Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিলছাদ গাৰ্ডেনৰ পৰা গাজিয়াবাদৰ নতুন বাছ আস্থানলৈকে দিল্লী মেট্ৰ’ কৰিড’ৰৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দিলছাদ গাৰ্ডেনৰ পৰা গাজিয়াবাদৰ নতুন বাছ আস্থানলৈকে দিল্লী মেট্ৰ’ কৰিড’ৰৰ সম্প্ৰসাৰণত অনুমোদন জনোৱা হৈছে৷ সম্প্ৰসাৰিত এই পথৰ দৈৰ্ঘ্য হ’ব ৯.৪১ কিলোমিটাৰ৷ সম্প্ৰসাৰিত ৰে’ল পথৰ মুঠ নিৰ্মাণ ব্যয় ১,৭৮১.২১ কোটি টকাৰ ভিতৰত ৩২৪.৮৭ কোটি টকা কেন্দ্ৰৰ বিত্তীয় সাহায্যটো কেবিনেটে অনুমোদন জনায়৷

এই প্ৰকল্প ৰূপায়ণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অতিৰিক্ত ৰাজহুৱা পৰিবহণৰ আন্তঃগাঁথনিত অত্যাৱশ্যকীয় সা-সুবিধা লাভ কৰিব৷

ভাৰত চৰকাৰ আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(ডিএনচিটিডি) বিশেষ উদ্দেশ্য গঠিত কোম্পানী(এছপিভি) দিল্লী মেট্ৰ’ ৰে’ল নিগম লিমিটেডে(ডিএমআৰচি) এই প্ৰকল্প ৰূপায়ণ কৰিব৷

***

AKT/SH/DB