Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু আৰু কাশ্মীৰৰ শিক্ষাৰ্থীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ ৩০ গৰাকী ছাত্ৰীৰ এটি দলে নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
ভাৰতীয় সেনাই নিয়মীয়াভাৱে আয়োজন কৰি অহা সদ্ভাৱনা অভিযানৰ অংশস্বৰূপে এই শিক্ষাৰ্থীৰ দলটোৱে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি আছে৷

কন্যা শিশুৰ বাবে শিক্ষা, স্বচ্ছ ভাৰত অভিযান আদিৰ লগতে বিভিন্ন বিষয় আৰু তেওঁলোকৰ আশা-আকাংক্ষাক লৈ প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে৷

ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে বাখ্যা কৰে কিদৰে কন্যা শিশুৰ শিক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে৷ স্বচ্ছ ভাৰত অভিযানৰ মাধ্যমেৰে স্বাস্থ্য আৰু পৰ্যটনকে ধৰি বিভিন্ন আনুসংগিক দিশত উপকাৰ সাধন হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ একাগ্ৰতা বৃদ্ধিৰ বাবে যোগাসনৰ উপযোগিতাকো প্ৰধানমন্ত্ৰীয়ে আলোচনাত স্থান দিয়ে৷

জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীৰ সংখ্যা এতিয়া অসামৰিক সেৱাৰ পৰীক্ষাতো বৃদ্ধি পাইছে আৰু সমান্তৰালভাৱে তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰতো প্ৰচুৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ এক উজ্জল ভৱিষ্যত আছে আৰু জম্মু আৰু কাশ্মীৰৰ শিশু আৰু যুৱ প্ৰজন্মই দেশলৈ মূল্যৱান অৱদান আগবঢ়াব পাৰিব৷

***

AKT/NT/MS