প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে যোৱা ৭ আগষ্টত চেন্নাইৰ কাৱেৰী হস্পিতালত মৃত্যুবৰণ কৰা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম.কৰুণানিধিৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে৷
তেওঁৰ আত্মাৰ সদগতিৰ বাবে কেবিনেটে দুই মিনিট সময় মৌনতা অৱলম্বন কৰে আৰু এক শোকপ্ৰস্তাৱ গৃহীত কৰে৷ প্ৰস্তাৱৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ—
“যোৱা ৭ আগষ্টত চেন্নাইৰ কাৱেৰী হস্পিতালত মৃত্যুবৰণ কৰা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম.কৰুণানিধিৰ বিয়োগত কেন্দ্ৰীয় কেবিনেটে গভীৰ শোকপ্ৰকাশ কৰিছে৷ তেওঁৰ মৃত্যুত দেশে এগৰাকী প্ৰবীণ আৰু বিশিষ্ট নেতাক হেৰুৱালে, যাক কালাইনাৰ হিচাপে জনা যায়৷”.
১৯২৪ৰ ৩ জুনত নাগাপাট্টিনাম জিলাৰ থিৰুকুভালাইত তেওঁ জন্ম গ্ৰহণ কৰিছিল৷ তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল৷ ১৯৫৭ত ৩৩ বছৰ বয়সত তেওঁ কুলিথালাই সমষ্টিৰ পৰা জয়ী হৈ তামিলনাডু বিধানসভাত প্ৰৱেশ কৰিছিল৷ ১৯৬৭ত তেওঁ তামিলনাডু চৰকাৰৰ মন্ত্ৰী হৈছিল আৰু ১৯৬৯ত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল৷ তেওঁ পাঁচবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
ৰাজনৈতিক জীৱন আৰু কেৰিয়াৰৰ বাহিৰে তেওঁ আছিল তামিলনাডু ছবি জগতৰ এগৰাকী জনপ্ৰিয় চিত্ৰনাট্যকাৰ৷ দ্ৰাবিড় আন্দোলনৰ আদৰ্শসমূহ প্ৰচাৰৰ বাবে তেওঁ চিনেমাক এক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল৷ ড০ এম. কৰুণানিধিয়ে লেখক আৰু সুবক্তা হিচাপেও খ্যাতি অৰ্জন কৰিছিল৷ কবিতা, চিত্ৰনাট্য, উপন্যাস, আত্মজীৱনী, মঞ্চ-নাট, সংলাপ আৰু ছবিৰ গান আদিৰ জৰিয়তে তেওঁ তামিল সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল৷
তেওঁৰ বিয়োগত তামিলনাডুৰ জনসাধাৰণে তেওঁলোকৰ এগৰাকী অতি জনপ্ৰিয় নেতা হেৰুৱালে৷
কেবিনেটে চৰকাৰ আৰু সমগ্ৰ দেশবাসীৰ হৈ তেওঁৰ পৰিয়ালবৰ্গ আৰু তামিলনাডুৰ জনসাধাৰণলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷
*****
AKT/SH/MS