মন্ত্ৰীসভাৰ মোৰ সতীৰ্থবৃন্দ,
শ্ৰী থাৱৰচান্দ গাহলোট জী,
শ্ৰী ৰামবিলাস পাছোৱান জী,
ড. হৰ্ষবৰ্ধন জী,
শ্ৰী ৰামদাস আঠৱালে জী,
শ্ৰী কৃষ্ণপাল জী,
শ্ৰী বিজয় চাম্পলা জী,
ইয়াত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি তথা সকলো পুৰুষ-মহিলা, আজি সৰ্বপ্ৰথমে মই দেশবাসীক অভিনন্দন ও শুভেচ্ছা জনাইছো যে আজি দেশে ড. আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ ৰূপত এক অনবদ্য উপহাৰ লাভ কৰিছে৷
আজি বাবা চাহেব আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা এই ৰাষ্ট্ৰীয় স্মাৰকটো দেশলৈ উৎসৰ্গা কৰি মই নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰিছো৷ দেশত বৈশাখীও উদযাপন কৰি থকা হৈছে৷ এয়া হৈছে আমাৰ অন্নদাতা, আমাৰ কৃষক বন্ধুসকলৰ পৰিশ্ৰমক শ্ৰদ্ধা জনোৱা এটা দিন৷ এই ছএগতে মই সমগ্ৰ দেশবাসীক বৈশাখীৰ শুভেচ্ছা জনাইছো৷
আজি কুখ্যাত জালায়ানৱালাবাগ হত্যাকাণ্ডৰো বৰ্ষপূৰ্তি দিন৷ আজিৰ পৰা ৯৯ বছৰ পূৰ্বে ভাৰতীয় স্বতন্ত্ৰকামী জনতাৰ ওপৰত ইংৰাজসকলে যিদৰে বৰ্বৰোচিত আক্ৰমণ কৰিছিল সেয়া মানৱ ইতিহাসৰে আটাইতকৈ হৃদয় বিদাৰক ঘটনাসমূহৰ মাজৰ অন্যতম হৈ ৰ’ব৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী সেনানীক মই শ্ৰদ্ধা নিবেদন কৰিছো৷
বন্ধুসকল,
স্বাধীনতাৰ পিছত বহু চৰকাৰ আহিল, বহু গ’ল, বহু সময় অতিবাহিত হৈ গ’ল, কিন্তু যিবোৰ কাম কেতিয়াবাই হৈ যাব লাগিছিল সেইবোৰ এতিয়া হ’বলৈ আৰম্ভ কৰিছে৷ এইবাবেই, বাবা চাহেব যিখিনি ঠাইত শেষবাৰৰ বাবে সময় কটাইছিল, সেই ঠাইলৈ মই আহি, এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি কিছু আবেগিক হৈ পৰিছো৷ বাবা চাহেবৰ নামত, তেওঁৰ স্মৃতিত নিৰ্মিত ৰাষ্ট্ৰীয় স্মাৰক, দেশৰ প্ৰতি সশ্ৰদ্ধ উৎসৰ্গা কৰা হৈছে৷
কালি তেখেতৰ জন্মজয়ন্তী আৰু তাৰ এদিন পূৰ্বে আজি ইয়াত এই অনুষ্ঠানৰ আয়োজনে বাবা চাহেবৰ প্ৰতি আমাৰ চৰকাৰৰ অটুট শ্ৰদ্ধাৰ এক অনবদ্য নিদৰ্শন৷
এই পৱিত্ৰ কামটো সম্পন্ন কৰিবলৈ, মই সামাজিক ন্যায় আৰু প্ৰাধিকাৰী মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ অন্যান্য প্ৰাসঙ্গিক বিভাগসমূহক আন্তৰিকতাৰে প্ৰসংশা কৰিছো৷ এই স্মাৰকটোৰ নিৰ্মাণকাৰ্যত পৰিশ্ৰম কৰা প্ৰতিগৰাকী শ্ৰমিকলৈ মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছো৷ তেওঁলোকৰ হয়তো অধিকাংশ লোকেই ইয়াত নাই, এই কাৰ্যসূচীৰ পৰা আঁচৰত আছে, কিন্তু তেওঁলোকক মোৰ শতকোটি প্ৰণিপাত জনাইছো৷
বন্ধুবৃন্দ, ২৬ আলিপুৰ ৰোডত নিৰ্মাণ কৰা এই স্মাৰক এতিয়া কেৱল দিল্লীৰ বাবেই নহয়, দেশৰ মানচিত্ৰতো চিৰদিনৰ বাবে অংকিত হৈ ৰ’ব৷
ইয়ালৈ আহি জনসাধাৰণে বাবা চাহেব আম্বেদকাৰৰ জীৱনৰ সৈতে জড়িত বিভিন্ন কথা, তেওঁৰ জীৱন বীক্ষা, দৰ্শন আদি সম্পৰ্কে জানিবলৈ পাৰিব৷
• এই স্মাৰক এক অসাধাৰণ ব্যক্তিৰ অসাধাৰণ জীৱনৰ প্ৰতীক৷
• এই স্মাৰক, মা ভাৰতীৰ সুসন্তানগৰাকীৰ জীৱনৰ অন্তিম দিনবোৰৰ স্মৃতি৷
আদৰৰ ভাই-ভনীসকল,
এই স্মাৰকটোক এক গ্ৰন্থৰ আকাৰত প্ৰস্তুত কৰা হৈছে৷ সেই গ্ৰন্থখনেই আমাৰ দেশৰ সংবিধান, যিখনৰ প্ৰণেতা ড. আম্বেদকাৰ৷
যিখন সংবিধান ৰচনা কৰি বাবা চাহেবে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক গণতান্ত্ৰিক হৈ থকাৰ পথ দেখুৱাইছিল৷
আজিৰ নৱপ্ৰজন্ম যেতিয়া এই স্মাৰক চিহ্ন চাবলৈ আহিব তেতিয়া ইয়াত থকা প্ৰদৰ্শনী চাই, ইয়াত থকা সংগ্ৰহালয় চাই, ইয়াত সংযোজিত হোৱা অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে বাবা চাহেবৰ জীৱন সম্পৰ্কেদেশৰ জাতীয় জীৱনত তেওঁৰ প্ৰভাৱ সম্পৰ্কে গভীৰভাৱে জানিবলৈ পাৰিব৷
বন্ধুসকল,
আমাৰ চৰকাৰৰ বাবে এয়া অতি সৌভাগ্যৰ কথা যে বাবা চাহেব আম্বেদকাৰৰ জীৱনৰ সৈতে জড়িত দেশৰ পাচটা স্থানক পঞ্চতীৰ্থ হিচাপে বিকশিত কৰাৰ সুযোগ লাভ কৰিছে৷
মধ্যপ্ৰদেশৰ মহুত আছে বাবা চাহেবৰ জন্মভূমি,
লণ্ডনত আছে ড আম্বেদকাৰ মেম’ৰিয়েল – যিটো বাবা চাহেবৰ শিক্ষাভূমি,
নাগপুৰত আছে দীক্ষাভূমি
মুম্বাইত আছে চৈত্যভূমি, আৰু
