Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু-কাশ্মীৰৰ সকলো আবাসীকে সামৰি ল’ব লগা ‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই চেহত আঁচনি’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষ

জম্মু-কাশ্মীৰৰ সকলো আবাসীকে সামৰি ল’ব লগা ‘আয়ুষ্মান ভাৰত পিএম-জেএওৱাই চেহত আঁচনি’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষ


আজি জম্মু-কাশ্মীৰৰ দুগৰাকী হিতাধিকাৰীৰ পৰা আয়ুষ্মান ভাৰত আঁচনিৰ বিষয়ে তেওঁলোকৰ অনুভৱ শুনাৰ সুযোগ লাভ কৰিছো। মোৰ বাবে এয়া কেৱল আপোনালোকৰ অনুভৱেই নহয়। কাৰোবাৰ বাবে যেতিয়া কিবা কৰা হয়, কোনো সিদ্ধান্ত গ্ৰহণ কৰা হয়, কিন্তু যাৰ বাবে কৰা হয়, যদি তেওঁৰ পৰা সন্তুষ্টিৰ অভিব্যক্তি শুনিবলৈ পোৱা যায়, তেতিয়া সেয়া মোৰ বাবে আশীৰ্বাদ হৈ উঠে। দুখীয়াজনৰ কাৰণে আৰু অধিক কৰাৰ বাবে, আৰু দৌৰিবলৈ, আপোনালোকৰ আশীৰ্বাদে বহুত শক্তি প্ৰদান কৰে। আৰু কাকতালীয়ভাবে কথাটো চাওকচোন, দুয়োগৰাকী ভাতৃয়েই জম্মুৰো হয় আৰু কাশ্মীৰৰো হয়। তেনেই সৰু ব্যৱসায়, কোনোবাই হয়তো গাড়ীৰ ড্ৰাইভাৰী কৰে, কোনোবাই হয়তো আন কিবা, কিন্তু সংকটৰ সময়ত এই যোজনাই তেওঁলোকৰ জীৱনত কিমান ডাঙৰ কাম কৰে! আপোনালোকৰ কথা শুনি মোৰ খউব ভাল লাগিছে। বিকাশমূলক আঁচনিৰ লাভ যাতে মানুহৰ কাষ পাইগৈ, দুখীয়া-দৰিদ্ৰক স্পৰ্শ কৰিবগৈ পাৰে, ধৰাৰ শেষ বিন্দু পৰ্যন্ত স্পৰ্শ কৰেগৈ এয়াই আমাৰ চৰাকৰৰ প্ৰতিশ্ৰুতিবদ্ধতাআজি এই সামাৰোহত উপস্থিত থকা মোৰ কেবিনেট সতীৰ্থ গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধন জী, পিএমঅ-ত মোৰ সৈতে ৰাজ্যমন্ত্ৰীৰ ৰূপত কাম কৰি থকা মোৰ ভাই শ্ৰী জিতেন্দ্ৰ সিংহ জী, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ  শ্ৰীমান মনোজ সিন্হা জী, সংসদৰ মোৰ সকলো সহযোগী, জম্মু-কাশ্মীৰৰ জন প্ৰতিনিধিগণ আৰু মোৰ জম্মু-কাশ্মীৰৰ মৰমৰ ভাই-ভনীসকল।

আজিৰ দিনটো জম্মু-কাশ্মীৰৰ বাবে নিতান্তই ঐতিহাসিক দিনআজিৰে পৰা জম্মু-কাশ্মীৰৰ সকলো লোকে আয়ুষ্মান ভাৰত আঁচনিয়ে আগবঢ়াব লগা সকলোখিনি সা-সুবিধা লাভ কৰিবলৈ সক্ষম হব। চেহত আঁচনি-আক্ষৰিক অৰ্থতে এক অতিকে বৃহত্ পদক্ষেপ। আৰু জম্মু-কাশ্মীৰক, নিজৰ মানুহখিনিৰ উন্নয়ণৰ বাবে খোজ আগবঢ়োৱা দেখি, মোৰো বহুত ভাল লাগিছে আৰু সেয়ে শ্ৰীমান মনোজ সিন্হা জী আৰু তেওঁ গোটেই টীমটোক, চৰকাৰৰ সকলো বিষয়ববীয়াক, জম্মু-কাশ্মীৰৰ নাগৰিকক মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। দৰাচলতে মোৰ এই আঁচনিখন কালি শুভাৰম্ভ কৰাৰ ইচ্ছা কৰিছিলো২৫ ডিচেম্বৰ তাৰিখে, অটল জীৰ জন্মদিনৰ দিনা যদি আঁচনিখনৰ শুভাৰম্ভ হলহেতেন, পিচে, মোৰ কিছু ব্যস্ততাৰ বাবেই কালি এয়া সম্ভৱ নহল, সেয়ে মই আজিৰ তাৰিখত এয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হল। জম্মু-কাশ্মীৰৰ প্ৰতি অটল জীৰ এক বিশেষ স্নেহ আছিল। অটল জীৰ ইনছানিয়ত, জমুৰীয়ত ঔৰ কাশ্মীৰীয়তৰ কথাই আমাক কাম কৰি যোৱাৰ বাবে দিক-দৰ্শন কৰি আহিছে। তেওঁৰ তিনি মন্ত্ৰক আওঁৰায়েই আজি জম্মু-কাশ্মীৰে, এই ভাৱনাকে শক্তিশালী কৰি আগবাঢ়িছে।

