নমস্কাৰ!
এই অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে জৈনাচার্য শ্রী বিজয় নিত্যানন্দ সুৰিশ্বৰজী, আচার্য শ্রী বিজয় চিদানন্দ সুৰিজী, আচার্য শ্রী জয়ানন্দ সুৰিজী, এই মহোৎসৱৰ পথ প্রদর্শক মুনি শ্রী মোক্ষানন্দ বিজয়জী, শ্রী অশোক জৈনজী, শ্রী সুধীৰ মেহতাজী, শ্রী ৰাজ কুমাৰজী, শ্রী ঘিসুলালজী তথা আচার্য শ্রী বিজয় বল্লভ সুৰিজীৰ সমস্ত অনুগামী বন্ধুগণ। আপোনালোক সকলোকে যুগদ্রষ্টা, বিশ্ববন্দিত বিভূতি, কলিকাল কল্পতৰু, পাঞ্জাব কেশৰী আচার্য শ্রী বিজয় বল্লভ সুৰিশ্বৰজীৰ ১৫০তম মহা মহোৎসৱৰ সমাপন উৎসৱ উপলক্ষে অনেক অনেক শুভকামনা জনাইছো।
এই নতুন বছৰটো আধ্যাত্মিক আলোকবর্তিকাৰ বছৰ, প্রেৰণাদায়ী বছৰ। এটাই আমাৰ সৌভাগ্য যে এই আয়োজনত আপোনালোকৰ সকলোৰে আশীর্বাদ পোৱাৰ সুযোগ লাভ হৈছে। শ্ৰাদ্ধ শতবর্ষ জন্ম মহোৎসৱৰ জৰিয়তে এফালে ভগৱান শ্রী মহাবীৰ স্বামীৰ অহিংসা তথা অপৰিগ্রহতাৰ বাবে সিদ্ধান্তসমূহৰ প্রচাৰ আৰু প্রসাৰ কৰা হৈছে, লগতে গুৰু বল্লভৰ বার্তাকো প্রত্যেক মানুহৰ কাষ চপাই নিয়া হৈছে। এই সুন্দৰ আয়োজনৰ বাবে আমি আচার্য শ্রীমদ বিজয় নিত্যানন্দ সুৰিশ্বৰজী মহাৰাজক বিশেষভাৱে অভিনন্দন জনাবলৈ বিচাৰিছো। আপোনাৰ দর্শন, আশীর্বাদ তথা সান্নিধ্য পোৱাৰ সৌভাগ্য আমাৰ হৈছিল ভদোদৰা তথা ক্ষুদ্ৰ উদয়পুৰৰ কম্বাট গাঁৱত। আজি পুনৰ এবাৰ আপোনাৰ সন্মুখত উপস্থিত হোৱাৰ সৌভাগ্য হৈছে। ইয়াক মই জীৱনৰ এটি পূণ্য কাম বুলি বিবেচনা কৰিছো। সন্তজন আচার্য শ্রীমদ বিজয় নিত্যানন্দ সুৰিশ্বৰজী মহাৰাজে কৈছিল, “গুজৰাটৰ ভূমিয়ে আমাক দুজন বল্লভ দিছে।’’ ৰাজনীতিৰ ক্ষেত্রত চর্দাৰ বল্লভভাই পেটেল, আৰু আধ্যাত্মিক ক্ষেত্রত জৈনাচার্য বিজয় বল্লভ সুৰিশ্বৰজী মহাৰাজ। এইখিনিতে এই দুই মহাৰাজৰ মাজত আমি এটা মিল দেখা পাও। উভয়েই ভাৰতৰ ঐক্য তথা সৌভ্রাতৃত্ব বৰ্তাই ৰখাৰ বাবে নিজৰ জীৱন সমর্পণ কৰিছিল৷ আমাৰ সৌভাগ্য যে দেশে আমাক চর্দাৰ বল্লভভাই পেটেলৰ বিশ্বৰ সর্বোচ্চ মূর্তি ‘ষ্টেচু অব্ ইউনিটি’ উদ্বোধনৰ সুযোগ দিছে। আৰু আজি জৈনাচার্য বিজয় বল্লভজীৰ ‘ষ্টেচু অব্ পীচ’-ৰ আৱৰণ উন্মোচনৰ সৌভাগ্যও আমাৰ হৈছে।
