Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তৰল, শিথিল আৰু বৈশ্বিক এলএনজি বজাৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত প্ৰস্তাৱিত সহযোগিতামুলক চুক্তি স্বাক্ষৰত কেবিনেট অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত তৰল, শিথিল আৰু বৈশ্বিক পৰ্যায়ৰ এখনি তৰলীকৃত প্ৰাকৃতিক গেছৰ বজাৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত প্ৰস্তাৱিত সহযোগিতামুলক চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হয়।

এই সহযোগিতামুলক চুক্তিয়ে শক্তিখণ্ডত ভাৰত আৰু জাপানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰিব। ই ভাৰত গেছ যোগানৰ বৈচিত্ৰতাত বৰঙণি যোগাব। এই সহযোগিতামুলক চুক্তিৰ দ্বাৰা আমাৰ শক্তি খণ্ডৰ নিৰাপত্তা শক্তিশালী কৰাৰ লগতে গ্ৰাহকসকলে অধিক প্ৰতিযোগিতামুলক দামত শক্তি লাভ কৰিব।

এই চুক্তিখনে এলএনজি ঠিকা প্ৰদানত শিথিলতা, গন্তব্যস্থানৰ নিষেধাজ্ঞা বিলুপ্তি আৰু সকলোৰে সুবিধাজনক স্থানত এলএনজিৰ প্ৰকৃত চাহিদা আৰু যোগান প্ৰতিফলিত হোৱাকৈ স্থানীয় দৰ সূচক স্থাপন ইত্যাদি পৰিকাঠামোগত সহযোগিতা আগবঢ়াব।

,b>পটভূমিঃ

ভাৰত আৰু জাপান হৈছে বিশ্বৰ প্ৰধান শক্তি উপভোক্তাৰ অন্যতম। তৰলীকৃত প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত জাপান হৈছে বিশ্বৰ সৰ্বাধিক শক্তি আমদানিকাৰী দেশ আৰু এই তালিকা ভাৰতৰ স্থান চতুৰ্থ। জাপান-ভাৰত শক্তি সহযোগিতা প্ৰচেষ্টাৰ অধীনত ২০১৬ৰ জানুৱাৰীত কৰা চুক্তি অনুসৰি শক্তি বজাৰৰ উন্নীতকৰণৰ ক্ষেত্ৰত দুয়ো দেশে সহযোগিতাৰে কাম কৰাৰ সহমতত উপনীত হয়।

***

AKT/VBA/SH/DB