বন্ধুসকল,

যোজনাখনৰ বিষয়ে সবিস্তাৰে কোৱাৰ আগতে মই আজি, আপোনালোকৰ মাজলৈ অহাৰ বাবে মই সুযোগ পাইছো য়েতিয়া মই কব বিচাৰিম, জম্মু আৰু কাশ্মীৰৰ ৰাইজক লোকতন্ত্ৰক শক্তিশালী কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। জিলা উন্নয়ণ পৰিষদৰ নিৰ্বাচনত আপোনালোকে নতুন অধ্যায় লিখিলে। মই এই নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়েই ভালকৈ নিৰীক্ষণ কৰিছিলো। আপোনালোকে কেনেকৈ ইমান ঠাণ্ডাৰ মাজতো, কৰোনাৰ সংকটৰ মাজতো, ন-জোৱান, বয়সষ্ঠ, মহিলাসকল বুথত গৈ উপস্থিত হৈছিলগৈ। ঘণ্টাৰ পিচত ঘণ্টা ধৰি শাৰী পাতি থাকিছিল। জম্মু-কাশ্মীৰৰ প্ৰতিগৰাকী ভোটাৰৰ মুখত মই বিকাশৰ বাবে, উন্নয়ণৰ কাৰণে এক আশাৰ কিৰণ দেখিবলৈ পাইছিলো। জম্মু-কাশ্মীৰৰ প্ৰতিগৰাকী ভোটাৰৰ চকুত মই অতীতক পিচত থৈ, সুন্দৰ ভৱিষ্যতৰ প্ৰতি উদগ্ৰীৱ হোৱা এক বিশ্বাস দেখিবলৈ পাইছিলো।

বন্ধুসকল,

এই নিৰ্বাচনত জম্মু-কাশ্মীৰৰ ৰাইজে গণতন্ত্ৰৰ মূলাধাৰক আৰু অধিক শক্তিশালী কৰাৰ কাম কৰিলে আৰু মই এইবুলিও কব বিচাৰিম যে জম্মু-কাশ্মীৰৰ প্ৰশাসন, নিৰাপত্তা বাহিনীসমূহে যেনেকৈ নিৰ্বাচনৰ পৰিচালনা কৰিলে আৰু প্ৰতিটো দলৰ সহযোগিতাৰে নিৰ্বাচন নিতান্তই স্বচ্ছতাৰে অনুষ্ঠিত হৈ গল, নিকা ভাবে সম্পন্ন হল। এই কথা মই যেতিয়া শুনিবলৈ পালো, মোৰ মন গৌৰৱবোধৰে পৰিপূৰ্ণ হৈ উঠিছিল। জম্মু-কাশ্মীৰত নিৰ্বাচন-প্ৰক্ৰিয়া নিৰপেক্ষ হোৱা, স্বতন্ত্ৰ ব্যৱস্থাৰে সম্পন্ন হোৱা, আৰু এই কথা জম্মু-কাশ্মীৰৰ পক্ষৰ পৰাই যেতিয়া শুনিবলৈ পাও, তেতিয়া গণতন্ত্ৰৰ শক্তিৰ প্ৰতি আমাৰ বিশ্বাস আৰু অধিক শক্তিশালী হৈ উঠে। মই প্ৰশাসনক, নিৰাপত্তা বাহিনীসমূহকো অনেক ধন্যবাদ দিছো। আপোনালোকে সাধাৰণ কাম কৰা নাই। আপোনালোকে দৰাচলতেই বহুত ডাঙৰ কাম সম্পন্ন কৰিলে। আজি যদি মই সন্মুখা-সন্মুখী হব পাৰিলোহেতেন প্ৰশাসনৰ সকলো লোককে যিমান প্ৰশংসা কৰিলোহেতেন, মোৰ চাগৈ শব্দৰে নাটনি হৈ গলহেতেন! ইমানেই ডাঙৰ কাম আপোনালোকে কৰি দেখুৱালেআপোনালোকে দেশত এক নতুন বিশ্বাসৰ ধাৰা জন্ম দিলে আৰু তাৰ সম্পূৰ্ণ শ্ৰেয়ঃ মনোজ জী আৰু তেওঁৰ চৰকাৰৰ, প্ৰশাসনৰ সকলো ব্যক্তিৰ বুলিয়েই কব লাগিব।