সাধুগণ, ভাৰত সর্বদা সমগ্ৰ বিশ্বক, মানবতা, শান্তি, অহিংসা তথা বন্ধুত্বৰ পথ প্ৰদৰ্শিত কৰিছে। এয়া এক এনে বার্তা যাৰ প্রেৰণা সমগ্ৰ পৃথিবীয়ে ভাৰতৰ পৰা পাইছে। এই পথ প্রদর্শনৰ বাবে বিশ্বই আজি ভাৰতৰ দিশে প্ৰত্যক্ষ কৰিছে। আমাৰ দৃঢ় বিশ্বাস, এই ‘ষ্টেচু অব্ পীচ’ বিশ্বত শান্তি, অহিংসা তথা তাৰে এটি প্রেৰণাস্থল হৈ উঠিব।
বন্ধুগণ,
আচার্য বিজয় বল্লভজীয়ে কৈছিল, “ধর্মৰ কোনোটো পাৰ বাধাৰ সৰোবৰ নহয়, ই এটি প্রবহমান ধাৰা যি সকলোকে সমানভাৱে অনুভৱ কৰায়।” তেওঁৰ এই বার্তা আজি সমগ্ৰ বিশ্বৰ বাবে অত্যন্ত প্রাসংগিক হৈ উঠিছে। তেওঁৰ জীৱনৰ যি প্ৰভাৱ আছিল তাত তেওঁৰ সম্পর্কে অনেক বিস্তাৰিত পঠন পাঠৰ প্রয়োজন হৈছে, তেওঁৰ জীৱন দর্শনক অনুভৱ কৰাৰ প্রয়োজন হৈছে। তেওঁ এজন দার্শনিক আছিল তথা এজন সমাজ সংস্কাৰো আছিল। তেওঁ যি দূৰদৃষ্টিসম্পন্ন মানুহ আছিল, তেনে ধৰণে এজন জন-সেৱকো আছিল। তেওঁ তুলসীদাস, আনন্দঘন তথা মীৰাৰ দৰে পৰমাত্মাৰ ভক্ত কবি আছিল। লগতে তেওঁ আধুনিক ভাৰতৰ স্বপ্নদ্রষ্টাও আছিল। এনে ব্যক্তিৰ বার্তা, তেওঁলোকৰ শিক্ষা তথা তেওঁলোকৰ জীৱনৰ কথা আমাৰ নতুন প্রজন্মৰ কাষলৈও প্ৰেৰণ কৰাটো অত্যন্ত দৰকাৰ।
বন্ধুগণ,
আপোনালোকে যদি ভাৰতৰ ইতিহাসৰ দিশে অনুভৱ কৰে, যেতিয়াই ভাৰতত অভ্যন্তৰীণ আলোকৰ প্রয়োজন হৈছে, তেতিয়াই সন্ন্যাসী পৰম্পৰাৰে কোনোবা নহয় কোনোবাজনৰ সূর্যোদয় হৈছে, কোনোবা নহয় কোনোবাজন ডাঙৰ সন্ন্যাসী প্রত্যেক সময়েই আমাৰ দেশত উদিত হৈছেন যিয়ে সেই সময়ত সমাজক পথ প্ৰদৰ্শিত কৰিছে। আচার্য বিজয় বল্লভজীও এনেকুৱাই এজন সন্ন্যাসী আছিল। পৰাধীন ভাৰতত তেওঁ দেশৰ গাঁৱে গাঁৱে, চহৰে চহৰে পদযাত্রা কৰিছিল, দেশেৰ স্পন্দনক জগাই তোলাৰ বাবে অনেক চেষ্টা কৰিছিল। আজি যেতিয়া আমি স্বাধীনতাৰ ৭৫ বর্ষপূর্তিৰ দিশে আগবাঢ়িছো, স্বাধীনতা আন্দোলনৰ এটি দিশক বিশ্বৰ সন্মুখত কোনোবা নহয় কোনোজনক তুলি ধৰা হৈছে৷ সেই দিশটোৱেই বিশ্বই প্ৰত্যক্ষ কৰিছে। কিন্তু আমাৰ সকলো সময়তে এটি কথা মনত ৰাখিব লাগিব যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভিত্তি আছিল ভক্তি আন্দোলন। ভক্তি আন্দোলনৰ জৰিয়তে দেশৰ সাধু, মহন্ত, ঋষি, মুনি, আচার্য, ভগৱন্তই ভাৰতৰ প্ৰান্তে প্ৰান্তে সেই সাধাৰণ মানুহৰ মনত সেই চেতনা জগাই তুলিছিল। এনেদৰে ভিত্তি তৈয়াৰ কৰিছিল যে সেই ভিত্তিয়ে পৰৱর্তী কালত স্বাধীনতাৰ আন্দোলনত অনেক বৃহৎ শক্তি সংযোগ কৰিছিল। আৰু সেই ভিত্তি প্রস্তুতকাৰী দেশৰ অসংখ্য সন্ন্যাসীৰ অন্যতম আছিল আমাৰ বল্লভগুৰু। গুৰু বল্লভৰ এই ক্ষেত্রত বৃহৎ অৱদান আছিল। তেওঁ স্বাধীনতা আন্দোলনৰ ভিত্তি তৈয়াৰ কৰিছিল। কিন্তু আজি একবিংশ শতাব্দীৰ আচার্যৰ ওচৰত, সন্ন্যাসী ভগৱন্তৰ ওচৰত, ঠাকুৰৰ কাষত এটি অনুৰোধ ৰাখিবলৈ বিচাৰিছো, যি ভাবে স্বাধীনতা আন্দোলনৰ ভিত্তি ভক্তি আন্দোলনৰ পৰা আৰম্ভ হৈছিল, ভক্তি আন্দোলনে যি ভাবে স্বাধীনতা আন্দোলনত শক্তি যোগাইছিল, ঠিক সেই ভাবেই আজি আপোনালোকে আত্মনির্ভৰ ভাৰতৰ ভিত্তি প্রস্তুত কৰাৰ বাবে আগবাঢ়ি আহক। আজিৰ সন্ন্যাসী, মহন্ত তথা আচার্যসকল যিফালেই যাব, সিফালেই বক্তব্য ৰাখিব, আপোনালোকৰ শিষ্যই হওক অথবা অনুগামী সন্ন্যাসীৰ সৈতে কথা ক’ব, আপোনালোকৰ মুখেৰে যেন অহৰহ দেশৰ প্রত্যেক মানুহৰ বাবে এই বার্তা প্রচাৰিত হয় যাতে তেওঁলোকৰ আমাৰ আত্মনির্ভৰ ভাৰত গঠনৰ বাবে ‘ভ’কেল ফ’ৰ লোকেল’ হয়। যিমানে অধিক আমাৰ ঠাকুৰ, আচার্য, ভগৱন্ত আৰু সন্ন্যাসীয়ে ইয়াৰ পক্ষ এই বক্তব্য প্রচাৰ কৰিব, স্বাধীনতা-পূর্বৱর্তী সময়ত আপোনালোকৰ পূর্বসূৰীয়ে যি ভাবে স্বাধীনতা আন্দোলনৰ ভিত্তি তৈয়াৰ কৰিছিল, আপোনালোকেও সেই ভাবে আত্মনির্ভৰ ভাৰতৰ ভিত্তি প্রস্তুত কৰিব পাৰিব। আজি দেশৰ সমস্ত সাধু, সন্ন্যাসী, মহাপুৰুষৰ চৰণত আমি এই সবিনয় নিবেদন প্ৰস্তুত কৰিছো। দেশৰ প্রধান সেৱক হিচাপে মই আপোনালোকৰ ওচৰত এই নিবেদন ৰাখিছো, আহক আমি এই ভাবে আগুৱাই যাও। স্বাধীনতা সংগ্রামীসকলে যি ভাবে মহাপুৰুষৰ পৰা প্রেৰণা গ্রহণ কৰিছিল, পণ্ডিত মদনমোহন মালব্য, মোৰাৰজী ভাই দেশাইৰ দৰে অনেক অনেক ডাঙৰ ডাঙৰ জন নেতা বল্লভ ভাইৰ ওচৰত পথ প্রদর্শনৰ বাবে গৈছিল। তেওঁলোকে স্বাধীনতাৰ যি স্বপ্ন দেখিছিল, স্বাধীন ভাৰত কেনেকুৱা হ’ব তাৰ ৰূপৰেখা তৈয়াৰী কৰিছিল। স্বদেশী তথা আত্মনির্ভৰ ভাৰতৰ বাবে তেওঁলোকে বিশেষভাবে কথা কৈছিল। তেওঁলোকে সমগ্ৰ জীৱন খাদী পৰিধান কৰিছল, স্বদেশী পণ্য ব্যৱহাৰ কৰিছিল তথা স্বদেশীৰ সংকল্প গ্রহণ কৰিছিল। এই সন্ন্যাসীৰ ভাৱনা চিন্তা কি ভাৱে অমৰ আৰু চিৰঞ্জীবী হৈ উঠে, আচার্য বিজয় বল্লভজীৰ প্রচেষ্টাই হ’ল ইয়াৰ সাক্ষাৎ উদাহৰণ। দেশৰ বাবে যি স্বপ্ন তেওঁ স্বাধীনতাৰ আগেয়ে দেখিছিল, সেই ভাৱনা আজি আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে সিদ্ধিৰ দিশত আগবাঢ়িছে৷
