Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন এনআইটিসমূহৰ স্থায়ী প্ৰাংগন স্থাপনৰ সংশোধিত সাম্ভাৱ্য মূল্যত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০২১-২০২২ৰ বাবে নতুন এনআইটিসমূহৰ স্থায়ী প্ৰাংগন স্থাপনৰ বাবে মুঠ ৪৩৭১.৯০ কোটি টকাৰ সংশোধিত আৱণ্টনত অনুমোদন জনাইছে৷

এই এনআইটিসমূহ ২০০৯ চনত স্থাপিত হৈছিল আৰু ২০১০-২০২২ শিক্ষাবৰ্ষৰ বাবে অস্থায়ী প্ৰাংগন সীমিত পৰিমাণৰ আন্তঃগাঁথনিৰ সৈতে কাৰ্যকৰী হৈছিল৷ উক্ত অনুমোদনৰ জৰিয়তে এই এনআইটিসমূহ ৩১ মাৰ্চ ২০২২ তাৰিখৰ পৰা সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব৷ এই প্ৰাংগনসমূহৰ মুঠ শিক্ষাৰ্থী সামৰ্থৰ সংখ্যা হ’ল ৬৩২০ গৰাকী৷

**********

VRRK/SC/MANN