Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টেক্সাছৰ হিউষ্টনত প্ৰধানমন্ত্ৰীৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰিচয় বৰ্ণন


সুপ্ৰভাত হিউষ্টন,

সুপ্ৰভাত টেক্সাছ,

সুপ্ৰভাত আমেৰিকা,

ভাৰত তথা সমগ্ৰ বিশ্বৰ মোৰ ভাৰতীয় বন্ধুসকললৈ শুভেচ্ছা যাচিছো৷

বন্ধুসকল,

আজি ৰাতিপুৱা আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছেহি৷ প্ৰকৃততে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ তেওঁৰ নাম এই গ্ৰহৰ প্ৰত্যেকৰেই পৰিচিত৷ বিশ্বৰ ৰাজনীতিত তেওঁৰ নাম সততে উচ্চাৰণ হয়৷ তেওঁৰ প্ৰতিটো শব্দ কোটি কোটি লোকে অনুসৰণ কৰে৷ এই মহান দেশৰ সৰ্বোচ্চ পদ অধিকাৰ কৰাৰ পূৰ্বেও তেওঁ ইয়াত জনপ্ৰিয় আছিল৷ চি ই অৰ পৰা কমাণ্ডাৰইনচীফলৈ, ৰ্ডৰুমৰ পৰা অভেল অফিচলৈ, ষ্টুডিঅৰ পৰা বিশ্ব দৰবাৰলৈ, ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ তথা নিৰাপত্তালৈ, তেওঁ সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷

আজি তেওঁ আমাৰ সৈতে উপস্থিত হৈছেহি৷ এয়া মোৰ বাবে সন্মানৰ বিষয় আৰু তেওঁক এই বিশাল ষ্টেডিয়াম, বিশাল জনসংখ্যাৰ মাজত স্বাগতম জনাবলৈ বিশেষ অধিকাৰ লাভ কৰিছো৷ আৰু মই কব পাৰো যে যেতিয়াই তেওঁক মই সাক্ষাৎ কৰো, প্ৰতিবাৰে সেই একেই বন্ধুত্বসূলভ স্বভাৱ, আন্তৰিকতা, কৰ্ম তৎপৰতা আচৰণ প্ৰত্যক্ষ কৰো৷ তেওঁ হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিশ্ৰীযুত ডনাল্ড ট্ৰাম্প৷ এয়া অসাধাৰণ, এয়া নজিৰবিহীন৷

বন্ধুসকল,

আপোনালোকক অলপ আগেয়ে কোৱাৰ দৰে আমি কেইবাবাৰো পৰস্পৰে পৰস্পৰক সাক্ষাৎ কৰিছো আৰু তেওঁ প্ৰতিবাৰেই বন্ধুত্বসূলভ আচৰণ আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে৷ মই তেওঁক আন বহুতো কাৰণত অনুসৰণ কৰো৷ তেওঁৰ নেতৃত্বসূলভ স্বভাৱ, আমেৰিকাৰ প্ৰতি আৱেগ, প্ৰতিজন আমেৰিকানৰ প্ৰতি থকা চিন্তা, আমেৰিকাৰ ভৱিষ্যত সম্পৰ্কে উদ্বিগন আৰু আমেৰিকাক পুনৰ শক্তিশালী অৱস্থানত অধিষ্ঠিত কৰোৱাৰ বাবে থকা তেওঁৰ তীব্ৰ বাসনা৷ আৰু তেওঁ ইতিমধ্যেই আমেৰিকাৰ অৰ্থনীতি সৱল কৰি তুলিছে৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ বাবে যথেষ্ট সফলতা লাভ কৰিছে৷

বন্ধুসকল,

আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাৰতত বিশেষভাৱে সংযুক্ত৷ প্ৰাৰ্থী ট্ৰাম্পৰ বাবে এই শব্দলানি– ‘অবকি বাৰ ট্ৰাম্প চৰকাৰহোৱাইট হাউচত লক্ষাধিক সুখী চেহেৰা আৰু প্ৰশংসাৰ মাজত গুঞ্জৰিত হৈ উঠিছে৷ যেতিয়া তেওঁক মই প্ৰথম বাৰৰ বাবে লগ পাইছিলো, তেওঁ মোক কৈছিল, ‘‘হোৱাইট হাউচত ভাৰত প্ৰকৃত বন্ধু আছে৷’’ আপোনাৰ উপস্থিতিয়েই সেই কথাৰ সাক্ষ্য বহন কৰিছে৷ বিগত বৰ্ষসমূহত আমাৰ দুয়োখন ৰাষ্ট্ৰই মিত্ৰতাৰ ঊৰ্ধত স্থান লাভ কৰিছে৷ আজিৰ এই পুৱাৰ সময়খিনিত ৰাষ্ট্ৰপতি মহোদয় আপুনি, বিশ্বৰ দুখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ মহান মিত্ৰতাৰ হৃদয়ৰ ধ্বনি শুনিবলৈ পাৰিব৷ আপুনি আমাৰ দুয়োখন মহান দেশৰ জনতাৰ মাজৰ শক্তিশালী বান্ধোনৰ গভীৰতা অনুভূত কৰিবলৈ পাৰিব৷ হিউষ্টনৰ পৰা হায়দৰাবাদলৈ, বষ্টনৰ পৰা বেংগালুৰুলৈ, চিকাগোৰ পৰা ছিমলালৈ, লছ এঞ্জেলছৰ পৰা লুধিয়ানালৈ, নিউ জাৰ্ছীৰ পৰা নতুন দিল্লীলৈ, সকলোতে জনতাৰ মাজৰ সম্পৰ্ক প্ৰৱাহিত হবলৈ ধৰিছে৷

ভাৰতত আজি দেওবাৰৰ নিশা হোৱা স্বত্বেও, লক্ষাধিক লোকে আজি দূৰদৰ্শনৰ সন্মুখত বহি আছে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে আজি এই ৰচিত হোৱা ইতিহাস প্ৰত্যক্ষ কৰি আছে৷

মাননীয় ৰাষ্ট্ৰপতি, আপুনি মোৰ আপোনাৰ পৰিয়ালৰ সৈতে ২০১৭ চনত সাক্ষাৎ কৰাইছিল আৰু আজি মই আপোনাক মোৰ পৰিয়ালৰ সৈতে, কোটি কোটি ভাৰতীয়ক আৰু বিশ্বত প্ৰতিনিধিত্ব কৰা ভাৰতীয় ঐতিহ্যৰ সৈতে সাক্ষাৎ কৰাইছো৷

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, আপোনালোকৰ সন্মুখত মই মোৰ বন্ধু, ভাৰতৰ বন্ধু, মহান আমেৰিকান ৰাষ্ট্ৰপতি শ্ৰীযুত ডনাল্ড ট্ৰাম্পক প্ৰতিবেদন কৰিছো৷ 

 

***

 

VRRK/SH/AK/MANN