এই দিল্লীত স্থাপন কৰা হ’ল মেশ্যনেল মেম’ৰিয়েল, যিটো বাবা চাহেবৰ মহাপ্ৰয়াণ ভূমি৷
এই স্থান, এই তীৰ্থ কেৱল ইটা-বালিৰ এটো একোট সৌধ নহয়, বৰঞ্চ একো একোটা জীৱনপীঠস্থান, জীৱনৰ আচাৰ-বিচাৰৰ বৃহৎ স্থান৷
বন্ধুসকল,
এই দিব্য-ভব্য অট্টালিকা এই চৰকাৰৰ কাম কৰাৰ এক সংস্কৃতিৰ প্ৰতীক হিচাপেও চিহ্নিত হৈ ৰ’ব৷ যেতিয়া অটল জীৰ চৰকাৰ আছিল তেতিয়াই এই ভূমিত ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মাণৰ প্ৰসঙ্গ উত্থাপিত হৈছিল৷
কিন্তু তেওঁৰ চৰকাৰ বদলি হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰৰ দিনত এই প্ৰকল্পৰ কাম স্তব্ধ হৈ ৰৈছিল৷
২০১৪ ত আমাৰ চৰকাৰ গঠনৰ পিছত পুনৰ এই ২৬ আলিপুৰ ৰোডৰ ফাইল খোল খালে আৰু অতি ক্ষীপ্ৰতাৰে এই কাম আৰম্ভ হ’ল৷
২১ মাৰ্চ, ২০১৬ তাৰিখে এই স্মাৰক চিহ্নৰ শিলান্যাস মুকলি কৰাৰ সময়তে মই কৈছিলো যে ২০১৮ ত বাবা চাহেবৰ জন্মজয়ন্তীত এই প্ৰকল্প দেশবাসীৰ হাতত অৰ্পন কৰিবলৈ মই আহিম৷ সময়ৰ আহ্বান, সংসাধনৰ ওপৰত গভীৰ আস্থা আৰু চৰকাৰৰ ইচ্ছাশক্তিয়ে কেনেদৰে পৰিৱৰ্তন আনে এয়া আমি আজি পুনৰবাৰ দেখিবলৈ পালো৷
বন্ধুসকল,
গণতন্ত্ৰত যেতিয়া জনসাধাৰণে উত্তৰ বিচাৰে, তাতকৈ পূৰ্বেই আপুনি নিজকে নিজৰ বাবে জবাবদিহি কৰিব লাগে, উত্তৰৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগে৷ প্ৰথমে নিজকে নিজৰ প্ৰশ্নৰ উত্তৰ দিব লাগে৷
কিন্তু আমাৰ ইয়াত পূৰ্বৰ চৰকাৰসমূহৰ সেই জবাবদিহি প্ৰৱণতা অতি কম দেখা গৈছিল৷ এই সামগ্ৰিক ব্যৱস্থাটোক এই চৰকাৰখনে সলনি কৰাৰ প্ৰয়াস কৰিছে বা সলনি কৰিছে৷ সম্ভৱতঃ আপোনালোকৰ বহুতেই দিল্লীৰ ১৫ জনপথৰ আম্বেদকাৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰলৈ গৈছে৷ ১৯৯২ চনতেই এই চেণ্টাৰটোৰ প্ৰসঙ্গ সমূখনৈ আহিছিল৷ কিন্তু ২২ বছৰ ধৰি এই সংক্ৰান্তীয় ফাইলটো ক’ৰবাত লুপ্ত হৈ ৰৈছিল৷
দিল্লীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ এবছৰৰ ভিৰতেই ২০১৫ চনৰ এপ্ৰিল মাহত মই এই চেণ্টাৰটোৰ শিলান্যাস মুকলি কৰিছিলো আৰু আজিৰ পৰা কেইমাহ মান পূৰ্বে ডিচেম্বৰ মাহত ইয়াক দেশৰ জনতাৰ নামত উৎসৰ্গা কৰিছো৷ এতিয়া ড. আম্বেদকাৰৰ চিন্তাধাৰাৰ প্ৰতীকস্বৰূপ এই অত্যাধুনিক ইণ্টাৰনেশ্যনেল চেণ্টাৰে নতুন দিল্লীৰ গৌৰৱৰো প্ৰতী হৈ পৰিছে৷
মোৰ আদৰৰ বন্ধুসকল,
সামগ্ৰিক ব্যৱস্থাৰ কায়কল্প এনে শক্তিশালী তেতিয়াহে হয়, যেতিয়া একেবাৰে তৃণমূল স্তৰলৈ গৈ বিভিন্ন অভাৱ-অসুবিধাৰ বিষয়ে তদাৰকৰ কৰা হয়, সেই সম্পৰ্কে বুজা হয়, সেইবোৰ আঁতৰ কৰা হয়৷
আজিৰ পৰা তিনিদিন পূৰ্বে মই সম্পাৰণলৈ গৈছিলো৷ তাৰ পৰাই মই মাধেপুৰাত থকা ইলেক্ট্ৰ’নিক লোকোম’টিভ ফেক্টৰীৰ প্ৰথম পৰ্যায়টো জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছো৷ এই প্ৰকল্পটোৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য৷
এই প্ৰকল্পটোৱে স্বীকৃতি পাইছে ২০০৭ চনতে, পিছে কাম আৰম্ভ হৈছে ২০১৫ চনতহে৷ ইয়াৰ আগৰ চৰকাৰে ৭ বছৰ এনেকৈয়ে অবাবত পাৰ কৰি দিচছিল৷ আমাৰ চৰকাৰৰ মাত্ৰ দুই-আঢ়ৈ বছৰৰ প্ৰয়াসতেই এতিয়া ফেক্টৰী বা কাৰখানাটোত বিশ্বৰ আটাইতকৈ শক্তিশালী ৰে’ল ইঞ্জিনসমূহৰ ভিতৰত অন্যতম ইঞ্জিনৰ নিৰ্মাণ হৈ আছে৷ মই আপোনাক এনেধৰণৰ প্ৰকল্পৰ তালিকা শুনাবলৈ ল’লে ৰাতিপুৱাই যাব৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত অপেক্ষা-ভ্ৰমিত-অপেক্ষাৰ দৰে কু-কৰ্মসংস্কৃতি লাভ কৰিব বুলি বাবা চাহেবে কেতিয়াও ভবা নাছিল৷ তেওঁ কেতিয়াও ভবাই নাছিল যে অনাগত চৰকাৰসমূহৰ প্ৰকল্পসমূহ ত্ৰিশ-চল্লিশ বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰ’ব৷ প্ৰকল্পসমূহ এনেদৰে অপূৰ্ণ হৈ থকাটো দেশৰ প্ৰতি এক ডাঙৰ অপৰাধ৷
বন্ধুসকল,
বিগত চাৰিটা বৰ্ষত আমাৰ চৰকাৰে বিচাৰি বিচাৰি বছৰ বছৰ ধৰি অপূৰ্ণ হৈ থকা প্ৰকল্পসমূহ পূৰ্ণ কৰি তোলাৰ বাবে কাম কৰি আছে৷
