Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছ


জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ শোকাৱহ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শ্ৰী আবেৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বন্ধুত্বৰ আলোকপাত কৰে আৰু ভাৰতজাপান সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বাবে তেওঁ আগবঢ়োৱা অপৰিসীম অৱদানৰ ওপৰত মন্তব্য কৰে। শ্ৰী মোদীয়ে ২০২২ চনৰ জুলাইত আবে শ্বিনজোৰ প্ৰতি গভীৰ সন্মান জনাই এদিনীয়া ৰাষ্ট্ৰীয় শোক দিন হিচাপে ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে টকিঅ তেওঁলোকৰ শেহতীয়া বৈঠকৰ এখন আলোকচিত্ৰও বিনিময় কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

মোৰ প্ৰিয় বন্ধু শ্বিনজো আবেৰ কৰুণ মৃত্যুত মই হতবাক হৈ পৰিছো আৰু দুঃখিত হৈছো তেওঁ এজন গোলকীয় ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এক উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

শ্ৰীযুত আবেৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত মই তেওঁক চিনি পাইছিলো আৰু মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আমাৰ বন্ধুত্ব অব্যাহত আছিল। অৰ্থনীতি আৰু গোলকীয় বিষয়ত তেওঁৰ তীক্ষ্ণ অন্তৰ্দৃষ্টিয়ে সদায় মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।

মোৰ শেহতীয়া জাপান ভ্ৰমণৰ সময়ত, মই শ্ৰীযুত আবেক পুনৰ লগ কৰাৰ আৰু বহুতো বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলো। তেওঁ সদায়ৰ দৰে কৌতুকপূৰ্ণ আৰু অন্তৰ্দৃষ্টিসম্পন্ন আছিল। মই নাজানিছিলো যে এইটো আমাৰ শেষ সাক্ষাৎ ব। তেওঁৰ পৰিয়াল আৰু জাপানী লোকসকলৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা থাকিল

ভাৰতজাপানৰ সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ ক্ষেত্ৰত শ্ৰীযুত আবেয়ে এক অপৰিসীম অৱদান আগবঢ়াইছে। আজি সমগ্ৰ ভাৰতে জাপানৰ সৈতে শোক প্ৰকাশ কৰিছে আৰু এই কঠিন মুহূৰ্তত আমি আমাৰ জাপানী ভাইভনীসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছো।

প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাৰ চিহ্ন হিচাপে, ২০২২ চনৰ জুলাইত এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰা ব।

টকিঅ মোৰ বন্ধু শ্বিনজো আবেৰ সৈতে হোৱা মোৰ শেহতীয়া সাক্ষাতৰ এখন ফটো বিনিময় কৰিছো। ভাৰতজাপানৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সদায় উৎসাহী হৈ থকা তেওঁ অলপতে জাপানভাৰত সংস্থাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।

***

DS/TS/MANN