্যক্তি শক্তিশালী, তেওঁলোকৰ বাবে কোনো বস্তুৱে গভীৰ নহয়৷ একেদৰে ব্যৱসায়ীসকলৰ বাবে কোনো স্থান দূৰ নহয়৷ আজি প্ৰযুক্তি–বিদ্যাই ব্যৱসায়–বাণিজ্য ইমান সৰল কৰি তুলিছে যে দূৰত্ব দিনক দিনে হ্ৰাস পাই আহিছে৷
আমি মন কৰিছো যে কিদৰে এক বছৰতকৈও কম সময়ৰ ভিতৰত জিএছটিয়ে দেশৰ ব্যৱসায় ক্ষেত্ৰখনৰ ধৰণ সলনি কৰি দিলে৷ যদি প্ৰযুক্তি নাথাকিলহেতেন তেতিয়া জানো এয়া সম্ভৱ আছিল? আজি জিএছটিৰ বাবে দেশত পৰোক্ষ কৰ আৰু ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যা যথেষ্ট বৃ্দ্ধি পোৱা দেখা গৈছে৷
স্বাধীনতাৰ পাছত আমাৰ দেশত পৰোক্ষ কৰ ব্যৱস্থাৰ সৈতে মাত্ৰ ৬০ লাখ লোক জড়িত আছিল, ইয়াৰ বিপৰীতে জিএছটিৰ পাছত ১১ মাহত এতিয়া ৫৪ লাখৰো অধিক লোক পঞ্জীয়নৰ বাবে আবেদন কৰিছে আৰু ইয়াৰে ৪৭ লাখ ইতিমধ্যে পঞ্জীভুক্ত হৈছে৷
ইয়ে এই কথা সূচায় যে প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ ফলত, নূন্যতম চৰকাৰ–সৰ্বাধিক প্ৰশাসন নীতিত চলাৰ বাবে ফলাফল শীঘ্ৰে দেখা গৈছে আৰু অধিক লোক বিকাশৰ মুখ্যধাৰাৰ সৈতে জড়িত হ’ব পাৰিছে৷
সতীৰ্থসকল, আপোনালোকে ভালকৈয়ে জানে যে বিগত ৪ বছৰত চৰকাৰে জনসাধাৰণৰ অনুকূল, উন্নয়নৰ অনুকূল তথা বিনিয়োগৰ অনুকূল এক পৰিৱেশ সৃষ্টিৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আছে৷ যথেষ্ট গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও ভাৰতৰ ক্ষুদ্ৰ–অৰ্থনৈতিক সূচাংক সুস্থিৰ হৈ আছে৷
ভাৰতে এতিয়া বিশ্বৰ অৰ্থব্যৱস্থাক আগুৱাই নিয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ শেহতীয়া কোৱাৰ্টাৰত ভাৰতে বিকাশৰ হাৰত ৭.৭ শতাংশ স্পৰ্শ কৰিছে৷ বিগত ৪বছৰত হোৱা বৈদেশিক বিনিয়োগ, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ নিজৰ মাজতে অভিলেখ৷
আজি ভাৰতবৰ্ষ এফডিআই কনফিডেন্স ইনডেক্সত শীৰ্ষ দুই উদীয়মান বজাৰৰ অন্যতম হিচাপে চিহ্নিত হৈছে৷ ব্যৱসায়ৰ সৰলীকৰণ(Ease of doing Business)ৰ ৰেংকিঙত ১৪২ৰ পৰা ১০০লৈ উন্নীত হৈছে৷ Logistics Performance Index ত ১৯ টা স্থানৰ উত্তৰণ ঘটিছে৷ Global Competitiveness Index ৰ ৰেংকিঙত ৭১ ৰ পৰা ৩৯ স্থানলৈ আগুৱাইছে৷ Global Innovation Index ত ২১সংখ্যক স্থানৰ উত্তৰণ আদি হৈছে চৰকাৰৰ দূৰদৰ্শী লক্ষ্যৰ ফল৷
আপোলালোকে নিশ্চয় জানে যে শেহতীয়াকৈ ভাৰতে বিশ্ব শীৰ্ষ ৫ ফিন টেক দেশৰ তালিকাত স্থান লাভ কৰিছে৷
এই ইতিবাচক দিশসমূহৰ মাজতে এটা ডাঙৰ প্ৰশ্ন হ’ল যে আগলৈ কি হ’ব? সতীৰ্থসকল, দেশৰ বিকাশৰ গতি ৮শতাংশৰ পৰা বৃদ্ধি কৰি দশকৰ ঘৰ স্পৰ্শ কৰাৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব৷ বিশ্বৰ নজৰ এতিয়া ভাৰতৰ ওপৰত যে ভাৰত কেতিয়া ৫ ট্ৰিলিয়ন ডলাৰৰ ক্লাবত অন্তৰ্ভুক্ত হ’ব৷
মই ভাবো যে বাণিজ্য মন্ত্ৰালয় আৰু আপোনালোক সকলো দায়িত্বশীল বিষয়–ববীয়াই এই লক্ষ্যক এক প্ৰত্যাহ্বান হিচাপে লোৱা উচিত৷ আৰ্থিক দিশত হোৱা এই প্ৰগতি দেশৰ সাধাৰণ নাগৰিকৰ জীৱনৰ সৈতে জড়িত হৈ আছে৷