প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তদাৰকীত হ’বলগীয়া ‘প্ৰগতি’ বৈঠকসমূহৰ মাধ্যমেৰে চাৰে ন লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ধন ব্যয় সাপেক্ষ অসম্পূৰ্ণ প্ৰকল্পসমূহৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়োৱাৰ কাম কৰা হৈছে৷ বিগত চাৰিটা বৰ্ষত প্ৰগতি বৈঠকৰ দ্বাৰা দেশৰ বিকাশত যথেষ্ট ক্ষীপ্ৰতা আহি পৰিছে৷
বন্ধুসকল,
অভাৱত কেতিয়াও কান্দিব নালাগে আৰু প্ৰভাৱিত হৈ বিচলিত হ’ব নালাগে, এই মন্ত্ৰ যিকোনো লোকৰ বাবেই এক শক্তিত পৰিণত হৈ পৰিব পাৰে। এই শক্তি দিয়া কামটো বাবা চাহেব আম্বেদকাৰে আমাক তেওঁৰ নিজৰ জীৱনৰ পৰা দি থৈ গৈছে। সেইবাবেই এই চৰকাৰখনতো আপুনি কেতিয়াও অভাৱত কন্দা নেদেখিব। আমি আমাৰ হাতত থকা সংসাধন, নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰিয়েই আগবঢ়াৰ চেষ্টা অব্যাহত ৰাখিছো। এই চিন্তায়েই আমাক আমাৰ লক্ষ্য স্থিৰ কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ নিজৰ পূৰ্ণ শক্তি কেনেদৰে প্ৰয়োগ কৰিব পাৰি সেয়া শিকাইছে।
মৰমৰ ভাই-ভনীসকল
আজিৰ পৰা ঠিক এমাহ পূৰ্বে এই দিল্লীতেই এক কাৰ্যসূচী পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোক একত্ৰিত হৈছিল। সেই কাৰ্যসূচীতেই বিশ্বৰ বিভিন্ন দেশৰ লোকসকলে এটা বিষয় উতথাপন কৰিছিল যে কেনেদৰে যক্ষ্মা ৰোগক ২০৩০ চনৰ ভিতৰত দেশৰ পৰা নাইকিয়া কৰিব পাৰি। সেই বৈঠকতেই ভাৰতে ঘোষণা কৰিছিল যে ২০২৫ চনৰ ভিতৰত ভাৰতত যক্ষ্মা ৰোগ নাইকিয়া কৰাৰ বাবে কাম কৰা হ’ব।
অৰ্থাৎ আমি আমাৰ বাবে লক্ষ্যত উপনীত হোৱাৰ সময় অন্য দেশতকৈ ৫ বছৰ চমু চপাই লৈছো।
এতিয়া আপোনালোকে চিন্তা কৰক। পূৰ্বৰ চৰকাৰসমূহে কাম সম্পূৰ্ণ কৰাৰ তাৰিখবোৰ পিছুৱাই নিয়াৰ ক্ষেত্ৰত চিন্তা কৰিছিল, তাৰ বিপৰীতে এই চৰকাৰে কাম সম্পূৰ্ণ কৰাৰ তাৰিখ নিৰ্ধাৰিত তাৰিখতকৈও সোনকালে কৰাৰ ক্ষেত্ৰত বিশ্বাস ৰাখে। সেয়া লাগিলে দেশৰ দূৰ-দূৰণিৰ গৰ্ভৱতী মহিলা তথা শিশুৰ টীকাকৰণ কাৰ্যসূচীয়েই হওঁক বা গ্ৰামীণ পথ নিৰ্মাণ কাৰ্যসূচীয়েই হওঁক, এই চৰকাৰখনে কাম শেষ কৰাৰ লক্ষ্যত উপনীত হোৱা তাৰিখতকৈ দুই-তিনিবছৰ পূৰ্বেই কাম সম্পন্ন কৰিবলৈ লৈছে।
বন্ধুসকল,
বাবা চাহেবৰ বিচাৰধাৰাৰ মূলভেটিত বিভিন্ন ৰূপত নিহিত হৈ আছিল সমানতা।
সন্মানৰ সমানতা,
আইনৰ সমানতা,
অধিকাৰৰ সমানতা,
মানৱীয় গৰিমাৰ সমানতা,
সুযোগৰ সমানতা,
এনে কিমান যে ভিন ভিন বিষয়ক বাবা চাহেবে নিজৰ জীৱনত ধাৰাবাহিকভাৱে প্ৰয়োগ কৰি আহিছে। তেওঁ সদায়েই এক আশাৰ বতৰা দি আহিছে যে ভাৰতত চৰকাৰে সংবিধান পালন কৰাৰ যোগেদি, কোনো ভেদ ভাৱ নৰখাকৈ, জাতিভেদ নৰখাকৈ প্ৰতিনিয়ত আগবাঢ়ি গৈছে। আজি এইখন চৰকাৰৰ প্ৰতিটো আঁচনিতে আপোনালোকে সামাজিক ন্যায় আৰু কোনো ভেদভাৱ অবিহনেই সকলোতে সমানতাৰ অধিকাৰ দেখিবলৈ পাব। সামাজিক ন্যায় আৰু ভেদ ভাৱ নোহোৱা এক পৰিৱেশ আৰু সকলোকে সমান অধিকাৰ প্ৰদানৰ প্ৰয়াস দেখিবলৈ পাব। দশক দশক ধৰি আমাৰ দেশত যি ভাৰসাম্যহীনতা দেখা গৈছিল, সেই কু-প্ৰথা এই চৰকাৰখনে বিভিন্ন আঁচনিৰ যোগেদি সমাপ্ত কৰাৰ বাবে অহৰহ কাম কৰি আছে।
যেনে জনধন যোজনা। স্বাধীনতাৰ ইমান বছৰৰ পিছতো দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্ট নথকাটো প্ৰকৃতাৰ্থতেই এক সামাজিক অন্যায় হৈ আছিল। এই অন্যায় শেষ কৰাৰ কাম আমি কৰিছো। জনধন যোজনাৰ অধীনত এতিয়ালৈ দেশত ৩১ কোটিতকৈও অধিক বেংক একাউণ্ট খোলা হৈছে। টিক তেনেদৰেই দেশৰ কোটি কোটি পৰিয়ালত শৈচালয় নথকাটোও সামাজিক অন্যায়ৰে আন এক নাম আছিল। স্বচ্ছ ভাৰত অভিযানৰ যোগেদি এই চৰকাৰখনে ইতিমধ্যেই ৭ কোটি শৌচালয় নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ ভিতৰত প্ৰায় আঢ়ৈ কোটি শৌচালয় নিৰ্মাণ হৈছে গ্ৰামীণ এলেকাত থকা দ্লিত আৰু আদিবাসী বা জনজাতীয় লোকৰ ঘৰত। বিগত চাৰিটা বৰ্ষত দেশে দেখিছে যে কেনেদৰে এই শৌচালয়ৰ যোগেদি সন্মানো আহে সমানতাও আহে।
বন্ধুববৃন্দ,
আজিৰ এই আধুনিক সময়ছোৱাত কোনো লোকৰ ঘৰত যদিহে বিজুলী বাতি নাই তেন্তে সেয়াও এক সামাজিক অন্যায়। আমাৰ দেশত ২০১৪ চনত ১৮ হাজাৰ এনে গাওঁ আছিল, য’ত বিজুলীৰ কোনো চিন মোকামেই নাছিল। তেওঁলোক ১৮ শ শতিকাতেই ৰৈ গৈছিল। লালকিল্লাত কৰা সদম্ভ ঘোষণাৰ পিছত সেই গাওঁসমূহত বিদ্যুৎ সংযোগৰ কাম ক্ষীপ্ৰতাৰে কৰি থকা হৈছে। এই পৰ্যন্ত ১৬ হাজাৰৰো অধিক গাওঁত বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।