বন্ধুসকল,

জম্মু-কাশ্মীৰত এই ত্ৰি-স্তৰীয় পঞ্চায়ত ব্যৱস্থা একপ্ৰকাৰ মহাত্মা গান্ধীৰ গ্ৰামস্বৰাজৰে সপোন। একপ্ৰকাৰ এই নিৰ্বাচন গান্ধীৰ সপোনৰেই জয় আৰু দেশত যি পঞ্চায়ত ব্যৱস্থা আছে, সিয়ে আজি জম্মু-কাশ্মীৰৰ ভূমিত পূৰ্ণতাকে প্ৰাপ্ত কৰিলে। এইটো নতুন দশকত, নতুন যুগৰ, নতুন নেতৃত্বৰ শুভাৰম্ভ হৈছে। বিগত বছৰসমূহত আমি জম্মু-কাশ্মীৰত তৃণমূলৰ গণতন্ত্ৰক, তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক সংস্থাসমূহক শক্তিশালী কৰাৰ বাবে দিনে-নিশাই প্ৰয়াস কৰিছিলোজম্মু-কাশ্মীৰৰ ভাই-ভনীসকলে চাগৈ নিশ্চয় জানিব যে এটা সময় আছিল আমি জম্মু-কাশ্মীৰৰ চৰকাৰৰ অংশীদাৰ আছিলো। আমাৰ উপ মুখ্য মন্ত্ৰী আছিল, আমাৰ মন্ত্ৰী আছিল, পিচে আমি সেই সত্তা-সুখ ত্যাগ কৰিছিলো। আমি চৰকাৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলো। কি সিদ্ধান্তৰ আধাৰত আহিছিলো সেই কথা আপোনালোকৰ চাগৈ মনত আছেই নহয়জানো, আমি পঞ্চায়তৰ নিৰ্বাচন হোৱাটো বিচাৰিছিলো। জম্মু-কাশ্মীৰৰ গাঁৱৰ ৰাইজক তেওঁলোকৰ প্ৰাপ্যখিনি দিয়াৰ ব্যৱস্থা কৰক। তেওঁলোকক তেওঁলোকৰ গাঁৱৰ প্ৰসংগত সিদ্ধান্ত গ্ৰহণৰ বাবে ক্ষমতা প্ৰদান কৰক। এই সিদ্ধান্তকে সাৰোগত কৰি আমি চৰকাৰ ত্যাগ কৰি আপোনালোকৰ সৈতে ৰাস্তাত খাড়া হলোহি আৰু আজি মোৰ ভাল লাগিছে যে ব্লক পৰ্যায়ত, পঞ্চায়ত পৰ্যায়ত অথবা জিলা পৰ্যায়ত আপোনালকে যিসকল লোকক নিৰ্বাচিত কৰিলে তেওঁকৰ সৰহ সংখ্যকেই আপোনালোকৰ মাজতে থাকে, তেওঁলোকে আপোনালোকৰ মাজৰ পৰাই গৈ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে। আপোনালোকে যি সমস্যাৰ সন্মুখীন হৈছিল, সেই একেই সমস্যা তেওঁলোকেও অতিক্ৰম কৰিবলগীয়া হৈছিল। তেওঁলোকৰ সুখ-দুখ, তেওঁলোকৰ সপোন আপোনালোকৰ সপোন আৰু বিশ্বাসৰ সৈতে সম্পূৰ্ণ ৰূপেই মিলে। এওঁলোক এনে ব্যক্তি যি কেৱল নামৰ বলত নহয়, বৰং কামৰ বলতহে তেওঁলোকে আপোনালোকৰ আশীৰ্বাদ আদায় কৰিব পাৰিছে আৰু আজি আপোনালোকে তেওঁলোকক আপোনালোকক প্ৰতিনিধিত্ব প্ৰদান কৰাৰ অধিকাৰ দিছে। আজি আপোনালোকে যিসকল যুৱক-যুৱতীক নিৰ্বাচিত কৰিছে, তেওঁলোকে আপোনালোকৰ সৈতে কাম কৰিব আৰু যিসকল ব্যক্তি নিৰ্বাচিত হৈছে মই তেওঁলোককো বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো আৰু যিসকলে এইবাৰ বিজয় সাব্যস্ত কৰিব নোৱাৰিলে তেওঁলোককো মই কম যে আপোনালোক নিৰাশ নহব, জনতাৰ সেৱা আপোনালোকে নিৰন্তৰ কৰি যাওক। আজি নহলেও কালিলৈ আপোনালোকৰ কপালতো বিজয় সম্ভৱ হবগৈ পাৰে। গণতন্ত্ৰত যিয়েই সুযোগ পাই তেৱেঁই সেৱা কৰিব পাৰে। যিসকলে সেই সুযোগ লাভ কৰিবলৈ সক্ষম নোহোৱাৰ পিচতো ৰাইজক সেৱা কৰাৰ পৰা পিচ ভৰি নিদিয়ে তেওঁলোকে নিৰন্তৰ ভাবে ৰাইজৰ সেৱাত নিমজ্জিত থাকে। আপোনালোকে আগন্তুক সময়ত তেওঁলোকক আপোনালোকৰ অঞ্চলৰ লগতে দেশৰ বাবে ডাঙৰ ভূমিকাৰ বাবে সাজু কৰাই ৰখাৰ প্ৰায়স কৰিব।  আমাৰ দেশত গণতন্ত্ৰ বুনিয়াদ কিমান মজবুত জম্মু-কাশ্মীৰৰ এই নিৰ্বাচনে ইয়াকো প্ৰতিপন্ন কৰিলেপিচে, মই আজি দেশৰ সন্মুখত আৰু এক আক্ষেপো ব্যক্ত কৰিব বিচাৰিছো। জম্মু-কাশ্মীৰেতো কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ এবছৰ নৌহওতেই ত্ৰি-স্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ নিৰ্বাচন সম্পন্ন কৰিলে, নিতান্ত শান্তিপূৰ্ণ ভাবেই সম্পন্ন কৰালে এই নিৰ্বাচন। আৰু ৰাইজক তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰিলে। এতিয়া এই নিৰ্বাচিতসকলে জম্মু-কাশ্মীৰৰ গাঁও, নিজৰ জিলাৰ, নিজৰ ব্লকসমূহৰ ভৱিষ্যত নিশ্চিত কৰিব। পিচে, দিল্লীত কিছুসংখ্যক লোকে পুৱা-গধূলি, দিনে-ৰাতিয়ে মোডীৰ দোষ-খুচৰি থাকে, হোৱাই-নোহোৱাই তিৰস্কাৰ কৰি থাকে, গালি-গালাজ কৰে। মোক গণতন্ত্ৰ শিকোৱাৰ বাবে নতুন নতুন পাঠ পঢ়োৱাৰ অপচেষ্টা কৰে। মই সেইসকল লোকক আজি অকণমান আইনা দেখুৱাব খুজিছো। এই জম্মু-কাশ্মীৰলৈ চাওক, কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ ইমান কম দিনৰ ভিতৰতে তেওঁলোকে ত্ৰি-স্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থাক স্বীকাৰ কৰি লৈ কাম আগবঢ়াই নিছে। কিন্তু আনফালৰ বিড়ম্বনা চাওক, পডুচেৰীত উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিচতো পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন হোৱাই নাই আৰু মোক ইয়াত যিসকলে নিতৌ গণতন্ত্ৰৰ পাঠ পঢ়াই থাকে তেওঁলোকৰে পাৰ্টীয়ে তাত শাসন চলাই আছে। আপোনালোকে শুনি আচৰিত হব, উচ্চতম ন্যায়ালয়ে ২০১৮চনতে আদেশ দিছিল। কিন্তু তাত যি চৰকাৰ আছে, যিসকলৰ গণতন্ত্ৰ প্ৰতি কিঞ্চিত মানো ভৰসা নাই, তেওঁলোকে এই কথা নিৰন্তৰ পিচুৱাই আহিছে।

