Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডিজিটেল ইণ্ডিয়াৰ হিতাধিকাৰীকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ


বিগত কিছুদিন ধৰি মই চৰকাৰৰ বিভিন্ন প্রকল্পৰ দ্বাৰা লাভবান হোৱা দেশৰ বিভিন্ন প্রান্তৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছো। ইয়াক মই মোৰ জীৱনৰ এক অদ্ভূত অভিজ্ঞতা বুলি ক’ব খোজো। মই সদায়েই চৰকাৰৰ বিভিন্ন প্রকল্পই সাধাৰণ লোকসকলৰ জীৱনত কেনে পৰিৱর্তন আনিছে সেই বিষয়ে তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কথা পতাৰ, চৰকাৰী ফাইলৰ বাহিৰৰ জীৱনক জানিবলৈ চেষ্টা কৰো। মানুহৰ সৈতে প্ৰত্যক্ষভাৱে কথা ক’লে সকলো বিষয়ত তেওঁলোকৰ পৰা জানিব পাৰি অতিকে আনন্দ লাগে। লগতে কাম কৰাৰ এক নতুন শক্তিও আহৰণ কৰিব পৰা যায়। আজি ডিজিটেল ইণ্ডিয়াৰ কেইবাটাও প্ৰকল্পৰ হিতাধিকাৰীসকলৰ সৈতে কথা পতাৰ সুযোগ পাইছো।

মোক জনাইছে যে আজিৰ এই কার্যসূচীত মই সমগ্ৰ দেশৰ কমন চার্ভিছ চেন্টাৰসমূহৰ জৰিয়তে ৩লাখ দৰিদ্র লোকৰ সৈতে পোনপটীয়াকৈ যুক্ত হোৱাৰ সুযোগ পাইছো। এই কমন চার্ভিছ চেন্টাৰসমূহৰ সঞ্চালনকাৰী ভিএলইএছসকলেও তেওঁলোকৰ পৰা সেৱা গ্রহণকাৰী লোকসকলৰ লগতে সমগ্ৰ দেশৰ এনআইচি কেন্দ্ৰসমূহৰ জৰিয়তে ডিজিটেল ইণ্ডিয়াৰ হিতাধিকাৰীসকল আজি একত্রিত হৈছে। ১৬০০তকৈও অধিক সংস্থাই আজি এনকেএন অৰ্থাৎ নেচনেল ন’লেজ নেটৱর্কৰ জৰিয়তে সংযুক্ত হৈছে। তেওঁলোকৰ লগতে একাংশ ছাত্র, গৱেষক, বিজ্ঞানী আৰু অধ্যাপকো আমাৰ সৈতে আছে। সমগ্ৰ দেশত চৰকাৰী প্ৰকল্পৰ সাহায্যাৰ্থে যিবোৰ বিপিঅ’ স্থাপন কৰা হৈছে, সেই বিপিঅ’সমূহত কর্মৰত নবীন প্রজন্মইও আজি এই কার্যসূচীত আমাৰ সৈতে সংযুক্ত হৈ আছে। কেৱল ইমানেই নহয়, ম’বাইল ফোন নির্মাণ কাৰখানাসমূহত কর্মৰত একাংশ লোকে আজি প্রযুক্তিৰ জৰিয়তে আমাক তেওঁলোকৰ কাৰখানা দেখাব। তেওঁলোকেও আমাৰ সৈতে মত বিনিময় কৰিব।

সমগ্ৰ দেশৰ লক্ষাধিক লোকে স্ব-ইচ্ছাৰে Mygovৰ সৈতে জড়িত হৈছে। মই ভাবিছো ই এক অভূতপূর্ব ঘটনা, য’ত আজি আমি অতি কমেও ৫০লাখতকৈও অধিক মানুহে একেলগে কথা পাতিম! প্রত্যেকেৰে অভিজ্ঞতা শুনা, তেওঁলোকৰ সৈতে কথা পতাৰ ই এক অসাধাৰণ সুযোগ।

ডিজিটেল ইণ্ডিয়া প্রকল্প উদ্বোধনৰ সময়ত এটা সংকল্প আছিল যে দেশৰ সাধাৰণ যুৱক-যুৱতী, দুখীয়া লোক, কৃষকসকলক ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ সৈতে যুক্ত কৰাৰ লগতে তেওঁলোকক সবলীকৰণ কৰিম। একেদৰে গাওঁসমূহো এই প্ৰকল্পৰ সৈতে জড়িত হ’ব, এনে এক সংকল্প লৈ বিগত চাৰি বছৰ ধৰি ডিজিটেল সবলীকৰণৰ প্রতিটো বিষয়ৰ সন্দৰ্ভত কাম কৰা হৈছে। গাওঁসমূহক ফাইবাৰ অপটিক্সেৰ জৰিয়তে সংযোগ কৰা, কোটি কোটি মানুহক ডিজিটেল শিক্ষা প্ৰদান ককৰা কৰা, ম’বাইল ফোনৰ জৰিয়তে চৰকাৰী সেৱাক সকলোৰে ওচৰলৈ নিয়া, দেশত বৈদ্যুতিন সৰঞ্জাম নির্মাণৰ পৰিৱেশ সৃষ্টি কৰা, ষ্টার্টআপ আৰু উদ্ভাৱনক উৎসাহ যোগোৱা, বিভিন্ন স্থানত বিপিঅ’ আৰম্ভ কৰাৰ অভিযান চলোৱা; এনে অনেক প্রকল্প আজি সফলভাবে বাস্তৱায়িত হৈছে। এতিয়া আৰু পেন্সনপ্রাপক বয়স্কসকলে বহু দূৰৈত গৈ নিজৰ জীৱন প্রমাণ-পত্র জমা দিব নালাগে। তেওঁলোকে এতিয়া নিজৰ গাঁৱতে কমন চার্ভিছ চেণ্টাৰত গৈ অতি সহজে কাম কৰিব পাৰে। দেশৰ কৃষকসকলে বতৰৰ আগজাননী, ফচল আৰু মাটি সম্পর্কে নানা তথ্য অতি সহজে পাব পাৰে। ইয়াৰ সমান্তৰালভাৱে, নিজৰ ম’বাইলৰ জৰিয়তে অথবা কমন চাৰ্ভিছ চেণ্টাৰ গৈ অতি সহজে ডিজিটেল বজাৰ ‘ই-নাম’ৰ জৰিয়তে নিজৰ উৎপাদিত শস্য, শাক-পাচলি আৰু ফলমূল সমগ্ৰ দেশৰ যিকোনো বজাৰত বিক্ৰী কৰিব পাৰে।