এতিয়া আমি দেশৰ প্ৰতিটো পৰিয়ালতে বিদ্যুৎ সংযোগ প্ৰদান কৰাৰ বাবে ক্ষীপ্ৰতাৰে কাম আৰম্ভ কৰা হৈছে।
প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনাৰ অধীনত দেশৰ ৪ কোটি ঘৰত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়া হৈছে। যেতিয়া ঘৰত পোহৰ থাকিব, সেই পোহৰ সমগ্ৰ সমাজতো বিয়পি পৰিব। স্বনিয়োজনক বিকাশ প্ৰদান কৰা মূদ্ৰা যোজনাইয়ো দেশত দশক দশক ধৰি চলি অহা অন্যায় শেষ কৰাৰ বাবে কাম কৰি আহিছে।
বেংকৰ পৰা ঋণ কেৱল ডাঙৰ ডাঙৰ আঁচনি প্ৰস্তুত কৰা লোকেহে লাভ কৰে, নিজৰ মেধা আৰু প্ৰতিভাৰ ভিত্তিত কিবা এটা কৰাৰ সপোন দেখা যুৱক-যুৱতীসকলক বেংক গ্যাৰাণ্টিৰ নামত দিনৰ পিছত দিন ধৰি ওভতাই পঠিয়াই থাকে, এনে পৰিস্থিতি সঁচাকৈয়ে ঠিক নহয়। এইবাবেই আমাৰ চৰকাৰে বেংক গ্যাৰাণ্টিবিহীন ঋণ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূদ্ৰা যোজনাৰ অধীনত এতিয়ালৈ ১২ কোটিতকৈও অধিক ঋণলৈ স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা গ্ৰামীণ আৰু নগৰীয়া অঞ্চলসমূহত স্বনিয়োজনৰ অপৰিসীম পথ মুকলি হৈছে। মূদ্ৰা যোজনাৰ অধীনত ২ কোটি ১৬ লাখতকৈও অধিক দলিত হিতাধিকাৰী উপকৃত হৈছে।
বন্ধুসকল,
এই বাজেটত চৰকাৰে আন এক ডাঙৰ আঁচনি ঘোষণা কৰিছে। ইতিমধ্যেই সমগ্ৰ বিশ্বতে এই আঁচনিৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে। সামাজিক ভাৰসাম্যহীনতা আঁতৰ কৰাৰ ক্ষেত্ৰত এই যোজনাৰ যোগেদি আমি এক ডাঙৰ প্ৰচেষ্টা হাতত লাছো। এই আঁচনিৰ নাম হৈছে আয়ুষ্মান ভাৰত। এই আঁচনিৰ অধীনত চৰকাৰে দেশৰ প্ৰায় ১১ কোটি দৰিদ্ৰ পৰিয়াল অৰ্থাৎ প্ৰায় ৪৫ ৰ পৰা ৫০ কোটি লোকক স্বাস্থ্য বীমা প্ৰদান কৰিব। দৰিদ্ৰ পৰিয়ালৰ যদিহে কোনো লোক ৰোগাক্ৰান্ত হয়, তেন্তে তেওঁলোকক ৫ লাখ টকালৈকে চিকিৎসা সুবিধা প্ৰদান কৰা হ’ব।
বন্ধুসকল,
আজি দেশৰ যিকোনো স্থানলৈ গ’লেই সেইসমূহ স্থানৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সৰ্বাধিক চৰ্চিত আঁচনিখনৰ নামেই হৈছে উজ্জ্বলা যোজনা। দশক দশক ধৰি গাওঁত এনেধৰণৰ পৰিস্থিতি আছিল যে গাওঁৰ মাত্ৰ কেইঘৰমানৰ ঘৰতহে ৰন্ধন গেছৰ সুবিধা আছিল। ৰন্ধন গেছ থকা বাবেই সেই অঞ্চলত সেই বিশেষ পৰিয়ালকেইটিৰ আছিল বিশেষ চিনাকি। যি পৰিয়ালত ৰন্ধন গেছৰ সুবিধা নাই, তেওঁলোকেই সামাজিক অন্যায়ৰ বলি হোৱাৰ অন্যতম উদাহৰণ। উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰে দেশত চাৰে তিনি কোটিতকৈও অধিক ৰন্ধন গেছৰ সংযোগ বিনামূলীয়াকৈ যোগান ধৰিছে। এতিয়া ইয়াৰ লক্ষ্য বৃদ্ধি কৰি ৮ কোটি কৰা হৈছে। মই বুজো যে বিগত ভালেমান দশকত ৰাইজলৈ মুকলি কৰি দিয়া বিভিন্ন আঁচনিৰ ভিতৰত এই আঁচনিখনেই হৈ ছে আটাইতকৈ জনপ্ৰিয় আঁচনি।
বন্ধুসকল,
সামাজিক অধিকাৰ এই চৰকাৰখনৰ বাবে কেৱল কোৱা বা শুনা বিষয় নহয়, বৰঞ্চ ই এক প্ৰতিশ্ৰুতি, ই এক প্ৰতিজ্ঞা।
যি নৱভাৰতৰ কথা মই কৈ থাকো, সেই একেই স্বপ্ন দেখিছিল বাবা চাহেবেও, সেয়েই স্বপ্নময় ভাৰত। ডাঃ আম্বেদকাৰৰ ১২৫ তম জন্মজয়ন্তী বিশ্বৰ বিভিন্ন প্ৰান্তত অতি অনন্য ধৰণে পালন কৰা হৈছে। এই সময়ছোৱাতে বিশেষ ডাক-টিকট, মূদ্ৰা আদিও মুকলি কৰা হৈছে।
গণতন্ত্ৰ দিৱসত বাবা চাহেব সম্বন্ধীয় সমদল উলিওৱা হৈছিল। আমেৰিকা আৰু ব্ৰিটেইনৰ য’ত বাবা চাহেবে শিক্ষা গ্ৰহণ কৰিছিল, তালৈ বহু শিক্ষাৰ্থী প্ৰেৰণ কৰা হৈছিল।
চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ২৬ নৱেম্বৰ তাৰিখে, যিদিনা সংবিধানখন গৃহীত কৰা হৈছিল সেই দিনটোকেই সংবিধান দিৱস হিচাপে ঘোষণা কৰে আৰু প্ৰথমবাৰৰ বাবে সংসদত সংবিধান সন্দৰ্ভত দুদিনলৈ আলাপ-আলোচনা হয়।
মোৰ আদৰ ভাই-ভনীসকল,
মই আজি দেশবাসীক স্পষ্টভাৱে ক’বলৈ বিচাৰিছো যে বাবা চাহেবৰ কৰ্মনিষ্ঠা, সত্যনিষ্ঠ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পৱিত্ৰ কামত তেওঁৰ যোগদানৰ যি আৰ্হি সিয়েই তেওঁক ভাৰতীয়ৰ হৃদয়ত স্থান দিছে।
