প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জলবায়ু পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰসংঘৰ পৰিকাঠামো সন্মিলন(ইউএনএফচিচিচি)ত সন্মিলনৰ আধাৰত গ্ৰহণ কৰা দিশসমূহৰ পুৰণ সন্দৰ্ভত ভাৰতৰ দ্বিতীয় দ্বি-বাৰ্ষিক প্ৰতিবেদন দাখিলৰ বাবে অনুমোদন জনাইছে৷
জলবায়ু পৰিৱর্তন সম্পৰ্কীয় এই দ্বি-বার্ষিক প্ৰতিবেদনৰ বৈশিষ্ট্যবোৰৰ ভিতৰত
এই প্ৰতিবেদনৰ জৰিয়তে ভাৰতে এক অংশীদাৰ দেশ হিচাপে বিভিন্ন তথ্য দাখিল কৰিব পাৰিলে৷
উল্লেখ্য যে ভাৰতে জলবায়ু পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰসংঘৰ পৰিকাঠামো সন্মিলনৰ এখন অংশীদাৰ দেশ। বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশে এই মঞ্চত জলবায়ুৰ সন্দৰ্ভত শেহতীয়া বিভিন্ন তথ্য দাখিল কৰে যাতে জলবায়ু পৰিৱর্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হাতত সঠিক তথ্য মজুত ৰখাটো সম্ভৱ হয়।
*****
AKT/SH/DB