Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘জাতিৰ পিতা’, বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

জাতিৰ পিতা’, বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

ভাৰত আৰু বাংলাদেশৰ মাজত সুদৃঢ় সম্পৰ্কৰ মুলতে মিলিত ঐতিহ্য আৰু বংগবন্ধুৰ উত্তৰাধিকাৰসুত্ৰে তথা প্ৰেৰণা ওপৰত আধাৰিত বুলি লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅকনফাৰেন্সিংযোগে জাতিৰ পিতা’, বংগবন্ধু, শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশ লয়৷

প্ৰধানমন্ত্ৰীয়ে শ্বেইখ মজিবুৰ ৰহমানক যোৱা শতিকাৰ মহান ব্যক্তিসকলৰ অন্যতম বুলি আখ্যা দিয়াৰ লগতে কয় যে তেওঁৰ সমগ্ৰ জীৱন আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক৷

প্ৰধানমন্ত্ৰী মোদীয়ে বংগবন্ধুক শৌৰ্য, বিশ্বাস আৰু শান্তিৰ অনুপম প্ৰতীক বুলি উল্লেখ কৰি কয় যে বাংলাদেশৰ জাতিৰ পিতাগৰাকীয়ে সেই সময়ৰ যুৱকযুৱতীসকলক দেশৰ স্বাধীনতাৰ প্ৰত্যা্হ্বান গ্ৰহণৰ বাবে প্ৰেৰণা যোগাইছিল৷

প্ৰধানমন্ত্ৰীয়ে লগতে কিদৰে এক দমনমুলক আৰু কঠোৰ শাসন ব্যৱস্থাই সকলো গণতান্ত্ৰিক মুল্যবোধক অৱহেলা কৰি বাংলাভূমিত অন্যায় কৰি আহিছিল আৰু ইয়াৰ লোকসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল, সেই বিষয়ে উল্লেখ কৰে৷ বাংলাদেশক বিধ্বস্ত আৰু নৰসংহাৰৰ অতি কষ্টকৰ অৱস্থাৰ পৰা মুক্তি দিয়াৰ লক্ষ্যৰে তথা এক ইতিবাচক তথা প্ৰগতিশীল সমাজ গঢ় দিয়াৰ বাবে নিজৰ জীৱনৰ প্ৰতিটো ক্ষণ অৰ্পণ কৰা বংগবন্ধুৰ ত্যাগৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বংগবন্ধু এই কথাত স্পষ্ট আছিল যে কেতিয়াও ঘৃণা আৰু নেতিবাচক চিন্তাধাৰাই কোনো দেশৰ বিকাশ সাধন কৰিব নোৱাৰে৷ কিন্তু বংগবন্ধুৰ এই চিন্তাধাৰাক একাংশ লোকে বৰ ভাল পোৱা নাছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি দেখি আছো যে ৰাজনীতি আৰু কুটনীতিৰ হিংসাত্মক হাথিয়াৰ আৰু সন্ত্ৰাসবাদে কেনেদৰে এখন সমাজ আৰু ৰাষ্ট্ৰক নিঃশেষ কৰি আহিছে৷ সমগ্ৰ বিশ্বই এইবোৰ দেখি আহিছে যে সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠোপোষকসকল এতিয়া আছে আৰু কেনেদৰে আছে, যিসময়ত বাংলাদেশে উন্নতিৰ নতুন শিখৰত উপনীত হৈছে৷৷

প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ লোকসকলে শ্বেইখ মজিবুৰ ৰহমানৰ সপোনৰ সোনাৰ বাংলা’, তেওঁলোকৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজকে উচৰ্গা কৰাটোক লৈ সন্তোষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বংগবন্ধুৰ দ্বাৰা প্ৰেৰিত হৈ অন্তৰ্ভুক্তিমুলক তথা উন্নয়নমুলক নীতিৰে মাননীয় শ্বেইখ হাছিনাৰ নেতৃত্বত বাংলাদেশ উন্নতিৰ প্ৰশংসা কৰে৷ তেওঁ লগতে কয় যে বাংলাদেশে অৰ্থনীতিয়েই হওক, অন্যান্য সামাজিক ব্যৱস্থা তথা ক্ৰীড়া ক্ষেত্ৰতে হওক নতুন কৃতিত্ব অৰ্জন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে দক্ষতা, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ দৰে শিতানত অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰ বাবে বাংলাদেশক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, বিগত কেইটামান বৰ্ষত ভাৰত আৰু বাংলাদেশে দ্বিপাক্ষিক সম্পৰ্কৰ স্বৰ্ণিল অধ্যায় ৰচনা কৰিছে আৰু আমাৰ সহযোগিতাই এক নতুন গতি তথা পথ দেখুৱাইছে৷ দুয়োখন দেশৰ মাজত বৰ্ধিত বিশ্বাসৰ বাবেই সীমাৰ ক্ষেত্ৰত বহু জটিল বিষয় পৰস্পৰে বন্ধুত্বপূৰ্ণভাৱে মীমাংসা কৰিছে৷

তেওঁ কয় যে বাংলাদেশ দক্ষিণ এছিয়াত ভাৰতৰ কেৱল সৰ্ববৃহ ব্যৱসায়িক সহযোগিতাই নহয়, বৰঞ্চ বিকাশ যাত্ৰাৰো সহযোগী হৈ আহিছে৷ তেওঁ দুয়োখন দেশৰ মাজত বিদ্যু বিতৰণ, বন্ধুত্বপূৰ্ণ পাইপলাইন, পথ, ৰে, ইণ্টাৰনেট, আকাশী পথৰ দৰে সহযোগিতামুলক ক্ষেত্ৰৰ আলোকপাত কৰি কয় যে এই ক্ষেত্ৰসমূহে সংযোগ বৃদ্ধি কৰাৰ লগতে দেশৰ লোকসকলৰ মাজৰ সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰবীন্দ্ৰ নাথ ঠাকুৰ, কাজি নজৰুল ইছলাম, ওষ্টাড আলাউদ্দিন খান, লালন শ্বাহ, জীৱনানন্দ দাস আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে বুদ্ধিজীৱিয়ে দুয়োখন দেশৰ ঐতি্হ্য বহন কৰিছে৷

তেওঁ কয় যে বংগবন্ধুৰ ঐতিহ্য আৰু প্ৰেৰণাই দুয়োখন দেশৰ ঐতিহ্যক অধিক বিস্তৃত আৰু সুদৃঢ় কৰিছে৷ বংগবন্ধুৰ প্ৰদৰ্শিত পথৰ জৰিয়তে যোৱা দশকত দুয়োখন দেশৰ মাজত অংশীদাৰমুলক প্ৰগতি আৰু সমৃদ্ধিৰ আধাৰ ৰাখি থৈ গৈছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ অনাগত ঐতিহাসিক ক্ষণৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে অহা বছৰ বাংলাদেশে স্বাধীনতাৰ ৫০সংথ্যক বৰ্ষপূৰ্তি পালন কৰিব আৰু ২০২২ ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই দুয়োটা ঐতিহাসিক কাৰ্যসূচীয়ে দুয়োখন দেশক উন্নতিৰ নতুন শিখৰত উপনীত কৰাৰ লগতে দেশ দুখনৰ মাজত বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰিব৷

***

VRRK/AK/DB