অন্যথা কংগ্ৰেছে পূৰ্ণ শক্তি প্ৰয়োগ কৰি দেশৰ ইতিহাসৰ পৰাই তেওঁৰ নাম চিৰদিনৰ বাবে আঁতৰাই পেলাবলৈ বিচাৰিছিল। এয়া ইতিহাসেৰ খুব কঠিন সত্য যে বাবা চাহেব জীৱিত কালত কংগ্ৰেছে তেওঁক অপমানৰ কোনো সুযোগেই এৰা নাছিল।
এইবাবেই মোৰ আদৰৰ বন্ধু-বান্ধৱীসকল,
আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে কেনেদৰে কংগ্ৰেছে বাবা চাহেব জীয়াই থকা কালছোৱাত আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁক অপমান কৰি আহিছে।
আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে কেনেদৰে বাবা চাহেবে কংগ্ৰেছৰ প্ৰকৃত ছবিখন দেশবাসীৰ সমূখত দাঙি ধৰিছিল।
আজিৰ প্ৰজন্মৰ বাবে এইটো জনাটো অতিকৈ আৱশ্যকীয় যে যেতিয়া কংগ্ৰেছ আৰোপীৰে ভৰি থাকে, তেতিয়া সমূখৰ ব্যক্তিজনক কেনেদৰে সম্পূৰ্ণৰূপে আঁতৰাই পঠিয়াবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লয়।
কংগ্ৰেছ আৰু বাবা চাহেবৰ মাজত যেতিয়া সম্বন্ধ শেষ হোৱাৰ অন্তিম অৱস্থাত উপনীত হৈছিল, সেই সময়ৰ কিছু কথা সবিস্তাৰে বৰ্ণনা কৰিবলৈ বিচাৰিছো। এই কথাখিনি মনত পেলোৱাটো এইবাবেই দৰকাৰী কিয়নো এই কথাই কংগ্ৰেছৰ প্ৰকৃত ছবিখন সমূখলৈ আনিব।
বন্ধুসকল,
বিভিন্ন বিবদমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাবা চাহেবে নেহৰু মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰে। নিজৰ বক্তব্যত বাবা চাহেবে এটা এটাকৈ নিজৰ কষ্ট-সমস্যাবোৰ উল্লেখ কৰিছিল।
তেওঁ এই সমস্যাবোৰৰ কাৰণসমূহো সবিস্তাৰে উল্লেখ কৰিছিল, যাৰ বাবে তেওঁ পদত্যাগ কৰিছিল। মই সেই বক্তব্যৰ কেইটামান শাৰী মই আপোনালোকক ক’বলৈ বিচাৰিছো।
এই কথা মই উল্লেখ কৰাতো এইবাবেই অতি গুৰুত্বপূৰ্ণ যে সমগ্ৰ দেশৰ দলিত সমাজ, দেশৰ আদিবাসী লোকসকল, জনজাতীয় লোকসকল, পিছপৰা শ্ৰেণীৰ লোকসকল তথা সমগ্ৰ ভাৰতবাসীয়ে জানক যে দেশত জৰুৰীকালীন অৱস্থাৰ পৰিচয় কৰোৱা কংগ্ৰেছে সংবিধানৰ ৰচয়িতাৰ সৈতে কিধৰণৰ ব্যৱহাৰ কৰিছিল।
বন্ধুসকল, বাবা চাহেবে লগতে লিখিছিল –
“মোক কেবিনেটৰ কোনো কমিটিতেই লোৱা নহ’ল। সেয়া বৈদেশিক পৰিক্ৰমাই হওঁক বা সুৰক্ষা কমিটিয়েই হওঁক। যেতিয়া অৰ্থনৈতিক পৰিক্ৰমাৰ কমিটি গঠিত হৈছিল, তেতিয়া মোৰ অনুভৱ হৈছিল যে তাত নিশ্চয় মোক অন্তৰ্ভুক্ত কৰা হ’ব, কিয়নো মই আছিলো অৰ্থশাস্ত্ৰ আৰু বিত্ত বিভাগৰ ছাত্ৰ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মোক সেই কমিটিৰ পৰা আঁতৰাই ৰখা হ’ল।”
বাবা চাহেবক লৈ কংগ্ৰেছৰ কেনে চিন্তাধাৰা আছিল, তেওঁলোকৰ এই চিন্তাক আজিৰ পৰা ৭০ বছৰ পূৰ্বেই সণ্ঢালনি কৰি গৈছিল।
যিগৰাকী ব্যক্তিয়ে বিশ্বৰ একাধিক বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল, সেইজন মহান মনীষীকেই কংগ্ৰেছে অপমান কৰিছিল পলে পলে।
বাবা চাহেবে নিজেই কৈছিল যে তেওঁক এনে এটা মন্ত্ৰালয় দিছিল, য’ত কাম কৰিবলৈ বিশেষ একো নাছিল। তেওঁ ভাবিছিল যে তেওঁ বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰাৰ কামত নিয়োজিত হ’ব, য’ত তেওঁ যথাৰ্থতেই সিদ্ধহস্ত আছিল, তাত তেওঁৰ অভিজ্ঞতা, অনুভৱৰ ফল দেশক দিব পাৰিব, কিন্তু তেওঁক এই সকলোবোৰ দিশৰ পৰাই আঁতৰাই ৰখা হৈছিল। আনকি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময়তো কোনো মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব বাবা চাহেবক দিয়া হোৱা নাছিল।
বন্ধুসকল,
আৰু এটা ডাঙৰ কাৰণ আছিল যাৰ বাবে বাবা চাহেবে পদত্যাগ কৰিছিল। এই কাৰণটোৱেও নিৰ্দেশ কৰে যে কংগ্ৰেছৰ শাসনকালত দেশৰ দলিত শ্ৰেণীৰ লোকসকলৰ সৈতে, পিছপৰা শ্ৰেণীৰ লোকসকলৰ সৈতে কেনে ব্যৱহাৰ হয়।
নিজৰ বক্তব্যত বাবা চাহেবে কৈছিল –
“এতিয়া মই আপোনালোকক চৰকাৰৰ প্ৰতি মোৰ মোহভঙ্গ হোৱাৰ কাৰণ উল্লেখ কৰিবলৈ বিচাৰিছো। পিছপৰা শ্ৰেণী আৰু দলিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি কৰা ব্যৱহাৰৰ সৈতে জড়িত হৈ আছে এই প্ৰসঙ্গ।”