বন্ধুগণ,
মহাপুৰুষ, সাধুৰ ভাৱনা-চিন্তা এই কাৰণেই অমৰ হয় কাৰণ তেওঁলোকে যি কয় সেয়া তেওঁলোকে নিজৰ জীৱনতো প্রয়োগ কৰে৷ আচার্য বিজয় বল্লভজীয়ে কৈছিল, “সাধু-মহাত্মাৰ কর্তব্য কেৱল নিজৰ আত্মাৰ কল্যাণ কৰাতেই শেষ হৈ নাযায়… তেওঁলোকৰ এয়াও কর্তব্য যে তেওঁলোকে অজ্ঞানতা, কলহ, বৈষম্য, অন্ধবিশ্বাস, আলস্য তথা কুসংস্কাৰৰ ত্যাগৰ জৰিয়তে সমাজৰ হাজাৰ হাজাৰ পীড়াগ্রস্ত মানুহক মুক্তি দিয়াৰ বাবে সর্বদাই চেষ্টা কৰে।” তেওঁলোকৰ এই সামাজিক দর্শনৰ প্রেৰণা লৈয়েই আজি তেওঁলোকৰ পৰম্পৰাৰ অনেক যুৱক-যুৱতীয়ে সমাজ সেৱাৰ বাবে আগবাঢ়ি আহিছে, সেৱাৰ সংকল্প লৈ কাম কৰি গৈছে।
সাধুগণ,
আপোনালোক সকলোৱে এটা কথা খুব ভালদৰেই জানে যে সেৱা, শিক্ষা তথা আত্মনির্ভৰতাৰ জৰিয়তে আচার্যজী অসংখ্য মানুহৰ প্রাণপুৰুষ হৈ পৰিছিল। পৰাধীন ভাৰতত সমস্ত ধৰণৰ সমস্যা থকা সত্ত্বেও, সমস্ত ধৰণৰ প্রতিকূলতা থকা সত্ত্বেও তেওঁ বিভিন্ন ঠায়ে ঠায়ে ঘূৰি ঘূৰি শিক্ষা প্রচাৰ কৰিছল। নানা স্থানত গুৰুকুল, বিদ্যালয় তথা মহাবিদ্যালয় স্থাপন কৰিছিল। তেওঁ দেশবাসীক আহ্বান জনাইছিল, “ঘৰে ঘৰে বিদ্যাৰ দ্বীপ জ্বলক।” কিন্তু তেওঁ এয়া বুজিছিল যে ইংৰাজৰ গঢ়ত গঢ়ি উঠা শিক্ষা ব্যৱস্থা ভাৰতৰ স্বাধীনতা তথা প্রগতিৰ সহায়ক হৈ উঠিব নোৱাৰে। সেই বাবে তেওঁ যি গুৰুকূল, বিদ্যালয় তথা মহাবিদ্যালয়সমূহ স্থাপন কৰিছিল সেইসমূহক ভাৰতীয় সংস্কৃতি তথা ভাৰতীয় বিদ্যা সাধনাৰ ৰঙে ৰঙীণ কৰি তুলিছিল। যিদৰে মহাত্মা গান্ধীয়ে গুজৰাট বিদ্যাপীঠৰ স্বপ্ন দেখিছিল, ঠিক সেই স্বপ্ন গুৰু বিজয় বল্লভেও দেখিছিল। আচার্য বিজয় বল্লভজীয়ে এইভাবে শিক্ষাক্ষেত্রত ভাৰতক আত্মনির্ভৰ কৰি তোলাৰ অভিযান আৰম্ভ কৰিছিল। তেওঁ পাঞ্জাৱ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্র, উত্তৰ প্রদেশৰ দৰে অনেক ৰাজ্যত ভাৰতীয় শিষ্টাচাৰসম্পন্ন অনেক শিক্ষা প্রতিষ্ঠানৰ ভিত্তি প্রস্তৰ স্থাপন কৰিছিল। আজ তেওঁৰ আশীর্বাদত সেই শিক্ষা প্রতিষ্ঠানসমূহে দেশবাসীলৈ সেৱা আগবঢ়াই গৈছে।