বন্ধুসকল,                                                    

পুডুচেৰীত কেবাটাও দশকৰ অপেক্ষাৰ পিচত ২০০৬ চনত স্থানীয় নিকায়সমূহৰ নিৰ্বাচন হৈছিল। এই নিৰ্বাচনত যিসকল নিৰ্বাচিত হৈছিল, তেওঁলোকৰ কাৰ্যকাল ২০১১ চনতেই অন্ত পৰিছিল। কিছু সংখ্যক ৰাজনৈতিক দলৰ কোৱা কথা আৰু কৰা কামৰ মাজত আকাশ-পাতল পাৰ্থক্য পৰিলক্ষিত হয়। গণতন্ত্ৰৰ প্ৰতি তেওঁলোক দৰাচলতে কিমান গম্ভীৰ, সেয়া এই কথাৰ পৰাও গম পাব পাৰি। ইমান বছৰ হৈ গল, পুডুচেৰীত পঞ্চায়ত আদিৰ নিৰ্বাচন আজিলৈকে হবলৈ দিয়া নাই।

ভাই-ভনীসকল,

গাঁওসমূহৰ উন্নয়ণৰ প্ৰতিটো কাম-কাজত ৰাইজৰ ভূমিকা সকলোতকৈ অধিক হোৱাৰ কথাটোত কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। প্ৰকল্পৰ পৰিকল্পনাৰ পৰা ইয়াৰ ৰূপায়ণ, চোৱাচিতা কৰাৰ প্ৰতিটো পৰ্যায়তে পঞ্চায়তী ৰাজৰে জড়িত নিকায়সমূহক অধিক শক্তি প্ৰদান কৰা হৈছে। আপোনালোকেও চাগৈ মন কৰিছে, দুখীয়া-দৰিদ্ৰৰে জড়িত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে পঞ্চায়তসমূহৰ এতিয়া দায়িত্ব কিমান বাঢ়িছে। ইয়াৰ সুফল জম্মু-কাশ্মীৰতো লাভ কৰা পৰিলক্ষিত হৈছে। জম্মু-কাশ্মীৰ গাঁওসমূহত বিজুলী উপলব্ধ হৈছে। ইয়াৰ গাঁওসমূহ এতিয়া মুকলিত শৌচ কৰাৰ পৰা মুক্ত হৈছে। গাঁওসমূহলৈ উন্নত পথ নিৰ্মাণৰ কাম কৰাৰ বাবে মনোজ জীৰ নেতৃত্বত চৰকাৰে বিভিন্ন সমস্যাকো নেওঁচি নিৰন্তৰ দ্ৰুতগতিৰে কাম কৰি আছে। প্ৰতিখন ঘৰলৈ নিৰ্মল পানী যোগান ধৰাৰ বাবেও অভিযান জম্মু-কাশ্মীৰত দূৰন্ত গতিত আগবাঢ়ি আছে। আগন্তুক ২-৩ বছৰত ৰাজ্যৰ প্ৰতিখন ঘৰলৈ নল-সংযোজিত পানীৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। জম্মু-কাশ্মীৰত স্থানীয় প্ৰশাসনক শক্তিশালী কৰিব পাৰিলেই উন্নয়ণৰ প্ৰক্ৰিয়াও অধিক গতিৰে ত্বৰান্বিত হব।