মোৰ এই আক্ষেপ সদায়েই আছে যে সংবিধানত পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰতি, তেওঁলোকৰ হিতসাধনৰ বাবে সঠিক ব্যৱস্থাৰ কথা উল্লেখ নাই। এই কাম এটা আয়োগৰ অনুমোদনৰ আধাৰতে হ’ব লাগিছিল।
সংবিধান গৃহীত হোৱা এবছৰৰো অধিক সময় উকলি গৈছিল, কিন্তু চৰকাৰে এতিয়ালৈ আয়োগ গঠনৰ বাবে চিন্তাই কৰা নাই।”
বন্ধুসকল,
তেতিয়াৰ পৰা আজিলৈ, কংগ্ৰেছৰ চিন্তাৰ সলনি নহ’ল। ৭০ বছৰ পূৰ্বেই পিছপৰা শ্ৰেণীৰ জাতিৰ বিৰুদ্ধে আয়োগক লৈ কংগ্ৰেছে কথা আগবাঢ়িবলৈ দিয়া নাছিল। আনকি ড. আম্বেদকাৰে পদত্যাগ পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল।
আজি ৭০ বছৰ পিছতো কংগ্ৰেছে সংসদত অ’বিচি কমিশ্যন (অন্যান্য পিছপৰা শ্ৰেণী আয়োগ)ক সাংবিধানিক স্বীকৃতি প্ৰদানত বাধা আৰোপ কৰি আহিছে। অ’বিচি কমিশ্যনে সাংবিধানিক স্বীকৃতি লাভ কৰাৰ পিছত এই আয়োগেও ST/SC আয়োগৰ লেখীয়াকৈ শক্তিসমৃদ্ধ হৈ পৰিব। কিন্তু কংগ্ৰেছে ইয়াতো বিধি-পথালি দিবলৈ আৰম্ভ কৰিছে।
বন্ধুসকল,
আপোনালোক সকলোৰে সৈতে মই বাবা চাহেবৰ ইস্তাফা বা পদত্যাগ সন্দৰ্ভত এইবাবেই সবিস্তাৰে আলোচনা কৰিছো এইবাবেই যে কংগ্ৰেছে বাবা চাহেবক দেশৰ আইন মন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা বুলি এক মিছা প্ৰচাৰ চলাই আহিছে।
আইন মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাৰ পিছত বাবা চাহেবৰ সৈতে কংগ্ৰেছে যি ধৰণৰ ব্যৱহাৰ কৰিছিল, সেয়া প্ৰতিগৰাকী ভাৰতীয়ই জানিব লাগে কিয়নো স্বাধীনতাৰ পিছত কংগ্ৰেছে এনে এক পৰিস্থিতি তন্ত্ৰ প্ৰস্তুত কৰি লৈছিল যে সমগ্ৰ দেশৰ ইতিহাস মাত্ৰ এটা পৰিয়ালৰ চৌপাশেই ঘূৰি ঘূৰি ৰৈ গ’ল।
যিসকলে কংগ্ৰেছৰ এই পৰিস্থিতি তন্ত্ৰ সমূখত মূৰ নোদোৱালে, সেইসকলক আনকি কিতাপতো ঠাই দিয়া নহ’ল।
বন্ধুসকল,
১৯৫১ চনত কেবিনেটৰ পৰা ইস্তাফা দিয়াৰ পিছত বাবা চাহেবে ১৯৫২ চনত লোকসভাৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
কংগ্ৰেছে সেই সময়ত কেৱল বাবা চাহেবৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাই নহয়, বৰঞ্চ নেহেৰু জীয়ে নিজেই বাবা চাহেবৰ বিৰুদ্ধে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছে জয়ী হ’বৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰা বাবেই বাবা চাহেবে পৰাজয়ৰ অপমান সহিবলগীয়া হৈছিল।
ইয়াৰ পিছত তেওঁ ১৯৫৩ চনত ভণ্ডাৰা আসনৰ বাবে লোকসভাৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হয়। কংগ্ৰেছে পুনৰবাৰ বাবা চাহেবৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰায় আৰু এইবাৰো বাবা চাহেবক লোকসভালৈ নিৰ্বাচিত হৈ অহাৰ পথ ৰুদ্ধ কৰে। এনেদৰে ধাৰাবাহিকভাৱে অপমান সহিবলগীয়া পৰিস্থিতিত বাবা চাহেবক সংগ দিয়ে ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে। আৰু তেওঁৰ প্ৰচেষ্টাতে বাবা চাহেব ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
বন্ধুসকল,
মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো। তেওঁলোকে এনে এটা কাম কওঁক, যিটো তেওঁলোকে বাবা চাহেবৰ বাবে কৰিছে। তেওঁলোকে এনে এটা কামৰ কথা কওঁক যিটো তেওঁলোকে বাবা চাহেবৰ সন্মানাৰ্থে কৰিছে।
মোৰ আদৰৰ ভাই-ভনীসকল,
আমি সকলোৱেই জানো যে ইয়াৰ উত্তৰ কংগ্ৰেছৰ হাতত নাই। উত্তৰৰ নামত তেওঁলোকে ক’ব পাৰে মিছা আৰু মিছা। সত্য এয়াই যে বাবা চাহেবৰ মৃত্যুৰ পিছত কংগ্ৰেছে ই যুগদ্ৰষ্টাগৰাকীৰ দেশৰ প্ৰতি থকা অৱদানকো নাইকিয়া কৰাৰহে চেষ্টা কৰিছিল। নেহৰুজীৰ পৰা আৰম্ভ কৰি ৰাজীৱ গান্ধীলৈ, কংগ্ৰেছে দেশৰ বহু লোককে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছে, কিন্তু তেওঁলোকে বাবা চাহেবক কেতিয়াও ভাৰত ৰত্নৰ বাবে যোগ্য বিবেচনা নকৰিলে।
বাবা চাহেবে তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিলে, যেতিয়া বি পি সিংৰ চৰকাৰ ভাৰতৰ শাসনলৈ আহিল, যেতিয়া অটল জী, যেতিয়া আডৱানি জীয়ে বাবা চাহেবক ভাৰত ৰত্ন দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে তেতিয়া।
