প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত ছিকন্দৰাবাদ ৰে’ল ষ্টেচনত ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰে আৰু শিশুসকলৰ লগতে ৰে’লখনৰ কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
“বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হৈছে যিখনে ছিকন্দৰাবাদ আৰু তিৰুপতিৰ মাজত যাতায়াত বৃদ্ধি কৰিব। এই ৰে’লখনৰ বাবে মই তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ লোকসকলক অভিনন্দন জনাইছো।”
আইটি চিটি, হায়দৰাবাদৰ ভগৱান ভেংকটেশ্বৰৰ আবাসস্থলৰ সৈতে সংযোগ কৰিবলগীয়া ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছখন দ্বিতীয়খন বন্দে ভাৰত ৰেল যিখন তিনি মাহতকৈ কম সময়ৰ ভিতৰত তেলেংগানাৰ পৰা আৰম্ভ কৰা হৈছে। ৰেলখনে দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় প্ৰায় চাৰে তিনি ঘণ্টা হ্ৰাস কৰিব আৰু তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষভাৱে লাভজনক হ’ব।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে তেলেংগানাৰ ৰাজ্যপাল ডঃ তামিলিচাই সুন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে।
*************************
DS/TS/KG
Flagged off the Vande Bharat Express that enhances connectivity between Secunderabad and Tirupati. I congratulate the people of Telangana and Andhra Pradesh for this train. pic.twitter.com/BDJf9odw2k
— Narendra Modi (@narendramodi) April 8, 2023
సికింద్రాబాద్-తిరుపతిల మధ్య అనుసంధానతను మెరుగుపరిచే వందే భారత్ ఎక్స్ప్రెస్ను ప్రారంభించాను. ఈ సందర్భంగా తెలంగాణ,ఆంధ్రప్రదేశ్ రాష్ట్ర ప్రజలకు అభినందనలు తెలియజేస్తున్నాను. pic.twitter.com/cKytJ0jVic
— Narendra Modi (@narendramodi) April 8, 2023