বন্ধুগণ,
আচার্যজীৰ এই শিক্ষা প্রতিষ্ঠানসমূহে আজি এটি এটি তপোবনৰ দৰে ভাৰতীয় মূল্যবোধৰ পাঠশালা হৈ দেশৰ সেৱা কৰিছে। ১০০ বছৰৰো অধিক সময়ৰ এই শিক্ষা প্রতিষ্ঠানসমূহৰ যাত্রাপথত অসংখ্য প্রতিভাসম্পন্ন ছাত্র-ছাত্রী এই প্রতিষ্ঠানসমূহৰ পৰা ওলাই জীৱনত সফল হৈছে। অনেক শিল্পপতি, বিচাৰপতি, চিকিৎসক তথা ইঞ্জিনিয়াৰ এই প্রতিষ্ঠানসমূহৰ পৰা ওলাই দেশ গঠনত অভূতপূর্ব অৱদান আগবঢ়াইছে। এই প্রতিষ্ঠানসমূহৰ এটি বিশেষ বৈশিষ্ট্য হ’ল স্ত্রী শিক্ষা, নাৰী শিক্ষা। স্ত্রী শিক্ষাৰ ক্ষেত্রত এই প্রতিষ্ঠানসমূহে যি অৱদান দিছে তাৰ বাবে দেশবাসী আজি এই প্রতিষ্ঠানসমূহৰ ওচৰত ঋণী। এই কঠিন সময়ত তেওঁলোকে স্ত্রী শিক্ষাৰে আলোকেৰে নিৰঞ্জিত কৰিছে। অনেক বালিকাশ্রম স্থাপন কৰা হৈছে তথা মহিলাসকলক মূলধাৰাৰ সৈতে সংযুক্ত কৰিছে। জৈন সন্ন্যাসীনীৰ জৰিয়তে জৈন সভাত প্রবচন পাঠৰ এটি নতুন পৰম্পৰা প্ৰৱৰ্তন কৰিছিলে বিজয় বল্লভজীয়ে। তেওঁ এই প্রচেষ্টাৰ জৰিয়তে দেশবাসীলৈ এই বার্তা প্ৰদান কৰিছিল যে মহিলাসকলক সমাজত তথা শিক্ষাত সমান মর্যাদা দিব লাগিব। বৈষম্যমূলক ভাৱনা তথা প্রথাসমূহক বিনাশ কৰিব লাগিব। আজি যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে, তেন্তে দেখিব দেশত এই লক্ষ্যত কত পৰিৱর্তন হৈছে। বর্তমানে চৰকাৰে তিনি তালাকৰ দৰে কু-প্রথাৰ বিৰুদ্ধে দেশে আইন প্রণয়ন কৰিছে। মহিলাৰ বাবে এনেকুৱা ক্ষেত্র মুকলি কৰি দিয়া হৈছে য’ত ইমান দিন পর্যন্ত তেওঁলোকৰ কাম কৰা নিষেধ আছিল। এইখন দেশত কন্যাসকলে সেনাবাহিনীত তেওঁলোকৰ শৌর্য প্রদর্শনৰ ক্ষেত্রত অনেক বিকল্প লাভ কৰিছে। লগতে, এইখন দেশত নতুন ‘জাতীয় শিক্ষানীতি’ প্ৰৱৰ্তন হৈছে। এই শিক্ষানীতিক ভাৰতীয় পৰিৱেশত আধুনিক কৰি তোলাৰ লগতে মহিলাৰ বাবেও নতুন নতুন সুযোগৰ সৃষ্টি হ’ব।
বন্ধুগণ,
আচার্য বিজয় বল্লভজীৰ জীৱন প্রত্যেক জীৱৰ বাবে দয়া, কৰুণা তথা প্রেমত সংপৃক্ত আছিল। সেইবাবে তেওঁৰ আশীর্বাদত আজি জীৱৰ দয়াৰ বাবে পক্ষী চিকিৎসালয় তথা অনেক গো-শালা সমগ্ৰ দেশতে চালু কৰা হৈছে। এয়া কোনো সাধাৰণ প্রতিষ্ঠান নহয়। এয়া ভাৰতীয় ভাবনাৰ প্রতিষ্ঠান। ভাৰত তথা ভাৰতীয় মূল্যবোধৰ পৰিচয় তুলি ধৰা প্রতিষ্ঠান।