সংসদৰ চেণ্ট্ৰেল হলত বাবা চাহেবৰ ছবি আৰি ৰখাৰ পদক্ষেপো বিজেপিৰেই এক আন্তৰিক প্ৰয়াস আছিল। অন্যথা বাবা চাহেবৰ ছবি সংসদ ভৱনত লগোৱাৰ বিৰুদ্ধে এই যুক্তি উত্থাপিত হ’লহেতেন যে চেণ্ট্ৰেল হলত ঠাই নাই।
ভাবকচোন, যিগৰাকী লোকে চেণ্ট্ৰেল হলত বহি সংবিধান ৰচনা কৰিছিল, সেই সংবিধান সন্দৰ্ভত ঘণ্টা ঘণ্টা ধৰি আলোচনাত মিলিত হৈছিল, যাৰ দ্বাৰা প্ৰণয়নকৃত সংবিধানৰ ভেটিতে যি সংসদ ভৱনত বহিছিল সেইগৰাকী লোকৰ বাবেই কংগ্ৰেছৰ শাসন কালতে চেণ্ট্ৰেল হলত স্থান নাছিল।
মোৰ আদৰৰ ভাই-ভনীসকল,
মই ডাঠি ক’ব পাৰো যে যদি ৯০ ৰ দশকত দেশৰ দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ ওপৰত দেশজুৰি চৰ্চা আৰম্ভ নহ’লহেতেন, তেন্তে কংগ্ৰেছে আজিও বাবা চাহেবৰ প্ৰতি দলৰ ঘৃণা ভাৱ সাৰ্বজনীন ৰূপত তেনেদৰেই দেখুৱালেহেতেন, যিদৰে পূৰ্বে দেখুৱাইছিল।
বাবা চাহেবৰ নামত কেৱল ভোটবেংক দেখে কংগ্ৰেছে, সেইবাবেই অনিচ্ছা সত্ত্বেও বাবা চাহেবৰ নাম ল’বলগীয়া পৰিস্থিতি হৈছে কংগ্ৰেছৰ।
মই বুজো, কংগ্ৰেছৰ নিজৰ ইতিহাস আছে, বাবা চাহেবৰ নাম ল’বলগীয়া হোৱাটো তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত এটা।
এয়া হৈছে বাবা চাহেবৰ বিভিন্ন মহান কামৰ, দেশৰ প্ৰতি তেওঁ আগবঢ়াই যোৱা সেৱাৰ ফল যে এটা পৰিয়ালৰ পূজা কৰাসকলে, এটা পৰিয়ালক দেশৰ ভাগ্যবিধাতা বুলি ভাবি থকাসকলে এতিয়া হৃদয়ত শিল ৰাখিও বাবা চাহেবৰ নাম লৈ থাকিবলগীয়া হৈছে।
কিন্তু মই জানো যে কংগ্ৰেছে এইখিনিও নকৰে। তেওঁলোকে কেৱল ভ্ৰম বিয়পাব পাৰে, দলিত, আদিবাসী, পিছপৰা শ্ৰেণীৰ লোকসকলক কেৱল মিছা কথা ক’ব পাৰে, তেওঁলোকৰ মাজত ভুল বাৰ্তা বিয়পাব পাৰে। এই প্ৰয়াসৰেই এখন ছবি আমি এই মাহৰে দুই তাৰিখে দেখিবলৈ পাইছো। কেতিয়াবা যদি সংৰক্ষণ বিষয়টোৰ সমাপ্তি ঘটোৱাৰ কথাক লৈ বিভ্ৰান্তি বিয়পায়, কেতিয়াবা আকৌ দলিত সকলক কৰা অত্যাচাৰৰ সৈতে জড়িত আইন শেষ কৰাক লৈ বিভ্ৰান্তি বিয়পোৱা, এইবোৰ কামৰ সৈতে জড়িত হৈ আহিছে কংগ্ৰেছ, ভাতৃৰ সৈতে ভাতৃৰ সংঘাত সৃষ্টিৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো সুযোগ এৰি নিদিয়ে।
বন্ধুসকল,
কংগ্ৰেছে কেতিয়াও বিচৰা নাছিল আৰু আজিও নিবিচাৰে যে দলিত শ্ৰেণীৰ লোকসকল আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলে উন্নয়ন লাভ কৰক, তেওঁলোক মুখ্যধাৰালৈ আহক।
আনফালে আমাৰ চৰকাৰে, বাবা চাহেবে দেখুওৱা পথেৰে আগবাঢ়ি সকলোৰে সৈতে সকলোৰে বিকাশ মূলমন্ত্ৰৰে সমাজৰ প্ৰতিটো শ্ৰেণীলৈ বিকাশৰ লাভ প্ৰেৰণ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।
যিকোনো ৰাজনৈতিক দল, বা ব্যক্তিয়েই যদিহে শ্ৰদ্ধাৰে বাবা চাহেবক অনুসৰণ কৰে, তেওঁৰ ওপৰত আস্থা ৰাখে তেওঁলোক কেতিয়াও কংগ্ৰেছৰ সৈতে থাকিব নোৱাৰে।
বন্ধুসকল,
মই যদিহে দৰিদ্ৰ আৰু পিছপৰা পৰিয়ালত জন্ম নহ’লোহেতেন, তেন্তে বাবা চাহেবক ইমান সহজে হয়তো বুজিবলৈ সক্ষম নহ’লোহেতেন। মই দৰিদ্ৰতা দেখিছো, জাতিৰ সৈতে জড়িত অপশব্দও শুনিছো, নানা তীৰ্যক মন্তব্যও শুনিছো। সেইবাবেই মোৰ দৰে লোকৰ বাবে এনে অনুভৱবোৰ অতি সহজ হৈ পৰিছিল যে সেই সময়বোৰত বাবা চাহেবে কেনেধৰণৰ কষ্ট সহ্য কৰিবলগীয়া হৈছিল। বাবা চাহেবৰ প্ৰেৰণাৰ ফলতেই কালিৰ পৰ, অৰ্থাৎ তেওঁৰ জন্মদিনৰ পৰা সমগ্ৰ দেশতে গ্ৰাম স্বৰাজ যোঁজনা আৰম্ভ কৰা হ’ব। মই নিজেই চট্টীশগড়ৰ বীজাপুৰত থাকিম। কালিৰ পৰা দেশত ক্ষেত্ৰীয় বিকাশত হ’বলগীয়া ভাৰসাম্যহীনতা, স্বাস্থ্যৰ অসন্তুলন আদি শেষ কৰিবৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভ কৰা হ’ব।
বন্ধুসকল,
সামাজিক ন্যায় এই চৰকাৰৰ বাবে কেৱল কোৱা বা শুনা বিষয় নহয়, ই এক প্ৰতিজ্ঞাৰ ৰূপ ধাৰণ কৰিছে। কিন্তু বিগত কেইটামান দিনত আমি যিধৰণৰ কৰ্মকাণ্ড দেখিবলৈ পাইছো, ই প্ৰকৃততেই সামাজিক ন্যায়ৰ ধাৰণাটোক ভেঙুচালি কৰে, প্ৰত্যাহ্বান জনায়।
বিগত দুটা দিন ধৰি যিবোৰ কথাই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে সেয়া নিশ্চিত ৰূপত একোখন সভ্য সমাজৰ বাবে লজ্জাৰ বিষয়। দেশৰ ভৱিষ্যৎৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি অহা স্বতন্ত্ৰ সেনানীসকলৰ বাবে এইবোৰ ঘটনা অপমানস্বৰূপ।