বন্ধুসকল,

আজি জম্মু-কাশ্মীৰৰ নাগৰিকসকলৰ উন্নয়ণ, আমাৰ চৰকাৰৰ সবাটোতকৈ প্ৰাথমিকতাপূৰ্ণ কামসমূহৰ অন্যতম বুলি গণ্য কৰা হৈছে। সেয়া লাগিলে মহিলাৰ সবলীকৰণেই হওক কিম্বা যুৱ-প্ৰজন্মক কৰ্ম-সংস্থাপনৰ ব্যৱস্থাই হওক, দলিত-পীড়িত-শোষিত-বঞ্চিতসকলৰ কল্যাণ সাধনৰ লক্ষ্যই হওক অথবা নাগৰিকসকলৰ সাংবিধানিক আৰু বুনিয়াদী অধিকাৰেই হওক, আমাৰ চৰকাৰে ৰাজ্যখনৰ ভালৰ বাবেই সিদ্ধান্ত গ্ৰহণত মনোনিৱেশ কৰিছে। আজি পঞ্চায়তী ৰাজৰ দৰে গণতান্ত্ৰিক নিকায়ৰ বিশ্বাসে এই ইতিবাচক বাৰ্তাকে আগুৱাই আনিছে। আজি আমি ৰাইজক এই বিশ্বাসকে প্ৰদান কৰাত সাফল্য লাভ কৰিছো যে পৰিৱৰ্তন নিতান্তই সম্ভৱ আৰু এই পৰিৱৰ্তন তেওঁলোকে নিৰ্বাচিত কৰা পচন্দৰ প্ৰতিনিধিসকলে আনিব পাৰিব। তৃণমূল পৰ্যায়ত গণতন্ত্ৰ প্ৰতিস্থা কৰি আমি ৰাইজৰ আকাংক্ষাসমূহক পূৰণ কৰাৰ সুযোগ প্ৰদান কৰিছো। জম্মু-কাশ্মীৰৰ মহান ঐতিহ্য আছে আৰু ইয়াৰ দক্ষ লোকসকলে নিজৰ অঞ্চলটোক সমৃদ্ধ কৰাৰ পদ্ধতি গ্ৰহণ কৰিছে, নতুন পদ্ধতিক আকোৱালি লৈছে।

বন্ধুসকল,

জম্মু আৰু কা্শ্মীৰৰ আয়ুসৰেখা সদৃশ ঝিলাম নদীত, ৰাৱী, ব্যাস, সতলুজ নদী মিলিত হোৱা আগতে বহুকেইখন উপনৈয়ো মিলিত হয় আৰু এইসকলো নদীয়েই মহান সিন্ধু নদীত সমৰ্পিত হয়গৈ। মহান সিন্ধু নদী আমাৰ সভ্যতা, আমাৰ সংস্কৃতি আৰু বিকাশ যাত্ৰাৰ পৰ্যায়। সেইদৰেই বিকাশৰ ক্ৰান্তিও উপনদী, সহায়ক নদীসমূহৰ দৰেই বহু ধাৰাৰে আহি এক বৃহত ধাৰাৰ ৰূপ ধাৰণ কৰে। এই চিন্তাৰেই স্বাস্থ্যৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰি থকা হৈছে। আমাৰ চৰকাৰে বহুবোৰ সৰু সৰু ধাৰাৰ দৰেই যোজনাৰ শুভাৰম্ভ কৰিছে আৰু এইসকলোবোৰৰে একেই লক্ষ্য-স্বাস্থ্যখণ্ডলৈ পৰিৱৰ্তনৰ ধাৰা প্ৰবাহিত কৰা। আমি উজ্জ্বলা যোজনাৰ আধাৰত দেশৰ বাই-ভনীসকলক, জীয়ৰীসকলক ৰন্ধন গেছৰ সংযোগ দিয়াৰ কথাটোক কেৱল ইন্ধন যোগানৰ এক আঁচনি বুলিয়েই চোৱা উচিত নহয়। আমি ইয়াৰ দ্বাৰা আমাৰ বাই-ভনীসকলক ধোঁৱাৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰিছো, সমগ্ৰ পৰিয়ালৰে সুস্থতা  নিশ্চিত কৰিব বিচাৰিছো। মহামাৰীৰ সংকটৰ সময়তো জম্মু-কাশ্মীৰত প্ৰায় ১৮ লাখ গেছৰ চিলিণ্ডাৰ ৰিফিল কৰা হৈছিল। সেইদৰেই আপোনালোকে স্বচ্ছ ভাৰত অভিযানৰে উদাহৰণ গ্ৰহণ কৰকচোন। এই অভিযানৰ জৰিয়তে জম্মু-কাশ্মীৰত ১০লাখৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। পিচে, ইয়াৰ উদ্দেশ্য কেৱল শৌচালয় নিৰ্মাণতে সীমিত নাছিল, ইয়ে ৰাইজৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰো প্ৰয়াস কৰিছে।

বন্ধুসকল,

বিগত দুটা বছৰত ডেৰ কোটিৰো অধিক দুখীয়া ব্যক্তিয়ে আয়ুষ্মান ভাৰত যোজনাৰ লাভ আদায় কৰিবলৈ সুযোগ লাভ কৰিছে। ইয়াৰ জৰিয়তে জম্মু-কাশ্মীৰৰ ৰাইজেও বিপদৰ সময়ত বহুত সকাহ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ প্ৰায় ১লাখ দুখীয়া ৰোগীয়ে চিকিত্সালয়ত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সেৱা লাভ কৰিবলৈ সুবিধা লাভ কৰিলে। আৰোগ্য লাভ কৰা সকলৰ ভিতৰত সৰহ সংখ্যকেই আছিল কেন্সাৰ, হৃদৰোগ আৰু হাঁড়ৰ অসুখৰে আক্ৰান্ত ৰোগীএইবোৰ এনে  ৰোগ যে যাৰ চিকিত্সাৰ বাবে বহু পৰিমাণৰ ধন ব্যয় কৰাৰ প্ৰয়োজন হয়। সেয়ে এনে ৰোগৰ চিকিত্সা কৰাবলৈ গৈ সৰ্বস্বান্ত হবলগীয়া হয় দুখীয়া-দৰিদ্ৰসকল। এনে খৰছৰ সন্মুখীন হোৱাসকলৰ চকুৰ টোপনি নোহোৱা হৈ পৰে।

