Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জিনম ইণ্ডিয়া প্ৰজেক্টৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

জিনম ইণ্ডিয়া প্ৰজেক্টৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ড° জিতেন্দ্ৰ সিং, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা প্ৰতিগৰাকী বিজ্ঞানী, আৰু অন্যান্য অভ্যাগতবৃন্দ!

আজি ভাৰতে গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। পাঁচ বছৰ পূৰ্বে জিন’ম ইণ্ডিয়া প্ৰকল্প অনুমোদিত হৈছিল, আৰু ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মাজতো আমাৰ বিজ্ঞানীসকলে এই দৃষ্টিভংগীক সাৰ্থক ৰূপ দিবলৈ অক্লান্তভাৱে কাম কৰি আহিছে। মই গৌৰৱান্বিত যে এই যুগান্তকাৰী কামত আই আই এছ চি, আই আই টি, চি এছ আই আৰ, আৰু ব্ৰিককে ধৰি দেশৰ ২০টাতকৈও অধিক আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১০ হাজাৰ ভাৰতীয়ৰ জিন’ম ছিকুৱেন্সিং বৰ্তমান ভাৰতীয় জৈৱিক তথ্য কেন্দ্ৰত উপলব্ধ। মই নিশ্চিত যে এই প্ৰকল্পটোৱে জৈৱ প্ৰযুক্তি গৱেষণাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মুহূৰ্ত চিহ্নিত কৰিব। এই উল্লেখযোগ্য কৃতিত্বত অৰিহণা যোগোৱা সকলো সহকৰ্মীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।”

বন্ধুসকল,

জিনম ইণ্ডিয়া প্ৰকল্প ভাৰতৰ জৈৱ প্ৰযুক্তি বিপ্লৱৰ এক মূল মাইলৰ খুঁটি হিচাপে থিয় দিছে। মই এই কথা জনাবলৈ পাই আনন্দিত হৈছো যে, এই পদক্ষেপৰ জৰিয়তে আমি দেশৰ ভিতৰতে এক সমৃদ্ধ আৰু বৈচিত্ৰময় জিনীয় সম্পদ সফলতাৰে প্ৰতিষ্ঠা কৰিছো। এই প্ৰকল্পৰ অংশ হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জনসংখ্যাৰ ১০,০০০ ব্যক্তিৰ জিনম ক্ৰমবিন্যাস সম্পূৰ্ণ কৰা হৈছে। এই অমূল্য তথ্য এতিয়া আমাৰ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে সুলভ হ’ব, যাৰ ফলত ভাৰতৰ অনন্য জিনীয় পৰিৱেশ বুজিবলৈ তেওঁলোকৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব। তদুপৰি এই তথ্যই দেশৰ নীতি নিৰ্ধাৰণ আৰু পৰিকল্পনা প্ৰচেষ্টা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

আপোনালোক নিজ নিজ ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তি আৰু বিশিষ্ট বিজ্ঞানী হিচাপে ভালদৰেই জানে যে ভাৰতৰ বিশালতা আৰু বৈচিত্ৰ্য খাদ্য, ভাষা, ভূগোলতকৈও অধিক বিস্তৃত। আমাৰ মানুহৰ জিনীয় বৈচিত্ৰ্যও সমানেই উল্লেখযোগ্য। স্বাভাৱিকতে এই বৈচিত্ৰ্যই আমাক প্ৰভাৱিত কৰা ৰোগৰ স্বৰূপতো প্ৰভাৱ পেলায়। এই পৰিৱৰ্তনশীলতাক বুজাটো প্ৰতিজন ব্যক্তিৰ বাবে আটাইতকৈ ফলপ্ৰসূ চিকিৎসাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াক লাভ কৰিবলৈ আমাৰ নাগৰিকসকলৰ জিনীয় গঠন জনাটো অতি প্ৰয়োজনীয়।

