Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধৰ্মাস্থালাৰ শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ; উজিৰেত ৰাজহুৱা সভাত অংশগ্ৰহণ

ধৰ্মাস্থালাৰ শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ; উজিৰেত ৰাজহুৱা সভাত অংশগ্ৰহণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক ভ্ৰমণৰ অংশস্বৰূপে মাংগালুৰুত উপস্থিত হয়৷ তাত তেওঁ ধৰ্মাস্থালাৰ শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰত প্ৰাৰ্থনা জনায়৷

ইয়াৰ পাছতে উজিৰেত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে জন ধন যোজনা একাউণ্টধাৰীৰ মাজত ৰুপেই কাৰ্ড বিতৰণ কৰে৷ সভাত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান মঞ্জুনাথাৰ চৰণত সেৱা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰি তেওঁ আনন্দিত৷

বৰ্তমানৰ শতিকা সম্পূৰ্ণৰূপে দক্ষতা বিকাশৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত এখন যুৱ দেশ, গতিকে আমাৰ ভৌগোলিক বিভাজনক সঠিক ব্যৱহাৰ কৰা উচিত৷ আমাৰ সাধু-সন্তসকলে গঢ়ি যোৱা প্ৰতিষ্ঠানসমূহে আমাক শ শ বছৰ ধৰি সহায় কৰি আহিছে৷

মহিলা আত্ম-সহায়ক গোটক ৰুপেই কাৰ্ড প্ৰদান সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল লেনদেনৰ প্ৰতি সকলোৰে আগ্ৰহ আৰু উদ্দীপনা দেখি তেওঁ সুখ অনুভৱ কৰিছে৷

ভীম এপ ব্যৱহাৰ কৰি নগদবিহীন লেনদেনক আকোৱালি ল’বলৈ তেওঁ দেশবাসীক আহ্বান জনায়৷  তেওঁ কয় যে এইটো হৈছে সততা আৰু ন্যায়পৰাণতাৰ যুগ, প্ৰবঞ্চকসকলৰ বাবে ইয়াত কোনো স্থান নাই৷ ভাৰত চৰকাৰৰ সকলো ধন, সম্পদ দেশবাসীৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ দুৰ্নীতি অবিহনে উন্নয়নৰ ফল প্ৰকৃত উপভোক্তাই লাভ কৰাতো আমি নিশ্চিত কৰিছো৷ 
শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাম্প্ৰতিক সময়ত জল সংৰক্ষণ এক মূখ্য প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ আমি প্ৰকৃতিৰ সৈতে শান্তি-সম্প্ৰীতিৰে বাস কৰাতো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ তেওঁ কৰ্ণাটকৰ কৃষকসকলক ক্ষুদ্ৰ জলসিঞ্চনৰ দৰে পদ্ধতি অৱলম্বন কৰি পানী সংৰক্ষণত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়৷

***

AKT/SH/MS