বন্ধুগণ,
আজি দেশে আচার্য বিজয় বল্লভজীৰ সেই মানৱিক মূল্যবোধসমূহ অনুসৰণ কৰি সেই সাধাৰণ মানুহক আৰু অধিক শক্তিশালী কৰি তুলিছে যাৰ বাবে তেওঁ নিজকে সমর্পণ কৰিছিল। ক’ৰোনা মহামাৰীৰ এই কঠিন সময় আমাৰ সেৱা ভাব, আমাৰ ঐক্যবদ্ধতাৰ বাবে এটি বৃহৎ পৰীক্ষা আছিল। কিন্তু আমি অত্যন্ত আনন্দিত যে দেশে এই পৰীক্ষাত সফলতাৰে উত্তীর্ণ হৈছে। দেশে গৰিব কল্যাণৰ ভাৱনাকে কেৱল জীৱিত কৰি তোলা নাই, সমগ্ৰ বিশ্বৰ সন্মুখত এটি উদাহৰণ ৰূপে প্ৰস্তুত কৰিছে।
বন্ধুগণ,
আচার্য বিজয় বল্লভ সুৰিশ্বৰজীয়ে কৈছিল, “সকলো প্রাণীৰ সেৱা কৰাই প্রত্যেক ভাৰতবাসীৰ ধর্ম।” আজি তেওঁৰ এই বাণীক আমাৰ নিজস্ব মন্ত্র হিসাপে আপোন কৰি লৈ আগবাঢ়ি যাব লাগিব। আমি নিজৰ সমস্ত পদক্ষেপ লোৱাৰ আগেয়ে এয়া ভাবিব লাগিব যে ইয়াৰ জৰিয়তে দেশৰ কি লাভ হ’ব, দেশেৰ দৰিদ্ৰৰ কল্যাণ কিদৰে হ’ব? আমি এই বক্তব্যৰ আৰম্ভণিতেই যি কৈছিলো, ‘ভ’কেল ফৰ ল’কেল’ – এই ভাবনা ইয়াক এক অনেক বৃহৎ মাধ্যম। আৰু সন্ন্যাসীসকলেই এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিব লাগিব। শ্রদ্ধেয় সন্ন্যাসী, মুনি, মহন্তগণ, – এই মন্ত্রকেই আগুৱাই নিব লাগিব। এইবাৰ দীপাৱলি তথা সমস্ত উৎসৱৰ সময়ত যি ভাবে দেশবাসীয়ে স্থানীয় অর্থনীতিৰ উত্থানৰ অনুকূলে কাম কৰিছে, যি ভাবে এই অভিযানক সমর্থন আগবঢ়াইছে, সি প্রকৃততেই দেশবাসীক নতুন প্রাণশক্তি যোগাব। এই ভাৱনাক, এই প্রচেষ্টাক আমি ভৱিষ্যতেও বৰ্তাই ৰাখিব লাগিব। আহক, আচার্য বিজয় বল্লভজীৰ এই জন্মজয়ন্তী উপলক্ষে আমি সকলোৱে সংকল্প গ্রহণ কৰি, তেওঁ যি কাম নিজৰ জীৱনত আৰম্ভ কৰিছিল, সেইসমূহ কাম আমি সম্পূর্ণ ঐকান্তিকতাৰে, সম্পূর্ণ সমর্পণ ভাবেৰে মিলি-জুলি আগুৱাই নিব লাগিব। আমি সকলোৱে মিলি-জুলি ভাৰতক কেৱল অর্থনীতিতেই নহয়, দার্শনিক ক্ষেত্রতো, ভাবনা-চিন্তাৰ ক্ষেত্রতো আত্মনির্ভৰ কৰি তুলিম। এই সংকল্প লৈ আপোনালোক সকলোকে অনেক অনেক শুভকামনা জনাইছো। আপোনালোক সকলোৱে সুস্থ থাকক, সুখী থাকক। সমস্ত আচার্য, ভগৱন্ত আৰু সন্ন্যাসীলৈ প্রণাম জনাই, আজি ইয়াত যে সমস্ত সাধু, গুৰু, মহাৰাজক দেখা পাইছো, তাৰবাবে সকলোকে প্রণাম জনাইছো। আজিৰ এই পৱিত্র অনুষ্ঠানত আপোনালোকৰ সকলোৰে মাজলৈ অহাৰ সুযোগ পোৱাটো আমাৰ এক সৌভাগ্য। মই পুনৰবাৰ সমস্ত সাধু, মহন্ত তথা আচার্যলৈ প্রণাম জনাই মোৰ বক্তব্য সামৰিছো।