এইবাবে আপোনোকে হয়তো মন কৰিছে যে মই যেতিয়াই Ease of Trading, Ease of Doing Businessৰ কথা কও, তেতিয়াই Ease of Livingৰ বিষয়েও উল্লেখ কৰো৷ আজিৰ এই পৰস্পৰসংযুক্ত বিশ্বত সকলো পৰস্পৰৰ সৈতে জড়িত হৈ আছে৷
মই সন্তাষ পাইছো যে শেহতীয়াকৈ বাণিজ্য বিভাগে দেশৰ লজিষ্টিক খণ্ডত সমন্বিত বিকাশৰ পদক্ষেপ লৈছে৷ এই পদক্ষেপে দেশৰ বাণিজ্যৰ পৰিৱেশ উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব৷
সতীৰ্থসকল, Integrated logistics action plan এতিয়া সময়ৰ আহ্বান আৰু নিউ ইণ্ডিয়াৰ বাবে প্ৰয়োজন৷ নীতি সলনি কৰি, বৰ্তনামৰ কাৰ্যপ্ৰণালীক কিছু উন্নত কৰি, বৰ্তমানৰ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হ’ব পাৰি৷
মই জানিব পাৰিছো যে বাণিজ্য বিভাগে এই দিশত এটি অনলাইন প’ৰ্টেলৰো কাম কৰি আছে৷ গোলকীয় বাণিজ্যত ভাৰতৰ উপস্থিতি অধিক মজবুত কৰিবলৈ তথা নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সকলো মন্ত্ৰালয় আৰু সকলো ৰাজ্যই ঐক্যবদ্ধভাৱে কাম কৰাৰ অৱশ্যক আছে৷ যাক আমি কও—চৰকাৰৰ সম্পূৰ্ণ দৃষ্টিভংগী৷ ইয়াক গ্ৰহণ কৰাতো অত্যন্ত প্ৰয়োজন৷
এয়াও এক ইতিবাচক দিশ যে কাউন্সিল ফৰ ট্ৰেড ডেভেলাপমেণ্ট এণ্ড প্ৰম’চনে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰসাৰৰ এক সুস্থ বাতাৱৰণ তৈয়াৰ কৰিছে৷ ভাৰতৰ ৰপ্তানি বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহক সক্ৰিয় সহযোগী কৰি আগবাঢ়িব লাগিব৷
সতীৰ্থসকল, আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ উপস্থিতি বৃদ্ধি কৰিবলৈ নতুন সামগ্ৰী আৰু নতুন বজাৰৰ ওপৰত গুৰুত্ব দিয়াতো যথেষ্ঠ আৱশ্যক৷ আমি দেশৰ ভিতৰৰ প্ৰত্যাহ্বানসমূহৰ সৈতেই দেশৰ বাহিৰৰ পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ নিজকে অধিক শক্তিশালী কৰিব লাগিব৷
যেতিয়া আমি short-term developmental gains আৰু long-term sustainabilityৰ মাজত এক সন্তুলন বজাই ৰাখিম তেতিয়া ইয়াৰ ইতিবাচক ফলো দেখিবলৈ পোৱা যাব৷
যোৱা বছৰ ডিচেম্বৰত বৈদেশিক বাণিজ্য নীতিৰ সৈতে জড়িত যি মধ্যকালীন পৰ্যালোচনা কৰা হৈছিল, ইয়াকো মই যথেষ্ট ইতিবাচক পদক্ষেপ বুলি অনুভৱ কৰো৷ ইনচেণ্টিভ বৃদ্ধি কৰি, MSME খণ্ডক সহযোগ আগবঢ়াই ৰপ্তানি বৃদ্ধিৰ বাবে কৰা সকলো পদক্ষেপে প্ৰশংসনীয়৷ ই দেশৰ সংস্থাপন প্ৰয়োজনীয়তাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত৷
আৰু এটি গুৰুত্বপূৰ্ণ বিষয় হ’ল সামগ্ৰীৰ মান৷ ইয়াৰ বাবেই ২০১৪ৰ ১৫ আগষ্টত মই লালকিল্লাৰ পৰা Zero Defect, Zero Effectৰ আহ্বান কৰিছিলো৷ উদ্যোগ সৰু অথবা ডাঙৰ, প্ৰতিটো মেনুফেকচাৰক এই কথাৰ বাবে প্ৰেৰিত কৰা উচিত যাতে তেওঁলোকে ক্ৰুটিশূন্য সামগ্ৰী বনায় আৰু কোনেও যাতে আমাৰ ৰপ্তানি সামগ্ৰীসমূহ উভতায় নপঠায়৷
