Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ


 

মোৰ প্রিয় দেশবাসী,

 

আজি ২৭ মার্চ, কিছু সময়ৰ পূৰ্বে ভাৰতে এক অভূতপূর্ব সাফল্য অর্জন কৰিছে। ভাৰতে আজি নিজৰ নাম মহাকাশৰ মহাশক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

 

ইমান দিনলৈকে বিশ্বৰ তিনিখন দেশ আমেৰিকা, ৰাছিয়া আৰু চীনে এই সাফল্য অর্জন কৰিছিল। এতিয়া ভাৰত চতুর্থ দেশ হিচাপে এই সাফল্যৰ অধিকাৰী ল। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ইয়াতকৈ ডাঙৰ গৌৱৰৰ মুহূর্ত একো নোৱাৰে।

 

কিছু সময়ৰ আগতে আমাৰ বৈজ্ঞানিসকলে মহাকাশত পৃথিবী পৃষ্ঠৰ পৰা ৩০০ কিলোমিটাৰ দূৰৈত, ‘লিঅঅর্থাৎ, আর্থ অৰবিটত এটি সক্রিয় উপগ্ৰহ ধ্বংস কৰিছে।

লিঅ আর্থ অৰবিটত এই সক্রিয় উপগ্ৰহটি, যিটো এক পূর্ব নির্ধাৰিত লক্ষ্য আছিল, তাক এণ্টিছেটেলাইট মিছাইলৰ জৰিয়তে ধ্বংস কৰিছে। মাত্ৰ মিনিটতে এই অভিযান সম্পন্ন হয়।

 

মিচন শক্তিএক অতি কঠিন অপাৰেশন আছিল। ইয়াত অতি উন্নত মানৰ প্ৰযুক্তিগত ক্ষমতাৰ প্ৰয়োজন আছিল। বৈজ্ঞানিকসকলে সকলো নির্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যত সফলতা অৰ্জন কৰিছে।

 

সমগ্ৰ ভাৰতীয় লোকসকলৰ বাবে এয়া গৌৰৱৰ বিষয়, উন্নতমানৰ এণ্টিছেটেলাইট (ছেট) মিছাইলৰ জৰিয়তে ভাৰতে এই পৰাক্ৰম প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে।

 

সৰ্বপ্ৰথমে মই এইমিচন শক্তি সৈতে জড়িত ডিআৰডিঅ প্ৰতিগৰাকী বৈজ্ঞানিক, গৱেষক আৰু সকলো সংশ্লিষ্ট কর্মীক শুভেচ্ছা জনাইছে। তেওঁলোকৰ এই অসাধাৰণ সফলতাই আজি পুনৰবাৰ দেশৰ সন্মান বৃদ্ধি কৰিছে। আমি আমাৰ বৈজ্ঞানিকসকলক লৈ গৌৰৱান্বিত।

 

মহাকাশ বৰ্তমান আমাৰ জীৱনশৈলীৰ এক অতি গুৰুত্বপূর্ণ অংশ হৈ পৰিছে। বৰ্তমান আমাৰ বহু সংখ্যক উপগ্ৰহ আছে, যিবোৰে বিভিন্ন ক্ষেত্রত দেশৰ উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে, যেনে কৃষি, প্ৰতিৰক্ষা, নিৰাপত্তা, দুৰ্যোগ ব্যৱস্থাপনা, সম্প্ৰচাৰ, পৰিৱেশ, বিমান আৰু জাহাজৰ দিশ নির্দেশ আৰু নিয়ন্ত্ৰণ সহায়, শিক্ষা ইত্যাদি।

 

জীৱনৰ সকলো ক্ষেত্রত আজি আমি উপগ্ৰহৰ দ্বাৰা উপকৃত হৈছো। এফালে, কৃষক, মৎস্যজীৱি, ছাত্ৰ আৰু নিৰাপত্তা বাহিনী, আৰু আনফালে, ৰে, বিমান, জাহাজ পৰিচালন ইত্যাদি সকলো ক্ষেত্রত উপগ্ৰহ ব্যৱহাৰ কৰা হৈছে।

