Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন ঔষধি আঁচনিৰ জৰিয়তে উত্তম আৰু সহজলভ্য ঔষধ যোগান ধৰা হ’ব বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা আৰু জন ঔষধি কেন্দ্ৰৰ ভঁৰালৰ গৰাকীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰী য়ে কয় যে জন ঔষধি দিৱস কেৱল আঁচনিখন উদযাপন কৰাৰ এটা দিন নহয়, বৰঞ্চ এই আঁচনিৰ জৰিয়তে উপকৃত হোৱা কোটি কোটি ভাৰতীয়ৰ সৈতে সংযোগ স্থাপনৰ দিন হিচাপে হে চাব লাগে৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আমি প্ৰতিগৰাকী ভাৰতীয়ৰ সু-স্বাস্থ্যৰ বাবে চাৰিটা উদ্দেশ্য লৈ কাম কৰিছো৷ প্ৰথমটো হ’ল, প্ৰতিগৰাকী ভাৰতীয়ক ৰোগ মুক্ত কৰা৷ দ্বিতীয়তে, সকলো ধৰণৰ ৰোগৰ সুলভ মুল্যত উন্নত চিকিৎসা৷ তৃতীয়তে, অতি বিশিষ্ট সেৱাৰ হাস্পতাল, চিকিৎসাৰ বাবে যথেষ্ট সংখ্যক মানসম্পন্ন চিকিৎসক আৰু চিকিৎসাকর্মী সুনিশ্চিত কৰা আৰু চতুর্থতে, মিচন মোডত যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা৷’

প্ৰধানমন্ত্ৰীয়ে কয় যে জন ঔষধি আঁচনিয়ে দেশত প্ৰতিগৰাকী ব্যক্তিক সুলভ মুল্যত উন্নত মানৰ চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ যোগসূত্ৰ ৰক্ষা কৰি আহিছে৷

তেওঁ লগতে কয়, “মই অতিশয় আনন্দিত যে সমগ্ৰ দেশত ৬ হাজাতকৈও অধিক জন ঔষধি কেন্দ্ৰ খোলা হৈছে৷ এই ধৰণৰ কেন্দ্রৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ সুফল আৰু অধিক সংখ্যক লোকে পাব৷ এতিয়া প্ৰতি মাহত ১ কোটিতকৈ অধিক পৰিয়ালে জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সুলভ মুল্যত ঔষধ লাভ কৰিছে৷”

জন ঔষধি কেন্দ্ৰসমূহত বজাৰৰ তুলনাত ঔষধৰ দাম ৫০-৯০ শতাংশ কম বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত যিবোৰ ঔষুধৰ বজাৰ মুল্য প্রায় ৬,৫০০ টকা, সেইবোৰ জন ঔষধি কেন্দ্ৰত কেৱল ৮০০ টকাত পায়৷

প্ৰধামন্ত্ৰীয়ে কয়, “মোক জনোৱা হৈছে যে জন ঔষধি কেন্দ্ৰসমূহে সমগ্ৰ দেশত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্রেণীৰ কোটি কোটি লোকৰ ২,২০০ কোটি টকা ৰাহি কৰিছে৷”

জন ঔষধি কেন্দ্ৰসমূহ পৰিচালনাৰ দায়িত্বত থকা সকলো পক্ষই পালন কৰা ভূমিকাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে এই আঁচনিৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি জনাই পুৰস্কাৰ প্ৰৱর্তনৰ কথা ঘোষণা কৰে৷

প্ৰধামন্ত্ৰীয়ে কয় যে জন ঔষধি আঁচনিয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ লগতে যুৱক-যুৱতীসকলৰ বাবেও আত্মবিশ্বাসৰ মাধ্যম হৈ উঠিছে। হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে পৰীক্ষাগাৰত জেনেৰিক ঔষধৰ গুণাগুন পৰীক্ষাৰ প্ৰক্রিয়াকে ধৰি জনস্বাস্থ্য কেন্দ্ৰসমূহত এই ঔষধ যোগানৰ কামত নিয়োজিত হৈছে৷

তেওঁ কয়, “চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণত সর্বাত্মক প্ৰয়াস কৰিছে৷ জন ঔষধি আঁচনিক আৰু অধিক কার্যকৰী কৰি তোলাৰ বাবে ধাৰাবাহিকভাৱে কাম চলি আছে।”

আয়ুষ্মান ভাৰত আঁচনি সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে প্রায় ৯০ লাখ দৰিদ্ৰ ৰোগীয়ে এই আঁচনিৰ সুফল পাইছে৷ বিনামুলীয়াকৈ ৬ লাখততৈ অধিক লোকক ডায়েলিচিচ কৰা হৈছে। ঔষুধৰ দাম নিয়ন্ত্ৰণৰ ফলত অত্যাৱশ্যকীয় ১ হাজাৰ ঔষুধৰ দাম হ্ৰাস কৰি ১২,৫০০ কোটি টকা ৰাহি কৰা হৈছে৷ ষ্টেণ্ট আৰু আঠু সংৰোপনৰ ব্যয় কম হোৱাৰ ফলত লাখ লাখ ৰোগীয়ে নতুন জীৱন ঘুৰাই পাইছে৷

প্ৰধামন্ত্ৰীয়ে কয়, “২০২৫ৰ ভিতৰত দেশক যক্ষ্মা মুক্ত কৰিবলৈ আমি দ্রুত গতিত কাম কৰিছো৷ যক্ষ্মামুক্ত ভাৰত আঁচনিৰ অধীনত দেশৰ প্ৰতিখন গাঁৱত আধুনিক স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্ৰ গঢ়ি তোলা হৈছে৷ এতিয়ালৈকে ৩১ হাজাতৰকৈও অধিক এই ধৰণৰ কেন্দ্ৰ গঢ়ি তোলা হৈছে৷”

প্ৰধানমন্ত্রীয়ে প্ৰতিগৰাকী নাগৰিকক স্বাস্থ্য ক্ষেত্রত নিজ নিজ দায়িত্ব উপলব্ধি কৰাৰ আহ্বান জনায়৷

তেওঁ কয়, “আমি দৈনন্দিন কাম-কাজত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, যোগ চর্চা, সুষম আহাৰ, খেলাধুলা আৰু অন্যান্য শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগিব৷ শাৰীৰিক সক্ষমতা বজাই ৰাখি আমি সামূহিক প্ৰচেষ্টাৰে এখন সুস্থ ভাৰত গঢ়ি তুলিব পাৰিম৷”

*******

VRRK/ VJ/DB