Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ হৰেকৃষ্ণা মেহতাব জী এগৰাকী উজ্জ্বল ব্যক্তিত্ব আছিল যিয়ে ভাৰতক মুক্ত কৰিবলৈ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে মৰ্যাদা আৰু সমতাৰ জীৱন নিশ্চিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ হৰেকৃষ্ণা মেহতাব জীক এগৰাকী উজ্জ্বল ব্যক্তিত্ব হিচাপে অভিহিত কৰে যিয়ে ভাৰতক মুক্ত কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে মৰ্যাদা আৰু সমতাৰ জীৱন নিশ্চিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মেহতাব জীৰ ১২৫ সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী মোদীয়ে ড০ মাহতাবৰ আদৰ্শ পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

Responding to a post on X by the President of India, he wrote:

এক্সত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়া এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই তেওঁ লিখিছে:

“ড০ হৰেকৃষ্ণা মেহতাব জী এগৰাকী উজ্জ্বল ব্যক্তিত্ব আছিল যিয়ে ভাৰতক মুক্ত কৰিবলৈ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে মৰ্যাদা আৰু সমতাৰ জীৱন নিশ্চিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। উৰিষ্যাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিশেষভাৱে লক্ষণীয় আছিল। তেওঁ এগৰাকী চিন্তাবিদ আৰু বুদ্ধিজীৱীও আছিল। মই তেওঁৰ ১২৫ সংখ্যক জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁৰ আদৰ্শ পূৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছো।”

***

MJPS/SR/NB/BB