প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত ক্ষেত্ৰত অনুমোদন জনোৱা হয়৷
কেবিনেটে আজি যোগ্য এমএচএমই আৰু ইচ্ছুক মুদ্ৰা ধাৰকক তিনি লাখ কোটি টকালৈকে অতিৰিক্ত পূঁজিৰ বাবে ‘জৰুৰীকালীন ক্ৰেডিট গেৰাণ্টী আঁচনি’ত অনুমোদন জনায়৷
আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেড (এনচিজিটিচি)ৰ দ্বাৰা যোগ্য এমএছএমই আৰু ইচ্ছুক ধাৰকক গেৰাণ্টীযুক্ত জৰুৰীকালীন ক্ৰেডিট লাইন(জিইচিএল) সুবিধা হিচাপে তিনি লাখ কোটি টকালৈকে অতিৰিক্ত পূঁজিৰ বাবে ১০০শতাংশ গেৰাণ্টীৰে সামৰি লোৱা হ’ব৷
এই উদ্দেশ্যে ভাৰত চৰকাৰৰ দ্বাৰা বৰ্তমান আৰু অহা তিনি বছৰলৈ ৪১,৬০০ কোটি টকা প্ৰদান কৰা হ’ব৷
কেবিনেটে লগতে জিইচিএল সুবিধাৰ অধীনত এই আঁচনিৰ ঘোষণাৰ তাৰিখক লৈ ৩১.১০.২০২০ ৰ সময়ছোৱাত স্বীকৃত সকলো ঋণ তথা জিইচিএলৰ অধীনত ৩,০০,০০০ কোটি টকালৈকে ঋণৰাশিৰ স্বীকৃতি দি ইয়াৰে যিবোৰ আগতে আছিল, সেইবোৰত প্ৰযোজ্য হ’ব বুলি অনুমোদন জনায়৷
বিৱৰণঃ
জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টী আঁচনি (ইচিএনজিএছ) ক’ভিড-১৯ আৰু ইয়াৰ পাছত লকডাউনৰ বাবে সৃষ্টি অনাকাংক্ষিত পৰিস্থিতি নিৰ্মূল কৰাৰ বাবে এক নিৰ্দিষ্ট উপায় হিচাপে গঠন কৰা হৈছে৷ ইয়াৰ দ্বাৰা এমএছএমই খণ্ডত নিৰ্মাণ আৰু অন্যান্য কাম-কাজ বেয়া ধৰণে প্ৰভাৱিত হৈছে৷ এই আঁচনিৰ উদ্দেশ্য হৈছে বিত্তীয় সমস্যাৰ সন্মুখীন হোৱা এমএছএমইক সম্পূৰ্ণ গেৰাণ্টীযুক্ত জৰুৰীকালীন ক্ৰেডিট লাইন হিচাপে তিনি লাখ কোটি টকালৈকে অতিৰিক্ত পূঁজি যোগানেৰে খণ্ডটোক সকাহ দিয়া৷ এই যোজনাৰ মুখ্য উদ্দেশ্য হৈছে সদস্য ঋণদাতা সংস্থাসমূহ তথা বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান(এনবিএফচি)ক ক’ভিড-১৯ সংকটৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা এমএছএমই ধাৰকক দিয়াৰ বাবে তেওঁলোকক ওচৰত অতিৰিক্ত পূঁজি যোগান ধৰা৷ তেওঁলোকক ঋণদাতাৰ দ্বাৰা জিইচিএল পূঁজিৰ পুনৰ লেনদেন নকৰাৰ বাবে হ’বলগীয়া যিকোনো ধৰণৰ লোকচানৰ বাবে ১০০ শতাংশ গেৰাণ্টী প্ৰদান কৰা হ’ব৷
এই আঁচনিৰ মুল বৈশিষ্ট্যসমূহ –
১৷ আঁচনিৰ অধীনত জিইচিএল পূঁজিৰ বাবে সকলো এমএছএমই যোগ্য হ’ব, যাৰ বকেয়া ঋণ ২৯.০২.২০২০ত ২৫ কোটি টকা, যিটো এই তাৰিখৰ পাছত ৬০ দিনলৈকে তথা তাতকৈ কম দিনলৈকে লাভ কৰিব অৰ্থাৎ নিয়মিত এছএমএ ০ আৰু এছএমএ ১ একাউণ্ট অথবা যাৰ এক কোটি টকালৈকে বাৰ্ষিক লেনদেন হয়৷
২৷ যোগ্য এমএছএমই ঋণগ্ৰহীতাক জিইচিএল পূঁজি তথা অতিৰিক্ত সক্ৰিয় পূঁজি ম্যাদী ঋণ (বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত) বা ম্যাদী ঋণ (এনবিএফচিৰ ক্ষেত্ৰত) হিচাপে তেওঁলোকক ২০২০ৰ ২৯ ফেব্ৰুৱাৰীত ২৫ কোটি টকালৈকে মুঠ বকেয়া ৰাশিৰ ২০ শতাংশ হ’ব৷
৩৷ ইচিএলজিএছৰ অধীনত জিইচিএলৰ জৰিয়তে যাবলগীয়া সম্পূৰ্ণ পূঁজি এনচিজিটিচিৰ দ্বাৰা সদস্য ঋণদাতা সংস্থাক ১০০ শতাংশ ক্ৰেডিট গেৰাণ্টীৰ সৈতে হ’ব৷
৪৷ আঁচনিৰ অধীনত ঋণৰ সময়সীমা ৪ বছৰ হ’ব আৰু ইয়াৰ ম’টেৰিয়াম সময় মুলধনৰ এবছৰ হ’ব৷
৫৷ আঁচনিৰ অধীনত এনচিজিটিচিৰ দ্বাৰা সদস্য ঋণদাতাৰ প্ৰতিষ্ঠানসমূহৰ পৰা কোনো গেৰাণ্টী ৰাশি লোৱা নহয়৷
৬৷ আঁচনিৰ অধীনত সুদৰ হাৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে সৰ্বোচ্ছ ৯.২৫ শতাংশ আৰু অনা বেংকিং প্ৰতিষ্ঠানৰ বাবে সৰ্বোচ্ছ ১৪% হ’ব৷
ৰূপায়ণঃ
কেবিনেটে লগতে জিইচিএল সুবিধাৰ অধীনত এই আঁচনিৰ ঘোষণাৰ তাৰিখক লৈ ৩১.১০.২০২০ ৰ সময়ছোৱাত স্বীকৃত সকলো ঋণ তথা জিইচিএলৰ অধীনত ৩,০০,০০০ কোটি টকালৈকে ঋণৰাশিৰ স্বীকৃতি দিয়ে, ইয়াৰে যিবোৰ আগতে আছিল, সেইবোৰত প্ৰযোজ্য হ’ব৷
প্ৰভাৱঃ
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ ফলত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিৰ পৰা এমএছএমই খণ্ডক উদ্ধাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হয়৷ এই খণ্ডটোৱে অৰ্থনীতি আৰু নিয়োগ সৃষ্টি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে কম সুদৰ জৰিয়তে ৩ লাখ কোটি টকাৰে অতিৰিক্ত ঋণৰ ব্যৱস্থা কৰি খণ্ডটোৰ পুনৰুজ্জীৱিত কৰাত সহায়ক হ’ব৷ ইয়াৰ ফলত অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পৰিব৷
*******************
VRRK/SH/DB