এখন সমাজ হিচাপে, এখন দেশ হিচাপে আমি ইয়াৰ বাবে অতিকৈ লজ্জিত। দেশৰ যিকোনো স্থানতে, যিকোনো ক্ষেত্ৰতে হোৱা এনেধৰণৰ ঘটনাই আমাৰ মানৱীয় সংবেদনাক জোকাৰি যায়। মই সমগ্ৰ দেশবাসীকে কথা দিছো যে কোনো অপৰাধীয়েই সাৰি নাযাব, ন্যায় অৱশ্যেই হ’ব আৰু সম্পূৰ্ণ হ’ব। আমাৰ সমাজৰ এই আভ্যন্তৰীণ কুসংস্কাৰ আঁতৰ কৰিবৰ বাবে আমি সকলোৱেই একেলগে কাম কৰিব লাগিব।
মই তো লালকিল্লাৰ পৰা কোৱাৰ সাহস কৰিছিলো যে ছোৱালীক নহয়, ল’ৰাক সোধক। আমি পাৰিবাৰিক ব্যৱস্থা, সামাজিক মূল্যবোধৰ পৰা আৰম্ভ কৰি ন্যায় ব্যৱস্থালৈকে, সকলোকে ইয়াৰ বাবে শক্তিশালী কৰি তুলিব লাগিব।
তেতিয়াহে আমি বাবা চাহেবৰ সপোনক সাকাৰ কৰিবলৈ সক্ষম হ’ম, এখন নৱ ভাৰত গঢ় দিবলৈ সক্ষম হ’ম।
বাবা চাহেবৰ আশীৰ্বাদ আপোনালোক সকলোৰে ওপৰত থাকক, তেওঁৰ বিচাৰধাৰাৰ দ্বাৰা আপোনালোক সকলোৱেই অনাবিলভাৱে প্ৰেৰিত হওঁক, এই কামনাৰেই আজিৰ এই বক্তব্য সামৰিছো।
পুনৰ এবাৰ আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক, বাবা আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ বাবে বহুতো শুভকামনা যাঁচিছো।
ধন্যবাদ !!!
*****
অতুল কুমাৰ তিৱাৰী/কাঞ্চন পটিয়াল/ৰং
26, अलीपुर रोड पर बना यह स्मारक देश के मानचित्र पर हमेशा के लिए अंकित हो गया है। pic.twitter.com/CLGo3WqV7D
— Narendra Modi (@narendramodi) April 13, 2018
हमारी सरकार का बड़ा सौभाग्य रहा है कि हमें पूज्य बाबासाहेब से जुड़े हुए 5 स्थानों को पंचतीर्थ के रूप में विकसित करने का अवसर मिला। ये स्थान, ये तीर्थ सिर्फ ईंट-गारे की इमारत भर नहीं हैं, बल्कि ये जीवंत संस्थाएं हैं, प्रेरणा के स्रोत हैं। pic.twitter.com/MSZ3bxp08M
— Narendra Modi (@narendramodi) April 13, 2018
पूज्य बाबासाहेब के विचारों का मूल तत्व है - समानता। हमारी सरकार की प्रत्येक योजना में सामाजिक न्याय और बिना किसी भेदभाव के सभी को समानता का अधिकार देने का प्रयास दिखेगा। pic.twitter.com/OEWTZydZeq
— Narendra Modi (@narendramodi) April 13, 2018
दलित, पिछड़े और आदिवासी भाइयों-बहनों के सम्मान के लिए हम पूरी तरह प्रतिबद्ध हैं। pic.twitter.com/MsxYOSbIL7
— Narendra Modi (@narendramodi) April 13, 2018
आज के युवाओं को जानना आवश्यक है कि किस तरह कांग्रेस ने पूज्य बाबासाहेब को हर समय अपमानित किया! pic.twitter.com/ZeIR6SsntW
— Narendra Modi (@narendramodi) April 13, 2018
आज भी कांग्रेस नहीं बदली। वो बाबासाहेब को अपमानित करती रहती है।
— Narendra Modi (@narendramodi) April 13, 2018
ओबीसी कमीशन के मामले में कांग्रेस का नकारात्मक रुख सब जानते हैं। pic.twitter.com/U2Fzd4IaDU
एक नहीं, दो बार कांग्रेस ने पूज्य बाबासाहेब को चुनाव में हराया।
— Narendra Modi (@narendramodi) April 13, 2018
उस समय अगर कोई पूज्य बाबासाहेब के साथ डटकर खड़े रहे तो वे थे डॉ. श्यामा प्रसाद मुखर्जी और जनसंघ। pic.twitter.com/sjxXBWkGVb
पूज्य बाबासाहेब के महापरिनिर्वाण के बाद कांग्रेस ने राष्ट्र निर्माण में उनके योगदान को भी मिटाने की कोशिश की।
— Narendra Modi (@narendramodi) April 13, 2018
भाजपा के प्रयासों के कारण उनकी तस्वीर सेंट्रल हॉल में लगाई गई, उन्हें भारत रत्न से सम्मानित किया गया। pic.twitter.com/9kCuBQbm2k
सबका साथ, सबका विकास के मंत्र के साथ हम बाबासाहेब की दिखाई राह पर चलते रहेंगे। pic.twitter.com/mdCnPvQVwg
— Narendra Modi (@narendramodi) April 13, 2018
Honoured to inaugurate the Dr. Ambedkar National Memorial at 26, Alipur Road in Delhi. Sharing my speech on the occasion. https://t.co/SEi55s07DQ pic.twitter.com/qNXBWXDbAW
— Narendra Modi (@narendramodi) April 13, 2018