ভাই-ভনীসকল,

জম্মু-কাশ্মীৰ উপত্যকাৰ বায়ু ইমানেই নিৰ্মল, ইমানেই প্ৰদূষণ মুক্ত যে স্বাভাৱিকতেই প্ৰতিগৰাকীয়েই বিচাৰে আৰু মইতো নিশ্চিত ভাবে বিচাৰো যে আপোনালোক সদায়ে সুস্থ হৈ থাকক। এৰা, এতিয়া মোৰ এটা কথাতে ভাল লাগিছে যে অসুখৰ সময়ত আয়ুষ্মান ভাৰত-চেহত আঁচনি সুহৃদ বান্ধৱৰ ৰূপত আপোনালোকৰ সহচৰ হ

বন্ধুসকল,

জম্মু-কাশ্মীৰে এতিয়া দেশৰ অন্য প্ৰান্তৰ সৈতে কান্ধত কান্ধ মিলাই আগুৱাইছে। কৰোনাৰ সংকটৰ ক্ষেত্ৰতো ৰাজ্যখনত যেনেদৰে কাম কৰা হৈছে, সেয়া নিতান্তই প্ৰশংসাযোগ্য। মোক জনোৱা মতে ৩ হাজাৰৰো অধিক চিকিত্সক,১৪ হাজাৰৰো অধিক পেৰা মেডিকেল কৰ্মী, আশা-কৰ্মীয়ে দিনে-নিশাই ৰোগী শুস্ৰূষাৰ কামত জড়িত আছিল আৰু এতিয়াও জড়িত হৈ আহিছে। নিচেই কম সময়তে ৰাজ্যখনে কৰোনাৰে যুঁজাৰ বাবে নিজকে প্ৰস্তুত কৰি লব পাৰিছে। এনে প্ৰয়াসৰ সুবাদতে ৰাজ্যখনত কৰোনাক নিয়ন্ত্ৰিত কৰাৰ বাবে বিশেষ সাফল্য অৰ্জন কৰিব পৰা গৈছে।

ভাই-ভনীসকল,

জম্মু-কাশ্মীৰত আজি স্বাস্থ্যখণ্ডত যিমান প্ৰয়াস কৰা হৈছে, সিমান প্ৰয়াস ইয়াৰ পূৰ্বে কেতিয়াও কৰা হোৱা নাছিল। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ৰাজ্যত ১১০০ৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰে ৮০০ৰো অধিক কেন্দ্ৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈয়ো উঠিছে। জন-ঔষধী কেন্দ্ৰসমূহৰ পৰা তেনেই কম দামতে উপলব্ধ হোৱ ঔষধ আৰু ডায়েলিছিছৰ সুবিধাই সহস্ৰজনক উপকৃত কৰিছে। জম্মু আৰু শ্ৰীনগৰত দুখন কেন্সাৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰি থকা হৈছে। দুখন এইমছ-ৰ কামো দ্ৰুত গতিৰে চলি আছে। যুৱক-যুৱতীসকলৰ মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ বাবে জম্মু-কাশ্মীৰতে যাতে অধিক সা-সুবিধা প্ৰদান কৰিব পৰা যায় সেই কথা নিশ্চিত কৰাৰ বাবেও কাম অব্যাহত আছে। ইতিমধ্যে জম্মু-কাশ্মীৰৰ বাবে ৭ খন নতুন চিকিত্সা মহাবিদ্যালয়ৰ অনুমোদন কৰা হৈছে। ইয়াৰ ফলত এমবিবিএছৰ আসনৰ সংখ্যা দুগুণতকৈয়ো অধিক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ইতিমধ্যে অনুমোদন জনোৱা ১৫খন নাৰ্ছিং কলেজৰ পৰাও জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে সুবিধা আদায় কৰিব পাৰিব। সেইদৰে আইআইটি আৰু আইআইএমৰ দ্বাৰাও ইয়াৰ নতুন প্ৰজন্মই উচ্চ শিক্ষাৰ উন্নত সুবিধা লাভ কৰিবলৈ সক্ষম হব। ৰাজ্যত ক্ৰীড়া সংসাধন বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাও আৰম্ভ কৰা হৈছে। ইয়ে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাধৰসকলক ক্ৰীড়া পৰিমণ্ডলত দক্ষতা প্ৰদৰ্শন কৰাত সহযোগিতা আগবঢ়াব।

ভাই-ভনীসকল,

স্বাস্থ্যৰ পিচতে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো জম্মু-কাশ্মীৰত দ্ৰুত-গতিৰে কাম অব্যাহত আছে। বিগত ২-৩ বছৰত কেনেদৰে অগ্ৰগতি লাভ কৰিব পৰা গৈছে তাৰ উত্কৃষ্ট উদাহৰণ হল জল-বিদ্যুত প্ৰকল্প। বিগত ৭ দশকত জম্মু-কাশ্মীৰত ৩ হাজাৰ মেগাৱাট বিদ্যুতৰ উত্পাদন সম্ভৱ হৈছিল। পিচে বিগত ২-৩টা বছৰতে আমি ইয়াৰ সৈতে আৰু ৩ হাজাৰ মেগাৱাট বিদ্যুতৰ উত্পাদনশীলতা সংযোজিত কৰিবলৈ সক্ষম হলো। প্ৰধানমন্ত্ৰী উন্নয়ণ পেকেজৰ আধাৰত চলি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলাৰ বাবেও এতিয়া দ্ৰুতগতিৰে কাম আগবঢ়াই থকা হৈছে।