আজি গাঁৱৰ শিক্ষিত ছাত্র-ছাত্রীসকলে কেৱল স্কুল-কলেজৰ নির্দ্ধাৰিত পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাথাকে। তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি ডিজিটেল গ্রন্থাগাৰত লাখ লাখ কিতাপ পঢ়িব পাৰে। এতিয়া তেওঁলোকে আৰু ছাত্রবৃত্তিৰ টকাৰ বাবে স্কুল-কলেজৰ পৰিকল্পিত পদ্ধতিৰ ওপৰত নির্ভৰশীল নহয়। তেওঁলোকৰ ছাত্রবৃত্তিৰ টকা এখন পোনপটীয়াভাৱে তেওঁলোকৰ বেংক একাউণ্টত জমা হৈ যায়। প্রযুক্তিৰ জৰিয়তে তথ্য সঞ্চাৰ বিপ্লৱৰ হাত ধৰি এইবোৰ কিছু সহজ কৰা সম্ভৱ হৈছে। আজিৰ পৰা কেইবা বছৰৰ আগলৈকে মহানগৰসমূহৰ পৰা দূৰৈত সৰু সৰু চহৰ, মফচল চহৰ আৰু গাওঁসমূহত মানুহে ভাবিব পাৰিচিল নে যে ৰে’ল ষ্টেচনত নোযোৱাকৈ, শাৰী নপতাকে, কেৱল ফোনৰ জৰিয়তে ৰে’লৰ টিকট কটা আৰু আসন সংৰক্ষণ কৰা সম্ভব! অথবা কেইবা ঘণ্টা শাৰী নপতাকৈ ৰন্ধন গেছ পোনপটীয়াকৈ ঘৰত পাব পাৰে! কৰপ্রদান, বিদ্যুৎ আৰু পানীৰ বিলৰ টকা কোনো চৰকাৰী বিভাগলৈ নোযোৱাকৈ ঘৰত বহিয়েই জমা কৰিব পৰা যায়। কিন্তু আজি সকলো কাম অতি সহজে কৰিব পৰা গৈছে। আপোনালোকৰ জীৱনৰ সৈতে জড়িত সকলো কাম এতিয়া কেৱল কেইটামান আঙুলি দূৰত, আৰু তাক মুষ্ঠিমেয় কেইজনমানৰ বাবে নহয়, সকলোৰে বাবে, দেশৰ যিকোনো নাগৰিকে ঘৰত বহিয়েই এনে সুবিধা পাব পাৰে! ইয়াৰ বাবে সমগ্ৰ দেশত কমন চাৰ্ভিছ চেণ্টাৰৰ নেটৱর্ক আৰু অধিক শক্তিশালী কৰা হৈছে।

ইতিমধ্যেই প্রায় ৩ লাখ কমন চাৰ্ভিছ চেণ্টাৰ খোলা হৈছে। আজি ডিজিটেল চাৰ্ভিছ ডেলিভাৰী চেণ্টাৰৰ এই বিশাল নেটৱর্ক ভাৰতৰ ১ লাখ ৮৩ হাজাৰ গাওঁ পঞ্চায়তত বিস্তাৰিত হৈছে। এইটো অতিকে আনন্দৰ কথা যে আজি লাখ লাখ যুৱকৰ লগতে ৫২ হাজাৰ মহিলা আজি গাওঁ পৰ্যায়ৰ উদ্যোগী (ভিএলই) হিচাপে কাম কৰি আছে।

এই কেন্দ্রসমূহৰ জৰিয়তে ইতিমধ্যে ১০ লাখৰো অধিক লোকক কর্মসংস্থাপন দিছে। সামগ্রিকভাবে লক্ষ্য কৰিলে এই কেন্দ্রসমূহ কেৱল সবলীকৰণেই নহয়, এইবোৰৰ জৰিয়তে শিক্ষা, উদ্যোগ আৰু কর্মসংস্থাপনো সু-নিশ্চিত হৈছে।

ভাৰতত যিমান পৰিৱর্তন আহিছে সেইবোৰ আপোনালোকেই আনিছে, আৰু নিজৰ আঙুলিৰ শক্তিৰে আনিছে, এই প্রগতি, এই আস্থা, এই উন্নয়ন, সংস্কাৰ, দক্ষতা আৰু ৰূপান্তৰৰ জৰিয়তে এইবোৰ কিছু বাস্তবায়িত হৈছে। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ জনাইছো।

নমস্কাৰ।

***

একেটি/ভিজে/DB