সামগ্ৰীৰ মানক লৈ এই সজাগতাই মেক ইন ইণ্ডিয়াৰ চমক বৃদ্ধি আৰু নিউ ইণ্ডিয়াৰ পৰিচয় শক্তিশালী কৰাৰ কাম কৰিব৷
আপোনালোকে নিশ্চয় মন কৰিছে যে, ২০১৪ত আমাৰ দেশত মাত্ৰ ২ টা মোবাইল নিৰ্মাণ কোম্পানী আছিল, এতিয়া সেয়া বৃদ্ধি হৈ ১২০ টা হৈছে৷ এই কোম্পানীসমূহে যথেষ্ট কম মূল্যত বিশ্বস্তৰৰ উন্নত সামগ্ৰী নিৰ্মাণ কৰি আছে৷
সতীৰ্থসকল, এই সময় সংকল্পৰ সময়, প্ৰত্যাহ্বান স্বীকাৰ কৰাৰ সময়৷
বিশ্বৰ মুঠ ৰপ্তানিত ভাৰতৰ বৰঙণি দুগুণ কৰিবলৈ বাণিজ্য বিভাগে সংকল্প ল’ব নোৱাৰেনে? এতিয়াৰ ১.৬ শতাংশৰ পৰা অতি কমেও ৩.৪ শতাংশলৈ বৃদ্ধি কৰিব নোৱাৰেনে? এয়া সম্ভৱ হ’লে বিশ্ব অৰ্থনীতিৰ জিডিপিৰ সৈতে ভাৰতৰ অৱদান সমান হৈ যাব৷ ইয়াৰ ফলত দেশত সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব আৰু আমাৰ মুঠ জনমূৰি আয়ো বৃদ্ধি হ’ব৷
ইয়াৰ বাবে চৰকাৰৰ সকলো বিভাগ আৰু ইয়াত উপস্থিত এক্সপ’ৰ্ট প্ৰ’মোচন কাউন্সিলৰ সকলো লোকে একগোট হৈ প্ৰচেষ্টা চলাব লাগিব৷
আমদানিক লৈ আৰু এটা সংকল্প ল’ব পৰা যায়৷ আমি কিছুমান নিৰ্বাচিত ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব নোৱাৰেনে? মেক ইন ইণ্ডিয়াৰ জৰিয়তে এয়া সম্ভৱ হ’ব পাৰে৷
ঘৰুৱা নিৰ্মাণৰদ্বাৰা আমদানিত ১০%ৰ হ্ৰাসেৰে দেশত ৩.৫ লাখ কোটি টকাৰ আয় বৃদ্ধি কৰিব পাৰে৷ ইয়ে দেশৰ জিডিপি দশকৰ ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক সক্ৰিয় পন্থা হ’ব পাৰে৷
সতীৰ্থসকল, আপোনালোকে এই কথা জানে যে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ লক্ষ্যৰে বিগত বৰ্ষত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ মেক ইন ইণ্ডিয়াক অধিক প্ৰাধান্য দিয়াৰ নিৰ্দেশৰ জৰিয়তে চৰকাৰে সকলো বিভাগ আৰু সংস্থাত ক্ৰয় কৰি থকা সামগ্ৰী আৰু সেৱা ঘৰুৱা উৎসৰ পৰা ক্ৰয় কৰাত জোৰ দিয়া হৈছিল৷ এই আদেশক অত্যন্ত গভীৰভাৱে পালনৰ চেষ্টা চলোৱা উচিত৷
ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আছে৷ তাৰ ভিতৰত উল্লেখনীয়সমূহ হ’ল—ৰেগুলাৰ ফ্ৰেমৱৰ্ক, ৰেগুলাৰ ফ্ৰেমৱৰ্কত সৰলতা, বিনিয়োগ অনুকূল নীতি, আন্তঃগাথনি আৰু লজিষ্টিকৰ ওপৰত গুৰুত্ব আৰোপ আদি৷ এই সকলো এইবাবেই কৰা হৈছে যাতে ভাৰত আত্মনিৰ্ভৰ হয়, ২১ শতিকাৰ ঔদ্যোগিক বিপ্লৱত এখোজো যাতে দূৰত থাকিবলগা নহয়৷
মেক ইন ইণ্ডিয়াৰ সৈতে বৃদ্ধি হোৱা এই গৌৰৱে নৱনিৰ্মিত বাণিজ্য ভৱনৰো গৌৰৱ বৃদ্ধি কৰক, এয়াই মোৰ কামনা৷
নতুনকৈ নিৰ্মাণ হ’বলগীয়া বাণিজ্য ভৱন আধুনিক প্ৰযুক্তিৰে নিৰ্মিত যদিও পৰিৱেশৰ বাবে অনুকূল৷ এনে এক সুস্থ পৰিৱেশত আপোনালোক সকলো নতুন ইণ্ডিয়াৰ বাবে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়ক৷ এই আশাৰে মই মোৰ ভাষণ সমাপ্ত কৰিলো৷
পুনৰ এবাৰ সকলোকে বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপনৰ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো৷
ধন্যবাদ !!!
***
अतुल तिवारी/ हिमांशु सिंह