বিশ্বত মহাকাশ আৰু উপগ্ৰহেৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ ভৱিষ্যতে মহাকাশ বিজ্ঞান অবিহনে মানুহৰ জীৱন অসম্পূর্ণ হৈ ৰব৷ এনে পৰিস্থিতিত এই সকলো উপকৰণৰ নিৰাপত্তা সুদৃঢ় কৰাটোও বিশেষ গুৰুত্বপূর্ণ দিশ।
আজি এণ্টিছেটেলাইট (ছেট) মিছাইল ভাৰতৰ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা, ভাৰতৰ উন্নয়নৰ দৃষ্টিকোণৰ পৰা দেশক এক নতুন শক্তি যোগাব। মই আজি বিশ্ববাসীক আশ্বাস দিব বিচাৰো যে ভাৰতৰ এই নতুন শক্তি কাৰো বিৰুদ্ধে প্ৰয়োগ নকৰে। এয়া দ্রুতগতিত আগুৱাই যোৱা নতুন ভাৰতৰ এক আত্মৰক্ষামূলক প্ৰচেষ্টা।

 

ভাৰত সদায়েই মহাকাশত কোনো যুদ্ধাস্ত্রৰ ব্যৱহাৰৰ বিৰোধীতা কৰে৷ আজিও সেই নীতিৰ কোনো পৰিৱর্তন হোৱা নাই। আজিৰ এই পৰীক্ষাইও কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় আইন অথবা সন্ধিচুক্তিক উল্লংঘন কৰা নাই৷ আমি আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে দেশৰ ১৩০ কোটি নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত তথা কল্যাণসাধন কৰিব বিচাৰো।

 

এই ক্ষেত্রত শান্তি আৰু সুৰক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে এক শক্তিশালী ভাৰত গঢ়ি তোলা প্ৰয়োজন৷ আমাৰ সামৰিক উদ্দেশ্য যুদ্ধৰ পৰিৱেশ গঢ়ি তোলা নহয়, শান্তি বজাই ৰখা।

 

প্রিয় দেশবাসী,

 

ভাৰতে মহাকাশত যি কাজ কৰিছে তাৰ মূল উদ্দেশ্য ভাৰতৰ নিৰাপত্তা, ভাৰতৰ আর্থিক বিকাশ আৰু ভাৰতৰ প্ৰযুক্তিগত উন্নয়ন সাধন কৰা। আজিৰ এই মিচনে এইবোৰ সপোনকে সুৰক্ষিত কৰাৰ দিশ গ্ৰহণ কৰা আন এক গুৰুত্বপূর্ণ পদক্ষেপ যি এই তিনিটা স্তম্ভৰ নিৰাপত্তাৰ বাবে অতি প্ৰয়োজনীয়।

 

আজিৰ সফলতাক অনাগত দিনত এক সুৰক্ষিত ৰাষ্ট্ৰ, সমৃদ্ধিশালী ৰাষ্ট্ৰ তথা শান্তিপ্রিয় ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ইতিবাচক পদক্ষেপ হিচাপে চোৱা উচিৎ। ভৱিষ্যতে যি কোনো প্ৰত্যাহ্বানৰ বিৰুদ্ধে নিজক সাজু ৰাখি আগুৱাই যোৱাটো অতি গুৰুত্বপূর্ণ।

 

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে দেশৰ জনগণৰ জীবন ধাৰণৰ মানদণ্ডত ইতিবাচক পৰিৱর্তন আনিবলৈ আধুনিক প্ৰযুক্তিক গ্ৰহণ কৰিবই লাগিব। আমাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতবাসীক ভৱিষ্যতেৰ যি কোনো সমস্যাৰ মোকাবিলাৰ বাবে আত্মবিশ্বাসযোগ্য কৰি তোলাৰ লগতে সুৰক্ষা সুনিশ্চিত কৰা।

আমাৰ নাগৰিকসকল কর্মক্ষম তথা দায়বদ্ধ, তেওঁলোকৰ দেশ ভক্তি, সমর্পণ আৰু যোগ্যতাৰ প্ৰতি মোৰ সম্পূর্ণ আস্থা আছে। আমি নিঃসন্দেহে একেলগ হৈ এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সুৰক্ষিত ভাৰত নির্মাণ কৰিবলৈ সক্ষম হম৷

 

মই এনে ভাৰতৰ পৰিকল্পনা কৰিছো যিখন বৰ্তমানৰ সময়তকৈ দুখোজ আগুৱাই ভাবিব পাৰে আৰু আগুৱাই যোৱাৰ সাহস দেখুৱাব পাৰে।

 

আজিৰ এই মহান সাফল্যৰ বাবে সমগ্ৰ দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো।

ধন্যবাদ৷

*****

AKT/KP/SKS/DB