প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ হিচাপত জিডিটেল সমাধান ৰূপায়ণৰ সফলতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু পাপুৱা নিউগিনিৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত সহযোগিতাৰ বাবে ২৮ জুলাই, ২০২৩ত স্বাক্ষৰিত বুজাবুজি চুক্তিক অনুমোদন জনাইছে৷
সবিশেষঃ
দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধান (যেনে ইণ্ডিছ ষ্টেক) প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছে৷
এই বুজাবুজি চুক্তি উভয় পক্ষই স্বাক্ষৰ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ’ব আৰু ৩ বছৰৰ বাবে বলবৎ থাকিব।
প্ৰভাৱ:
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ক্ষেত্ৰত জি টু জি আৰু বি টু বি দুয়োটা দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা হ’ব।
বুজাবুজি চুক্তিখনৰ জৰিয়তে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ সূচনা কৰাত উন্নত সহযোগিতাৰ আশা কৰা হৈছে৷
****
DB/BM