Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঢাকাত উপস্থিত প্ৰধানমন্ত্ৰী

ঢাকাত উপস্থিত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশত উপস্থিত হৈছে৷ এয়া এক ঐতিহাসিক ভ্ৰমণ, কিয়নো এইবাৰ শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী উপলক্ষে মুজিব বৰ্ষ; ভাৰত আৰু বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০তম বৰ্ষপূৰ্তি আৰু বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ ৫০তম বৰ্ষপূৰ্তি উদযাপন কৰিছে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু তেওঁৰ কেবিনেটৰ মন্ত্ৰীবৰ্গই প্ৰধানমন্ত্ৰী মোদীক হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে ১৯জাই গুলী ফুটুৱাৰ লগতে সেনাই অভিবাদন জনায়৷