প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত তামিলনাডুৰ কুনুড়ত নতুন ভাইৰেল ভেকচিন উত্পাদন গোট স্থাপনৰ বাবে পেষ্টিউৰ ইনষ্টিটিউট অৱ ইণ্ডিয়ালৈ ৩০ একৰ ভূমি প্ৰদানৰ বাবে উত্থাপিত প্ৰস্তাৱলৈ অনুমোদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই প্ৰকল্পটোৰ অধীনত পিআইআই কুনুড়ত ভাইৰেল ভেকচিন (যেনে টিচিএ বসন্ত ৰোগ প্ৰতিৰোধী ভেকচিন আদি) আৰু এণ্টি ছেৰা (যেনে সৰ্পদংশন প্ৰতিৰোধী আৰু ৰেবিজ প্ৰতিৰোধী ছেৰা) প্ৰস্তুত কৰা হ’ব। উল্লেখ্য যে এই প্ৰকল্পৰ বাবে আবণ্টিত ভূমি বিনামূলীয়াকৈ হস্তান্তৰ কৰা হ’ব।
এই প্ৰকল্পৰ বাবে ব্যৱহৃত ভূমিখিনি ঔদ্যোগিক ভূমিৰ পৰা প্ৰতিষ্ঠানিক ভূমি হিচাপে সলনি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।
লাভালাভসমূহ –
এই ভুমিৰ আবণ্টনে শিশুৰ বাবে জীৱন ৰক্ষাকাৰী ভেকচিন উত্পাদন, দেশৰ ভেকচিন সুৰক্ষা বিষয়টোক শক্তিশালীকৰণ কৰাৰ লগতে ভেকচিনৰ মূল্য হ্ৰাস কৰিব আৰু সম্প্ৰতি আমদানি কৰি অনা ভেকচিনৰ পৰাও ৰেহাই লাভ কৰিব।
********
AKT/RD