Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক প্ৰধানমন্ত্ৰীৰ সম্বোধন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি দেশবাসীক সম্বোধন কৰি এক ভাষণ প্ৰদান কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিখন দেশৰে যাত্ৰাত এনে এটা মুহুৰ্ত্ত আহে, যিয়ে দেশখনলৈ লৈ আহে গৌৰৱৰ প্ৰাচুৰ্য্য আৰু অনাগত প্ৰজন্মৰ ওপৰত এক ঐতিহাসিক প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতে কৃত্ৰিম উপগ্ৰহ প্ৰতিৰোধী মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে। আমাৰ এই মিছন শক্তিৰ সৈতে জড়িত প্ৰতিগৰাকীলৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছো।

মিছন শক্তি আছিল এক অতি জটিল আৰু ক্ষীপ্ৰগতিৰে অতি কম সময়ৰ ভিতৰত সম্পন্ন কৰা এক প্ৰকল্প। এই সাফল্যই উপস্থাপন কৰে ভাৰতৰ বিজ্ঞানীসকলৰ অনবদ্য প্ৰদৰ্শন, বুৎপত্তি, দক্ষতাৰ লগতে মহাকাশত আমাৰ সাফল্যগাঁথা।

মিছন শক্তি ২ টা কাৰণত বিশেষ প্ৰাধান্য লাভ কৰিছে –

(১) এনেধৰণৰ বিশেষভাৱে প্ৰস্তুত কৰা আৰু আধুনিক সামৰ্থ্যৰে সজ্জিত সুবিধা থকা ভাৰত হৈছে বিশ্বৰ চতুৰ্থখন দেশ।
(২) সমগ্ৰ প্ৰক্ৰিয়াটো ভাৰততে নিৰ্মাণ কৰা হৈছে।

“মহাকাশৰ মহাশক্তি হিচাপে পৰিচয় দাঙি ধৰিলে ভাৰতে! ই ভাৰতক অধিক শক্তিশালী কৰি তুলিব, কেৱল সেয়াই নহয়, ভাৰতক অধিক সুৰক্ষিত কৰি তুলিব আৰু শান্তি সমন্বয়ো গঢ়িব।”

*****

AKT/KP/RD