জিনম ইণ্ডিয়া প্ৰকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ পৰিৱেশত এক নিৰ্ণায়ক মুহূৰ্ত চিহ্নিত কৰিছে, প্ৰকল্পটোৰ সৈতে জড়িতসকললৈ মোৰ শুভেচ্ছা: প্ৰধানমন্ত্ৰী
জৈৱ প্ৰযুক্তি আৰু জৈৱবস্তুৰ সংমিশ্ৰণ একবিংশ শতিকাত জৈৱ অৰ্থনীতি হিচাপে বিকশিত হোৱা ভাৰতৰ ভেটিৰ এক গুৰুত্বপূৰ্ণ অংশঃ প্ৰধানমন্ত্ৰী
জৈৱ অৰ্থনীতিয়ে বহনক্ষম উন্নয়ন আৰু উদ্ভাৱনক ত্বৰান্বিত কৰে: প্ৰধানমন্ত্ৰী
আজি দেশখনে বিশ্বৰ এটা প্ৰধান ফাৰ্মা হাব হিচাপে ভাৰতে সৃষ্টি কৰা পৰিচয়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
বিশ্বই বিশ্বজনীন সমস্যাৰ সমাধানৰ বাবে আমাৰ ফালে চাই আছে, এইটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক দায়িত্ব আৰু সুযোগ দুয়োটা: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জিন’ম ইণ্ডিয়া প্ৰকল্পৰ আৰম্ভণিতে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কয় যে আজি ভাৰতে গৱেষণাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে জিন’ম ইণ্ডিয়া প্ৰকল্পত ৫ বছৰ পূৰ্বে অনুমোদন জনোৱা হৈছিল আৰু আমাৰ বিজ্ঞানীসকলে ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মাজতো অধ্যৱসায়ীভাৱে কাম কৰি প্ৰকল্পটো সম্পূৰ্ণ কৰিছে। শ্ৰী মোদীয়ে কয় যে এই গৱেষণাত আইআইএছচি, আইআইটি, চিএছআইআৰ আৰু ডিবিটি-ব্ৰিক আদি ২০টাতকৈও অধিক বিখ্যাত গৱেষণা প্ৰতিষ্ঠানে মুখ্য ভূমিকা পালন কৰিছে। তেওঁ লগতে কয় যে ১০ হাজাৰ ভাৰতীয়ৰ জিন’ম ক্ৰমৰে গঠিত তথ্য এতিয়া ভাৰতীয় জৈৱিক তথ্য কেন্দ্ৰত উপলব্ধ। এই প্ৰকল্পটোৱে জৈৱ প্ৰযুক্তিৰ গৱেষণাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব বুলি আস্থা প্ৰকাশ কৰি শ্ৰী মোদীয়ে এই প্ৰকল্পৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জনায়।
“জিনম ইণ্ডিয়া প্ৰকল্প জৈৱ প্ৰযুক্তি বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পই বিভিন্ন জনসংখ্যাৰ পৰা ১০ হাজাৰ ব্যক্তিৰ জিনমৰ ক্ৰমবিন্যাস কৰি এক বৈচিত্ৰ্যপূৰ্ণ জিনীয় সম্পদ সফলতাৰে সৃষ্টি কৰিছে।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই তথ্য এতিয়া বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে উপলব্ধ হ’ব, যাৰ ফলত পণ্ডিতসকলক ভাৰতৰ জিনীয় পৰিৱেশ বুজিবলৈ সহায় কৰিব। এই তথ্যই দেশৰ নীতি নিৰ্ধাৰণ আৰু পৰিকল্পনাত যথেষ্ট সহায় কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
বিশেষজ্ঞ আৰু বিজ্ঞানীসকলক সম্বোধন কৰি ভাৰতৰ বিশালতা আৰু বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেৱল খাদ্য, ভাষা, ভূগোলৰ ক্ষেত্ৰতে নহয়, ইয়াৰ জনসাধাৰণৰ জিনীয় গঠনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোগৰ প্ৰকৃতিৰ বহু পৰিমাণে ভিন্নতা আছে, যাৰ বাবে ৰোগসমূহৰ বিষয়ে বুজাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ফলপ্ৰসূ চিকিৎসা নিৰ্ণয় কৰিবলৈ জনসংখ্যাৰ জিনীয় পৰিচয়। তেওঁ জনজাতীয় জনগোষ্ঠীসমূহত ছিকেল চেল এনিমিয়াৰ উল্লেখযোগ্য প্ৰত্যাহ্বান আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় অভিযানৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অঞ্চলভেদে সমস্যাটো বেলেগ বেলেগ হ’ব পাৰে আৰু ভাৰতীয় জনসংখ্যাৰ অনন্য জিন’মিক আৰ্হি বুজিবলৈ সম্পূৰ্ণ জিনীয় অধ্যয়নৰ প্ৰয়োজন। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই বুজাবুজিয়ে বিশেষ গোটৰ বাবে নিৰ্দিষ্ট সমাধান আৰু ফলপ্ৰসূ ঔষধ প্ৰস্তুত কৰাত সহায় কৰিব। তেওঁ সজোৰে কয় যে পৰিসৰ বহুত বহল আৰু চিকেল চেল এনিমিয়া এক উদাহৰণ মাথোঁ। প্ৰধানমন্ত্ৰীয়ে ভাৰতত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পি পৰা বহু জিনীয় ৰোগৰ বিষয়ে সজাগতাৰ অভাৱৰ কথা উল্লেখ কৰে আৰু জিন’ম ইণ্ডিয়া প্ৰকল্পই ভাৰতত এনে সকলো ৰোগৰ ফলপ্ৰসূ চিকিৎসা বিকশিত কৰাত সহায় কৰিব।
“একবিংশ শতিকাত জৈৱ প্ৰযুক্তি আৰু জৈৱবস্তুৰ সংমিশ্ৰণে জৈৱ অৰ্থনীতি হিচাপে উন্নত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ ভেটি গঢ়ি তুলিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ মন্তব্য কৰে যে জৈৱ অৰ্থনীতিৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদৰ অনুকূল ব্যৱহাৰ, জৈৱ ভিত্তিক সামগ্ৰী আৰু সেৱাৰ প্ৰচাৰ আৰু এই খণ্ডত নতুন নিয়োগৰ সুযোগ সৃষ্টি। তেওঁ লগতে কয় যে জৈৱ অৰ্থনীতিয়ে বহনক্ষম উন্নয়ন আৰু উদ্ভাৱনক ত্বৰান্বিত কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথা লক্ষ্য কৰি আনন্দিত হয় যে ভাৰতৰ জৈৱ অৰ্থনীতি বিগত দশকত দ্ৰুতগতিত বৃদ্ধি পাইছে, ২০১৪ চনত ১০ বিলিয়ন ডলাৰৰ পৰা আজি ১৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক হৈছে। তেওঁ ভাৰতে নিজৰ বায়’ ইকনমিক নতুন উচ্চতালৈ উন্নীত কৰাৰ বাবে চেষ্টা চলাইছে বুলি আলোকপাত কৰি শেহতীয়াকৈ বায়’ ই ৩ নীতি আৰম্ভ কৰিছে। এই নীতিৰ দৃষ্টিভংগীক স্পৰ্শ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰতক আইটি বিপ্লৱৰ দৰেই বিশ্বব্যাপী জৈৱ প্ৰযুক্তিৰ পৰিৱেশত অগ্ৰণী ৰূপত আত্মপ্ৰকাশ কৰাত সহায়ক হ’ব। তেওঁ এই প্ৰচেষ্টাত বিজ্ঞানীসকলৰ উল্লেখযোগ্য ভূমিকাক স্বীকাৰ কৰি তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধান ফাৰ্মা হাব হিচাপে ভাৰতৰ বিকাশশীল ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিগত দশকত ভাৰতে জনস্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে, লাখ লাখ ভাৰতীয়ক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে, জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ৮০% ৰেহাইত ঔষধ প্ৰদান কৰিছে আৰু আধুনিক চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণ কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা ইক’চিষ্টেমে নিজৰ শক্তি প্ৰমাণ কৰিলে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ ভিতৰতে ঔষধ উৎপাদনৰ বাবে এক শক্তিশালী যোগান আৰু মূল্য শৃংখল স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ মন্তব্য কৰে যে জিন’ম ইণ্ডিয়া প্ৰকল্পই এই প্ৰচেষ্টাসমূহ আৰু অধিক ত্বৰান্বিত আৰু শক্তিশালী কৰিব।
