Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ত্ৰিপুৰাৰ চাহ বাগিচাৰ শ্ৰমিকৰ জীৱনলৈ পৰিৱৰ্তন আনিছে প্ৰধানমন্ত্ৰী আৱাসে

ত্ৰিপুৰাৰ চাহ বাগিচাৰ শ্ৰমিকৰ জীৱনলৈ পৰিৱৰ্তন আনিছে প্ৰধানমন্ত্ৰী আৱাসে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰে।  

 

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলে যোগদান কৰে।

 

প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। ত্ৰিপুৰাৰ চাহ বাগিচাৰ কৰ্মী শ্ৰী অৰ্জুন সিং, যি প্ৰধানমন্ত্ৰী আৱাস, উজ্জ্বলা যোজনা, বিনামূলীয়া শৌচালয়ৰ হিতাধিকাৰী, তেওঁ ১.৩ লাখ টকাৰ সাহায্য লাভ কৰাৰ পিছত কেঁচা ঘৰৰ পৰা পকী ঘৰলৈ স্থানান্তৰিত হৈ ধোঁৱাৰ চুলাৰ পৰা গেছ ষ্টোভলৈ উন্নীত হোৱাৰ লগে লগে তেওঁৰ জীৱন সলনি হৈ যায়। তেওঁ প্ৰধানমন্ত্ৰীক তেওঁৰ গাওঁ আৰু ওচৰৰ অঞ্চলত ‘মোদী কি গেৰাণ্টি কি গাড়ী’ক উৎসাহ সম্পৰ্কে অৱগত কৰে। হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা বিশেষ অসুবিধা নোহোৱাকৈ লাভ কৰাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ ব্যক্ত কৰে ।

 

*************************

DS//KG