Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তিনিবছৰীয়া সময় কালৰ বাবে ভাৰতৰ ২২সংখ্যক বিধি আয়োগ গঠনৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


তিনিবছৰীয়া সময় কালৰ বাবে ভাৰতৰ ২২সংখ্যক বিধি আয়োগখন গঠনৰ প্ৰস্তাৱলৈ আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ বৈঠকে জনোৱা অনুমোদন মৰ্মে এই আয়োগৰ সময় কাল আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ দিনাৰে পৰা আৰম্ভ হব।

লাভসমূহ

বিধিগত ব্যৱস্থাৰ আধাৰত অধ্যয়ন আৰু পৰামৰ্শ বিচাৰি প্ৰেৰণ কৰা আইন সংক্ৰান্তীয় বিভিন্ন প্ৰসংগসমূহৰ ক্ষেত্ৰত বিশেষজ্ঞ সকলৰে গঠিত আয়োগে আগবঢ়োৱা পৰামৰ্শৰে উপকৃত হব চৰকাৰ।

এই আয়োগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা বিভিন্ন আইনী প্ৰসংগসমূহৰ লগতে প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈয়ো গ্ৰহণ কৰা আইন সংক্ৰান্তীয় প্ৰসংগসমূহৰ গৱেষণা, দেশত প্ৰবৰ্তী থকা আইনৰ পুনৰীক্ষণ, সংস্কাৰ তথা নতুন আইন যুগুতোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। পদ্ধতিগত বিলম্ব আঁতৰাই, গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰাৰ লগতে আইনী প্ৰক্ৰিয়াত হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাসৰ দৰে পদক্ষেপ গ্ৰহণ কৰি ন্যায়দান ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবেও এই আয়োগে অধ্যয়ন তথা গৱেষণাত ব্ৰতী হব পাৰে।

আইন সংক্ৰান্তীয় পৰামৰ্শাৱলী চূড়ান্ত কৰাৰ পূৰ্বে বিধি আয়োগে সংশ্লিষ্ট মন্ত্ৰালয়-বিভাগ তথা বিশেষ প্ৰসংগত প্ৰয়োজন হোৱা বিভিন্ন পক্ষসমূহৰ সৈতে আলোচনাত মিলিত হয়।

প্ৰেক্ষাপট

ভাৰত চৰকাৰে আইনী পৰামৰ্শ গ্ৰহণ কৰিব পৰাকৈ সময়ে সময়ে বিধি আয়োগখন গঠন কৰি আহিছে। ১৯৫৫ চনত আৰম্ভ হোৱা এই আয়োগখন প্ৰতি তিনিবছৰৰ মূৰে মূৰে নতুনকৈ গঠন কৰা হয়। সেই অনুসৰি গঠিত হোৱা ২১ সংখ্যক বিধি আয়োগখনৰ কাৰ্যকাল ২০১৮ চনৰ ৩১ আগষ্টত অন্ত পৰিছিল।

দেশৰ আইনী ব্যৱস্থাটোক বিভিন্ন দিহা-পৰামৰ্শৰে বিকশিত কৰাৰ লগতে সমৃদ্ধও কৰি আহিছে এই আয়োগে। পাতনিৰে পৰা এই পৰ্যন্ত বিধি আয়োগে ২৭৭ খন প্ৰতিবেদন দাখিল কৰিছে।

ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰাৰ পৰা তিনিবছৰৰ বাবে গঠিত হব লগা ২২ সংখ্যক বিধি আয়োগখনত

ক) এগৰাকী পূৰ্ণকালীণ অধ্যক্ষ,

খ) চাৰিগৰাকী পূৰ্ণকালীণ সদস্য(সদস্য সচিবকে ধৰি),

গ) পদেন সদস্য হিচাপে ন্যায় পৰিক্ৰমা বিভাগৰ সচিবগৰাকীৰ লগতে,

ঘ) পদেন সদস্য হিচাপে থাকিব বিধি প্ৰণয়ন বিভাগৰ সচিবগৰাকী। তদুপৰি

ঙ) সৰ্বাধিক পাঁচগৰাকী অংশকালীন সদস্যৰে এই আয়োগ গঠিত হব।

 

******

VRRK/SC/KB