প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০২১-২০২৪ বৰ্ষৰ সময়সীমাৰ বাবে চলিত জিএছএলভিৰ চতুৰ্থ পৰ্যায়ৰ সৈতে পাঁচখন জিএছএলভি বিমানৰ নিৰৱচ্ছিন্নতা অব্যাহত ৰখাত অনুমোদন প্ৰদান কৰিছে৷
জিএছএলভি কাৰ্যসূচী-পৰ্যায় ৪ৰ দ্বাৰা জিঅ’-ইমেজিং, দিশ নিৰ্ণয়, ডাটা ৰিলে’ যোগাযোগ আৰু মহাকাশ বিজ্ঞানৰৰ বাবে ২ টনৰ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা যায়৷
বিত্তীয় প্ৰণয়নঃ
মুঠ বিত্তৰ প্ৰয়োজন হ’ল ২৭২৯.১৩ কোটি টকা আৰু ইয়াত পাঁচখন জিএছএলভি বাহন, প্ৰয়োজনীয় উৎক্ষেপণ ব্যৱস্থা, কাৰ্যসূচী ব্যৱস্থাপনা আৰু উৎক্ষেপণ শিবিৰ লগতে চলিত জিএছএলভি কাৰ্যসূচীৰ অতিৰিক্ত ব্যয়ো অন্তৰ্ভুক্ত আছে৷
লাভঃ
জিএছএলভি অব্যাহত কাৰ্যসূচী- পৰ্যায় ৪ৰ দ্বাৰা গুৰুত্বপূৰ্ণ উপগ্ৰহ দিশ নিৰ্ণায়ক সেৱা, মঙললৈ ভাৰতীয় মানৱ মহাকাশযান প্ৰেৰণৰ বাবে ডাটা ৰিলে’ যোগাযোগ আদি সমাপন কৰা হৈছে৷
প্ৰণয়ন কৌশল আৰু লক্ষ্যসমূহঃ
জিএছএলভি অব্যাহত কাৰ্যসূচী- পৰ্যায় ৪য়ে প্ৰতি বছৰে সৰ্বাধিক দুখনকৈ বাহন উৎক্ষেপণ কৰাৰ ক্ষমতা আহৰণ কৰিব পাৰে৷ সকলো কাৰ্যকৰী উৰণ ২০২১-২৪ বৰ্ষৰ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷
প্ৰধান প্ৰভাৱঃ
জিএছএলভিৰ কাৰ্যকৰণে ভাৰতক ২ টন উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তুলিছে৷ জিএছএলভি অব্যাহত কাৰ্যসূচীৰ দ্বাৰা ভৱিষ্যতলৈও সদৃশ ধৰণৰ উপগ্ৰহ উৎক্ষেপণৰ সামৰ্থ অব্যাহত থাকিব৷
পৃষ্ঠভূমিঃ
জিএছএলভিয়ে ২ টন উপগ্ৰহৰ জিঅ’ছিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰবিট (জিটিঅ’) সম্ভৱ কৰি তুলিছে৷ ১৯ ডিচেম্বৰ ২০১৮ত জিএছএলভি-এফ১১ৰ সফল উৎক্ষেপণে ১০টা ৰাষ্ট্ৰীয় উপগ্ৰহ সফলভাৱে কক্ষপথত অৱৰোহণ কৰাটো নিশ্চিত কৰিলে৷ জিএছএলভি অব্যাহত কাৰ্যসূচীৰ ২০০৩ চনত অনুমোদন জনোৱা হৈছিল৷
*****
AKT/SH/MANN