বন্ধুসকল,

যোগাযোগ ব্যৱস্থা উন্নত হলে ইয়ে পৰ্যটন আৰু উদ্যোগ উভয় খণ্ডকে বাৰুকৈয়ে উপকৃত কৰে। দীৰ্ঘদিন ধৰি পৰ্যটন জম্মু-কাশ্মীৰৰ শক্তি হিচাপে পৰিগণিত হৈ আহিছে। যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে যিবোৰ প্ৰকল্পৰ কাম হাতত লৈছে তাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰ উভয়ৰে সুফল লাভ হব। কালীনৰ পৰা কেশৰলৈকে, আপেলৰ পৰা বাছমতি চাউললৈকে জম্মু-কাশ্মীৰত কি নাই?ৰোনাৰ সংকটৰ সময়তো আপেল-উত্পাদকসকল যাতে বিপদত পৰিবলগীয়া নহয় তাৰ প্ৰতি চৰকাৰে দৃষ্টি ৰাখিছিল। আপেল ক্ৰয়ৰ বাবে ৰূপায়িত মাৰ্কেট ইণ্টাৰ্ভেনশ্যন স্কিমখন এইবাৰো বলবত্ কৰা হৈছিল। আপেল উত্পাদকসকল তেওঁলোকৰ ধন প্ৰত্যক্ষ লাভ হস্তান্তৰণ প্ৰক্ৰিয়াৰে দিয়া ব্যৱস্থা কৰা হৈছিল। এই আঁচনিৰ অধীনত ১২লাখ মেট্ৰিকটন আপেল ক্ৰয় কৰা হৈছে আৰু ইয়ে জম্মু-কাশ্মীৰৰ কৃষকসকলক বাৰুকৈয়ে উপকৃত কৰিছে। জম্মু আৰু কাশ্মীৰৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ নাফেড-ক ২৫০০ কোটি টকাৰ চৰকাৰী গেৰেণ্টীও প্ৰদান কৰা হৈছে। আপেল ক্ৰয়ৰ বাবে আধুনিক পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে উন্নত পৰিবহণৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

ভাই-ভনীসকল,

আজি জম্মু-কাশ্মীৰত এফালে হাজাৰৰ সংখ্যাৰে চৰকাৰী চাকৰিৰ জাননী জাৰি কৰা হৈছে, আনফালে আকৌ জীৱিকাৰ আন পথৰো সন্ধান দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বেংকসমূহৰ জৰিয়তে এতিয়া জম্মু-কাশ্মীৰৰ উদীয়মান ব্যৱসায়ীসকলে সহজেই ঋণ লাভ কৰিব পৰা হৈছে। ইয়াতো আমাৰ বাই-ভনীসকলে, যিসকল আত্ম সহায়ক গোটৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে আটাইতকৈ অধিক সংখ্যাত আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

বন্ধুসকল,

আগতে দেশৰ নামত যিমানবোৰ আঁচনি যুগুতোৱা হৈছিল, যিবোৰ আইন যুগুতোৱা হৈছিল, সেইসমূহৰ অধিকাংশতে একচেপ্ট জে এণ্ড কে বুলি লিখা হৈছিল। এতিয়া এই পৰম্পৰা ইতিহাস হৈছে। শান্তি আৰু উন্নয়ণৰ যিটো বাটেৰে আজি জম্মু আৰু কাশ্মীৰে বাট বুলিবলৈ লৈছে, সেই বাটে ৰাজ্যখনলৈ নতুন উদ্যোগৰ আগমণৰ বাটো প্ৰশস্থ কৰি তুলিছে। আজি জম্মু-কাশ্মীৰে আত্মনিৰ্ভৰ ভাৰত অভিযানকো নিজৰ অৰিহণা আগবঢ়াইছে। ১৭০ খনতকৈ অধিক কেন্দ্ৰীয় আইন, যিবোৰ আগতে জম্মু-কাশ্মীৰত বলবত্ কৰা হোৱা নাছিল সেয়া এতিয়া প্ৰশাসনৰ অংগ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ ৰাইজৰ অধিকাৰৰ সুযোগ হৈ উঠিছে।

বন্ধুসকল,

আমাৰ চৰকাৰৰ সিদ্ধান্তৰ পিচত, প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ দুখীয়া সাধাৰণ শ্ৰেণীৰ লোকসকলে সংৰক্ষণৰ লাভ আদায়ৰ সুযোগ পাইছে। প্ৰথমবাৰৰ বাবে পাহাৰীয়া অঞ্চলৰ ৰাইজসকলে সংৰক্ষণৰ লাভ আদায় কৰিব পাৰিছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত বসবাস কৰা ৰাইজসকলকো আমাৰ চৰকাৰে ৪%সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে। বন আইন বলবত্ কৰাৰ ফলতো নাগৰিকসলে নতুন অধিকাৰ উপভোগ কৰাৰ সুযোগ পাব। ইয়াৰ দ্বাৰা গুজ্জৰ, বকৰৱাল, অনুসূচিত জনজাতি আৰু পাৰম্পাৰিক ভাবে বনাঞ্চলৰ আশে-পাশে বসবাস কৰাসকলক বনাঞ্চলৰ ভূমিৰ ব্যৱহাৰ কৰাৰ বাবে আইনগত অধিকাৰ প্ৰদান কৰা হৈছে। এতিয়া আৰু কাৰো সৈতে মতভেদৰ অৱকাশ নাথাকিব। জম্মু-কাশ্মীৰত দশকৰ পিচত দশক ধৰি বসবাস কৰি অহা বন্ধুসকলকো ডমিচিল চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। এয়াই হৈছে সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস

বন্ধুসকল,

সীমান্তৰ সীপাৰৰ পৰা চলি থকা গুলীয়াগুলীয়ে আমাক সদায়ে চিন্তিত কৰি আহিছে। এনে গুলীয়া গুলীৰ সমস্যাৰ সমাধানৰ বাবে সীমান্তত বংকাৰ সজাৰ কাম দ্ৰুত গতিৰে আগবঢ়াই থকা  হৈছে। ছাম্বা, পুঞ্চ, জম্মু,কাথোৱা আৰু ৰাজৌৰীৰ দৰে সংবেদনশীল ঠাইসমূহত বৃহত পৰিমাণে বাংকাৰ নিৰ্মাণেই নহয় বৰঞ্চ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সেনা আৰু নিৰাপত্তা বাহিনীসমূহকো উচিত সিদ্ধান্ত গ্ৰহণৰ অনুমতি প্ৰদান কৰা হৈছে।

বন্ধুসকল,

যিসকল লোকে আমাৰ দেশ বহু দশক ধৰি শাসন কৰি আহিছিল, তেওঁলোকৰ এটা ভুল এয়াও আছিল যে তেওঁলোকে দেশৰ সীমান্তবৰ্তী অঞ্চলসমূহৰ উন্নয়ণক সম্পূৰ্ণ ৰূপেই উপেক্ষা কৰি আহিছিল। তেওঁলোকৰ চৰকাৰসমূহৰ এই মানসিকতাৰ বাবেই জম্মু-কাশ্মীৰেই হওক অথবা নৰ্থ-ইষ্ট-য়েই হওক, এইবোৰ অঞ্চলক পিচ পৰি থাকিবলৈ বাধ্য কৰাই আহিছিল। জীৱনৰ বুনিয়াদী প্ৰয়োজনীয়তাসমূহ, উন্নয়ণৰ প্ৰয়োজনীয়তা, আনকি সাধাৰণ মানুহে সিমানখিনি পোৱাই নাছিল, দৰাচলতে যিমানখিনি তেওঁলোকে পোৱা উচিত আছিল। এনে মানসিকতাই কেতিয়াও দেশক সন্তুলিত উন্নয়ণ প্ৰদান কৰিব নোৱাৰে। এনেকুৱা নেতিবাচক চিন্তাৰ আমাৰ দেশত এতিয়া কোনো স্থান নাই। সীমান্তৰ সমীপবৰ্তীয়েই হওক কিম্বা দূৰৰে হওক, কোনো স্থানতে নাই। দেশৰ যিকোনো স্থানেই এতিয়া আৰু উন্নয়ণৰ ধাৰাৰ পৰা বঞ্চিত হবলগীয়া নহয়। এয়া আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি, আমাৰ চৰকাৰৰ পণ। এনেবোৰ ঠাইৰ নিবাসীসকলৰ উন্নত জীৱনে ভাৰতৰ একতা আৰু অখণ্ডতাকো শক্তি প্ৰদান কৰিব।

বন্ধুসকল,

দেশৰ প্ৰতিটো অঞ্চলৰে উন্নয়ণ হওক, জম্মুৰ বিকাশ হওক, কাশ্মীৰৰ বিকাশ হওক, আমি নিৰন্তৰ গতিৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিব লাগিব। আকৌ এবাৰ মই শ্ৰীমান মনোজ সিন্হা জী আৰু তেওঁৰ টীমটোক আজি নিশ্চয় অভিনন্দন জনাব বিচাৰিম। মই অলপ আগতে দিয়া মনোজ জীৰ ভাষণ শুনি থাকোতে তেওঁ কিমানবোৰ কামৰ কথা উল্লেখ কৰিলে শুনি আছিলো। তেওঁ এইবোৰৰ উল্লেখ জম্মু-কাশ্মীৰৰ ৰাইজৰ মাজত উপস্থিত থাকি কৰিছিল। যিমান দ্ৰুত গতিৰে কামবোৰ সম্পন্ন হৈছে যে সমগ্ৰ দেশৰ ভিতৰতে এক নতুন বিশ্বাস, নতুন আশাৰ সঞ্চাৰ কৰিব আৰু মই বিশ্বাস কৰো যে জম্মু-কাশ্মীৰৰ নাগৰিকসকলৰ যিবোৰ কাম বিগত বহুকেইটা দশক ধৰি আধৰুৱা হৈ আহিছিল মনোজ জী আৰু তেওঁৰ দলটোৱে আৰু বৰ্তমানৰ প্ৰশাসনে সেইবোৰ অৱশ্যেই পূৰণ কৰিব, সময়ৰ আগতেই সেইবোৰ সম্পূৰ্ণ হৈ উঠিব। এই কথা মই নিতান্তই বিশ্বাস কৰো। আকৌ এবাৰ চেহত আঁচনিৰ বাবে, আয়ুষ্মান ভাৰত আঁচনিৰ বাবে আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰি, আই বৈষ্ণো দেৱী আৰু বাবা অমৰনাথৰ কৃপা যাতে আমাৰ সকলোৰে প্ৰতি অটুত থাকে এই কামনাকে কৰি আজিলৈ সামৰিলো। বহুত বহুত ধন্যবাদ!

***

 

DS/AKJ/AK/AV/KB