প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দ্বৈত কৰ পৰিহাৰ আৰু আয় তথা উপার্জনৰ বিপৰীতে দিয়া কৰ ফাঁকি প্রৱণতা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ভাৰতৰ সৈতে চীনৰ হংকং বিশেষ প্রশাসনিক অঞ্চলৰ (এইচকেএছএআৰ) মাজত এখন চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন জনোৱা হয়।
এই চুক্তি স্বাক্ষৰৰ ফলত ভাৰত আৰু হংকঙৰ বিশেষ প্রশাসনিক অঞ্চলৰ মাজত প্রযুক্তি, বিনিয়োগ আৰু কর্মচাৰী বিনিময়ৰ কামত বিশেষভাবে উৎসাহিত কৰিব। তদুপৰি, এই চুক্তিৰ অধীনত দ্বৈত কৰ পৰিহাৰৰ সমান্তৰালভাৱে দুই পক্ষৰ মাজত তথ্যৰ আদান-প্রদানৰ কামো আৰু অধিক সহজ হৈ পৰিব। ইয়াৰ ফলত এফালে যেনেকৈ কৰ সংক্রান্তীয় বিষয়ত স্বচ্ছতাৰ প্রসাৰ ঘটিব, আনফালে সিমানেই আয় তথা উপার্জনৰ ওপৰত কৰ ফাঁকি দিয়াৰ প্রৱণতাও কার্যকৰীভাবে ৰোধ কৰিব পৰা যাব।
পটভূমি:
ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে আয়কৰ আইন, ১৯৬১ৰ ৯০নং ধাৰাৰ অধীনত বিদেশী ৰাষ্ট্ৰৰ সৈতে এনে চুক্তি স্বাক্ষৰ কৰি তথ্যৰ আদান-প্ৰদানৰ জৰিয়তে কৰ ফাঁকি ৰোধৰ দিশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰ আহিছে।
*****
AKT/VBA/SH/DB