প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দূৰসংযোগ আৰু তথ্য প্ৰযুক্তিৰ শিক্ষাগত যোগ্যতা থকা দূৰসংযোগ বিভাগৰ প্ৰথম পৰ্যায়ৰ বিষয়া আৰু অন্যান্য মন্ত্ৰালয়ৰ সমপৰ্যায়ৰ বিষয়াক টেলিকমিউনিকেশ্যন কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত নিম্নোলিখিত দিশৰ ওপৰত ভিত্তিত কৰি ডেপুটেচনত নিযুক্তিত অনুমোদন জনায়।
ক) ইয়াৰ দ্বাৰা টিচিআইএলক ভাৰতীয় দূৰসংযোগ বিভাগ আৰু অন্যান্য মন্ত্রালয়ৰ প্ৰথম শ্রেণীৰ বিষয়াসকলৰ মাজৰ পৰা ডেপুটেচনৰ মাধ্যমেৰে সংশ্লিষ্ট ক্ষেত্রত সমপৰ্যায়ৰ বিষয়াৰ খালী পদসমূহ পূৰণ কৰাৰ বাবে ১.১০.২০১৬ ৰ পৰা বৰ্তমানলৈকে আৰু অতিৰিক্তভাৱে অনুমোদনৰ তাৰিখৰ পৰা পৰৱৰ্তী তিনি বছৰৰ বাবে ডিপিই নির্দেশাৱলী অনুসৰি(কেবিনেটৰ পূৰ্বৰ অনুমোদনৰ ম্যাদ ৩০.০৯.২০১৬ লৈকে আছিল) সুযোগ দিয়া হৈছে। এই ক্ষেত্রত পৰিচালন পৰিষদৰ নিম্ন শ্ৰেণীৰ পদসমূহৰ সর্বাধিক ১০শতাংশ লৈকে অবিলম্বে অন্তর্ভুক্তিৰ আইনৰ ৰেহাই প্ৰদানেৰে পুৰণ কৰা যাবে।
খ) ভৱিষ্যতে টিচিআইএলৰ পৰিচালন পৰিষদৰ নিম্ন পৰ্যায়ৰ পদসমূহৰ ক্ষেত্রত ৰেহাই প্ৰদানৰ বিষয়টি যাতে ডিপিই অএম সংখ্যা ১৮ (৬)/২০০১-জিএম-জিএল-৭৭ অনুযায়ী কৰা হয়, যাতে এই ধৰণৰ প্রস্তাৱ কেন্দ্রীয় কেবিনেটৰ ওচৰত উত্থাপন কৰাৰ প্রয়োজন নহয়, সেই লক্ষ্য আৰু সংশ্লিষ্ট অনুমোদন দিয়া হৈছে।
পটভূমিঃ-
টিচিআইল হৈছে আইএছঅ’-৯০০১:২০০৮ আৰু আইএছঅ’:২০০৮ আইএছঅ’ ১৪০০১:২০০৪ প্ৰমাণপত্ৰ থকা মিনি ৰত্না কেটেগৰীৰ প্ৰথম শ্ৰেণী ৰাজহুৱা খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান। দেশ-বিদেশত উচ্চ প্রযুক্তিসম্পন্ন কাম-কাজ ৰূপায়ণৰ লক্ষ্যৰে ১৯৭৮ চনত কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা টিচিআইএলক দূৰসংযোগ আৰু তথ্য-প্রযুক্তি খণ্ডৰ এটি প্রধান ৰাষ্ট্রীয়কৃত উদ্যোগ হিচাপে গঢ়ি তোলা হয়। সম্পূর্ণ চৰকাৰী মালিকানাধীন টিচিআইএলে বৰ্তমানলৈকে ৭০খনৰো অধিক দেশত দূৰসংযোগ আৰু তথ্য-প্রযুক্তিৰ প্রকল্প কাৰ্যকৰী কৰি আছে।