উদাহৰণস্বৰূপে, ছিকেল চেল এনিমিয়াই আমাৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াৰ সমাধানৰ বাবে আমি এটা ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছো। কিন্তু এই প্ৰচেষ্টাৰ নিজস্ব প্ৰত্যাহ্বানৰ গোট আছে। আমাৰ জনজাতীয় সমাজৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ ছিকেল চেল এনিমিয়াৰ প্ৰাদুৰ্ভাৱ বেলেগ বেলেগ হ’ব পাৰে, আৰু বিভিন্ন অঞ্চলে সম্পূৰ্ণ বেলেগ বেলেগ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই আঞ্চলিক তাৰতম্যসমূহ উন্মোচন কৰিবলৈ এক বিস্তৃত জিনীয় অধ্যয়ন অতি প্ৰয়োজনীয়। এনে গৱেষণাই ভাৰতীয় জনসংখ্যাৰ অনন্য জিন’মিক ​​আৰ্হি বুজিবলৈ সক্ষম কৰিব, যাৰ ফলত আমি বিভিন্ন সম্প্ৰদায়ৰ নিৰ্দিষ্ট স্বাস্থ্যজনিত চিন্তাৰ অনুকূলে লক্ষ্য নিৰ্ধাৰণ আৰু ফলপ্ৰসূ চিকিৎসা বিকশিত কৰিব পাৰিম।

মই যদিও ছিকেল চেল এনিমিয়াক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছো, তথাপিও ই কোনো কাৰণতে একমাত্ৰ চিন্তাৰ বিষয় নহয়। ভাৰত এতিয়াও বহু বংশগত ৰোগৰ বিষয়ে বহুলাংশে অজ্ঞাত—যিবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। জিন’ম ইণ্ডিয়া প্ৰজেক্টে এই অৱস্থাসমূহ চিনাক্ত আৰু বুজাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এনে কৰিলে আমাৰ জনসংখ্যাক প্ৰভাৱিত কৰা বংশগত ৰোগৰ বিস্তৃত পৰিসৰৰ ফলপ্ৰসূ চিকিৎসাৰ বিকাশৰ পথ মুকলি হ’ব।

বন্ধুসকল,

একবিংশ শতিকাত ভাৰতৰ জৈৱ অৰ্থনীতি গঢ়ি তোলাৰ সময়ত জৈৱ প্ৰযুক্তি আৰু জৈৱবস্তুৰ একত্ৰীকৰণেই হৈছে ভাৰতৰ ভেটিৰ মূল আধাৰ। জৈৱ অৰ্থনীতিৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা, জৈৱ ভিত্তিক সামগ্ৰী আৰু সেৱাসমূহৰ প্ৰচাৰ কৰা, আৰু এই খণ্ডৰ ভিতৰত নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰা। ই উদ্ভাৱনৰ বিশাল সম্ভাৱনা প্ৰদান কৰাৰ লগতে বহনক্ষম উন্নয়নক আগুৱাই লৈ যায়। মই এই কথা জনাবলৈ পাই অতি আনন্দিত হৈছো যে, বিগত দশকত ভাৰতৰ জৈৱ অৰ্থনীতিয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ২০১৪ চনত ১০ বিলিয়ন ডলাৰৰ মূল্যৰ পৰা এতিয়া ই ১৫০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰতে নিজৰ বায়’ ইকনমিক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ। শেহতীয়াকৈ দেশখনে বায়’ ই ৩ নীতি প্ৰৱৰ্তন কৰিছে, য’ত ভাৰতক আই টি বিপ্লৱৰ দৰেই জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱাৰ কল্পনা কৰা হৈছে। আপোনালোক বিজ্ঞানী হিচাপে এই ৰূপান্তৰৰ মূল, আৰু এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছো।