অনেক অনেক ধন্যবাদ।
******
DS/SH/TS/MANN
मेरा सौभाग्य है कि मुझे देश ने सरदार वल्लभ भाई पटेल की विश्व की सबसे ऊंची ‘स्टेचू ऑफ यूनिटी’ के लोकार्पण का अवसर दिया था,
— PMO India (@PMOIndia) November 16, 2020
और आज जैनाचार्य विजय वल्लभ जी की भी ‘स्टेचू ऑफ पीस’ के अनावरण का सौभाग्य मुझे मिल रहा है: PM
भारत ने हमेशा पूरे विश्व को, मानवता को, शांति, अहिंसा और बंधुत्व का मार्ग दिखाया है।
— PMO India (@PMOIndia) November 16, 2020
ये वो संदेश हैं जिनकी प्रेरणा विश्व को भारत से मिलती है।
इसी मार्गदर्शन के लिए दुनिया आज एक बार फिर भारत की ओर देख रही है: PM
भारत का इतिहास आप देखें तो आप महसूस करेंगे, जब भी भारत को आंतरिक प्रकाश की जरूरत हुई है, संत परंपरा से कोई न कोई सूर्य उदय हुआ है।
— PMO India (@PMOIndia) November 16, 2020
कोई न कोई बड़ा संत हर कालखंड में हमारे देश में रहा है, जिसने उस कालखंड को देखते हुए समाज को दिशा दी है।
आचार्य विजय वल्लभ जी ऐसे ही संत थे: PM
एक तरह से आचार्य विजयवल्लभ जी ने शिक्षा के क्षेत्र में भारत को आत्मनिर्भर बनाने का अभियान शुरू किया था।
— PMO India (@PMOIndia) November 16, 2020
उन्होंने पंजाब, राजस्थान, गुजरात, महाराष्ट्र उत्तर प्रदेश जैसे कई राज्यों में भारतीय संस्कारों वाले बहुत से शिक्षण संस्थाओं की आधारशिला रखी: PM
आचार्य जी के ये शिक्षण संस्थान आज एक उपवन की तरह हैं।
— PMO India (@PMOIndia) November 16, 2020
सौ सालों से अधिक की इस यात्रा में कितने ही प्रतिभाशाली युवा इन संस्थानों से निकले हैं।
कितने ही उद्योगपतियों, न्यायाधीशों, डॉक्टर्स, और इंजीनियर्स ने इन संस्थानों से निकलकर देश के लिए अभूतपूर्व योगदान किया है: PM
स्त्री शिक्षा के क्षेत्र में इन संस्थानों ने जो योगदान दिया है, देश आज उसका ऋणि है।