২০১৬-১৭ ৰ শেষত ইয়াৰ স্বীকৃত মূলধন আছিল ৬০ কোটি টকা আৰু দেয় মূলধনৰ পৰিমাণ আছিল ৫৯.২০ কোটি টকা। টিচিআইএলে ৪৮খন দেশত অতিকে উন্নত মানৰ পান-আফ্রিকান ই-নেটৱর্ক গঢ়ি তোলাৰ কাম কৰি আহিছে। এই প্রকল্পৰ লক্ষ্য হৈছে-আফ্রিকীয় সংঘৰ সদস্য দেশসমূহৰ মাজত অপ্টিকেল ফাইবাৰ আৰু উপগ্রহভিত্তিক যোগাযোগৰ মাধ্যমেৰে দূৰৱৰ্তী শিক্ষা, টেলিমেডিচিন আৰু ডব্লিউআইপি সংযোগ গঢ়ি তোলা। দেশতো টিচিআইএল সংশ্লিষ্ট ক্ষেত্রত বিভিন্ন ধৰণৰ প্রকল্প ৰূপায়ণ কৰি আহিছে। সেইবোৰৰ ভিতৰত–প্রতিৰক্ষা আৰু নৌ-বাহিনীৰ বাবে সুকীয়া নেটৱর্ক গঢ়ি তোলা, ওড়িশাত ৫০০খন আৰু উত্তৰ প্রদেশত ১৫০০খন বিদ্যালয়ত তথ্য-প্রযুক্তি প্রকল্প ৰূপায়ণ উল্লেখযোগ্য। এই কামত ব্যাপক হাৰত উপযুক্ত যোগ্যতাসম্পন্ন মানৱ সম্পদৰ প্রয়োজন হোৱাত কেন্দ্রীয় কেবিনেটে দূৰসংযোগ বিভাগ আৰু অন্যান্য মন্ত্রালয়ৰ পৰা ‘ক’ শ্রেণীৰ বিষয়াসকলৰ খালী পদসমূহ ডেপুটেচনৰ জৰিয়তে পুৰণ কৰাৰ বাবে টিচিআইএলক অনুমোদন প্ৰদান কৰি আহিছে।
কেবিনেটৰ অনুমোদন অনুসৰি টিচিআইএলক ভাৰতীয় দূৰসংযোগ বিভাগ আৰু অন্যান্য মন্ত্রালয়ৰ প্ৰথম শ্রেণীৰ বিষয়াসকলৰ মাজৰ পৰা ডেপুটেচনৰ মাধ্যমেৰে সংশ্লিষ্ট ক্ষেত্রত সমপৰ্যায়ৰ বিষয়াৰ খালী পদসমূহ পূৰণ কৰাৰ বাবে ১.১০.২০১৬ ৰ পৰা বৰ্তমানলৈকে আৰু অতিৰিক্তভাৱে অনুমোদনৰ তাৰিখৰ পৰা পৰৱৰ্তী তিনি বছৰৰ বাবে ডিপিই নির্দেশাৱলী অনুসৰি(কেবিনেটৰ পূৰ্বৰ অনুমোদনৰ ম্যাদ ৩০.০৯.২০১৬ লৈকে আছিল) সুযোগ দিয়া হৈছে। এই ক্ষেত্রত পৰিচালন পৰিষদৰ নিম্ন শ্ৰেণীৰ পদসমূহৰ সর্বাধিক ১০শতাংশ লৈকে অবিলম্বে অন্তর্ভুক্তিৰ আইনৰ ৰেহাই প্ৰদানেৰে পুৰণ কৰা যাবে।
ভৱিষ্যতে টিচিআইএলৰ পৰিচালন পৰিষদৰ নিম্ন পৰ্যায়ৰ পদসমূহৰ ক্ষেত্রত ৰেহাই প্ৰদানৰ বিষয়টি যাতে ডিপিই অএম সংখ্যা ১৮ (৬)/২০০১-জিএম-জিএল-৭৭ তাৰিখ ২৮.১২.২০০৫ অনুসৰি কৰা হয়, যাতে এই ধৰণৰ প্রস্তাৱ কেন্দ্রীয় কেবিনেটৰ ওচৰত উত্থাপন কৰাৰ প্রয়োজন নহয়, সেই লক্ষ্য আৰু সংশ্লিষ্ট অনুমোদন দিয়া হৈছে।
****
AKT/VBA/SH/DB