Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লী মেট্ৰ’ চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ অধীনত ৰিথালা-কুণ্ডলী ৰে’লপথ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দিল্লী মেট্ৰ’ চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ অধীনত ৰিথালা-কুণ্ডলী ৰে’লপথ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ২৬.৪৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথ নিৰ্মাণ সম্পূৰ্ণ হ’লে ৰাষ্ট্ৰীয় ৰাজধানীৰ সৈতে হাৰিয়ানাৰ সংযোগ অধিক তীব্ৰতৰ হ’ব। ৪ বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ব্যয় হ’ব ৬,২৩০ কোটি টকা। দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেড আৰু ভাৰত চৰকাৰ আৰু দিল্লী চৰকাৰৰ যৌথ উদ্যোগত হ’ব এই কাম।

এই ৰে’ল লাইনে শ্বাহিদ স্থলা (নতুন বাছ আস্থান)-ৰিঠালা (ৰঙা লাইন) কৰিড’ৰ আৰু অধিক সম্প্ৰসাৰণ কৰিব। ইয়াৰ ফলত নাৰেলা, বাৱানা আৰু ৰোহিনীৰ কিছু অংশৰ সৈতে মেট্ৰ’ সংযোগ ঘনিষ্ঠ হ’ব। এই ৰে’লৱেৰ ২১টা ষ্টেচন আটাইকেইটা ভূমিৰ ওপৰত থাকিব।

চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’লে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত দিল্লী মেট্ৰ’ সেৱা শক্তিশালী হ’ব আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব। পথ যাতায়ত হ্ৰাস পোৱাৰ বাবে পৰিৱেশ প্ৰদূষণো হ্ৰাস পাব।

এই সমগ্ৰ অংশটো ২১টা ষ্টেচনেৰে গঠিত হ’ব। এই কৰিডৰৰ সকলো ষ্টেচন উন্নীত কৰা হ’ব। এই কৰিড’ৰত ভূমিৰ ওপৰত স্থাপন কৰিবলগীয়া ষ্টেচনসমূহ হ’ল- ৰিথালা, ৰোহিনী ছেক্টৰ ২৫, ৰোহিনী ছেক্টৰ ২৬, ৰোহিনী ছেক্টৰ ৩১, ৰোহিনী ছেক্টৰ ৩২, ৰোহিনী ছেক্টৰ ৩৬, বৰৱালা, ৰোহিনী ছেক্টৰ ৩৫, ৰোহিনী ছেক্টৰ ৩৪, বাৱানা ঔদ্যোগিক এলেকা-১ ছেক্টৰ ৩,৪, বাৱানা ঔদ্যোগিক এলেকা-১ খণ্ড ১,২, বাৱানা জে.জে কলনী, সানোথ, নিউ সানোথ, ডিপো ষ্টেচন, ভোৰগড় গাঁও, অনাজ মণ্ডি নাৰেলা, নাৰেলা ডি ডি এ ক্ৰীড়া কমপ্লেক্স, নাৰেলা, নৰেলা ছেক্টৰ ৫, কুণ্ডলী আৰু নাথপুৰ।

এই কৰিড’ৰ হ’ব দিল্লী মেট্ৰ’ৰ হাৰিয়ানালৈ চতুৰ্থটো সম্প্ৰসাৰণ। বৰ্তমান দিল্লী মেট্ৰ’ হাৰিয়ানাৰ গুৰুগ্ৰাম, বল্লভগড়, আৰু বাহাদুৰগড়লৈকে চলি আছে।

৬৫.২০২ কিলোমিটাৰ আৰু ৪৫টা ষ্টেচনৰে গঠিত চতুৰ্থ পৰ্যায় (৩টা অগ্ৰাধিকাৰ কৰিডৰ) নিৰ্মাণৰ কাম চলি আছে, আৰু আজিলৈকে ৫৬%তকৈ অধিক নিৰ্মাণ সম্পূৰ্ণ হৈছে। চতুৰ্থ পৰ্যায় (৩ অগ্ৰাধিকাৰ) কৰিডৰসমূহ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰিও ২০.৭৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰে গঠিত আৰু দুটা কৰিড’ৰকো অনুমোদন জনোৱা হৈছে আৰু ই নিবিদাৰ পূৰ্বে পৰ্যায়ত আছে।

গড়ে দৈনিক প্ৰায় ৬৪ লাখ লোকে দিল্লী মেট্ৰ’ৰ জৰিয়তে যাত্ৰা ১৮.১১.২০২৪ তাৰিখে এতিয়ালৈকে সৰ্বোচ্চ যাত্ৰী যাত্ৰা ৰেকৰ্ড কৰা হৈছে ৭৮.৬৭ লাখ। এম আৰ টি এছৰ মূল পৰিমাপ অৰ্থাৎ সময়োপযোগীতা, নিৰ্ভৰযোগ্যতা, আৰু সুৰক্ষাত উৎকৃষ্টতাৰ প্ৰতিমূৰ্তি স্থাপন কৰি দিল্লী মেট্ৰ’ চহৰখনৰ আয়ুসৰেখাত পৰিণত হৈছে।

দিল্লী মেট্ৰ’ত মুঠ ৩৯২ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত ১২টা লাইন আছে। ২৮৮ টা ষ্টেচন আছে। দিল্লীত ভাৰতৰ ভিতৰতে সৰ্বাধিক মেট্ৰ’ সেৱাৰ কভাৰেজ আছে। দিল্লী মেট্ৰ’ বিশ্বৰ অন্যতম বৃহৎ মেট্ৰ’।

*****

MJPS/BM/DB