Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘জল জীৱন মিছন’ৰ অধীনত নল-সংযোগী পানীৰ ১১ কোটি সংযোগ দি লাভ কৰা সাফল্যৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে


‘জল জীৱন মিছন’ৰ অধীনত নল-সংযোগী পানীৰ ১১ কোটি সংযোগ দি লাভ কৰা সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই প্ৰচেষ্টাৰ দ্বাৰা লাভান্বিত হোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই অভিযান সফল কৰাৰ বাবে থলীত কাম কৰা সকলৰ শলাগ লয়।

কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

“ভাৰতৰ জনসাধাৰণৰ বাবে ‘হৰ ঘৰ জল’ নিশ্চিত কৰাৰ বাবে প্ৰয়াস কৰাটো এক মহান কৃতিত্বৰ পৰিচায়ক। এই পদক্ষেপৰ দ্বাৰা লাভান্বিত হোৱা সকলোকে অভিনন্দন জনাইছো আৰু এই অভিযান সফল কৰাৰ বাবে থলীত কাম কৰা সকলৰে শলাগ লৈছো।”