বন্ধুসকল,

বিশ্বব্যাপী ঔষধৰ প্ৰধান কেন্দ্ৰ হিচাপে ভাৰতে নতুন আৰু অৰ্থপূৰ্ণভাৱে নিজৰ পৰিচয় পুনৰ সংজ্ঞায়িত কৰিছে। বিগত দশকত দেশখনে ৰাজহুৱা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তনশীল পদক্ষেপ গ্ৰহণ কৰিছে, য’ত লাখ লাখ ভাৰতীয়ক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা, জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ৮০% ৰেহাইত ঔষধ প্ৰদান কৰা, আৰু অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণ কৰা আদিও আছে। ক’ভিড মহামাৰীৰ সময়ত ভাৰতে আমাৰ ঔষধৰ পৰিৱেশ তন্ত্ৰৰ স্থিতিস্থাপকতা আৰু শক্তি প্ৰদৰ্শন কৰিছিল। আমাৰ লক্ষ্য হৈছে দেশৰ ভিতৰতে ঔষধ উৎপাদনৰ বাবে এক শক্তিশালী যোগান আৰু মূল্য শৃংখল স্থাপন কৰা। জিন’ম ইণ্ডিয়া প্ৰকল্পই এই প্ৰচেষ্টাসমূহ আৰু অধিক ত্বৰান্বিত কৰিব, ইয়াত নৱী শক্তি আৰু গতিবেগ সঞ্চাৰিত হ’ব।

বন্ধুসকল,

আজি বিশ্বই বিশ্বজনীন প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ভাৰতৰ প্ৰতি নজৰ ৰাখিছে। ভৱিষ্যত প্ৰজন্মৰ বাবে ই এক দায়িত্ব আৰু সুযোগ দুয়োটাকে উপস্থাপন কৰে। সেইবাবেই ভাৰতে এক বিশাল আৰু গতিশীল গৱেষণা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। যোৱা দশকত শিক্ষাৰ প্ৰতিটো স্তৰতে গৱেষণা আৰু উদ্ভাৱনক তদাৰক কৰাত যথেষ্ট গুৰুত্ব দিয়া হৈছে। সমগ্ৰ দেশৰ ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেবত ছাত্ৰ-ছাত্ৰীসকলে দৈনিক নতুন নতুন পৰীক্ষা-নিৰীক্ষা চলাই আছে। আমাৰ যুৱক-যুৱতীসকলৰ অভিনৱ ধাৰণাক সমৰ্থন কৰিবলৈ শ শ অটল ইনকিউবেচন চেণ্টাৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ গৱেষণা ফেল’শ্বিপ আঁচনিখনেও পি এইচ ডি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ গৱেষণামূলক প্ৰচেষ্টাত সহায় কৰি সবলীকৰণ কৰি আছে। বহুবিষয়ক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণা পুঁজি গঠন কৰা হৈছে। অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ জৰিয়তে আমি বিজ্ঞান, অভিযান্ত্ৰিক, পৰিৱেশ, আৰু স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত যুগান্তকাৰী অগ্ৰগতিৰ আশা কৰিছো। ইয়াৰ উপৰিও উদীয়মান প্ৰযুক্তিৰ গৱেষণা আৰু বিনিয়োগক ইন্ধন যোগাবলৈ চৰকাৰে এক লাখ কোটি টকাৰ কৰ্পাছ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপে জৈৱ প্ৰযুক্তি খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু যুৱ বিজ্ঞানীসকলক যথেষ্ট সহায় আগবঢ়াব।

বন্ধুসকল,

শেহতীয়াকৈ চৰকাৰে ৱান নেচন ৱান চাবস্ক্ৰিপচন পদক্ষেপৰ প্ৰৱৰ্তনৰ জৰিয়তে আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে কোনো ধৰণৰ আৰ্থিক বোজা নোহোৱাকৈ বিশ্ববিখ্যাত আলোচনীসমূহ লাভ কৰিব পাৰিব। এনে প্ৰচেষ্টাই ভাৰতক একবিংশ শতিকাৰ জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

আমাৰ জনমুখী প্ৰশাসন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে যেনেকৈ বিশ্বৰ আগত এক নতুন আৰ্হিৰ প্ৰৱৰ্তন কৰিছে, মই নিশ্চিত যে জিন’ম ইণ্ডিয়া প্ৰকল্পইও একেদৰেই জিনীয় গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সুনাম বৃদ্ধি কৰিব। আকৌ এবাৰ এই যুগান্তকাৰী পদক্ষেপৰ সফলতাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

সকলোকে অশেষ ধন্যবাদ, নমস্কাৰ।

টোকা – এয়া প্ৰধানমন্ত্ৰীয়ে হিন্দী ভাষাত প্ৰদান কৰা মূল ভাষণটোৰ অসমীয়া অনুবাদ