Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দাৰ্জিলং, কালিমপং, জলপাইগুৰি আৰু কোচবিহাৰ-এই চাৰিখন জিলাক সামৰি জলপাইগুৰি এলেকাত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত জলপাইগুৰি এলেকাত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত অনুমোদন জনাইছে৷ দাৰ্জিলং, কালিমপং, জলপাইগুৰি আৰু কোচবিহাৰ-এই চাৰিখন জিলাক সামৰি চাৰ্কিট বেঞ্চ গঠন কৰা হ’ব৷

এয়া ১৯৮৮ চনত কলকাতা উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ আদালত বৈঠকৰ সিদ্ধান্ত, ১৬-০৬-২০০৬ৰ কেবিনেট বৈঠকত সিদ্ধান্তৰ ভিত্তিত গ্ৰহণ কৰা এক সিদ্ধান্ত, য’ত জলপাইগুৰিত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত অনুমোদন জনাইছিল৷ ইফালে, আন্তঃগাঁথনিমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে কলকাতা উচ্চ ন্যায়াধীশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত এটা দলে জলপাইগুৰি চাৰ্কিট বেঞ্চ স্থাপনৰ প্ৰস্তাৱিত এলেকা পৰিদৰ্শন কৰে৷

AKT/SNC/SH/DB