“বিশ্বই বিশ্বজনীন সমস্যাৰ সমাধানৰ বাবে ভাৰতৰ ফালে চাইছে, ভৱিষ্যত প্ৰজন্মৰ বাবে এক দায়িত্ব আৰু সুযোগ দুয়োটাকে উপস্থাপন কৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে ভাৰতে বিগত দশকত শিক্ষাৰ সকলো স্তৰতে গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত অধিক গুৰুত্ব দি এক বিশাল গৱেষণা পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে।
“১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেবে ছাত্ৰ-ছাত্ৰীসকলক দৈনিক নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সক্ষম কৰি তুলিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে যুৱ উদ্ভাৱকসকলক সহায় কৰিবলৈ সমগ্ৰ দেশতে শ শ অটল ইনকিউবেচন চেণ্টাৰ স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে পি এইচ ডি অধ্যয়নৰ সময়ত গৱেষণাৰ সহায়ৰ বাবে পি এম ৰিচাৰ্চ ফেল’শ্বিপ আঁচনিও ৰূপায়ণ কৰা হৈছে। বহুবিষয়ক আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণাক প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় গৱেষণা পুঁজি গঠন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসে বিজ্ঞান, অভিযান্ত্ৰিক, পৰিৱেশ আৰু স্বাস্থ্যৰ দৰে খণ্ডসমূহক সহায় কৰিব। তেওঁ মন্তব্য কৰে যে চৰকাৰে সূৰ্য্য উদয় প্ৰযুক্তিৰ গৱেষণা আৰু বিনিয়োগ বৃদ্ধিৰ বাবে এক লাখ কোটি টকাৰ মুলধনী পুঁজি সৃষ্টিৰো সিদ্ধান্ত লৈছে, যিয়ে জৈৱ প্ৰযুক্তি খণ্ডৰ উন্নয়নত সহায়ক হ’ব আৰু যুৱ বিজ্ঞানীসকলক সহায় কৰিব।
চৰকাৰৰ শেহতীয়া উল্লেখযোগ্য সিদ্ধান্ত “এক ৰাষ্ট্ৰ. এক ছাবস্ক্ৰিপচন”ৰ প্ৰসংগত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই পদক্ষেপে ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে প্ৰতিষ্ঠিত বিশ্ব আলোচনীসমূহৰ সহজ আৰু বিনামূলীয়া প্ৰৱেশ নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই প্ৰচেষ্টাসমূহে ভাৰতক একবিংশ শতিকাৰ জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাব।
“ভাৰতৰ নাগৰিককেন্দ্ৰিক প্ৰশাসন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে বিশ্বৰ বাবে এক নতুন আৰ্হি ৰচনা কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ভাষণৰ সামৰণিত তেওঁ আস্থা প্ৰকাশ কৰে যে জিন’ম ইণ্ডিয়া প্ৰজেক্টে একেদৰেই জিনীয় গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ভাবমূৰ্তি শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে জিনম ইণ্ডিয়া প্ৰকল্পৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
The Genome India Project marks a defining moment in the country's biotechnology landscape. My best wishes to those associated with the project. https://t.co/7xN8U9y4Ds
— Narendra Modi (@narendramodi) January 9, 2025