— PMO India (@PMOIndia) November 16, 2020
उन्होंने उस कठिन समय में भी स्त्री शिक्षा की अलख जगाई।
अनेक बालिकाश्रम स्थापित करवाए, और महिलाओं को मुख्यधारा से जोड़ा: PM
आचार्य विजयवल्लभ जी का जीवन हर जीव के लिए दया, करुणा और प्रेम से ओत-प्रोत था।
— PMO India (@PMOIndia) November 16, 2020
उनके आशीर्वाद से आज जीवदया के लिए पक्षी हॉस्पिटल और अनेक गौशालाएं देश में चल रहीं हैं।
ये कोई सामान्य संस्थान नहीं हैं। ये भारत की भावना के अनुष्ठान हैं।
ये भारत और भारतीय मूल्यों की पहचान हैं: PM
जिस प्रकार आजादी के आंदोलन की पीठिका भक्ति आंदोलन से शुरू हुई, वैसे ही आत्मनिर्भर भारत की पीठिका हमारे संत-महंत-आचार्य तैयार कर सकते हैं।
— Narendra Modi (@narendramodi) November 16, 2020
हर व्यक्ति तक वोकल फॉर लोकल का संदेश पहुंचते रहना चाहिए। मैं संतों-महापुरुषों से विनम्र निवेदन करता हूं कि आइए, हम इसके लिए आगे बढ़ें। pic.twitter.com/2i0YuLvWgU
भारत ने हमेशा पूरे विश्व और मानवता को शांति, अहिंसा एवं बंधुत्व का मार्ग दिखाया है। इसी मार्गदर्शन के लिए दुनिया आज एक बार फिर भारत की ओर देख रही है।
— Narendra Modi (@narendramodi) November 16, 2020
मुझे विश्वास है कि यह ‘स्टैच्यू ऑफ पीस’ विश्व में शांति, अहिंसा और सेवा का एक प्रेरणास्रोत बनेगी। pic.twitter.com/dEp88LbAyf
सेवा, शिक्षा और आत्मनिर्भरता, ये विषय आचार्य विजयवल्लभ जी के हृदय के सबसे करीब थे।
— Narendra Modi (@narendramodi) November 16, 2020
उनके इसी सामाजिक दर्शन से प्रेरित होकर आज उनकी परंपरा से कितने ही युवा समाजसेवा के लिए जुड़ रहे हैं, सेवा का संकल्प ले रहे हैं। pic.twitter.com/hvVSYMPy47
कोरोना महामारी का कठिन समय हमारे सेवाभाव और हमारी एकजुटता के लिए कसौटी की तरह रहा है, लेकिन मुझे संतोष है कि देश इस कसौटी पर खरा उतर रहा है।
— Narendra Modi (@narendramodi) November 16, 2020
देश ने गरीब कल्याण की भावना को न केवल जीवंत रखा, बल्कि दुनिया के सामने एक उदाहरण भी पेश किया है। pic.twitter.com/D8YaWVn9eu